পাৰম্পৰিক মূখা শিল্পত নতুনত্বৰ সংযোগ ঘটোৱা এক পিতা-পুত্ৰ যুটি

পাৰম্পৰিক মূখা শিল্পত নতুনত্বৰ সংযোগ ঘটোৱা এক পিতা-পুত্ৰ যুটি

Saturday May 14, 2016,

4 min Read

২০১৬ চনৰ এটি ৰাতিপুৱা । যোৰহাট নিবাসী জিতুপন শইকীয়া আৰু তেওঁৰ পুত্ৰ কল্যাণ শইকীয়া ৰাওনা হৈছিল মাজুলীলৈ । দুয়োৰে মনত অলেখ শংকা । অসম ভাওনা সমাৰোহত তেওঁলোকে প্ৰস্তুত কৰা মূখা প্ৰদৰ্শন কৰিবলৈ নিছিল তেওঁলোকে । ইতিমধ্যে পাৰম্পৰিক মূখাক কিছু ন ৰূপ দি বহু ঠাইত সমাদৰ লাভ কৰিলেও অসমৰ মূখা শিল্পৰ পীঠস্থান স্বৰূপ মাজুলীত এই মূখা প্ৰদৰ্শন কৰিবলৈ যাওঁতে কিছু শংকিত হৈ আছিল তেওঁলোক । মাজুলীত বা তেওঁলোকৰ মূখা কিদৰে গ্ৰহণ কৰা হয় ? জানোছা পৰম্পৰাগত মূখাৰ সৈতে নতুনত্বৰ সংমিশ্ৰণ ঘটোৱা কাৰ্যক ভাল চকুৰে নাচায় তেওঁলোকে ! পিছে এই সকলোবোৰ শংকা দূৰ কৰি তেওঁলোকৰ সৃষ্টিক যথেষ্ট আগ্ৰহেৰে গ্ৰহণ কৰিলে মাজুলীৰ ভকতসকলে । মুখাশিল্পৰ কেন্দ্ৰ চামগুৰি সত্ৰৰ ভকতেও তেওঁলোকৰ প্ৰয়াসৰ ভূয়সী প্ৰশংসা কৰিলে ।

'আমাৰ মুখাশিল্পক মাজুলীত আদৰি লোৱা দেখি আমাৰ মনলৈ অধিক বিশ্বাস আহিল । চামগুৰি সত্ৰ ভকতে আমাৰ কামত নতুনত্ব দেখা বুলি প্ৰশংসা কৰাৰ লগতে আউনীআটি সত্ৰৰ সত্ৰাধিকাৰে আমাক মাতি নি আমাক উৎসাহিত কৰিলে ।' য়'ৰ ষ্ট'ৰী অসমীয়াক কলে কল্যাণ শইকীয়াই ।
image


উল্লেখযোগ্য যে জিতুপন শইকীয়া আৰু কল্যাণ শইকীয়াই মূখাশিল্পক নতুন ৰূপ দিয়াই নহয় ইয়াৰ বাণিজ্যিক সম্ভাৱনাও উন্মোচিত কৰিছে। গুৰুত্বপূৰ্ণ কথা যে শইকীয়া পৰিয়াল পাৰম্পৰিকভাৱে মূখা শিল্পৰ সৈতে জড়িত নহয় । মূখা শিল্পৰ সৈতে তেওঁলোক জড়িত হোৱাৰ আঁৰত আছে আন এক কাহিনী।

image


২০১৩ চনত যোৰহাট নগৰৰ মালৌ আলিৰ কমলাবৰীয়া নামঘৰত কেইবাজনো সংস্কৃতিপ্ৰেমীয়ে গঠন কৰিছিল পাঞ্চজন্য নাট্যগোষ্ঠী । জড়িত আছিল জিতুপন শইকীয়াও । ৰাম বিজয় নাটখন মঞ্চস্থ কৰিবলৈ যাওঁতে জিতুপন শইকীয়াই লক্ষ্য কৰিলে এটা বিশেষ কথা । নাটখনত প্ৰয়োজন আছিল এটা ঘোঁৰাৰ । মানুহে টানি নিব পৰাকৈ বনোৱা এটা ঘোঁৰা ব্যৱহাৰ হৈ আছিল যদিও এই ঘোঁৰাটোক আৰু এধিক জীৱন্ত ৰূপ দি ঘোৰাটোৱো নিজে মঞ্চত চলা-ফিৰা কৰিব পৰা কৰিব পাৰি নেকি সেই চিন্তাই আমনি কৰিলে জিতুপন শইকীয়াক । এই চিন্তাকে সাৰথি কৰি এটা ঘোঁৰা নিৰ্মাণ কৰিলে পিতা-পুত্ৰই । এই ঘোঁৰাৰ ভিতৰত দুয়ো পিৰৱেশ কৰি মঞ্চত জীৱন্ত ঘোঁৰা পৰিবেশন কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিলে তেওঁলোকে । এই ঘোঁৰা প্ৰথমবাৰ প্ৰদৰ্শন কৰা হৈছিল এখন প্ৰতিযোগিতাত । ইয়াত কিছু তালৰ অমিল ঘটিল যদিও দ্বিতীয় পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হল ।এয়া আছিল তেওঁলোকৰ মূখা শিল্পৰ আৰম্ভণী। ইয়াৰ পাছত অসমৰ বিভিন্ন স্থানত তেওঁলোকে প্ৰদৰ্শন কৰি গৈছে তেওঁলোকৰ মূখা ।

