অৱশেষত চৰকাৰে নিৰ্ধাৰণ কৰিলে ষ্টাৰ্টআপৰ সংজ্ঞা

অৱশেষত চৰকাৰে নিৰ্ধাৰণ কৰিলে ষ্টাৰ্টআপৰ সংজ্ঞা

Friday February 26, 2016,

3 min Read

১৭ এপ্ৰিল, ২০১৫ত উদ্যোগ আৰু বাণিজ্য মন্ত্ৰণালয়ে এক অধিসূচনাযোগে ‘ষ্টাৰ্টআপ’ৰ সংজ্ঞা নিৰূপণ কৰে। ‘ষ্টাৰ্টআপ ইণ্ডিয়া, ষ্টেণ্ডআপ ইণ্ডিয়া’ (Startup India, Standup India) নীতি উন্মোচন কৰাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ বহু অংশ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। চৰকাৰী অধিসূচনা অনুসৰি, এটা প্ৰতিষ্ঠানক ষ্টাৰ্টআপ বুলি ধৰা হ’ব,

১। সংস্থাটো গঠন হোৱাৰ পৰা পাঁচ বছৰ পৰ্যন্ত।

২। শেষৰ পাঁচটা বিত্তীয় বৰ্ষত ইয়াৰ আয় ২৫ কোটি টকা অতিক্ৰম নকৰালৈ।

৩। প্ৰযুক্তিগত তথা বৌদ্ধিক সম্পত্তিৰ দ্বাৰা পৰিচালিত হোৱা নতুন উৎপাদনসমূৰ নতুনত্ব, বিকাশ, বিতৰণ আৰু বাণিজ্যিকৰণৰ হকে কাম কৰা।

যদিহে আপুনি আপোনাৰ ব্যৱসায়ৰ এটা অংশ পৃথক সংস্থা হিচাপে গঢ় দিব বিচাৰে সেয়া ষ্টাৰ্টআপ হিচাপে গণ্য কৰা নহয়। কিয়নো ই এক পঞ্জীভুক্ত ষ্টাৰ্টআপৰ অংশহে মাথোঁ।


image


এগৰাকী ব্যক্তিয়ে বিভিন্ন কৰ, সুবিধাসমূহ লাভ কৰিবৰ বাবে প্ৰত্যায়ণৰ আন্তঃমন্ত্ৰনালয় ব’ৰ্ড (Inter-Ministerial Board of certification)ৰ দ্বাৰা প্ৰত্যায়িত হ’ব লাগিব। এই ব’ৰ্ডত থাকে,

১। যুটীয়া সচিব, ঔদ্যোগিক নীতি আৰু উন্নয়ন বিভাগ

২। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ প্ৰতিনিধি

৩। জৈৱপ্ৰযুক্তি বিভাগৰ প্ৰতিনিধি

এই অধিসূচনাত সংগঠন (entity) শব্দটোক প্ৰাইভেট লিমিটেড কোম্পানী বা এক পঞ্জীভুক্ত অংশীদাৰী হিচাপে ব্যাখ্যা কৰা হৈছে। তথাপি ইয়াত একক মালিকীস্বত্বৰ কোম্পানীক অন্তৰ্ভুক্ত কৰা হৈছেনে নাই তাৰ কোনো উল্লেখ পোৱা নাযায়।

এটা সংগঠন ষ্টাৰ্টআপত অন্তৰ্ভুক্ত হ’বৰ বাবে ই এক নতুন উৎপাদন তথা সেৱাৰ বিকাশ আৰু বাণিজ্যিকৰণ নাইবা ইয়াৰ সংশোধনৰ দিশত উল্লেখনীয়ভাৱে গুৰুত্ব আৰোপ কৰিব লাগিব যি গ্ৰাহক আৰু কাৰ্যপ্ৰণালীৰ বাবে সহায়ক হয়। যদিহে আপুনি এখন ই-কমাৰ্চ ফাৰ্ম মুকলি কৰিবলৈ বিচাৰে, তেনেহ’লে আপুনি কৰ সুবিধাসমূহ তেতিয়াহে পাব যেতিয়া আপোনাৰ উৎপাদন প্ৰক্ৰিয়া তথা সেৱাত এক নতুনত্বৰ আভাস পোৱা যাব।

ষ্টাৰ্টআপ হিচাপে পঞ্জীকৰণৰ প্ৰক্ৰিয়াটো তেনেই সহজ। তাৰ বাবে আপুনি ম’বাইল এপৰ জৰিয়তে (বৰ্তমানলৈ মুকলি হোৱা নাই) অথবা ডিআইপিপি (Department of Industrial Policy and Promotion)ৰ প’ৰ্টেলৰ জৰিয়তে পঞ্জীকৰণ কৰিব পাৰিব। ষ্টাৰ্টআপে এখন আবেদনপত্ৰ জমা কৰিব লাগিব য’ত তলত উল্লেখ কৰা ‘যিকোনো’ এখন নথি আৱশ্যক হ’ব।

