বাঁহৰ জৰিয়তে বিপ্লৱৰ সূচনা কৰা এগৰাকী যুৱ উদ্যমী

বাঁহৰ জৰিয়তে বিপ্লৱৰ সূচনা কৰা এগৰাকী যুৱ উদ্যমী

Friday May 13, 2016,

3 min Read

বৰ্ত্তমান সময়ত লাখ লাখ নিবনুৱাই কৰ্মৰ সন্ধানত স্বদেশ, স্বজাতিক এৰি বিদেশ অথবা বৰ্হিৰাজ্যলৈ ঢাপলি মেলিছে । কিন্তু কৰোঁ বুলি ক’লেই আমাৰ নিজৰ ঠাইতে বহুতো কাম আছে। অসমীয়াত এষাৰ কথা আছে মান কৰিলে চন হয়।

image


হয়, আপোনাক আজি দিব বিচৰিছো, এটা নতুন ধাৰণা। যিটো ধাৰণা সদায় আপোনাৰ ওচৰে পাজৰে থাকে, অথচ দকৈ গমি নোচোৱাৰ ফলশ্ৰতিত ধাৰণাটোৱে প্ৰাণ পাই নুঠে। প্ৰায়ভাগ অসমীয়া মানুহৰ ঘৰত বাঁহগছ থাকেই। ই আমাৰ পাৰিপাৰ্শ্বিক অৱস্থা সৰ্বাংগসুন্দৰ কৰি ৰাখে। বাঁহৰ ওপৰত নিৰ্ভৰ কৰি আমি ব্যৱসায় আৰম্ভ কৰিব পাৰোঁ। এনে ধৰণৰ ব্যৱসায়ে আমাক সৱল কৰি তোলাৰ লগতে গ্ৰাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল কৰি তুলিব। জানি হয়তো সুখী হ’ব যে এনে এটা ধাৰণাক বাস্তৱ ৰূপ দিয়াৰ কাৰ্য্যত ব্ৰতী হৈছে মঙ্গলদৈৰ কংকনা নাৰায়ন দেৱ আৰু তেখেতে গঠন কৰিছে Darrang Eco Works চমুকৈ DEV নামেৰে এটা কোম্পানী। দিনে দিনে বৃদ্ধি পোৱা প্ৰাকৃতিক প্ৰদুষণ হ্ৰাস কৰা, অতীতৰ পৰম্পৰাক জীয়াই ৰখা আৰু বাঁহৰ ব্যৱহাৰ চহৰমুখী কৰাৰ বহুমুখী উদ্দেশ্যে আগত ৰাখি DEV নামৰ কোম্পানীটো গঠন হৈছে।

image


ন ধাৰণাৰ গুৰি বিচাৰি

আসমীয়া জনজীৱনত বাঁহৰ প্ৰভাৱ সুদুৰ প্ৰসাৰী। প্ৰতিটো কাৰ্য্যতে বাঁহৰ ব্যৱহাৰ হয়। অথচ আমি বাঁহক মূলধনৰ আহিলা হিচাপে ল’ব নাজানো। সকলোতকৈ ডাঙৰ কথা বাঁহৰ সা- সামগ্ৰী আচবাব আতি সহজতে পুনৰ নিৰ্মাণ হয়। মঙ্গলদৈৰ এগৰাকী যুৱতী কংকনা নাৰায়ন দেৱ। পেচাত স্থপতি। তেখেতে বাঁহক নগৰমুখী কৰাৰ এক প্ৰয়াস কৰিছে । য়'ৰ ষ্ট'ৰীৰ ফালৰ পৰা হোৱা কথোপকথনত এনেদৰে জানিবলৈ দিয়ে, 'স্কুলীয়া শিক্ষা সমাপ্ত কৰি যেতিয়া গোৱাত স্থাুপত্যবিদ্যা অধ্যয়ন কৰি আছিলো। এবাৰ ষ্টাডি টুৰত মহাৰাষ্ট্ৰৰ এখন ঠাইত গৈছিলো। তাত দেখা পাইছিলো বাঁহৰ অভূতপূৰ্ব কাৰুকাৰ্য। বাঁহৰ কাৰুকাৰ্য দেখি যথেষ্ট আপ্লুত হৈছিলো। আৰু মনলৈ এটা ধাৰণা আহিছিল যে আমাৰ অসমত বাঁহৰ যথেষ্ট চাহিদা আছে। কিন্তু বাঁহৰ কাম কৰা কোম্পানী সংখ্যা সীমিত। অসমত যদি বাঁহৰ এটা কোম্পানী গঠন কৰিব পাৰোঁ। নিশ্চয়কৈ ভাল হ’ব। বহু নিবনুৱা সংস্থাপিত হ’ব। তেনেদৰে আগবাঢ়িছিলো ।

