আঞ্চলিক ভাষাৰ স্বল্পদৈৰ্ঘ্যৰ নিউজ চাৰ্ভিছ ৱেটুনিউজ

আঞ্চলিক ভাষাৰ স্বল্পদৈৰ্ঘ্যৰ নিউজ চাৰ্ভিছ ৱেটুনিউজ

Wednesday February 24, 2016,

4 min Read

image


এটা দশকৰ আগত সংবাদমাধ্যম বুলিবলৈ কেৱল সংবাদপত্ৰ, দূৰদৰ্শন বা ৰেডিঅ’হে আছিল। খবৰ জানিবৰ বাবে এই গণমাধ্যমৰ ওপৰতেই ভৰসা কৰিব লগা হৈছিল। কিন্তু এই দশকতেই চিত্ৰখন বহু কিছু সলনি হৈছে, দ্ৰুতগতিৰে স্থান দখল কৰিছে ইন্টাৰনেটভিত্তিক সংবাদমাধ্যমে। ডিজিটেল যুগৰ যোগেদি আহি আছে তথ্য বিষ্ফোৰণৰ যুগ। এক্সলেকমৰ তথ্য অনুসৰি প্ৰতি ইন্টাৰনেট মিনিটত তৈয়াৰ হয় ৩২০ টা নতুন টুইটাৰ একাউন্ট, শ্বেয়াৰ হয় প্ৰায় ৫,৪৭,০০০ টা টুইট। ভাইনত প্ৰতি মিনিটত শ্বেয়াৰ হয় ৮,৪৩৩ টা ভিডিঅ’ আৰু ১.০৩ ভিডিঅ’ লুপ চলে।

স্থানীয়ৰ লগতে আন্তৰ্জাতিক বিভিন্নধৰণৰ খবৰৰ বাবে আছে অসংখ্য নিউজ প'ৰ্টেল, কিছুমানে মৌলিক খবৰ প্ৰকাশ কৰে আৰু আন কিছুমানে বিভিন্ন ঠাইৰ পৰা খবৰ সংগ্ৰহ কৰে আৰু সেইবোৰ পাঠকৰ বাবে পৰিবেশন কৰে। সম্প্ৰতি আৰু দুটা নতুন ধাৰা জনপ্ৰিয় হৈছে আৰু সেয়া হ’ল স্বল্পদৈৰ্ঘ্যৰ খবৰ আৰু আঞ্চলিক ভাষাত পৰিবেশিত খবৰ। এই দুই ক্ষেত্ৰতে মনোনিৱেশ কৰিব বিচাৰিছে ৱেটুনিউজে।

ৱেটুনিউজ কি

ৱেটুনিউজ হ’ল এটা মোবাইলৰ এপভিত্তিক নিউজ চাৰ্ভিছ। বিভিন্ন সূত্ৰৰ পৰা খবৰ সংগ্ৰহ কৰি ভাৰতীয় আঞ্চলিক ভাষাত মেগাজিন ষ্টাইলত নিউজ পৰিবেশন কৰাৰ উদ্দেশ্যই হ’ল ৱেটুনিউজৰ। দ্বিতীয় স্তৰৰ চহৰৰ লগতে ক্ৰমান্বয়ে তৃতীয় স্তৰৰ চহৰসমূহতো বৃদ্ধি পাইছে স্মাৰ্টফোন, যিবোৰে বৃদ্ধি কৰিব আঞ্চলিক ভাষাৰ খবৰৰ চাহিদা, আৰু এয়াই লক্ষ্য ৱেটুনিউজ টীমৰ। ৱেটুএছ.এম.এছ খ্যাত ৱেটুঅনলাইন কোম্পানিয়ে বজাৰলৈ আনিছে এই নিউজ চাৰ্ভিছ। ২০০৬ বৰ্ষত ৱেটুএছ.এম.এছ.ৰ আৰম্ভ কৰে ৰাজু ভানপালাই। বিজয়ৱাৰা চহৰৰ এক কৃষক পৰিয়ালত জন্ম ৰাজুৰ। বৰ্তমানে ৱেটুএছ.এম.এছ.ৰ গ্ৰাহকৰ সংখ্যা ৪০ মিলিয়নৰো অধিক।

image


অনলাইন এডুকেশ্যন প্লেটফৰ্ম লাৰ্ন-অনলাইনৰো প্ৰতিষ্ঠাতা আৰু কৰ্ণধাৰ হ’ল ৰাজু। কোম্পানীৰ অপাৰেশ্যন আৰু সামগ্ৰিক পৰিকল্পনাৰ দায়িত্বও তেওঁৰ। ইণ্ডিয়া গ্ৰ'থ ষ্ট'ৰীতেই উদ্ধুদ্ধ ৰাজুৰ সপোন, ভাৰতত ইন্টাৰনেট ভিত্তিক বিলিয়ন ডলাৰৰ কোম্পানী স্থাপন কৰা।