১। দেশৰ এখন স্নাতকোত্তৰ মহাবিদ্যালত প্ৰতিষ্ঠিত ইনকিউবেটৰৰ পৰা ডিআইপিপিৰ দ্বাৰা নিৰ্ধাৰিত ফৰ্মেটত প্ৰস্তুত কৰা অনুমতি পত্ৰ।

২। নতুনত্বক উৎসাহিত কৰিবলৈ কেন্দ্ৰীয় অথবা ৰাজ্য চৰকাৰৰ পুঁজি প্ৰাপ্ত ইনকিউবেটৰে প্ৰদান কৰা সমৰ্থন পত্ৰ।

৩। কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত যিকোনো ইনকিউবেটৰৰ দ্বাৰা ডিআইপিপিৰ নিৰ্ধাৰিত অনুমতি পত্ৰ।

৪। ছিকিউৰিটী এণ্ড এক্সেঞ্জ ব’ৰ্ড অব্ ইণ্ডিয়াৰ, যিয়ে ব্যৱসায়ৰ নতুনত্বক উৎসাহ যোগায়, তাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত যিকোনো ইনকিউবেচন অথবা এঞ্জেল ফাণ্ড/পিই ফাণ্ড/এক্সেলেৰেটৰ বা এঞ্জেল নেটৱৰ্কৰ ইকুইটিত ২০ শতাংশতকৈ কম অংশীদাৰী নথকা পুঁজিপ্ৰাপ্ত এখন পত্ৰ।

৫। নতুনত্ব প্ৰসাৰ কৰিবলৈ যিকোনো আঁচনিৰ অংশ হিচাপে কেন্দ্ৰীয় অথবা ৰাজ্য চৰকাৰৰ পুঁজি আৱণ্টনৰ এখন পত্ৰ।

৬। এটা পেটেণ্টৰ আবেদন আৰু ব্যৱসায়িক প্ৰচাৰৰ অৰ্থে ইণ্ডিয়ান পেটেণ্ট কাৰ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত জাৰ্ণেলত প্ৰকাশ।

এপ আৰু প’ৰ্টেল মুকলি নকৰালৈকে, ডিআইপিপি-য়ে ষ্টাৰ্টআপসমূহক স্বীকৃতি প্ৰদানৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিছে। আবেদনপত্ৰ আপলোড কৰাৰ লগে লগে, মুহূৰ্ততে স্বীকৃতিৰ সংখ্যা ষ্টাৰ্টআপৰ বাবে পঞ্জীয়ন কৰা হ’ব। যদিহে এই নম্বৰটোৰ সম্পূৰ্ণ তথ্য আপুনি লাভ নকৰাকৈ অথবা ভুৱা তথ্য আপলোড কৰি গ্ৰহণ কৰে, তেন্তে ষ্টাৰ্টআপে জমা কৰা মূলধনৰ ৫০ শতাংশ, যি ২৫,০০০টকাতকৈ কম নহয়, তাৰ এক জৰিমনা বিহা হ’ব।

অধিসূচনাত নতুনত্ব শব্দটোৰ উল্লেখ কেইবাবাৰো কৰা হৈছে, তথাপি ষ্টাৰ্টআপ শব্দটোৰ সংজ্ঞা নিৰ্ধাৰণত এক অস্পষ্টতাৰ আভাস পোৱা গৈছে। প্ৰণিধানযোগ্য যে চৰকাৰ জড়িত থকা আৰু ইনকিউবেটৰৰ পুঁজি প্ৰদান কৰা প্ৰয়োজন অন্যথা চৰকাৰৰ স্বীকৃতিয়ে দুৰ্নীতিৰ পথ মুকলি কৰি দিব পাৰে।

মূলঃ আদিত্য ভূষণ দ্বিবেদী

অনুবাদঃ পৰীস্মিতা বৰা

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

কেন্দ্ৰীয় বাজেটে ই-কমাৰ্চ ক্ষেত্ৰৰ সাঁথৰ সমাধান কৰিবনে?

ঘৰে ঘৰে মুৰ্গী মাংসৰ সোৱাদ দিবলৈ দীপ বৰাৰ 'চিকেন ভান'

ৰন্ধনৰ ফিউজন শিল্পী- জ্যোতি দাস

১০,০০০ টকাৰে আৰম্ভ কৰি ১.৫ কোটি টকাৰ ব্যৱসায় কৰা “ব্ৰ’কেন কম্পাছ”ৰ সাফল্যৰ কাহিনী