ব্ৰেকজিটে ভাৰততো প্ৰভাৱ পেলাব

আশুতোষৰ বিশেষ প্ৰৱন্ধ

ব্ৰেকজিটে ভাৰততো প্ৰভাৱ পেলাব

Monday June 27, 2016,

4 min Read

বাৰ্লিন প্ৰাচীৰৰ পতনৰ পাছৰ আটাইতকৈ ডাঙৰ অঘটনটো সংঘটিত হ'ল । ৰাষ্ট্ৰজোৰা গণভোটৰ ভিত্তিত গ্ৰেট বৃটেইনে ইউৰোপীয় সংঘ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে । ইয়াৰ নিশ্চিত প্ৰভাৱ বিশ্বৰ অৰ্থনীতিত পৰিব । আন এক অৰ্থনৈতিক মন্দাৱস্থআৰ কথাও নুই কৰিব নোৱাৰি । সমগ্ৰ বিশ্বজুৰি এই কথাই ইতিমধ্যে খলকনি তুলিছে আৰু বিশেষজ্ঞসকলে এক বিপদৰ আগজাননী দিছে । এক অন্ধকাৰ আৰু অনিশ্চিত ভৱিষ্যৎ সমাগত । একে সময়তে চীনেও তিনি দশকজোৰা উদ্ধৰ্গামী গতিৰ পাছত নিম্নগামী গতি প্ৰদৰ্শন কৰিছে । ব্ৰাজিলত দেখা গৈছে এক গভীৰ ৰাজনৈতিক সংকট আৰু ভাৰতত বিভিন্ন দাংকোপ মৰা কথা স্বত্তেও বিশেষ যোগাত্মক উন্নতি দেখিবলৈ পোৱা হোৱা নাই । 

image


এই গণভোটৰ আঁৰত অৰ্থনৈতিক কাৰণৰ তুলনাত ৰাজনৈতিক কাৰণহে অধিক দেখা গৈছে । ইয়াৰপৰা তিনিটা কথাই স্পষ্ট হৈছে - ১. গোলকীয় প্ৰব্ৰজন এক গম্ভীৰ সমস্যা আৰু সাধাৰণতে ভবাৰ দৰে আটাইতকৈ উন্নত সমাজসমূহো সিমান উদাৰ নহয় ; ২. ধনী আৰু দুখীয়া শ্ৰেণীৰ মাজত এটা স্পষ্ট বিভাজন আছে. লণ্ডনবাসীয়ে ইয়ৰোপীয় সংঘৰ সৈতে থকাৰ প্ৰতি সমৰ্থন দিছে যদিও অন্যান্য অবিকশিত অঞ্চলসমূহে ইউৰোপীয় সংঘৰ সৈতে থকাত কোনো লাভ দেখা নাই; 3. বিশ্বায়নৰ তুলনাত ৰাজনৈতিক ৰাষ্ট্ৰীয়তাবাদ অধিক শক্তিশালী । কৃত্ৰিম অতি ৰাষ্ট্ৰীয়তাবাদী ভাবাৱেগ অাৰ্থিক সংকটৰ তুলনাত গৌণ । 

ভাৰতীয় ৰাষ্ট্ৰ ব্যৱস্থাটোৱে দ্ৰুততম বিকশিত অৰ্থনীতি বুলি দাবী কৰা অৰ্থনীতিক এই ঘটনাই নিশ্চয় প্ৰভাৱিত কৰিব । এয়া এনেকুৱা এটা সময়ত ঘটিছে যি সময়ত ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে ঘোষণা কৰিছে যে তেওঁ আৰু এটা কাৰ্যকাল নিবিচাৰে আৰু পুনৰ তাত্বিক দিশটোৰ সৈতে জড়িত হৈ পৰিবলৈ বিচাৰিছে । ৰঘূৰাম ৰাজনে এই পদ এৰিবলৈ বিচৰাটো শুভ লক্ষণ নহয় । মোৰ মতে ভাৰতে ব্ৰেকজিটৰ তাৎপৰ্য অধিক গভীৰতাৰে বুজাটো দৰকাৰ । ভাৰতীয় পটভূমিত ই বহুকেইটা বিভাজনকামী দিশ প্ৰতিফলিত কৰে । অৰ্থনৈতিকতকৈও এটা সামাজিক পৰিঘটনা হিচাপে ব্ৰেকজিটৰ প্ৰভাৱ ভাৰতৰ বাবে বিপজ্জনক । যিসকল বিশেষজ্ঞই ইয়াক উগ্ৰ ৰাষ্ট্ৰীয়তাবাদ আৰু জাতিগত বিদ্বেষৰ এক প্ৰকাশ বুলি আওকাণ কৰিব খুজিছে মই তেওঁলোকৰ সৈতে একমত নহওঁ । এটা জটিল আৰ্থ-সামাজিক বিষয়ক এইদৰে সাধাৰণিকৰণ কৰাটো উগ্ৰ আৰু বিশ্বই সন্মূখীন হোৱা কেতবোৰ জ্বলন্ত বিষয়ৰ প্ৰতি সম্পূৰ্ণ অৱজ্ঞাৰ পৰিচায়ক । 

