অমৃত প্ৰীতম: শব্দৰে খেলা কৰা যুৱকজন

অমৃত প্ৰীতম: শব্দৰে খেলা কৰা যুৱকজন

Thursday February 18, 2016,

4 min Read

শব্দৰো যে কত খেলা আছে আপুনি বাৰু জানেনে ? এখন ছবিত শব্দ সংযোজনৰ বাবে ক’ত কিমান শব্দৰ সংযোজন ঘটাব লাগে অনুমান কৰিব পাৰে নে? ৰ’ব এইখিনিতে ধাৰণা দিও, ধৰক আপুনি ব্ৰহ্মপুত্ৰৰ কাষত নিমাতী ঘাটত ৰৈ আছে , মাজুলীলৈ যাবলৈ, ফেৰীৰ অপেক্ষাত…….. এখন ছবি হিচাপে তাত কি কি শব্দ সংযোজন ঘটিব পাৰে বাৰু ? বোঁৱতী পানীৰ শব্দ, গড়াত ঠেকা খোৱা পানীৰ শব্দ, গড়া খহি পৰাৰ শব্দ , পানীয়ে গড়া ভাঙি উটুৱাই নিয়াৰ শব্দ, পানীৰ পকনীয়াৰ শব্দ । আকৌ পাৰৰ শব্দ , যেনে -পাৰত চৰি থকা গৰুৰ হেম্বেলনি, ছাগলীৰ বেবনি, মানুহৰ খোজ কঢ়া, গাড়ী-মটৰৰ শব্দ, চানাৱালা, ইত্যাাদি শব্দ আৰু ৰাতিৰ পৰিবেশত জিলি অথবা ফেঁচাৰ মাত । এখন ছবি সকলো ফালৰ পৰা সফল হবলৈ কিমান সুক্ষ্ম সুক্ষ্ম কথালৈ চকু ৰাখিব লাগে, ছবি এখন চাওঁতে আমি বাৰু এইবোৰ ভাবোনে ? নে এই জটিলতাক বিচাৰি চাওঁ ! ছবিৰ শব্দৰ সৈতে খেলা কৰি জীৱনৰ ছন্দ অঁকা , জীৱনৰ সফলতাৰ জয়গান ৰচা মায়ানগৰী মুম্বাইত শ্ৰেষ্ঠ শব্দযন্ত্ৰীৰ সন্মান কঢ়িয়াই অনা অসমৰ গৌৰৱ অমৃত প্ৰীতমৰ কথা আজি ক'ম ।

যোৰহাট কুশল নগৰৰ দেৱপ্ৰসাদ দত্ত আৰু সত্ৰীয়া নৃত্যৰ সাধিকা নলিনীবালা দত্তৰ পুত্ৰ অমৃতৰ প্ৰীতমৰ যাত্ৰা আৰম্ভ হৈছিল এক সংস্কৃতিবান পৰিয়ালৰ পৰা।

এক যাত্ৰাৰ আৰম্ভণী

image



১৯৯৯ চনৰ কথা । বাতৰি কাকতৰ এটা বিজ্ঞাপনত গুৱাহাটী জ্যোতি চিত্ৰবন Film and Television and Institute ৰ বিভিন্ন পাঠ্যক্ৰমৰ বিজ্ঞাপন প্ৰকাশ পাইছিল । সেই বিজ্ঞাপনৰ ওপৰত ভিত্তি কৰিয়ে বাছনি পৰীক্ষাত অৱত্তীৰ্ণ হয় আৰু অৱশেষত বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীৰ জ্যোতি চিত্ৰবন Film and Television Institute ৰ তিনি বছৰৰীয়া Sound Engineering ৰ পাঠ্যক্ৰম গ্ৰহণ কৰে । ইয়ে অমৃত প্ৰীতম জীৱনৰ টাৰ্নিং পইণ্ট ।

ইয়াৰ পিছত আৰু তেওঁ পিছলৈ ঘুৰি চোৱা নাই । জ্যোতি চিত্ৰবন Film and Television and Institute ৰ পৰা তিনি বছৰীয়া পাঠ্যক্ৰমৰ সময়খিনিত তেওঁৰ শিক্ষক ফাৰুক ইকবালৰ পৰা যথেষ্টখিনি সহায় পালে আৰু ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত কলকতাৰ অনুপ মুখাৰ্জীৰ পৰা যথেষ্টখিনি জ্ঞান আয়ত্ব কৰিলে । যাৰ বাবে তেওঁৰ পাঠ্যক্ৰমৰ প্ৰথম ৰ্বষতে পাচঁখনকৈ অসমীয়া ছবি আৰু কেইবা খনো তথ্যচিত্ৰৰ সহকাৰী হিচাপে কাম কৰাৰ সুযোগ পায় । 

