১০,০০০ টকাৰে আৰম্ভ কৰি ১.৫ কোটি টকাৰ ব্যৱসায় কৰা “ব্ৰ’কেন কম্পাছ”ৰ সাফল্যৰ কাহিনী

১০,০০০ টকাৰে  আৰম্ভ কৰি ১.৫ কোটি টকাৰ ব্যৱসায় কৰা “ব্ৰ’কেন কম্পাছ”ৰ সাফল্যৰ কাহিনী

Friday December 11, 2015,

4 min Read

পৰিবহন আৰু পৰ্যটনৰ ক্ষেত্ৰখনত শেহতীয়াকৈ অনুভৱাত্মক যাত্ৰা এক আকৰ্ষণীয় উদ্যোগলৈ পৰিণত হৈছে। আজিকালি বেছিসংখক লোকে অধিক টকা খৰচ কৰি হ’লেও পৰ্যটনৰ বাবে অগতানুগতিক স্হানলৈ যাবলৈ পচন্দ কৰে । সেয়ে পেকেজড ট্যুৰ সমূহতকৈ বতিক্ৰমী আৰু অগতানুগতিক সেৱা আগবঢ়োৱা ট্ৰেভেল ষ্টাৰ্ট-আপবোৰৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। পৰ্যটকৰ এনে দাবী পূৰণ কৰিবলৈ শেহতীয়াকৈ বহুসংখ্যক ট্ৰেভেল ষ্টাৰ্ট-আপ আগবাঢ়ি আহিছে।

“ব্ৰ’কেন কম্পাছ”ৰ প্ৰতিস্হাতাদ্বয় মঞ্জৰী আৰু অৱনী

“ব্ৰ’কেন কম্পাছ”ৰ প্ৰতিস্হাতাদ্বয় মঞ্জৰী আৰু অৱনী


দৈনন্দিন কাম কৰি কৰি বিৰক্ত হোৱাৰ সময়ত যেতিয়া দুই বান্ধৱী মঞ্জৰী আৰু অৱনী লগ হৈছিল তেতিয়া তেওঁলোকৰ অৱসাদ দূৰ কৰাৰ মাত্ৰ এটাই উপায় আছিল,সেয়া হল-ভ্ৰমণ।

যাত্ৰাৰ মাদকতা আৰু ৰোমাঞ্চৰ বাবে মাজে সময়ে ভ্ৰমণৰ দুঃসাহসিক কাৰ্যসূচী হাতত লোৱা দুই বান্ধৱীযে অৱশেষত আনৰ বাবে যাত্ৰাসূচী তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিলে।“আমি দুয়ো সৰুৰে পৰা বহুত ভ্ৰমণ কৰিছো।ভ্ৰমণৰ প্ৰতি আমাৰ দুৰ্ব্বাৰ আসক্তি আৰু ভৌগোলিক জ্ঞানৰ বাবে আমাৰ আত্মীয় তথা বন্ধু বান্ধৱসকলেও তেওঁলোকৰ ভ্ৰমণৰ আঁচনি তৈয়াৰ কৰিবলৈ আমাক অনুৰোধ কৰে।সেয়ে আমি নিশ্চিত আছিলো যে ভৱিষ্যতে আমি পৰ্যটন সম্পৰ্কীয় কিবা কাম কৰিব পাৰিম,” অৱনীয়ে কয়।

সেনাবাহিনীৰ পৰিয়ালৰ হোৱাৰ বাবে মঞ্জৰীয়ে সৰুৰে পৰা দেশৰ বিভিন্ন ঠাই ফুৰাৰ সুবিধা পাইছিল।মুম্বাইত স্হায়ীভাৱে থাকিবলৈ লোৱাৰ পূৰ্বে তেওঁ দেশৰ আঠখন বিদ্যালয়ত পঢ়িছিল।মুম্বাইত তেওঁ এডভাৰ্টাইজিং পঢ়িবলৈ লয়।এডভাৰ্টাইজিং উদ্যোগত মঞ্জৰীয়ে পাঁচ বছৰ কপিৰাইটাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত তেওঁ ভ্ৰমণৰ বাবে কিছু সময় উলিয়াইছিল।এই সময়খিনিতে মঞ্জৰীৰ লৰালিৰ প্ৰেম ভ্ৰমণৰ হাবিয়াসে পুনৰ প্ৰাণ পাই উঠিল আৰু নিজৰ অভিৰুচিকেই আন্তৰিকতাৰে পেচালৈ ৰূপান্তৰিত কৰাৰ সীদ্ধান্ত ললে।

মঞ্জৰীয়ে এডভাৰ্টাইজিঙৰ কেৰিয়াৰ আৰম্ভ কৰাৰ সময়ত অৱনীয়ে লক্ষদ্বীপত সামুদ্ৰিক জীৱ বিজ্ঞানৰ ওপৰত গৱেষণা কৰি আছিল ।সমুদ্ৰৰ প্ৰেমত পৰা অৱনীয়ে দুবছৰৰ পিছত সেই চাকৰি এৰি দুঃসাহসিক পৰ্যটন সংস্হা এটাত ট্ৰেভেল প্লেনাৰ হিচাপে যোগদান কৰে। তেতিয়াৰ পৰাই লাহে লাহে নিজাকৈ কাম কৰাৰ হেপাঁহ অৱনীৰ মনত উকমুকাবলৈ আৰম্ভ কৰিছিল। ডেৰবছৰৰ পিছত অৱনীয়ে সেই কাম বাদ দি মঞ্জৰীৰ লগ লাগে আৰু আৰম্ভ কৰে ‘ব্ৰ’কেন কম্পাছ’।