ব্ৰেকজিত এটা বিক্ষ্প্ত পৰিঘটনা নহয় । আমেৰিকা যুক্তৰাষ্ট্ৰত ডনাল্ড ট্ৰাম্পৰ উত্থানৰ লগতো ইয়াৰ সম্পৰ্ক আছে । ফ্ৰান্সত উগ্ৰ সোঁপন্ঠী সেৰিন লে পেন পৰৱৰ্তী ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰুপে শক্তিশালী হৈ উঠিছে আৰু দুৰ্ভাগ্যজনকভাৱে তেওঁ পৰৱৰ্তী ৰাষ্ট্ৰপতি হৈ উঠিব পাৰে । ভাৰত ইতিমধ্যেই উগ্ৰ সোঁপন্ঠী আৰএছএছৰ দ্বাৰা পৰিচালিত হৈছে যি হিন্দু ৰাষ্ট্ৰৰ সমৰ্থক । আইছিছক লৈ ইতিমধ্যেই বিশ্ব যথেষ্ট শংকিত হৈ আছে । কোনো দেশ আৰু কোনো দেশৰ নাগৰিকেই বৰ্তমান নিৰাপদ নহয় । এই সকলোবোৰ দেশৰ মাজত এক সামঞ্জস্য আছে । সেয়া হ'ল বিংশ শতাব্দীক চিহ্নিত কৰা বহুত্ব আৰু বৈচিত্ৰৰ প্ৰতি ঘৃণা ।

মানৱ সভ্যতাৰ বিকাশৰ বাবে প্ৰব্ৰজন এক গুৰুত্বপূৰ্ণ আহিলা । প্ৰব্ৰজনে কেৱল সস্তীয়া শ্ৰমিকৰ যোগান ধৰাই নহয়, বিশ্বৰ আন ঠাইৰপৰা কেতোবৰ ধাৰণাও লৈ আহে । এই নতুন ধাৰণআবোৰে এখ নতুন জীৱন প্ৰদান কৰে একোখন সমাজক । প্ৰব্ৰজন দুই ধৰণৰ- অাভ্যন্তৰীণ আৰু বহিৰ্গামী । ভাৰতৰ উত্তৰ প্ৰদেশ, বিহাৰৰপৰা মানুহ অন্যান্য ঠাই যেনে কেৰেলা, বাঙ্গালুৰু আদিলৈ যায় । ইতিমধ্যেই তেওঁলোক মুম্বাই, দিল্লীত যথেষ্ট পৰিমাণে আছে । সেইদৰে কেৰেলা আৰু তামিল নাডুৰ বহুতেই দিল্লী, মুম্বাইথ কৰ্মসূত্ৰে বাহৰ পাতি আছে । 

সত্য নাডেলা, সুল্দৰ পিচাইৰ দৰে লোকে মাইক্ৰছফ্ট, গুগলৰ দৰে প্ৰতিষ্ঠানৰ নেতৃত্ব লৈ আছে । এফালে যদি ইন্দিৰা নুয়ি পেপছিৰ মুৰব্বী হৈ আছে তেনেহলে সৌ সিদিনালৈকে নিকেশ আৰোৰা এটা জাপানী প্ৰতিষ্ঠানৰ শীৰ্ষ পদবীত আছিল । এয়া সম্ভৱ হৈছিল প্ৰব্ৰজনৰ দ্বাৰা । পূৱ আৰু পশ্চিম দুয়ো ইযাৰ দ্বাৰা লাভাম্বিত হৈছিল । দুৰ্ভাগ্যজনকভাৱে ব্ৰেকজিটে এক নতুন কাহিনী আৰম্ভ কৰিলে । ই বিশ্বজুৰি প্ৰচাৰ কৰিছে যে প্ৰব্ৰজন বেয়া আৰু প্ৰব্ৰজনকাৰীসকলক আদৰণি জনোৱা উচিত নহয় । ইউৰোপীয় সংঘৰ মুকলি প্ৰব্ৰজন নীতি ব্ৰেকজিট সমৰ্থক সকলৰ মূল আপত্তি । যি সময়ত এজন মুছলমান লণ্ডলৰ মেয়ৰ পদত অধিষ্ঠিত হোৱাটোক লৈ সমগ্ৰ বিশ্ব উৎফুল্লিত আছিল সেই সময়তে একাংশ ইয়াৰ দুৰ্ঘোৰ বিৰেধী আছিল ।   

