পৰ্যটনৰ বিকাশৰ বাবে অসম চৰকাৰে কি ভুমিকা ল'ব লাগে?

পৰ্যটনৰ বিকাশৰ বাবে অসম চৰকাৰে কি ভুমিকা ল'ব লাগে?

Monday June 20, 2016,

2 min Read

আজিলৈকে অসমৰ বাজেটত পৰ্যটনে সদায়েই ন্যুনতম গুৰুত্ব লাভ কৰি আহিছে । এই কথাটোৱে ৰাজ্যখনত এই ক্ষেত্ৰখনৰ বিপুল সম্ভাৱনীয়তাক উদ্ঘাটন কৰাৰ ক্ষেত্ৰত অন্তৰায় হৈ থিয় দিছে । অসম চৰকাৰে এই ক্ষেত্ৰত অচিৰেই গুৰুত্ব প্ৰদান কৰি যথোপযুক্ত আঁচনি ল'ব লাগে । এই কথাই প্ৰতিধ্বনিত হ'ল ষ্টাৰ্টআপ আছামে ইন্সটিটিউট অৱ ইঞ্জিনীয়াৰ্ছ প্ৰেক্ষাগৃহত আয়োজন কৰা ষ্টাৰ্টআপ ছাটাৰ্ডে গুৱাহাটী টকছ শৃংখলাৰ ত্ৰয়োদশ সভাত । নতুনকৈ ক্ষমতালৈ অহা চৰকাৰখনে এই ক্ষেত্ৰত এক পদক্ষেপ গ্ৰঙণ কৰিব বুলি আশা প্ৰকাশ কৰিলে বিভিন্নজনে ।

ষ্টাৰ্টআপ আছামে আয়োজন কৰা ষ্টাৰ্টআপ ছাটাৰ্ডে গুৱাহাটী টকছ শৃংখলাৰ ১৩শ সভা অনুস্থিত হয় ১৮ জুনত । এইবাৰৰ বিষয়বস্তু আছিল কিদৰে ষ্টাৰ্টআপ সমূহে উত্তৰ পূৰ্বাঞ্চলৰ পৰ্য্যটন ক্ষেত্ৰখনলৈ যোগদান আগবঢ়াব পাৰে । কেইবাগৰাকীও সমল ব্যক্তি, বিশিষ্ট ব্যৱসায়ী আৰু কেইবাটাও ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাতাই এই সভাত অংশগ্ৰহণ কৰে । উত্তৰ পূৰ্বাঞ্চলৰ পৰ্য্যটন ক্ষেত্ৰখনৰ অব্যৱহৃত সম্ভাৱনীয়তা সমূহৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে ইয়াৰ সৈতে জড়িত বিভিন্ন দিশৰ ওপৰত মত বিনিময় আৰু পৰ্যালোচনা কৰা হয় এই অনুস্থানত । 

image


অনুস্থানটোত সমল ব্যক্তি হিচাপ উপস্থিত থকা জাঙ্গল ট্ৰেভেলছ ইণ্ডিয়াৰ সঞ্চালক জাহ্নৱী ফুকনে পৰিবেশ পৰ্যটন বা ইক টুৰিজিমৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে নিজৰ ঠাইখনৰ বিষয়ে জ্ঞান আৰু ইয়াৰ বিশেষত্বক লৈ গৌৰৱবোধ পৰ্যটন উদ্যোগৰ অন্যতম চালিকাশক্তি । উদ্যেগটোত নিজৰ এখন আসন সৃষ্টি কৰাৰ লক্ষ্যৰে প্ৰৰম্ভিক ব্যৱসায়ীসকলে কাম কৰি যোৱাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে । 

ব্ৰহ্মপুত্ৰ জাঙ্গল ৰিজৰ্টৰ পৰিচালন সঞ্চালক ত্ৰিদিব শৰ্মাই নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ অভিজ্ঞতা বৰ্ণনা কৰি এজন উদ্যমীয়ে ব্যৱসায় এটা আৰম্ভ কৰাৰ আগতে ব্যৱসায়টোৰ সম্ভাৱনীয়তা অধ্যয়ন কৰি লোৱাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰে । বজাৰত কিবা এটা নতুনত্ব সৃষ্টিৰ লক্ষ্য আগত ৰাখি কাম কৰি যোৱাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে । ষ্টাৰ্টআপ সমূহে চকু দিব পৰা বিভিন্ন সম্ভাৱনীয়তাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে উদ্যমীসকলে ডাঙৰ সপোন আগত ৰাখি সৰুকৈ কাম আৰম্ভ কৰি সঠিক পৰিকল্পনাৰে আগ বাঢ়ি গলে ব্যৱসায়ৰ বৃদ্ধি দ্ৰুততৰ হয় ।  

image


হিলছ এণ্ড গ্ৰীণছ হলিডেৰ স্বত্বাধিকাৰী পল্লব সিনহাই আঠ বছৰ আগতে মুম্বাইৰ পৰা আহি অসমত পৰ্যটন ক্ষেত্ৰত ব্যৱসায় আৰম্ভ কৰি লাভ কৰা সমস্যা আৰু অভিজ্ঞতাসমূহৰ ওপৰত আলোকপাত কৰে ।  

image


সমল ব্যক্তিসকলৰ সৈতে মত বিনিময়ৰ লগতে এই অনুস্থানত কেইবাটাও ষ্টাৰ্টআপে নিজ নিজ ব্যৱসায় সম্পৰ্কে সবিশেষ জনায় । উল্লেখযোগ্য যে ষ্টাৰ্টআপ আছামে চলি ত বিত্তীয় বৰ্ষৰ বাবে গুৰুত্ব দিয়া খণ্ডকেইটাৰ অন্যতম হৈছে পৰ্য্যটন ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

ভাৰতীয় ৰেলৰ বাবে উন্নত আৰু স্বাস্থ্যকৰ শৌচাগাৰৰ আৰ্হি প্ৰস্তুত কৰিছে এজন ছাত্ৰই 

ৰঙেৰে নতুন পৃথিৱী গঢ়িব খোজা আন্তঃৰাষ্ট্ৰীয় সন্মানপ্ৰাপ্ত শিল্পী নিৰুপম কোঁৱৰ

এগৰাকী চেম্পিয়ন সৃষ্টিৰ কাহিনী-হ্ৰদ নগৰীৰ কন্যাৰ সমুদ্ৰ জয়

ৰেষ্টোৰাঁৰ পাকঘৰৰ মজিয়াত শোৱা শিশুটি আজি 'ইডলী কিং' : পি.ৰাজাগোপালৰ ছাৰাৱানা ভৱন