ষ্টাৰ্ট আপ বিফল হোৱাৰ দহটা মুখ্য কাৰণ

ষ্টাৰ্ট আপ বিফল হোৱাৰ দহটা মুখ্য কাৰণ

Wednesday December 16, 2015,

4 min Read


দেশজুৰি বিভিন্ন ষ্টাৰ্ট আপ আৰম্ভ হোৱাৰ লগে লগে ষ্টাৰ্ট আপৰ সংস্কৃতি দ্ৰুতগতিত বিকশিত হ’বলৈ ধৰিছে। এই ক্ষেত্ৰত বাংগালেুৰু, নতুন দিল্লী আৰু মুম্বাই শীৰ্ষত আছে যদিও পুনে, হায়দৰাবাদ, চেন্নাই আদিও পিছপৰি ৰোৱা নাই। এয়া বহুতো দিশৰ পৰা এক শুভ লক্ষণ। কিন্তু সত্যটো হ’ল এই ষ্টাৰ্ট আপবিলাকৰ ৮০ শতাংশই প্ৰথম তিনি বছৰৰ ভিতৰতে বিফল হয়। মানি ল’বলৈ টান হ’লেও এয়াই সত্য। ষ্টাৰ্ট আপ এটা বিফল হোৱাৰ ভালেমান কাৰণ আছে। এক দীঘলীয়া বিশ্লেষণৰ অন্তত তেনে মুখ্য দহটা কাৰণ উপস্থাপন কৰিব বিচাৰিছো-

image


১. ভুল সামগ্ৰীৰ উৎপাদন : সম্ভাব্য গ্ৰাহকৰ পৰা সামগ্ৰী এটাৰ গ্ৰহণযোগ্যতা ভালকৈ অধ্যয়ন নকৰাকৈ উৎপাদন আৰম্ভ কৰাটো ভাল নহয়। কোনো এটা সামগ্ৰীয়ে যদি এগৰাকী গ্ৰাহকৰ চাহিদাৰ সামান্য অংশহে পূৰণ কৰিব পাৰে, তেনে সামগ্ৰীৰ ক্ষেত্ৰতো একেটা কথাই খাটে, যিটো এটা যন্ত্ৰণাৰ কাৰণ হ’ব পাৰে।

২. সঠিক দল গঠনত অসমৰ্থতা : খৰখেদাকৈ কোনো এটা সামগ্ৰী বজাৰত মুকলি কৰি দিয়াৰ দৌৰত ন-উদ্যোগীসকলে সামগ্ৰীবিধৰ বিষয়ে সামান্য জ্ঞান থকা বা জ্ঞান নথকা লোকৰ দ্বাৰা এই দল গঠন কৰি লয়। ইয়াৰ ফলত সামগ্ৰীবিধ বৰ্তি থাকিব নোৱাৰে, কাৰণ সেইসকল লোকে তেওঁলোকৰ সৰ্বোচ্চ সামৰ্থ্যখিনি ব্যৱহাৰ কৰিব নোৱাৰে।

৩. UVP (Unique Value Proposition)ৰ অভাৱ : যদি আপোনাৰ সামগ্ৰীবিধে বজাৰত উপলব্ধ একেজাতীয় সামগ্ৰীৰ তুলনাত এটা বা দুটা uvp প্ৰদান কৰাত ব্যৰ্থ হয়, তেনেহ’লে আপোনাৰ সামগ্ৰী বিফল হোৱাটো খাটাং। গতিকে আপোনাৰ সামগ্ৰী বজাৰত মুকলি কৰাৰ আগতে অতি কমেও চাৰিটা uvpৰ বিষয়ে নিশ্চিত হৈ লওক যাতে প্ৰতিযোগিতাত বৰ্তি থাকিবলৈ ই আপোনাক সহায় কৰিব পাৰে।

৪. অধ্যৱসায়ৰ অভাৱ :

যদি ষ্টাৰ্ট আপ প্ৰতিষ্ঠাতাৰ তেওঁলোকৰ সামগ্ৰীৰ প্ৰতি প্ৰচণ্ড আকৰ্ষণ নাথাকে তেনেহ’লে প্ৰতিকূল সময়ত তিষ্ঠি থকাটো তেওঁলোকৰ বাবে সহজলভ্য নহ’ব। কাৰণ উদ্যোগৰ ক্ষেত্ৰত অনুকূল সময়তকৈ প্ৰতিকূল সময় অহাৰ সম্ভাৱনাই অধিক। প্ৰতিকূল সময়ত সামগ্ৰীবিধৰ ওপৰত প্ৰতিষ্ঠাতাৰ বিশ্বাস সম্পৰ্কে প্ৰশ্নৰ সৃষ্টি হয়। আৰু বিশ্বাসৰ অভাৱে উৎপাদন বন্ধ কৰি ষ্টাৰ্ট আপটো বিফল হোৱাৰ দিশত আগবঢ়াই দিব পাৰে।

