ভাৰত আৰু ইউৰোপৰ ষ্টাৰ্ট আপৰ জগত দুখনৰ সমন্বয়ৰ সেঁতু : The SEU-IN network

ভাৰত আৰু ইউৰোপৰ ষ্টাৰ্ট আপৰ জগত দুখনৰ সমন্বয়ৰ সেঁতু : The SEU-IN network

Saturday January 30, 2016,

4 min Read

যেতিয়া ভাৰতে নিজৰ ষ্টাৰ্ট আপৰ জগতখনৰ কথা আলোচনা কৰে, তেতিয়া কিন্তু সমগ্ৰ আলোচনাটো চিলিকন ভেলীয়ে অলপ বেলেগ ধৰণে গ্ৰহণ কৰে। তেওঁলোকৰ মতে চাও পাওলো, চিংগাপুৰ, ষ্টকহ'ম বা আন কোনো স্থানৰেই ষ্টাৰ্ট আপৰ জগতে বিশেষ অগ্ৰগতি লাভ কৰা নাই। ইয়াৰ কাৰণ মূলতঃ এয়াই হব পাৰে যে আমি সেইবোৰ জগত বিষয়ে আমি নাজানো বা কি কৰি আছে তাকো নাজানো। ২৮ জানুৱাৰীত ষ্টাৰ্ট আপ ইউৰোপ ইণ্ডিয়া নেটৱৰ্ক (Startup Europe India Network (SEU-IN) আৰম্ভ হয় এই দূৰত্বটোৰ ক্ষেত্ৰত এক সাঁকো হিচাপে কাম কৰাৰ বাবে।


image


ভাৰত আৰু ইউৰোপৰ ষ্টাৰ্ট আপৰ জগতৰ মূল অংশীদাৰ সকলৰ মাজত এক যোগসূত্ৰ স্থাপন কৰি আলোচনা বিলোচনাৰ মাজেৰে আৰু অধিক উন্নয়ন তথা বিনিয়োগ বৃদ্ধিত সহায় হবৰ বাবে এই উচ্চ পৰ্যায়ৰ নেটৱৰ্কটোৰ গুৰি ধৰিছে প্ৰবীণ পাৰানজোথি আৰু মাওৰো ৰোমালডিনিয়ে । এই নেটৱৰ্কটোৰ প্ৰতিস্থাপক অংশীদাৰ হিচাপে European Commission’s Startup Europe initiative, Cambridge University’s Centre for India and Global Business, Holland Fintech, আৰু Crosspring, Netherlands আদিয়ে এটা মজবুট ভেটি গঢ়ি তুলি ক্ষীপ্ৰ সম্প্ৰসাৰণৰ আশা কৰিছে।

কিয় ইউৰোপ? কিয় এতিয়াই?

Skype, Spotify, Rovio (Angry Birds) আৰু Supercell (Clash of Clans)আদিৰ আঁৰত আছে ইউৰোপৰ কেইবাটাও বিয়াগোম ষ্টাৰ্ট আপ, যি কথা ভাৰতীয়সকলৰ অজ্ঞাত। তদুপৰি Flipkart আৰু InMobi আদিৰ আঁৰতো যে ভাৰতীয়ৰ হাত আছে সেই কথাও কোনেও আলোচনা নকৰে। ভাৰতীয়ই কিন্তু ইউৰোপৰ সৈতে সহযোগ কৰিব জানে। তাৰেই উদাহৰণ হৈছে Siemens, SAP, Vodafone, Nokia, আৰু Bosch, যিসমূহ আজি কেইবাবছৰো ধৰি ভাৰতত ব্যৱসায় কৰি আছে।

ইউৰোপ আৰু আমেৰিকাত কেইবাবছৰৰো কৰ্প'ৰেট, বিনিয়োগ আৰু ষ্টাৰ্ট আপৰ অভিজ্ঞতাৰে পুষ্ট পাৰানজোথি হৈছে এজন ইউৰোপস্থিত ভাৰতীয় উদ্যোগী পুঁজিপতি , যি এই কাৰ্য সম্পাদন কৰাৰ আঁৰৰ ব্যক্তি।

এজন অভিজ্ঞ আন্তঃৰাষ্ট্ৰীয় পেছাদাৰী বিত্তীয় ব্যক্তিত্ব ৰোমালডিনিক উপাধ্যক্ষ হিচাপে ৰাখি পাৰানজোথিয়ে যোৱা ৫টা মাহত কাম কৰি ভাৰত আৰু ইউৰোপ দুয়োস্থানতেই ষ্টাৰ্ট আপৰ ক্ষেত্ৰত অধিক পথৰ সন্ধান কৰা, সহযোগিতা আৰু বিনিয়োগ বৃদ্ধি কৰাৰ ক্ষেত্ৰত আশাবাদী হৈ পৰিছে।

এইক্ষেত্ৰত উপদেষ্টা মণ্ডলীত ৰখা হৈছে Aarin Capital Partnersৰ সঞ্চালক টি.ভি.মোহনদাস ৰায়, ভাৰতস্থিত ইউৰোপৰ ৰাষ্ট্ৰদূত টমাজ কোজলোউক্সী, European Investment Fundৰ সহকাৰী সঞ্চালক উলি গ্ৰাবেনৱাৰটাৰ, European Commission’s Startup Europe Sectorৰ মুৰব্বী ইছিদ্ৰো লাওছ বেলেষ্টেৰছ আদি লোকক ।

