বাঁহৰ চুঙাৰে ধূপকাঠি পেকেজিঙ কৰি ব্যৱসায়ত সৃষ্টিশীলতাৰ নিদৰ্শন দাঙি ধৰিছে অৰ্পণা দাসে

বাঁহৰ চুঙাৰে ধূপকাঠি পেকেজিঙ কৰি ব্যৱসায়ত সৃষ্টিশীলতাৰ নিদৰ্শন দাঙি ধৰিছে অৰ্পণা দাসে

Friday May 06, 2016,

4 min Read

হিন্দু সকলে সকলো মাংগলিক কাৰ্যতে ধূপ ব্যৱহাৰ কৰে। কিছুমানে কেৱল সুগন্ধি হিচাপেও ধূপ ব্যৱহাৰ কৰে। আমি ব্যৱহাৰ কৰা বা কিনা ধূপ সমূহ বিভিন্ন কাগজৰ পেকেটত পেকেজিঙ কৰা থাকে। কিন্তু আপুনি কেতিয়াবা বাঁহৰ চুঙাত পেকেজিঙ কৰা ধূপ দেখিছেনে? নিৰ্দিষ্ট জোখত কটা চুঙাবোৰত আকৰ্ষণীয় পেইন্টিঙ কৰা হয়। আপোনাৰ আচৰিত যেন লাগিলেও অসমৰে এগৰাকী উদ্যমী মহিলাই আৰম্ভ কৰিছে এই ব্যতিক্ৰমী পেকেজিঙেৰে ধূপৰ ব্যৱসায়।

image


গুৱাহাটীৰ কাষৰীয়া লংকেশ্বৰ নিবাসী অৰ্পণা দাস। নিজে কিবা এটা কৰাৰ কথা চিন্তা কৰি তেওঁ আৰম্ভ কৰিলে ধূপ কাঠিৰ ব্যৱসায়। 'ধূপ কাঠিৰ ব্যৱসায় আজিকালি বহুতে কৰিছে। সেয়ে ব্যতিক্ৰমীভাৱে কৰাৰ কথা চিন্তা কৰিলোঁ। লগতে ইক' ফ্ৰেণ্ডলী কৰাৰ কথা চিন্তা কৰিছিলোঁ। সেয়ে কাগজৰ নহয় বাঁহৰ চুঙা বা কন্টেইনাৰত পেকেজিঙ কৰাৰ কথা ভাবিলোঁ। আগৰ দিনত মানুহে বস্তু বেছি দিন সংৰক্ষণৰ বাবে বাঁহৰ চুঙাত ৰাখিছিল। ধূপ কাঠিও বাঁহৰ চুঙাত ৰাখিলে বেছি দিন ভাল হৈ থকাৰ লগতে গোন্ধটো বাঢ়ি গৈ থাকে।'

ব্যৱসায় আৰম্ভ কৰাৰ আগত ২০১৪ চনত অৰ্পনা দাসে মহীশূৰত ভেষজ ধূপকাঠি প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ লৈছিল। তাত প্ৰশিক্ষণ লৈ অহাৰ পিছত ঘৰতে এটা উদ্যোগ স্থাপন কৰি সেই বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা মাইছৰ পাৰফিউমিকা (Mysore Perfumica) নাম দি ভেষজ ধূপকাঠি প্ৰস্তুত কৰাৰ কাম আৰম্ভ কৰিছিল। তেওঁৰ এই কামত প্ৰথমৰে পৰাই অনুপ্ৰেৰণা আৰু সহযোগিতা আগবঢ়াইছে তেওঁৰ স্বামী বিপুল চন্দ্ৰ দাসে। 