৫. দিশ সলনি কৰাত অপাৰগতা :

সঘনাই দেখা যায় এটা ভুল সামগ্ৰী উৎপাদন কৰা বুলি জনাৰ পিছতো সামগ্ৰীবিধৰ প্ৰতি মৰমৰ বাবে ন-উদ্যোগীয়ে সেইটো বাদ দি অন্য এটা ব্যৱসায় আৰম্ভ নকৰে। ইয়াৰ ফলত সময়, সম্পদ আৰু আৰ্থিক লোকচান ভৰিবলগীয়া হয় আৰু উদ্যোগীশীলতা বিফল হয়।

৬. উপদেষ্টাৰ অভাৱ :

ন-উদ্যোগৰ ক্ষেত্ৰত সদায় উপদেষ্টা থকাটো ভাল। অকলে আগবাঢ়িলে ভুল কৰাৰ সম্ভাৱনা বেছি। সিয়ে আপোনাক বিফলতাৰ বাটলৈ লৈ যাব পাৰে। উপদেষ্টাই আপোনাক প্ৰতিদিনে নীতি-নিৰ্দেশনা দি পতনৰ পৰা ৰক্ষা কৰিব পাৰে।

৭. শুভাৰম্ভ কৰাত বিলম্ব :

প্ৰথম কথা, যদি সময় মতে প্ৰয়োগ কৰা নহয়, তেনেহ’লে কোনো চিন্তা বিকশিত হ’ব নোৱাৰে। কাৰণ সময় পাৰ হোৱাৰ লগে লগে মনোবল আৰু আকৰ্ষণ হেৰুৱাই পেলাওঁ আৰু বিকল্প বাছনিৰ চিন্তা আৰম্ভ কৰি দিওঁ। দ্বিতীয়তে আজিৰ দ্ৰুত উন্নয়নশীল ব্যৱসায় জগতত প্ৰতিটো সমস্যাৰ বাবে হেজাৰটা সামগ্ৰী আছে। গতিকে দেৰি কৰি থকা মানে আপুনি প্ৰতিযোগিতাত পৰি ক’ব আৰু এটা সময়ত বিফল হ’ব।

৮. প্ৰতিষ্ঠাতা/ মুখ্য কাৰ্যবাহী বিষয়াই সিদ্ধান্ত ল’ব নোৱাৰা অৱস্থা:

ন-উদ্যোগ এটাৰ সপোন সম্পৰ্কে প্ৰতিষ্ঠাতাগৰাকীৰ ধাৰণা স্পষ্ট হোৱা উচিত। তেতিয়াহে তেওঁ গুৰুত্বপূৰ্ণ সময়ত খৰতকীয়া আৰু কাৰ্যকৰী সিদ্ধান্ত ল’ব পাৰিব। বেছিভাগ সময়তে দেখা যায় যে ন-উদ্যোগৰ প্ৰতিষ্ঠাতাসকল তেওঁলোকৰ লক্ষ্য সম্পৰ্কে সচেতন নহয়। নিজৰ লক্ষ্যৰ বিষয়ে স্পষ্ট ধাৰণা নথকা এনে প্ৰতিষ্ঠাতাসকলে সঘনাই ভুল সিদ্ধান্ত লোৱা দেখা যায়।

৯. ব্যৱসায়িক পৰিকল্পনাৰ অভাৱ :

আপুনি হয়তো ভাবি আচৰিত হ’ব যে কিয় মই এই বিষয়টো ৯নংত উপস্থাপন কৰিছো। কিন্তু সঁচাকৈয়ে ওপৰত উল্লেখ কৰা ৮টা বিষয়ৰ তুলনাত এইটো কম গুৰুত্বপূৰ্ণ। যিকোনো এটা ষ্টাৰ্ট আপৰ যদি লক্ষ্য আৰু সপোন স্পষ্ট হয়, যদি তেওঁলোকৰ উপদেষ্টা থাকে, তেনেহ’লে গ্ৰাহক, বিতৰণ প্ৰণালী, খৰচ আৰু উপাৰ্জনৰ আৰ্হি আদি প্ৰতিটো কথাতে ব্যৱসায়িক পৰিকল্পনা গঢ় লৈ উঠিব। আপুনি কি ধৰণে কাম কৰিব, ব্যৱসায়িক পৰিকল্পনাই আপোনাক তাৰ বিষয়ে এটা স্পষ্ট ধাৰণা দিব। ব্যৱসায়িক পৰিকল্পনাৰ অভাৱে আপোনাৰ ষ্টাৰ্ট আপৰ ইটোৰ পিছত সিটোকৈ সকলো ক্ষেত্ৰকে বিকল কৰি তুলিব।