image


ল'ৰাৰ স্কুলৰ টিফিনত পিতৃৰ কলাৰ সাধনা

মূখা নিৰ্মাণৰ সৈতে ২০১৩ চনৰপৰা জড়িত হলেও কলাৰ সাধনা জিতুপন শইকীয়া আৰু তেওঁৰ পুত্ৰ কল্যাণৰ বাবে কিন্তু নতুন নহয় । কিন্তু জিতুপন শইকীয়াৰ শিল্প প্ৰতিভাৰ ৰাজহুৱা প্ৰকাশ ঘটিছিল কল্যাণৰ স্কুলৰ টিফিনৰ যেগেদি । যোৰহাট জাতীয় বিদ্যালয়ত পঢ়ি থকা আৱস্থাত কল্যাণৰ টিফিন আছিল সহপাঠীসকলৰ মাজত ভিষণ জনপ্ৰিয় । কাৰণ তেওঁ টিফিনত লৈ যোৱা ৰুটিবোৰত প্ৰকাশ পায় আখৰ, জীৱ-জন্তু, ফল-মূল ইত্যাদি বিভিন্ন আকৃতি । এই আকৃতিবোৰৰ স্ৰষ্টা জিতুপন শইকীয়া। লাহে লাহে এই কথা কাণত পৰিল স্কুলৰ প্ৰধান শিক্ষয়িত্ৰীৰ । বিদ্যালয়ৰ বাবে বিভিন্ন কলাকৃতি নিৰ্মাণৰ দায়িত্ব যিসকল ছাত্ৰ-ছাত্ৰীৰ ওপৰত পৰে সেইসকলৰ অন্যতম আছিল কল্যাণ । ড এ পি জে আব্দুল কালামক নিজহাতে তেওঁৰ প্ৰতিচ্ছৱি পৰ্দান কৰাৰ সুযোগো লাভ কৰিছিল কল্যাণে। এইবাৰ কল্যাণৰ পিতৃৰ এই প্ৰতিভাক কামত লগোৱাৰ কথা চিন্তা কৰি প্ৰধান শিক্ষয়িত্ৰী শান্তনা শৰ্মাই জিতুপন শইকীয়াক দায়িত্ব দিলে ছাত্ৰ-ছাত্ৰীৰ উপযোগীকৈ কিছুমান সা-সমগ্ৰী তৈয়াৰ কৰাৰ । এয়া আছিল ব্যৱসায়িকভাৱে শিল্প সৃষ্টিৰ বাটত শইকীয়াৰ প্ৰথম খোজ ।

image


মূখা শিল্পৰ যোগেদি জনপ্ৰিয়তা

পৰৱৰ্তী সময়ত সূখা শিল্পৰ সৈতে জড়িত হোৱাৰ পাছত এই পিতা-পুত্ৰ যুটি বৰ্তমান যথেষ্ট জনপ্ৰিয় । প্ৰথমে পাঞ্চজন্য নাট্য গোষ্ঠীৰ বাবে মূখা নিৰ্মাণ কৰি বিভিন্ন সন্মান আৰু জনপ্ৰিয়তা অৰ্জন কৰাৰ পাছত অন্যান্য নাট্য গোষ্ঠা সমূহেও তেনে মূখাৰ অৰ্ডাৰ দিবলৈ ধৰিলে । বৰ্তমান মূখাশিল্পৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত কল্যাণ শইকীয়াৰ ভাষাত-

'আমাৰ মূখাক সকলোৱে আদৰি লৈছে। আমি নতুনত্বৰ সংযোগ ঘটালেও পৰম্পৰাক নষ্ট কৰা নাই । সেইবাবে আমাক আজিলৈকে কোনেো এই ক্ষেত্ৰত বাধা দিয়া নাই। বৰঞ্চ আদৰণিহে জনাইছে। ' 

ইতিমধ্যে বিভিন্ন নাট্যগোষ্ঠীৰ বাবে তেওঁলোকে নিৰ্মাণ কৰিছে মৎস, কুৰ্ম, নৃসিংহ আদি বিভিন্ন চৰিত্ৰৰ মূখা । লাভ কৰিছে বিপুল জনপ্ৰিয়তা, পুৰষ্কাৰ ইত্যাদি । একোখন মূখা নিৰ্মাণ কৰোঁতে সময় লাগে প্ৰায় দুসপ্তাহ বা ততোধিক । এই ক্ষেত্ৰত পিতা-পুত্ৰ দুয়ো পৰিকল্পনাৰ পৰা আৰম্ভ কৰি ভিভিন্ন ক্ষেত্ৰত সমন্বয়েৰে কাম কৰে আৰু উৎকৃষ্টতা লাভ লকৰা পৰ্যন্ত শান্ত নহয় দুয়ো । ভৱিষ্যতে এই মূখাসমূহক অধিক জীৱন্ত ৰূপ দিয়াৰ পৰিকল্পনা থাকিলেও পৰম্পৰা যাতে বিকৃত নহয় তাক লৈ সদা সচেতন জিতুপন শইকীয়া আৰু কল্যাণ শইকীয়া।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

অভিনয়ৰে জীৱন ৰঙীন কৰা শিল্পীগৰাকী

বাঁহৰ জৰিয়তে বিপ্লৱৰ সূচনা কৰা এগৰাকী যুৱ উদ্যমী

পৰিবৰ্তনৰ জোৱাৰ আনিছে 'পৰিবৰ্তনে'

এজন উদ্যোগী হোৱাটো কিয় ইমান জটিল?