শিৱ সেনা আৰু ৰাজ থাকৰে নেতৃত্বাধীন এম এন এছৰ ৰাজনীতিৰ সৈতে ই একে । বালাছাহেব থাকৰেই ৬০-৭০ৰ দশকত দক্ষিণ ভীৰতীয়সকলক আক্ৰমণৰ লক্ষ কৰি লৈছিল । পাছলৈ তেওঁ উত্তৰ ভাৰতীয়সকলকো লক্ষ্য কৰি ল'লে । ৰাজ থাকৰেই মুকলিকৈ হিংসাৰ আশ্ৰয় ল'লে । ভাৰতীয় সংবিধানে দেশৰ ভিতৰত নাগৰিকসকলৰ মুকলি বিচৰণৰ অধিকাৰ প্ৰদান কৰিছে যদিও প্ৰায়েই 'আমি বনাম তেওঁলোক' বিতৰ্কৰে কৰি উত্তেজনাৰ পৰিবেশ সৃষ্টি কৰা হয় । উত্তৰ পূৰ্বঞ্চলবাসী আৰু ভাৰতৰ আন ঠাইৰ বাসিন্দাসকলৰ মাজত সংঘাতো আন এক সমস্যা । আমি ইয়াক আগ্ৰাসন আখ্যা দি কথাটো সিমানতে সামৰি থ'লে ই আমাৰে বিপদ আনিব । 

গোলকীয় গাঁৱৰ ধাৰণাৰ যুগত দেশৰ প্ৰতি প্ৰেম আৰু দেশবাসীৰ প্ৰতি শ্ৰদ্ধা কথাটোৱে প্ৰমাণ কৰে যে আজিও পৰিচয়েই হৈছে মানৱ জাতিৰ মূল লক্ষণ । সংমিশ্ৰণ তেতিয়ালৈকে সমৰ্থনযোগ্য যেতিয়ালৈকে সমাজ আৰু ব্যক্তিৰ প্ৰতি ভাবুকি নানে । অৰ্থনৈতিক সমস্যাই সংঘাতৰ সৃষ্টি কৰে । বৈচিত্ৰতা হঠাতেই এক সমস্যাত পৰিণত হয় । বৈচিত্ৰতা ভাৰতৰ বজহত্তম শক্তি । কিন্তু পৰিচয়ৰ ৰাজনীতিয়ে ইয়াক সমস্যাক পৰিণত কৰিব পাৰে । এখন ৰাষ্ট্ৰ হিচাপে আহক আমি এই কথা বুজি ব্ৰেকজিটে লৈ অহা বিপদৰ মোকাবিলা কৰোঁ । 

(প্ৰাক্তন সাংবাদিক তথা IBN7 ৰ মেনেজিং এডিটৰ আশুতোষ বৰ্তমান আম আদমী পাৰ্টীৰ মূখপাত্ৰ । প্ৰকাশিত মতামত লেখকৰ নিজৰ । য়'ৰ ষ্ট'ৰীৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই )

এনেকুৱা প্ৰেৰণাদায়ক কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

এইধৰণৰ অন্যান্য কাহিনী

শিক্ষাৰ পোহৰ বিলাবলৈ এখোজ দুখোজকৈ আগুৱাইছে ‘বেয়াৰ ফুট’

এসময়ত নিৰীহৰ তেজেৰে ৰাঙলী কাকপথাৰ এতিয়া অৰ্থনৈতিক বিপ্লৱৰ নিদৰ্শন

উত্তৰ-পূৱ ভাৰতৰ ‘পুষ্পসজ্জা’ৰ ক্ষেত্ৰখনক নতুন মাত্ৰা দিছে নাচিমা বেগম লহকৰে

চিনেমাৱালাৰ ‘তপোবন’ আৰু গুৱাহাটীৰ নাগৰিকক কম দামত পাছলি যোগানৰ প্ৰয়াস