চৰকাৰী হেমাহিত বিৰক্ত গাওঁবাসীয়ে নিৰ্মাণ কৰিলে পথ আৰু দলং

চৰকাৰী হেমাহিত বিৰক্ত গাওঁবাসীয়ে নিৰ্মাণ কৰিলে পথ আৰু দলং

Friday June 24, 2016,

2 min Read

পৰত আশ বনত বাস । গতিকে পৰলৈ, বিশেষকৈ চৰকাৰলৈ আশা নকৰি নিজে হাতে কামে লাগি ঝাৰখণ্ডৰ দহখন গাঁৱৰ ৰাইজে দেখুৱালে যে তেওঁলোক পৰি মৰা নহয় । চৰকাৰে আমাক অমুকটো নিদিলে, তমুকটো নিদিলে বুলি কন্দা কটা কৰি থকাৰ সলনি দহখন গাঁৱৰ প্ৰায় ৬০০ মানুহে নিজে নিৰ্মাণ কৰিলে ২০ কিলোমিটাৰ পথ । আমোদজনক কথা এয়ে যে এই পথছোৱা নিৰ্মাণ কৰিবলৈ চৰকাৰে ৫৮ কোটি টকীয়া আঁচনি লৈছিল যদিও গাঁওবাসীয়ে এই কাম মাত্ৰ ৫০ লাখ টকাত কৰি দেখুৱালে । নিউজ ২৪ৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে । চৰকাৰৰ হেমাহিত অতীষ্ঠ ৰাইজে এইদৰে বৃহৎ পৰিমাণৰ ৰাজহুৱা ধনৰ অপচয়ো ৰোধ কৰিলে । অৰ্থাৎ চৰকাৰে ধাৰ্য কৰা পৰিমাণৰ ১৭০ ভাগৰ এভাগ খৰচত তেওঁলোকে এই কাম সম্পন্ন কৰে ।

Image: News 24

Image: News 24


গাওঁবাসীয়ে কেৱল পথেই নহয়, কয়লা নদীৰ ওপৰত এখন ১০০ ফুট বহল দলঙো নিৰ্মাণ কৰিলে । এই কামটোত আগভাগ লোৱা ত্ৰিলোকী য়াদৱে জনায় যে ১৯৯৬ চনত এই নদীত এখন নাওঁ দুৰ্ঘটনাগ্ৰস্ত হৈ সকলোবোৰ যাত্ৰীৰ মৃত্যু ঘটিছিল । এই ঘটনাৰ পাছত তেওঁলোকে এখন দলং আৰু এটা পথ নিৰ্মাণৰ দাবী কৰি আহিছিল যদিও চৰকাৰৰ ঘৰৰপৰা কেৱল প্ৰতিশ্ৰুতিৰ বাহিৰে একো পোৱা নাছিল । 

এফালে চৰকাৰী ৰঙা ফিটাৰ মেৰপাক আৰু আনফালে মাওবাদীৰ উপদ্ৰৱ, এই দুয়োটাৰ মাজত পিষ্ট হৈ গাওঁবাসীয়ে সিদ্ধান্ত ল'লে তেওঁলোকে নিজে পথছোৱা নিৰ্মাণ কৰিব । এই প্ৰচেষ্টাৰ ফলতে এতিয়া প্ৰথমবাৰৰ বাবে গামহাৰিয়া, ৰেলা, খাজুৰিয়া, পাৰাল, কাৰা, বড়গুৱা, পপকাড়া আদি গাওঁ পথেৰে সংযুক্ত হৈছে । ইয়াৰ পূৰ্বে পথৰ অভাৱত এই গাওঁ সমূহৰপৰা জিলা মূখ্যালয়লৈ যোৱাতো ভীষণ কষ্টকৰ আছিল । 

তেওঁলোকে জনায় যে আন কোনো বিকল্প নথকাত তেওঁলোক এই পথ নিৰ্মাণৰ কাৰণে বাধ্য হয় । এই পথ নিৰ্মাণৰ বাবে তেওঁলোকে দান-বৰঙণি তুলি যোগাৰ কৰিছিল পথ নিৰ্মাণৰ ধন । ২০১৬ চনৰ ২৮ ফেব্ৰুৱাৰীত কাম আৰম্ভ কৰি তেওঁলোকে আতি কম দিনৰ ভিতৰত পথটো নিৰ্মাণ কৰি উলিয়ায় । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

অভিশাপ হ'লগৈ আশীৰ্বাদ: দাল-দৰিদ্ৰ পৰিয়ালৰ জন্মান্ধ যুৱক শ্ৰীকান্ত বোলা আজি কোটিপতি উদ্যোগপতি

৬০ টকাত ঘৰ চলোৱা এজন ব্যক্তি আজি কেইবা শ কোটি টকাৰ মালিক

নিসঙ্গতা দুৰ কৰিবলৈ স্কুলত পঢ়িবলৈ যায় নেপালৰ ৬৮ বছৰীয়া দুৰ্গা কামি

পথৰ দাঁতিত ভিক্ষা খোজা এজনী ছোৱালী আজি বাঙ্গালুৰুৰ দ্ৰুততম দৌৰবিদ সকলৰ অন্যতম