'আৰোহন ফুডচ'ৰ সফল যাত্ৰাই অনুপ্ৰাণিত কৰিছে অসমৰ নৱ প্ৰজন্মৰ উদ্যোগীক

'আৰোহন ফুডচ'ৰ সফল যাত্ৰাই অনুপ্ৰাণিত কৰিছে অসমৰ নৱ প্ৰজন্মৰ উদ্যোগীক

Tuesday May 10, 2016,

3 min Read

'আৰোহন ফুডচ'ৰ সফল যাত্ৰা অসমৰ নৱ প্ৰজন্মৰ উদ্যোগী সকলৰ বাবে অনুপ্ৰেৰণাৰ অন্যতম উৎস । ভেল্সাৰ কেপিটেলিষ্টৰ বিনিয়োগ লাভ কৰা আৰোহন ফুডচ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ প্ৰতিষ্ঠান । এই প্ৰতিষ্ঠানটোৱে ইতিমধ্যেই Choice Pork Natural নামৰ ব্ৰেণ্ডটোৰ দ্বাৰা ভাৰতৰ মাংসৰ বজাৰ খনত প্ৰভূত জনপ্ৰিয় অৰ্জন কৰিবলৈ সক্ষম হৈছে । অনাবিল গোস্বামী, ৰানা প্ৰতাপ ব্ৰহ্ম আৰু অৰিন্দম হাজৰিকাই স্থাপন কৰা এই উদ্যোগটো ভাৰতৰ প্ৰথম বিজ্ঞান সন্মত পদ্ধতিত গাহৰিৰ মাংসৰ পৰা হেম, বেকন, চচেজ ইত্যাদিৰ প্ৰস্তুতকাৰক । 

অসম তথা উত্তৰ পূৰ্বাঞ্চলত নতুনকৈ ব্যৱসায় আৰম্ভ কৰাৰ প্ৰধান প্ৰত্যাহ্বানটোৱেই হ'ল প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাব । বহুজাতিক প্ৰতিষ্ঠানৰ উচ্চ পদবী ত্যাগ কৰি অহা আৰোহন ফুডচৰ প্ৰতিস্থাপকত্ৰয়ৰ বাবেও সফলতাৰ পথ মসৃণ নাছিল । কিন্তু এই প্ৰতিকুল পৰিস্থিতি সমূহে এওঁলোকৰ নিজাকৈ কিবা এটা কৰাৰ ইচ্ছাক টলাব নোৱাৰিলে । প্ৰচুৰ ব্যৱসায়িক বুদ্ধিমত্তাৰে তেওঁলোকে ব্যৱসায়ৰ বাবে এনে এটা ক্ষেত্ৰ বাছি ল'লে যিটো উত্তৰ পূৰ্বাঞ্চলৰ গৰিষ্ঠ সংখ্যক লোকৰ বাবে চিনাকি । বহু চিন্তা চৰ্চাৰে দুবছৰীয়া পৰিকল্পনাৰ পাছত তেওঁলোকে আৰোহন ফুডচৰ জন্ম দিয়ে । 

ভাৰতৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলতেই আটাইতকৈ বেছি গাহৰি মাংসৰ উৎপাদন আৰু ভক্ষণ হয় । মেট্ৰ' সমূহতো ক্ৰমান্বয়ে গাহৰি মাংসৰ উপভোক্তাৰ সংখ্যা বাঢ়ি আহিছে । কিন্তু সেই অনুপাতে যোগান ধৰোঁতা তেনেই নগন্য । এই ক্ৰমবৰ্ধিত বজাৰখনক লক্ষ্য ৰাখি তেওঁলোকে আৰম্ভ কৰে Choice Pork Natural নামৰ ব্ৰেণ্ডটো ।

  টিম  আৰোহন

  টিম  আৰোহন


অসমৰ জনজাতীয় লোকসকলৰ সমাজত গাহৰি পালনৰ প্ৰথা আছে । কিন্তু এই লোকসকলৰ মাজত উন্নত পদ্ধতিৰে গাহৰি পালনৰ সম্যক জ্ঞানৰ অভাবে তেওঁলোকৰ উৎপাদিত মাংসৰ মান হ্ৰাস কৰে । আৰম্ভণিৰ সময় চোৱাত তেওঁলোকে এই লোকসকলক লগ কৰি তেওঁলোকে বিজ্ঞানসন্মত পদ্ধতিৰে গাহৰি পালনৰ সম্পৰ্কে অৱগত কৰে । তাৰ লগে লগে তেওঁলোকে সেইসমূহ উপযুক্ত মূল্য দি কিনি নিয়াৰ প্ৰতিশ্ৰুতিও দিয়ে । বৰ্তমানলৈকে এই সকল লোকেই আৰোহনৰ বাবে প্ৰয়োজনীয় কেঁচামালৰ মুখ্য যোগান ধৰোঁতা । আৰোহনৰ পশু চিকিৎসক তথা বিশেষজ্ঞৰ দলে সৰ্বদা এই লোকসকলৰ গাহৰি ফাৰ্মসমূহ নিৰীক্ষণ কৰি থাকে ।