image


চিন্তাক বাস্তৱ ৰূপ দিবলৈ যাওতে

চিন্তা মতেই কাম । নিজাকৈ এটা কোম্পানী গঠন কৰাৰ আগতে কংকনা নাৰায়ন দেৱে বিভিন্ন ঠাইলৈ গৈ বাঁহৰ ওপৰত গৱেষণা আৰম্ভ কৰিছিল। বিশেষকৈ কি বাঁহ কেনেকৈ, কি কামৰ বাবে উপযোগী তাৰ সম্পৰ্কে গৱেষণা কৰিছিল। আৰু ইয়াৰ পিছতে এবাৰ বেংককত অনুষ্ঠিত World Bamboo Day ত অংশগ্ৰহণ কৰিছিল তাত বিভিন্ন প্ৰান্তৰৰ পৰা অহা বিভিন্ন ব্যক্তিক লগ পাই বাঁহৰ সম্পৰ্কে বহু কথাই শিকিছিল যি পৰৱৰ্ত্তী সময়ত নিজা কোম্পানী গঠনৰ ক্ষেত্ৰত সহায় কৰিছিল। পাঠ্যক্ৰমৰ অন্তত ঘৰলৈ আহি মঙ্গলদৈ ৰ ৰাজাপাম নামৰ ঠাইত Darrang Eco Works ২০১২ চনত গঠন কৰে । সেই অঞ্চলৰ ১১ জন মানুহক জড়িত কৰাই DEV ৰ কাম আগবাঢ়ে।

image


DEV য়ে ক’ত ক’ত কাম কৰিছে:

DEV য়ে অসমৰ বিভিন্ন ঠাইত কাম কৰিছে। বাঁহ আচবাব, ঘৰ, আদিবোৰ DEV য়ে যোগান ধৰে। মহানগৰীৰ কেইখনমান আগশাৰীৰ হোটেল, ধাবাত কোম্পানীয়ে সা-সামগ্ৰী যোগান ধৰিছে। ইয়াৰ ভিতৰত কোকৰাঝাৰ গোষ্ঠীগত সংঘৰ্ষ সময়ত কংকনাই প্ৰস্তত কৰাৰ আৰ্হিৰ আশ্ৰয়গৃহ স্থাপন হৈছিল। যাৰ বাবে Assam Science and Technology Environmental Council ৰ পৰা ২০১২ চনত Innovator উপাধি পাবলৈ সক্ষম হৈছে।

image


উদ্যমী কংকনা নাৰায়ন দেৱে স্কুলত পঢ়ি থকা সময়ৰ পৰা মাকৰ লগত বাঁহৰ বিভিন্ন আ-অলংকাৰ বনোৱাৰ কাম কৰিছিল। ভবিষ্যতে বাঁহৰ সংস্কৃতিটো নগৰমুখী কৰি তোলাৰ প্ৰসংগত কাম কৰাৰ ইচ্ছা কংকনাৰ ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

3D প্ৰযুক্তিৰে জেব্ৰা ক্ৰছিং অংকন কৰি পথ দূৰ্ঘটনা ৰোধৰ প্ৰচেষ্টা

পৰিবৰ্তনৰ জোৱাৰ আনিছে 'পৰিবৰ্তনে'

মিচেছ ইণ্ডিয়া হ'ম মেকাৰ প্ৰতিযোগিতাত শ্বিলঙৰ তিনি গৃহিণী

এজন উদ্যোগী হোৱাটো কিয় ইমান জটিল?