১০. প্ৰতিযোগী আৰু পৰিৱৰ্তনশীল বজাৰ ব্যৱস্থা সম্পৰ্কে অজ্ঞতা :

ওপৰত উল্লেখ কৰা সকলোবোৰ কথা চালি জাৰি চাই ষ্টাৰ্ট আপ এটা আৰম্ভ কৰিলে এগৰাকী ন-উদ্যোগীয়ে বহুদিনলৈ সেইটো চলাই থাকিব পাৰিব। কিন্তু আৰু এটা দৰকাৰী কথা আছে, যিটো নিয়মীয়াভাৱে আৰু সাৱধানতাৰে বিশ্লেষণ কৰা উচিত। সেয়া হ’ল বজাৰৰ অৱস্থা আৰু সাম্প্ৰতিক প্ৰতিযোগীসকলৰ পাৰদৰ্শিতা। কেতিয়াবা নিজৰ ব্যৱসায়িক ধাৰণাৰ প্ৰতি থকা অত্যধিক মোহৰ ফলত ন-উদ্যোগীয়ে ইতিমধ্যে বজাৰত থকা সামগ্ৰী এটা বা অতি খৰচী সামগ্ৰী এটাৰ উৎপাদন আৰম্ভ কৰে, যিটো তুলনামূলকভাৱে কম মূল্যতে বজাৰত পোৱা যায়। বজাৰ আৰু প্ৰতিযোগী সম্পৰ্কে কৰা এক অধ্যয়ন আৰু পৰ্যালোচনাই ন-উদ্যোগীক বজাৰত এতিয়াও উপলব্ধ নোহোৱা সামগ্ৰী উৎপাদন কৰি তেওঁলোকৰ বিকাশ সুনিশ্চিত কৰাত সহায় কৰিব পাৰে।

আৰু দুটামান কাৰণ :

নিয়ন্ত্ৰণহীন বিকাশ

নিম্নমানৰ হিচাপ পৰীক্ষণ ব্যৱস্থা

পৰ্যাপ্ত মূলধনৰ অভাৱ

কাৰ্যপ্ৰণালী সম্পৰ্কীয় যোগ্যতাৰ অভাৱ

পৰিচালন সম্পৰ্কীয় কাৰ্যসক্ষমতাৰ অভাৱ

নিম্নগামী বজাৰ

অস্পষ্ট আৰু ন্যূনতম বিজ্ঞাপন

উত্তৰাধিকাৰীৰ অভাৱ

নাইবা পৰিকল্পনা পৰিহাৰ কৰা

একক প্ৰতিষ্ঠাতা

ব্যৱসায় অনুপযোগী স্থান

image


লেখকগৰাকীৰ বিষয়ে : নিতিন কুমাৰ গোভে পুনেৰ (ভাৰত) এগৰাকী উদ্যোগী, ব্যৱসায় উৎসাহী আৰু উদ্যোগীশীলতাৰ প্ৰচাৰক-লেখক। বিশ্বৰ বিভিন্ন ষ্টাৰ্ট আপ বিষয়ক ‘72 Leocraft’ নামৰ অনলাইন ব্লগটোৰ তেওঁ এগৰাকী অনুৰাগী লেখক। চিন্তাৰ সহমত থকা লোকৰ সৈতে লগ হৈ উন্নততৰ ভৱিষ্যৎ গঢ় দিয়াৰ প্ৰতি তেওঁ আগ্ৰহী। তেওঁৰ সৈতে যোগাযোগৰ ঠিকনা nitinkumarGove

মূল : নিতিন কুমাৰ গোভে

অনুবাদ : সুৰেশ কুমাৰ

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

উন্নত মান, গ্ৰাহকৰ সন্তুষ্টিয়েই শক্তি অসমৰ ফাৰ্নিচাৰৰ ব্ৰেণ্ড 'কেনক্ৰাফট'ৰ

ষ্টাৰ্ট আপ বিফল হোৱাৰ দহটা মুখ্য কাৰণ

মটৰ চাইকেলেৰে বিশ্ব ভ্ৰমণত এক দম্পতি

শিশুক বিপথে নিয়াৰ অভিযোগত কাৰাবাস খটা সন্দীপ কৌৰ আজি বহু অনাথ ছোৱালীৰ মাকৰ দায়িত্বত