image


নতুন সপোনক বাস্তৱকৰূপ দিবলৈ যাওঁতে

জীৱনৰ লক্ষ্যক বাস্তৱ ৰূপ দিবলৈ মায়ানগৰী মুম্বাইলৈ যাওঁতে বহু ঘাট প্ৰতিঘাতৰ সন্মুখীন হ’ব লগা হৈছিল । বিশেষকৈ আৰ্থিক সংকটে জুৰুলা কৰিছিল । 'যিহেতু সম্পৰ্ণ এবছৰ মুম্বাইত একো কাম নকৰাকৈয়ে আছিলো । যিটো সময়ত ঘৰত মাঁহতক মিছাকৈয়ে চাকৰি কৰি আছো বুলি ক’ব বাধ্য হৈছিলো । কিজানি সেই অভাৱী সংগ্ৰামৰ কষ্টৰ দিনবোৰৰ কথা জানিলে ঘৰখনে ঘৰৰ ল’ৰা ঘৰলৈ ঘুৰাই লৈ আহিব । কেতিয়াবা হয়টো ৫ কি. মিটাৰ দুৰলৈ খোজকাঢি, কেতিয়াবা ঘণ্টাৰ পিছত ঘণ্টা ফুটপাথত বহি, আৰু কেতিয়াবা হয়টো খালী পেটেৰে কটাবলগাত পৰিছিলো । অৱশেষত এই সংগ্ৰামৰ শেষত প্ৰথমবাৰৰ বাবে ফায়াৰ ফ্লাই ষ্টুডিঅ’ চাকৰিটোৱে জীৱনৰ গতি পথৰ এক নতুন ৰূপ দিয়ে ।' এয়া অমৃতৰ ভাষ্য….

সংগ্ৰামৰ সৈতে যুঁজ কৰি

image


জীৱনত কিবা এটা কৰা হবিয়াস, পৰিশ্ৰম আৰু ধৈৰ্য্যৰ বিনিয়মত এদিন গজিনী ছবিৰ বাবে International Indian Film Academy চমুকৈ IIFA বঁটা লাভ কৰা প্ৰথমজন অসমীয়া হোৱাৰ গৌৰৱ অনুভব কৰোঁ । ইয়াৰ উপৰিও AMMA (All Malayalee Movie Award) ,অপ্সৰা বঁটা (Film and TV Producer Guild Award, Mumbai) আৰু Sound Design ৰ বাবে মালায়লম ছবি পাজাশ্ৰী ৰাজাৰ বাবে ৰাষ্ট্ৰীয় বঁটা পোৱা প্ৰথমজন অসমীয়া। ইয়াৰ উপৰিও IIFA Award, Zee Cine Award, TV and Film Producer Award, Maharastra State Government Film Award মাৰাথি ফিল্মৰ বাবে, Goa Government Film Award, ২০১৫ চনত হাইৱে ছৱিৰ বাবে Filmfare Award লৈ মনোনীত হৈছিল । MPSE Golden Reel বটাৰ বাবে দুবাৰ মনোনীত হৈছিল ।

অমৃত প্ৰীতম জড়িত থকা বিশেষ ছবি কেইখন হল গজিনী, শ্লামডগ মিলিয়নেয়াৰ, ব্লু, কল হো না হো, ড্ৰিমিং লাছা, বুম, নেচন ইত্যাদি। বৰ্ত্তমানলৈকে ৮০ খন ৰো অধিক ছবিৰ কামৰ লগত জড়িত হৈছে অমৃত।

image


অসমৰ গাৱৰ প্ৰকৃতি পৰিবেশ ভাল পোৱা অমৃতে ভবিষ্যতে অসমলৈ ঘুৰি আহি Sound Engineering স্কুল খোলাৰ সপোন মনতে পুঁহি ৰাখিছে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

গৃহিণীৰ পৰা মাষ্টাৰ চেফলৈ: কিটচেন কুইন জুমি আহমেদৰ সুস্বাদু যাত্ৰা

গ্ৰেণেড বিস্ফোৰণত অংগক্ষত হৈয়ো আজি প্ৰেৰণাৰ অন্য নাম মালবিকা আয়াৰ

দৰিদ্ৰ শ্ৰমিকৰ পৰা আমেৰিকান প্ৰযুক্তি কোম্পানীৰ মুখ্য কাৰ্যবাহী হোৱা এগৰাকী অসাধাৰণ নাৰীৰ অদম্য সাহসৰ কাহিনী

আৱৰ্জনা বোটলা শিশুসকলক শিক্ষাদানত ব্ৰতী বাৰাণসীৰ এজন ব্যক্তি