image


'আমি গুৰুত্ব দিছোঁ ভেষজ ধূপকাঠিত। চন্দন, অগৰু, কেছৰ চন্দন, বিভিন্ন ভেষজ ধূপকাঠি আমি তৈয়াৰ কৰোঁ। কিছুমান কেঁচামাল অসমৰ বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰোঁ। অগৰু ইয়াৰ পৰাই সংগ্ৰহ কৰোঁ। কিন্তু চন্দন পাউদাৰটো ইয়াত পোৱা নাযায়। কিছুমান কেঁচামাল মহীশূৰৰ পৰা লওঁ। ৰাণী, নগাঁও, লখিমপুৰ আদি ঠাইত নিজে কিছুমান গছ ৰুই লৈছোঁ।'


image


'আনহাতে, পেকেজিঙৰ কাৰণে ব্যৱহাৰ কৰা দলে বাঁহ ইয়াত পোৱা নগৈছিল। পাহাৰীয়া ঠাইত হয়। আমি প্ৰথমে মেঘালয়ৰ পৰা সেই বাঁহ আনিছিলোঁ। কিন্তু বৰ্তমান সেই বাঁহৰ খেতি ইয়াতে কৰি লৈছোঁ। বাঁহবোৰ মেচিন ব্যৱহাৰ নকৰাকৈ নিৰ্দিষ্ট জোখত হাতেৰে কটা হয়। ইয়াৰ পিছত বৰিক পাউদাৰ দি আকৌ বাঁহবোৰ ডাঙৰ ডাঙৰ ড্ৰামত সিজোৱা হয়। সিজোৱাৰ পিছত ৰ'দত শুকোৱা হয়। বাঁহত বেছি দিন ৰাখিলে ধূপ কাঠিৰ গোন্ধটো বাঢ়ি যায়। ফ্ৰেছ হৈ থাকে।'

image


'মাইছৰ পাৰফমিকা'ৰ লগত পুৰুষ কৰ্মচাৰীৰ লগতে মহিলা ১৬ গৰাকী মহিলা আছে। তেওঁলোকে কাঠিত লেপন দিয়াৰ পৰা বাহৰ চুঙাত বাৰ্নিচ কৰা, পেইন্ট কৰা আদিৰ পৰা ফাইনেল পেকেজিঙ প্ৰস্তুত কৰালৈকে সকলোখিনি কৰে। 'মহিলা সকলে নিজৰ সুবিধা অনুযায়ী ইয়াত কাম কৰে।ইয়াৰ দ্বাৰা তেওঁলোক কিবা এটা কৰিবলৈ ওলাই অহাৰ লগতে স্বাৱলম্বী হ'ব পাৰিছে।'

image


ধূপকাঠিৰ ব্ৰেণ্ডটো ক'ছম'ছ নাম দি বিভিন্ন জোখৰ বাঁহৰ চুঙাত ৪০ টকাৰ পৰা ১২৫ টকালৈ বিক্ৰী কৰা হৈছে। অসমৰ বিশেষকৈ গুৱাহাটী, যোৰহাট, লখিমপুৰ, নগাঁও আদি ঠাইৰ লগতে ভাৰতবৰ্ষৰ দিল্লী, কলকাতা,বাঙ্গালুৰু, চেন্নাই আদি ঠাইলৈ তেওঁলোকে ধূপকাঠি পঠিয়াইছে।আনহাতে, গুৱাহাটীৰ মনিৰাম দেৱান ক্ষেত্ৰত আয়োজিত হোৱা আন্ত:ৰাষ্ট্ৰীয় প্ৰদৰ্শনীত প্ৰতি বছৰে অংশগ্ৰহণ কৰে অৰ্পণা দাসে। সেই প্ৰদৰ্শনীত তেওঁৰ আকৰ্ষণীয় ধূপ কাঠিৰ পেকেজিঙ দেখি ছুইজাৰলেণ্ড,পাকিস্তান,মালায়েছিয়া আদি দেশৰ লোকে অৰ্ডাৰ দি সৰহ পৰিমাণৰ সামগ্ৰী লৈ যায় বুলি অৰ্পণা দাসে কয়। গুৱাহাটীৰ বিগ বজাৰ আদি শ্ব'ৰূম সমূহে ধূপ কাঠি বিচাৰিছে যদিওঁ তেওঁলোকক সৰহীয়াকৈ সামগ্ৰী লাগে। সেয়ে এতিয়ালৈকে দিব পৰা নাই।