“ব্ৰ’কেন কম্পাছ” হৈছে এটা পৰিবহন আৰু পৰ্যটন সংস্হা যি বক্তিবিশেষ আৰু দলৰ বাবে প্ৰণালীবদ্ধ ভ্ৰমণসূচী তৈয়াৰ কৰা আৰু তাক কাৰ্যকৰী কৰাত বিশেষভাৱে খ্যাত।এই কোম্পানীটোৱে বিভিন্ন উপলক্ষ্যৰ বাবে বিষয়গত যাত্ৰাসূচী তৈয়াৰ কৰে।

“ব্ৰ’কেন কম্পাছ”ৰ জৰিয়তে পৰ্যটকসকলে পৰ্যটক হিচাপে নহয় ভ্ৰমণকাৰী হিচাপে এখন নতুন ঠাই আবিষ্কাৰ কৰাৰ ৰোমাঞ্চ লাভ কৰে। পৰ্যটনৰ ক্ষেত্ৰখনত তেওঁলোক বিশেষভাৱে উজলি উঠাৰ প্ৰধান কাৰণ হল প্ৰতিটো ভ্ৰমণসূচী তেওঁলোকে প্ৰণালীবদ্ধ আৰু পৰ্যটকৰ অনুকূল ধৰণৰে তৈয়াৰ কৰে আৰু সম্পূৰ্ণ নিষ্ঠাসহকাৰে নিজৰ কাম সম্পন্ন কৰে।

‘ব্ৰকেন কম্পাছ’ ৰ সৈতে ভ্ৰমণ কৰিব বিচৰা লোকসকলক এখন ফৰ্ম পূৰাবলৈ দিয়া হয় যত তেওঁলোকৰ ভ্ৰমণসূচী আৰু উদ্দেশ্য সম্পৰ্কে কিছুমান প্ৰশ্ন সোধা হয়।তেওঁলোকে ফৰ্মখন পূৰণ কৰি পঠোৱাৰ পিছত এটা সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হয় যাৰ দ্বাৰা পৰ্যটকৰ বাজেট, পৰ্যটনস্হলী, থকা-খোৱা সম্পৰ্কীয় বিভিন্ন বিষয়বোৰ অধিক স্পষ্ট হয়। সেই অনুসৰি হোটেল,ছাপ্লায়াৰছ আৰু ট্ৰেভেল পাৰ্টনাৰৰ সৈতে যোগাযোগ কৰি গ্ৰাহকলৈ চূড়ান্ত প্ৰস্তাৱ আগবঢ়োৱা হয়। গ্ৰাহকৰ পৰা পোৱা প্ৰতিক্ৰিয়া অনুসৰি আচঁনিখন সংশোধন কৰি অৱশেষত তেওঁৰ নামত ভ্ৰমণসূচী বন্দোৱস্ত কৰা হয়।

“ব্ৰ’কেন কম্পাছ” ৰ এক প্ৰশংসনীয় কথা হল, নিদিৰ্ষ্ট ভ্ৰমণসূচী শেষ নোহোৱালৈকে তেওঁলোকে ২৪ ঘন্টাই গ্ৰাহকৰ সেৱাত উপলব্ধ হৈ থাকে।অৰ্থাৎ ভ্ৰমণকালত আপুনি কোনো ধৰণৰ সমসাত পৰাৰ আশংকা নাথাকে।

বন্ধ অথবা ছুটীৰ দিনসমূহেই তেওঁলোকৰ উপাৰ্জনৰ প্ৰধান উৎস।এই দিনসমূহ সকলোৰে বাবে সমানে উপভোগ্য কৰি তোলাৰ উদ্দেশে প্ৰণালীৱদ্ধ আচঁনি তৈয়াৰ কৰা হয়।অৱশ্যে কোনো কোনো ক্ষেত্ৰত যেতিয়া তেওঁলোকে কেৱল গ্ৰাহকৰ সৈতে পৰামৰ্শহে কৰে কিন্তু সম্পূৰ্ণ যাত্ৰা বন্দোৱস্ত নকৰে তেতিয়াও তেওঁলোকে কিছু উপাৰ্জন কৰে।যোৱা পাঁচবচৰৰ পৰ্যবেক্ষণৰ পৰা অৱনীয়ে প্ৰকাশ কৰে, “প্ৰণালীবদ্ধ অৱসৰ বিনোদনৰ বজাৰখনৰ কোনো নিৰ্দিষ্ট পৰিসীমা নাই যদিও ই বৰ্তমান প্ৰগতিশীল ব্যৱসায়ত পৰিণত হৈছে।যোৱা চাৰি-পাঁচ বছৰত আমি এনে কিছুমান পৰিয়াল পাইছো যিয়ে আগতে পেকেজড ট্যুৰ পচন্দ কৰিছিল কিন্তু পিছলৈ স্বনিৰ্বাচিত ভ্ৰমণসূচীৰ বাবে আমাৰ ওচৰলৈ আহিবলৈ ধৰিলে ।গতিকে এই ক্ষেত্ৰখনৰ পৰিসৰ বৃদ্ধি হোৱাৰ লগে লগে পৰ্যটকসকলেও মুক্ত মনৰে নিজৰ বক্তিত্ব অনুকূল ভ্ৰমণসূচী বিচাৰিবলৈ আৰম্ভ কৰিছে।”