এইসকল মূখ্য উপদেষ্টাই বিভিন্ন উদ্যোগ, গৱেষণা,শিক্ষা আৰু বিনিয়োগ আদি ক্ষেত্ৰত এম্বেছেদৰ নিযুক্ত কৰি SEU-INক সম্প্ৰসাৰণত সহায় কৰিব। এইসকলে ভাৰত আৰু ইউৰোপৰ বাৰ্লিণ, এমষ্টাৰডাম, ষ্টকহ'ম, পেৰিছ,আৰু লণ্ডনত স্থানীয় সংযোগী ব্যক্তি হিচাপে কাম কৰিব।

অস্পৰ্ষা সম্ভাৱনাক চুই চোৱা

এই নেটৱৰ্কটোৱে দুয়োটা প্ৰান্ততে সহযোগিতা, সদস্যতা, স্পনছৰশ্বিপ আৰু আন আন দিশত ষ্টাৰ্ট আপৰ বাবে কাম কৰিব। ভাৰতৰ বজাৰখনৰ আকাৰ আৰু সম্ভৱনীয়তাৰ সন্দৰ্ভত অধিক মনোনিবেশ কৰি কাৰিকৰী ভিত্তিৰ ষ্টাৰ্ট আপৰ জন্ম আৰু স্থায়ীত্বৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হব। “ দুটা আন্তৰ্জাতিক প্ৰান্তত ষ্টাৰ্ট আপৰ সমন্বয়ে গ্ৰাহক, বিনিয়োগ আৰু উন্নয়ন যথেষ্ট বৃদ্ধি কৰিব। এই পদক্ষেপটোৰ উচ্চাকাংক্ষা ব্যাখ্যাযোগ্য এক বিষয়। বিশ্বৰ এই দুয়ো প্ৰান্ততেই তীব্ৰ গতিত বৃদ্ধি পাবলৈ ধৰা কাৰিকৰী ক্ষেত্ৰৰ ব্যৱসায়ে দুয়ো প্ৰান্তৰ বাবেই সম্ভাৱনাৰ বহু বাট মুকলি কৰিব,” এই সন্দৰ্ভত বেলেষ্টেৰছে কয়।

SEU-IN ৰ জাৰ্মানীৰ এম্বেছেদৰ তথা Italian Trade Agency ৰ লুইজি মাৰক্যুৰিয়ে নিৰ্ভৰযোগ্য স্থানীয় বিশেষজ্ঞৰ সহযোগিতাত বিভিন্ন যোগাযোগ মাধ্যমৰ সহায়েৰে এই নেটৱৰ্কটোৱে কিদৰে ভাবৰ আদান প্ৰদান ক্ষীপ্ৰ কৰি তুলিব তাক বৰ্ণনা কৰে: “SEU-IN হৈছে নাবিকৰ দ্বাৰা নিৰ্মিত এখন জাহাজ, যিয়ে দুই বৃহত ডিজিটেল ক্ষেত্ৰক এই ক্ষেত্ৰত দিশ নিৰ্দেশনা দিব।”

উদ্দেশ্যত কি আছে?

প্ৰথম পদক্ষেপ হিচাপে, SEU-INএ ১০টা ক্ষেত্ৰত মনোনিবেশ কৰিছে: সেয়া হৈছে Fintech, Cyber Security, Intelligence (data, machine and artificial), Smart Cities, Edtech, Agritech, Healthtech, Automotive Tech, Waste Management, আৰু Business and Government Tech. এই ক্ষেত্ৰসমুহৰ লগত বিভিন্ন ষ্টাৰ্ট আপ, স্কেলআপ, বিনিয়োগকাৰী, কৰ্পৰেট, উদ্ভাৱক, বিশ্ববিদ্যালয় আৰু চৰকাৰক একত্ৰিত কৰা হব। পাৰানজোথিৰ মতে এক নিৰৱিচ্ছিন্ন মাধ্যম হিচাপে কাম কৰি SEU-INএ এই দুই ক্ষেত্ৰৰ ভিতৰত আৰু মাজত সহযোগিতা,উন্নয়ন আৰু বিনিয়োগ বৃদ্ধিকে মূল লক্ষ্য হিচাপে গ্ৰহণ কৰিছে।

টমাজ কোজলোৱস্কিয়ে কয়, “ ইউৰোপ আৰু ভাৰতৰ পৰা ষ্টাৰ্ট আপ,বিনিয়োগ,কৰ্পৰেট আৰু ৰাজহুৱা উদ্যোগৰ বিশেষজ্ঞ আৰু মূল অংশীদাৰসকলক একত্ৰিত কৰি উত্তৰণশীল ডিজিটেল জগতখনত সম্ভাৱনাৰ আৰু অধিক পথ মুকলি কৰাটোকেই মূল লক্ষ্য হিচাপে আগবঢ়া SEU-INএ এইক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহন কৰিব ”

টি.ভি. মোহনদাস পায়ে এই কথা বৰ্ণনা কৰি কয়, এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে SEU-INএ “আন্তৰ্জাতিক বাণিজ্যক প্ৰভাৱিত কৰিব পৰা দক্ষতাসম্পন্ন বহুতো উদ্ভাৱনী শক্তিধৰক একত্ৰিত কৰিব।”

(বিধিসন্মত ঘোষণা: টি.ভি.মোহনদাস পাই হৈছে YourStoryৰ এজন বিনিয়োগ কৰ্তা)