মিচেছ ইণ্ডিয়া হ'ম মেকাৰ প্ৰতিযোগিতাত শ্বিলঙৰ তিনি গৃহিণী

মিচেছ ইণ্ডিয়া হ'ম মেকাৰ প্ৰতিযোগিতাত শ্বিলঙৰ তিনি গৃহিণী

Saturday May 07, 2016,

3 min Read

সবৰাচৰ গৃহিণী অথবা হ’ম মেকাৰ সকল নিজৰ গৃহতেই সীমাবদ্ধ । পৰিয়াল পৰিচালনা কৰাৰ পৰা আৰম্ভ কৰি সন্তান প্ৰতিপালন কৰা অথবা স্বামী কিম্বা ঘৰৰ বাকী সদস্যসকলৰ কথা ভাবি দিনৰ দিনটো কামতৰ ব্যস্ত থাকিব লাগে , আমাৰ সমাজত এনে বহু নাৰী আছে যি বিয়াৰ পিছত পৰিয়ালৰ আগিদাত অথবা বিভিন্ন কাৰণত নিজৰ আশা আকাংক্ষা জলাঞ্জলি দি গৃহতেই আবদ্ধ হ’ব লগা হয় । কিন্তু তাৰ মাজতে এনে কিছু সংখ্যক মহিলা আছে যি গৃহিণী হৈও ঘৰৰ চৰিবেৰৰ বাহিৰত নিজৰ পৰিচয় দাঙি ধৰিবলৈ বিচাৰে । এনেদৰে আগবাঢ়ি যাব খোজা নাৰীলৈ শুভ বাৰ্ত্তা কঢিয়াই আনিছে মিচেছ ইণ্ডিয়া হ'ম মেকাৰ প্ৰতিযোগিতাই। অলপতে দিল্লীৰ “দ্যা উমেন” (The Women) নামৰ এটা বেচৰকাৰী সংগঠনে এই প্ৰতিযোগিতা আয়োজন কৰে। ইতিমধ্যে এই প্ৰতিযোগিতাত তৃতীয় আৰু চতুৰ্থ ৰাণাৰ্ছ আপৰ সন্মান লাভ কৰা অসমৰ চন্দামিতা শইকীয়া আৰু বন্তি নাথৰ কথা য়'ৰ ষ্ট'ৰীত প্ৰকাশ পাইছে।  উল্লেখযোগ্য যে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সমগ্ৰ উত্তৰ পূবলৈ গৌৰৱ কঢ়িয়াই আনিছে উত্তৰ পূবৰ আন তিনিগৰাকী মহিলাই। তেঁওলোক হ’ল মেঘালয়ৰ শ্বিলঙৰ ডায়েনা মাৰাক, ইভা চাংমা আৰু মেৰী কমেলীয়া মাৰাক।  


image


দিনৰ দিনটো ঘৰৰ কামত ব্যস্ত থকা গৃহিণীসকলক এক নিজস্ব পৰিচয় দিয়াৰ মানসেৰে এই প্ৰতিযোগিতা দিল্লীত অনুষ্ঠিত হয়। বিভিন্ন ৰাজ্যৰ পৰা অহা ২০ গৰাকী সুন্দৰীৰ মাজত ডায়েনা মাৰাকে “Beautiful Body” খিতাপ, ইভা চাংমাই Beautiful Hair খিতাপ আৰু মেৰী কমেলীয়া মাৰাকে Mrs.Confident খিতাপ লাভ কৰিবলৈ সক্ষম হয়। য়'ৰ ষ্ট'ৰী ফালৰ হোৱা কথোপকথনত ডায়েনা মাৰাকে এনেদৰে জনায়, 'মিচেছ ইণ্ডিয়া হ’ম মেকাৰ প্ৰতিযোগিতাত মই 'বিউটীফুল বডী' খিতাপ অৰ্জন কৰিছো। স্বাস্থ্য মেনটেন কৰি ৰাখিবলৈ পানী খাও, খোজ কাঢ়োঁ, ঘৰুৱা কাম- কাজ কৰোঁ । বাকী সৌন্দৰ্যৰ কথা ক’বলৈ গলে গোটেই খিনি ভগৱানৰ বৰদান বুলি ক’ব লাগিব।'