এইক্ষেত্ৰখনত খুৱ কম অভিজ্ঞতাৰে কাম আৰম্ভ কৰি কষ্ট আৰু অধ্যৱসায়ৰ বলত আজি তেওঁলোকে সাফল্যৰ পথ সুগম কৰিছে।তেওঁলোকৰ উন্নতি আৰু মাইলৰ খুটি সম্পৰ্কে অৱনীয়ে কয়, “ ২০১০ চনত আমি আনুস্হানিকভাৱে ব্ৰকেন কম্পাছৰ শুভাৰম্ভ কৰিছিলো।নামমাত্ৰ ১০,০০০ টকাৰ বিনিয়োগৰে আমি ব্যৱসায় আৰম্ভ কৰিছিলো।কিন্তু তাৰ পিছত কেৱল ব্যৱসায়ৰ উন্নয়নৰ ক্ষেত্ৰতে নহয় পৰিচালনা আৰু বিপণনৰ ক্ষেত্ৰতো আজি আমি আশানুৰূপ ধৰণে সফল হৈছো।২০১৩-১৪ বিত্তীয় বৰ্ষত আমাৰ ১.৫ কোটিৰ ব্যৱসায় হৈছিল। দলীয় যাত্ৰাৰ সংযোজন আৰু কোম্পানী সম্প্ৰসাৰণৰ লগে লগে আমি এই বছৰত ১০% উন্নয়ন আশা কৰিছো”

আনৰ বাবে ভ্ৰমণৰ পৰিকল্পনা আৰু আয়োজন কৰাতো কেতিয়াবা খুৱ আমোদজনক হৈ পৰে।অৱনীয়ে এনে এটা আমোদজনক ঘটনাৰ বিষয়ে জনায় । এবাৰ তেওলোকে এক দম্পত্তীৰ বাবে যাত্ৰাসূচীৰ আয়োজন কৰিবলগীয়া হৈছিল যিয়ে তেওঁলোকৰ পঞ্চম বিবাহ বাৰ্ষিকীত বাদুলীৰ আশিৰ্বাদ বিচাৰিছিল।অৱনীয়ে কয়, “এবাৰ আমেৰিকা ভ্ৰমণৰ বাবে যোৱা এজন গ্ৰাহকৰ পৰা এটা অদ্ভূত অনুৰোধ পাইছিলো।তেওঁৰ পঞ্চম বিবাহ বাৰ্ষিকিত পুৰোহিতৰ পৰিবৰ্তে বাদুলিৰ দ্বাৰা বিবাহৰ শপতবাক্য নবীকৰণ কৰাব বিচাৰিছিল ।আৰু আমি সেয়া সম্ভৱ কৰি তুলিছিলো।আমি তেতিয়া অনুভৱ কৰিছিলো যে এনেধৰণৰ অনেক ফিল্মী চৰিত্ৰ আমি আগলৈ পাম। সেয়া অদ্বিতীয় আৰু অতি আমোদজনক যাত্ৰা আছিল ।” ষ্টাৰ্ট-আপ কৰিবলৈ বিচৰা সকলৰ বাবে অৱনীৰ পৰামৰ্শ, “জেদী হোৱা আৰু অধ্যৱসায় কৰা।কঠোৰ পৰিশ্ৰম কৰা,নিজৰ ভুলবোৰৰ পৰা শিক্ষা লোৱা,হাৰি নাযাবা।বজাৰখনৰ জ্ঞান আহৰণ কৰিবলৈ নিজে সূক্ষ্মভাৱে বজাৰৰ গৱেষণা কৰা আৰু কি কৰিব বিচাৰিছা তাৰ এখন আঁচনি তৈয়াৰ কৰা”



মূল-আদিত্য ভূষণ দ্বিৱেদী

অনুবাদ-সংগীতা দেৱী দত্ত

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মাতৃৰ কথামতে চিকিৎসক হোৱা পুত্ৰ আজি কৰ্কট ৰোগীৰ জীৱন দাতা

শিশুক বিপথে নিয়াৰ অভিযোগত কাৰাবাস খটা সন্দীপ কৌৰ আজি বহু অনাথ ছোৱালীৰ মাকৰ দায়িত্বত

মডেল মাতৃৰ পৰা মডেল উদ্যোগীলৈ – তাৰা শৰ্মা চলুজাৰ কাহিনী