ৰাজুৰ মতে, বৰ্তমান ভাৰত হ’ল পৃথিৱীৰ দ্বিতীয় বৃহত্তম ইন্টাৰনেট বজাৰ। ভাৰতত পৰৱৰ্তী পৰ্যায়ত আটাইতকৈ বেছি ইন্টাৰনেট ব্যৱহাৰকাৰীসকল হ’ব গ্ৰামীণ, বয়স্ক আৰু আঞ্চলিক। এইসকল লোক যিসকলে খবৰ চাবলৈ বিচাৰে, জানিব বিচাৰে, তৰ্ক কৰিব বিচাৰে, যিসকলৰ বেছিভাগেই আঞ্চলিক তথা নিৰ্দ্দিষ্ট ভাষা-ভাষীৰ লোক।

৩০ গৰাকী কৰ্মচাৰীৰ দ্বাৰা গঠিত ৱেটুনিউজ টীমত ১৯ গৰাকী সংবাদ সম্পাদনাৰ কামত নিযুক্ত, বাকীসকল নিযুক্ত হৈছে মোবাইল ডেভেল’পমেন্ট আৰু মেনেজমেন্টৰ কামত। প্ৰথমে বিভিন্ন এলগ’ৰিথমৰ মাধ্যমেৰে স্বয়ংচালিত ব্যৱস্থাত খবৰ পৰিবেশন কৰা হ’ব, কিন্তু পাচলৈ নিজস্ব সম্পাদকমণ্ডলীৰ জৰিয়তে সংবাদ প্ৰকাশৰ সিদ্ধান্ত লোৱা হয়।

image


“আমাৰ পেছাদাৰী সম্পাদকসকলে স্থানীয় দৈনিক, টিভি সংবাদৰ চেনেল, ৱেবচাইট, ব্লগ আদি নানা ঠাইৰ পৰা খবৰ সংগ্ৰহ কৰি সেইসমূহক সংক্ষেপে ৪০০টা শব্দৰ ভিতৰত পৰিবেশন কৰে। দীঘল প্ৰৱন্ধ নপঢ়াকৈ পঢ়ুৱৈসকলে খুব সহজেই যাতে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ খবৰ জানিব পাৰে সেই উদ্দেশ্যেৰেই স্থাপন কৰা হৈছে ৱেটুনিউজ”- এই বিষয়ে জনালে ৰাজুৱে।

এই এপটো বিভিন্ন ডিভাইচত চলাই পৰীক্ষা কৰা হৈছে আৰু পাইলত ৰান হৈছে ৫০০০ গ্ৰাহকৰ মাজত। ৪০০ শব্দৰ খবৰৰ লগতে ছৱি আৰু ভিডিঅ’ৰ গেলেৰীও আছে ৱেটুনিউজত। কোনো এটা সংবাদৰ হেডলাইন ক্লিক কৰিলে খবৰটো বিস্তৃতভাবে পঢ়াৰ সুবিধাও আছে। এই এপটো যাতে টুজি, থ্ৰীজি আৰু ৱাই-ফাই সকলোধৰণৰ পৰিসেৱাতেই ভালদৰে দেখা যায় তাৰবাবে বিশেষ গুৰুত্ব দিয়া হৈছে।

স্বল্পদৈৰ্ঘ্যৰ সংবাদৰ বজাৰ

জেনেৰেছন ৱাইৰ পছন্দ হ’ল স্বল্পদৈৰ্ঘ্যৰ লেখা বাভিডিঅ’, য’ত কম সময়ৰ ভিতৰতে উপলব্ধ মূল তথ্যসমূহ। টুইটাৰ, ভাইন, স্নেপচটৰ দৰে আ্যপসমূহৰ জনপ্ৰিয়তাই ইয়াকেই প্ৰমাণ কৰে। স্বল্পদৈৰ্ঘ্যৰ সংবাদ প্ৰকাশৰ অন্যতম পথ প্ৰদৰ্শক সিৰকা মেটে ৫.৭ মিলিয়ন বিনিয়োগ সংগ্ৰহ কৰিছিল। কিন্তু ব্যৱসায় মডেলক সঠিকভাবে আগুৱাই নিনিয়াৰ ফলত এবছৰৰ ভিতৰতে অনিৰ্দ্দিষ্ট কালৰ বাবে ইয়াৰ ব্যৱসায় স্থগিত কৰি দিয়ে।