image


'মই বিশ হাজাৰ টকা বিনিয়োগ কৰি ব্যৱসায়টো আৰম্ভ কৰিছিলোঁ। এতিয়াও আৰম্ভণি স্তৰতে আছোঁ বুলি ক'ব পাৰি। লাহে লাহে ব্যৱসায়টো আগবঢ়াই নিয়াৰ কথা ভাবিছোঁ। মই ভাবোঁ মই কিবা এটা কৰি থকাৰ লগতে মোৰ সৈতে আৰু কেইগৰাকী মান মহিলা স্বাৱলম্বী হওক। ধূপত ব্যৱহাৰ কৰা বিভিন্ন তেল উলিয়াবলৈ যি মেচিন লাগে সেই মেচিনৰ বাবে গুৱাহাটীৰ আই.আই.টি.ৰ লগত কথা পতা হৈছিল। কিন্তু ভাড়াত ল'লে অধিক মূল্য ভৰিব লাগিব কাৰণে সেই মেচিন এতিয়ালৈকে ব্যৱহাৰ কৰিব পৰা নাই। কিন্তু ঘৰতে গ্ৰাইণ্ডাৰত লেমন গ্ৰাছ, তৰাপাত আদিৰ পৰা তেল উলিয়াই ধূপত ব্যৱহাৰ কৰোঁ। কিছুমান তেল বাহিৰৰ পৰা আনো।

image


এতিয়ালৈকে গ্ৰাহকৰ ভাল সঁহাৰি পাইছোঁ। বহু গ্ৰাহকে ঘৰৰ ঠিকনা বিচাৰি আহে। আনহাতে মোৰ যিখন দোকান আছে, সেইখন এয়াৰপৰ্টৰ পৰা আঠ কিলোমিটাৰ দূৰত্বত। গতিকে এয়াৰ পৰ্টলৈ অহা বহু লোকে ইয়ালৈ আহি সামগ্ৰী লৈ যায়। বহুতে উপহাৰ দিবলৈও লৈ যায়। কন্টেইনাৰৰ ডিজাইন আৰু উন্নত কৰাৰ চেষ্টা কৰিছোঁ।

image


উল্লেখযোগ্য যে অৰ্পণা দাসৰ পিতৃ এজন নাম থকা ব্যৱসায়ী আছিল। সৰুৰে পৰাই তেওঁৰো ব্যৱসায়িক মন এটা আছিল। ব্যৱসায়ৰ নীতি, কৌশল তেওঁ সৰুৰে পৰাই দেখিছিল। ব্যৱসায়ত ব্যতিক্ৰমিতাৰ প্ৰয়োজন অনুভৱ কৰিছিল। সেয়ে হয়তো তেওঁ প্ৰস্তুত কৰি উলিওৱা ধূপ কাঠি বজাৰত পোৱা আন সকলো ধূপ কাঠিতকৈ ব্যতিক্ৰম বুলি গ্ৰাহকে মন্তব্য কৰি যায়।

ভৱিষ্যতে হাৰ্বেল অগৰবতীৰ লগতে প্ৰাকৃতিক সামগ্ৰীৰে স্বাস্থ্য সন্মতভাৱে মহ খেদা ধূপ তৈয়াৰ কৰাৰ পৰিকল্পনা কৰিছে অৰ্পণা দাসে।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মাজুলীৰ ভীমকলেৰে ইন্দুকল্পৰ শিশুখাদ্যৰ ব্ৰেণ্ড ‘ভীম ভিটা’

অসমীয়া খাদ্যক বিশ্ব সভালৈ নিয়া চেফ অতুল লহকৰ

অসমত প্ৰাকৃতিক চাহ উৎপাদনৰ পথপ্ৰদৰ্শক ধীৰেন ফুকন

কোটি টকাৰ বাবে ব্যৱসায় নে কোটিজন গ্ৰাহকৰ বাবে ব্যৱসায়?