উত্তৰ পূৰ্বাঞ্চলৰ ষ্টাৰ্টআপ সমূহৰ সহায়ৰ বাবে এক নতুন সংগঠন 'এন ই এইট ষ্টাৰ্টআপছ'

উত্তৰ পূৰ্বাঞ্চলৰ ষ্টাৰ্টআপ সমূহৰ সহায়ৰ বাবে এক নতুন সংগঠন 'এন ই এইট ষ্টাৰ্টআপছ'

Monday July 11, 2016,

2 min Read

উত্তৰ পূৰ্বাঞ্চলত নতুনকৈ গঢ় লৈ উঠা ব্যৱসায় বিশেষকৈ ষ্টাৰ্টাআপ ব্যৱসায় সমূহক সহায় সহযোগ, পৰামৰ্শ তথা উদগণি যোগোৱাৰ উদ্দেশ্যে গঢ় লৈ উঠিছে আৰু এটা সংগঠন । এন ই এইট ষ্টাৰ্টআপছ নামৰ এই সংগঠনটোৱে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যকে সামৰি ল'ব । বৰ্তমান গুৱাহাটী আৰু ইম্ফলত আঞ্চলিক কাৰ্যালয় স্থাপিত কৰাৰ লগতে ৱেবচাইট আৰু এপযোগে ষ্টাৰ্টআপ সমূহক সকলো ধৰণৰ সহযোগ দিয়াৰ প্ৰচেষ্টা হাতত লোৱা হৈছে । ষ্টাৰ্টআপ ক্ষেত্ৰখনৰ সংশ্লিষ্ট সকলোবোৰ পক্ষৰ মাজত এক ছচিয়েল মিডিয়া সংযোগ স্থাপনৰো ব্যৱস্থা লোৱা হৈছে বুলি জনায় সংগঠনটোৱে । আনহাতে দিল্লী, বাঙ্গালুৰু আৰু মুম্বাইতো যোগাযোগ কেন্দ্ৰ স্থাপন কৰা হৈছে বুলিও তেওঁলোকে জনায় ।

image


উল্লেখযোগ্য যে এন ই এইট ষ্টাৰ্টাপৰ প্ৰতিষ্ঠাতা কানেক্টিভ প্লাছৰ মূখ্য কাৰ্যবাহী বিষয়া ঋদ্ধিনীল ৰয় আৰু সহ প্ৰতিষ্ঠাতা জিফি ৰুমছৰ মূখ্য কাৰ্যবাহী বিষয়া অমন বাজাজ । তদুপৰি 'ইনভেচন স্কলাৰ' উপাধিৰে বিভুষিত যুৱ উদ্ভাৱক স্বপ্ননীল তালুকদাৰে জড়িত হৈ আছে এই প্ৰচেষ্টাত । 

উল্লেখযোগ্য যে অলপতে এন ই এইটে মুকলি কৰা এপৰ যোগেদি ষ্টাৰ্টআপ আৰম্ভ কৰিবলৈ ইচ্ছুক বিভিন্নজনে বিভিন্ন ধৰণৰ সহায় লাভ কৰিবলৈ সক্ষম হ'ব বুলি জনাইছে এন ই এইটে । বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী সংস্থাৰ সৈতে একেলগে কাম কৰিব বুলিও জানিবলৈ দিয়ে সংগঠনটোৱে ।

image


এন ই এইটৰ উদ্বোধন উপলক্ষে এখন আলোচনা চক্ৰও অলপতে অনুস্থিত হৈ যায় । এই আলোচনা চক্ৰত বিভিন্নজনে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ষ্টাৰ্টআপ সমূহৰ সমস্যা আৰু ইয়াৰ সমাধানৰ ওপৰত বক্তব্য আগবঢ়ায় । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

দিল্লী আইআইটিৰ ছাত্ৰই সলনি কৰিছে গ্ৰামাঞ্চলৰ মহিলাৰ জীৱন

১০০৯ বাৰ বিফল হৈও 'কেএফচি'ৰে বিশ্বজয় কৰিছিল ৬৫ বছৰীয়া কৰ্ণেল ছেণ্ডাৰ্ছে

দক্ষিণ মেৰু, এভাৰেষ্ট আৰু চিয়াচেন আৰোহণ কৰা একমাত্ৰ ভাৰতীয় অৰ্জুন থাপা

দেশৰ প্ৰথমখন আৱৰ্জনাৰে চলা বাছ