image


২০১১ চনত গুৱাহাটীস্থিত National Research Center on Pigsৰ চৌহদৰ পৰা আৰোহন ফুডচৰ কামকাজ আৰম্ভ হয় । আৰম্ভণিৰ পৰাই নিজৰ উৎপাদিত সামগ্ৰীসমূহৰ গুণগত মানৰ লগত আপোচ নকৰা আৰোহন ফুডচৰ Choice Pork Natural বৰ্তমান এক জনপ্ৰিয় ব্ৰেণ্ড হিচাবে পৰিগণিত হৈছে । উল্লেখযোগ্য যে প্ৰথম বছৰত ২ লাখ টকাৰ ব্যৱসায় কৰা এই ব্ৰেণ্ডটোৱে দ্বিতীয় বছৰত ১ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছিল । 

image


অধ্যৱসায়, একাগ্ৰতা, নিৰ্ভুল নিৰ্বাচন ,কঠোৰ পৰিশ্ৰম আৰু গভীৰ ব্যৱসায়িক অৰ্ন্তদৃষ্টিৰে অনাবিল গোস্বামী, ৰানা প্ৰতাপ ব্ৰহ্ম আৰু অৰিন্দম হাজৰিকাই আৰোহন ফুডচক অসমৰ এক অন্যতম ষ্টাৰ্টআপ হিচাবে গঢ়ি তুলিছে । জন্মৰ প্ৰথম বছৰতেই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় প্ৰতিখন ৰাজ্যতে বজাৰ দখল কৰিবলৈ সক্ষম হোৱা এই সকলৰ পৰা অসমৰ নৱ প্ৰজন্মৰ উদ্যমী শিকিব লগীয়া বহু আছে । তেওঁলোকৰ মাজৰ দুজন বেংকৰ প্ৰাক্তন বিষয়া হোৱাৰ পাছতো বেংকৰ ঋণ বিচাৰি বিমুখ হব লগীয়া পৰিস্থিতিও হৈছিল । কিন্তু সকলো প্ৰতিকূলতা নেওচি , তেওঁলোকে অদম্য মানসিকতাৰে আৰোহন ফুডচক পৰিগনিত কৰিলে Venture Capitalৰ বিনিয়োগ লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো প্ৰতিষ্ঠান হিচাবে । Omnivore Partners এ ২০১৩ চনত আৰোহণ ফুডচত প্ৰথম লানি বিনিয়োগ দিয়ে । 

image


ভাৰতৰ প্ৰায় প্ৰতিখন প্ৰধান চহৰত উপলব্ধ Choice Pork Naturalৰ ব্যৱসায় বৰ্তমান ভূটান আদি দেশলৈও সম্প্ৰসাৰিত হৈছে। "আৰোহন ফুডচ" ৰ এই সফল যাত্ৰাই উদ্বুদ্ধ কৰক অসমৰ নৱপ্ৰজন্মৰ উদ্যোগী সকলক । দেশৰ প্ৰথমটো pork integrator প্ৰতিষ্ঠান 'আৰোহন ফুডচ'এ আৰোহণ কৰক সফলতাৰ উচ্চতম শিখৰত, তাৰ বাবে আন্তৰিক শুভেচ্ছা জনালোঁ ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মেট্ৰ' চহৰ এৰি ভিতৰুৱা গাঁৱত জীৱন ধাৰণৰ মান উন্নত কৰিছে মনোজ বসুমতাৰীয়ে

অচিৰেই ডাষ্টবিনত জাবৰ পেলালে পাব ৱাই-ফাইৰ সুবিধা

ডিব্ৰুগড়ৰপৰা দিছপুৰলৈ: সৰ্বানন্দ সোণোৱালৰ যাত্ৰা

দিল্লীৰ পথৰ দাঁতিত চাহ বিক্ৰী কৰা লক্ষ্মণ ৰাও এজন প্ৰসিদ্ধ সাহিত্যিক