ভাৰতত নিউজইনচৰ্টছ্এ এই বছৰৰ ৬ জুলাইত টাইগাৰ গ্ল'বেলৰ জৰিয়তে ২০ মিলিয়ন ইউ.এছ ডলাৰ বিনিয়োগ পায়।সম্প্ৰতি এই খবৰৰ বাহিৰেও অন্যান্য ক্ষেত্ৰতো স্বল্পদৈৰ্ঘ্য লেখা প্ৰকাশে উদ্যোগ লৈছে আৰু তাৰ নাম পৰিবৰ্তন কৰি ৰখা হৈছে ইনচৰ্টছ। ইয়াৰ বাহিৰেও এইক্ষেত্ৰত সৰু সংস্থা ক্ৰুক্সেটৰৰ খবৰ প্ৰকাশ কৰে টাইমলাইন আকাৰে, আনহাতে নিকা ভাবে নিজস্ব পদ্ধতিতো খবৰ সংক্ষেপে প্ৰকাশ কৰে। আঞ্চলিক ভাষাৰ ক্ষেত্ৰত ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ নাম হ’ল নিউজহান্ট। আঞ্চলিক ভাষাত কিতাপ আৰু খবৰ প্ৰকাশৰ লক্ষ্য এই সংস্থাৰ। বিগত বৰ্ষত এশকোটি আৰু এই বছৰত ২৫০ কোটিৰ বিনিয়োগ সংগ্ৰহ কৰিছে এই সংস্থাই।

“ভাৰতত আঞ্চলিক ভাষাৰ বাতৰি প্ৰকাশৰ এখন ডাঙৰ বজাৰ গঢ় লৈ উঠিছে, তিনিৰ পৰা চাৰিটা ডাঙৰ সংস্থাই অনায়াসে এইক্ষেত্ৰত ব্যৱসায় কৰিব পাৰে। গুগ’লৰ প্লে ষ্ট'ৰত প্ৰথম দহটা নিউজ এপৰ মাজত সৰহসংখ্যকেই আঞ্চলিক ভাষাৰ, য’ত দুবছৰ আগতে ছৱিখন সম্পূৰ্ণ বিপৰীত আছিল”- জনালে ৰাজুৱে।

ৱেটুএছ.এম.এছ মাধ্যমৰ জৰিয়তে সহজে ২য় আৰু ৩য় স্তৰৰ চহৰসমূহত নিজৰ প্ৰচাৰ কৰিব পাৰে ৱেটুনিউজে। তাৰ বাহিৰেও এন.আৰ.আইসকলে যদি তেওঁলোকৰ নিজৰ চহৰ বা ৰাজ্যৰ খবৰ জানিব বিচাৰে, তেনেতে সেইসকলো হ’ল ৱেটুনিউজৰ গুৰুত্বপূৰ্ণ গ্ৰাহক।

ভৱিষ্যত পৰিকল্পনা

দুইৰ পৰা তিনি মিলিয়ন গ্ৰাহকৰ কাষ চপাৰ আগতে অন্য দিশৰ পৰা আয় সংগ্ৰহৰ কথা ভবা নাই ৱেটুনিউজে। বিটুবি মডেলত স্থানীয় আৰু অন্যান্য ঠাইৰ পৰাহে আয় সংগ্ৰহ কৰাৰ পৰিকল্পনা কৰা হৈছে। এওঁলোকৰ মূল লক্ষ্য স্থানীয় ভাষাত লেখা, যদিও বৰ্তমানে ইংৰাজী ভাষাতেই সংক্ষেপে লেখা প্ৰকাশ কৰা হয়। অনাগত কিছুদিনৰ ভিতৰত ৱেটুনিউজে আই.অ’.এছ এপ আৰম্ভ কৰিব, ভৱিষ্যতেও আৰু অধিক পৰিমানত খবৰ আৰু অন্যান্য ভাষা অন্তৰ্ভূক্ত কৰাৰ পৰিকল্পনা কৰিছে। সংস্থাৰ চীফ্ কনটেন্ট অফিচাৰ সুনীল পাটিলে জনাই যে, “খবৰেই আমাৰ মূল, বৰ্তমান হিন্দী, তেলেগু আৰু ইংৰাজী এই তিনিটা ভাষাত উপলব্ধ ৱেটুনিউজ, কিছুদিনৰ পাছত আমি আৰু আঠটা ভাষা ইয়াত অন্তৰ্ভূক্ত কৰিম”।

লেখক- সানন্দা দাসগুপ্তা

অনুবাদ- অৰুন্ধতী বেজবৰুৱা

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

গৱেষণা ক্ষেত্ৰখনত অসমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিছে এডুপেকডে

ঘৰে ঘৰে মুৰ্গী মাংসৰ সোৱাদ দিবলৈ দীপ বৰাৰ 'চিকেন ভান'

এটা ধানৰ পৰা ক’লা ধানৰ বিপ্লৱ অনা গোৱালপাৰাৰ কৃষক উপেন্দ্ৰ ৰাভা

অসুস্থ অৱস্থাতে চাকৰি হেৰুউৱা এজন অভিযন্তাই বহুতকে দিলে সংস্থাপন