ডায়েনা মাৰাক

ডায়েনা মাৰাক


আনহাতে “মিচেছ কনফিডেণ্ট” খিতাপ অৰ্জন কৰা মেৰি কমেলিয়া মাৰাকে য়'ৰ ষ্ট'ৰী অসমীয়াক কয়, 'প্ৰতিযোগিতাত মই উত্তৰ পূৱৰ যুৱক-যুৱতীয়ে বহিৰাজ্যত সুৰক্ষাৰ সম্পৰ্কে বক্তব্য দিছিলো মই যিহেতু এগৰাকী সাংবাদিক । গতিকে সেই বিষয়ে যথেষ্ট জ্ঞানৰ সম্ভাৰ আছিল আৰু খুব আত্মবিশ্বাসেৰে মোৰ বক্তব্য ৰাখিছিলো। বিভিন্ন ৰাজ্যৰ পৰা অহা প্ৰতিযোগী সকলৰ মাজৰ পৰা মোক নিৰ্বাচিত কৰিছিল।'

ইভা চাংমা

ইভা চাংমা


“Beautiful Hair” শিতানত, শ্বিলঙৰ ইভা চাংমা নামৰ এগৰাকী মহিলাই, স্বাস্থ্যৱান সুন্দৰ চুলিৰ বাবে এক স্বীকৃতি লাভ কৰে। ইভাই য়'ৰ ষ্ট'ৰী অসমীয়াক কয়, 'গৃহিণীসকলে এখন মঞ্চত পাইছে অতিকে সুখৰ কথা । Mrs. India Home Maker প্ৰতিযোগিতালৈ যাবলৈ বহু গুণৰ প্ৰয়োজন নাই। লাগে মাথো ইতিবাচক চিন্তা আৰু আত্মবিশ্বাস । আমি এনে বহু মহিলাক লগ পাইছিলো। যিয়ে বহু কষ্ট কৰি সংঘাতত অৱতীৰ্ণ হৈ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল ।'

মেৰী কমেলীয়া মাৰাক

মেৰী কমেলীয়া মাৰাক


আচলতে ইতিবাচক চিন্তা,আশা লৈ মানুহ জীয়াই থাকিব লাগে । হাঁহি হাঁহি জীৱন যুঁজত আগবাঢ়িব পৰা জনেই বিজয়ৰ মুখ দেখে।

মিচেছ ইণ্ডিয়া হ’ম মেকাৰ প্ৰতিযোগিতা আৰঁৰ ব্যক্তিগৰাকী

ফেশ্বন গুৰুকুল আৰু দ্যা উইমেন নামৰ সংগঠনটোৰ লগত জড়িত নাজ যোশী এই প্ৰতিযোগিতাৰ আঁৰৰ ব্যক্তিগৰাকী । উল্লেখযোগ্য যে এই ফেশ্বন গুৰুকুল আৰু দ্যা উইমেন নামৰ সংগঠনটোৱে মহিলা সকলৰ হকে কাম কৰাৰ প্ৰয়াস কৰিছে । নাজ যোশীৰ ভাষাত – 'মই মহিলাসকলক মিচেছ ইণ্ডিয়া হ’ম মেকাৰ প্ৰতিযোগিতাৰ বাবে এখন সুকীয়া মঞ্চ অথবা এটা সুকিয়া পৰিচয় মহিলা সকলক দিয়াৰ ব্যৱস্থা কৰিছো।' 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

সৌন্দৰ্য চৰ্চাৰ সমান্তৰালভাৱে সমাজলৈ বাৰ্তা কঢ়িয়াই নিয়াৰ ব্ৰতেৰে অসমৰ চন্দামিতা, বন্তিয়ে আনিলে সুখবৰ

দুৰ্নীতিৰূপী দানৱক কোনে বধিব?

উদ্যোগশীলতাৰ যাত্ৰা পথৰ কাঁইট সমূহ

বনৌষধি সংৰক্ষণেৰে কেইবা হাজাৰ মহিলাক স্বাৱলম্বিতাৰ পথ দেখুৱাইছে কুন্তী বৰাই