সৌন্দৰ্যক উদ্যোগৰ ৰূপ দিয়া মধুমিতা শইকীয়া

সৌন্দৰ্যক উদ্যোগৰ ৰূপ দিয়া মধুমিতা শইকীয়া

Tuesday March 01, 2016,

5 min Read

ধুনীয়া হ’বলৈ কোনেনো নিবিচাৰে ? আপুনি নিবিচাৰে নে মই নিবিচাৰোঁ ? আমি সকলোৱেটো বিচাৰোঁ । এক প্ৰকাৰে ক’বলৈ গ’লে আমি প্ৰত্যেকেই সৌন্দৰ্যপ্ৰেমী । সেয়েহে প্ৰত্যেকেই কম বেছি পৰিমাণে সৌন্দৰ্য চৰ্চা কৰো । কৃত্ৰিম কৰা ভাবে প্ৰস্তুত কৰা (ৰাসায়নিক) সা -সামগ্ৰীতকৈ প্ৰাকৃতিক ভাবে উৎপাদন হোৱা সা-সামগ্ৰীয়ে সৌন্দৰ্য চৰ্চা কৰিলে অধিক ফল প্ৰসু । কাৰণ প্ৰাকৃতিক সা – সামগ্ৰীয়ে কোনো ধৰণৰ অনিষ্ট সাধন নকৰে । প্ৰসংগক্ৰমে, উল্লেখ্য যে বিশেষজ্ঞৰ মতে প্ৰাকৃতিৰ সা – সামগ্ৰীয়ে সৌন্দৰ্য চৰ্চা কৰা আয়ুৰ্বেদ সম্পৰ্কীয় ধাৰাটো উত্তৰ পূৰ্বাঞ্চলৰ পৰা উত্তৰ ভাৰতলৈ বিস্তৃত হৈছে । অসমটো এই ধাৰাটো বৰ্ত্তা ৰখাৰ অহৰহ প্ৰচেষ্টা চলাইছে এগৰাকী উদ্যমীয়ে ।

image


জীৱনৰ কঠোৰৰ পৰা কঠোৰতম পৰিস্থিতিতো অতি সাহস, পৰিশ্ৰমে, প্ৰত্যাহ্বানক নেওচি সৌন্দৰ্য ক্ষেত্ৰত নিজকে সুপ্ৰতিষ্ঠা কৰা সকলোৰে এগৰাকী পৰিচিত ব্যক্তি মধুমিতা শইকীয়া । তেখেত এগৰাকী সৌন্দৰ্য বিশেষজ্ঞাই নহয়, প্ৰশিক্ষক, উদ্ভাৱক আৰু সুলেখিকা । তেখেতৰ সাধনা আৰু সৌন্দৰ্যৰ সম্পৰ্কে থকা জ্ঞানৰ জ্যোতিত আলোকিত হৈছে হাজাৰজনৰ জীৱন জীৱিকাৰ পথ ।

image


মধুমিতা শইকীয়াক তেখেতৰ শৈশৱ, বাল্যকালৰ কথাৰ জানিব বিচৰাত এনে দৰে কয় – 'মোৰ জন্ম হৈছিল তিনিচুকীয়াত । দেউতাৰ নাম আছিল পৰশুৰাম মজুমদাৰ আৰু মা সুৱালা মজুমদাৰ । এই যে দেউতাই মজুমদাৰ উপাধি লিখিছিল, তাৰ অন্তৰালত থকা কথাখিনি হ’ল আমাৰ দেউতাৰ পূৰ্বপুৰুষে আহোম ৰাজত্বকালত যুদ্ধ- বিগ্ৰহৰ বিভিন্ন গোপন চিঠি পত্ৰ লিখিছিল, সেয়েহে মজিমদাৰ উপাধিৰে বিভূষিত আছিল । কিন্তু দেউতাই চাকৰি কালত লগ পোৱা বেঙ্গলী সহকৰ্মী তথা বৰমুৰীয়াৰ কথা মতে মজুমদাৰ লিখিবলৈ আৰম্ভ কৰিছিল আৰু তেতিয়াৰ পৰা সেই মজুমদাৰ চলি আছে । মা দেউতাৰ মই অষ্টম সন্তান আছিলো । আটাইতকৈ ডাঙৰ কথা মাঁৰ ৫৪ বছৰ বয়সত মোৰ জন্ম হৈছিল । বাকী দাদা বাইদেউহঁততকৈ বয়সৰ বহুখিনি পাৰ্থক্য আছিল ।

দেউতা Assam Oil Company ৰ কৰ্মৰত আছিল। মোৰ স্কুলীয়া শিক্ষা তিনিচুকীয়া, ডিগবৈ, শ্বিলং আদি ঠাইৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত হৈছিল । কিন্তু এদিন দেউতা হঠাতে ঢ়ুকোৱাত মাৰ মুৰত আকাশ ভাগি পৰে । কিয়নো আমাৰ আৰ্থিক দুৰৱাস্থাই দেখা দিছিল । আনকি ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাবলৈ মাৰ একেবাৰে সামৰ্থ নোহোৱা হৈছিল । সেয়েহে স্কুলীয়া শিক্ষাৰ অন্তিমটো স্তৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ত সমাপন কৰিছিলো। পঢ়াত চোকা আছিলো, সেইবাবে চাৰ- বাইদেউ তথা অঞ্চলৰ মানুহে খুবেই মৰম কৰিছিল । মায়ে ছাগলী,পাৰ, হাহঁ অৰ্থাৎ ঘৰৰ পশুধন বিক্ৰী কৰি পোৱা ধনেৰে আমাক পঢ়ুৱাইছিল । কেতিয়াবা হয়টো ইউনিফৰ্ম তাপলি মাৰি, আৰু হয়টো কেতিয়াবা গোৰোহা নথকা জোতা পিন্ধি বছৰ বছৰ ধৰি স্কুল গৈছিলো । মা বয়সিয়াল আছিল, সেইহেতু ঘৰৰ সমস্ত কাম যেনে মুৰত পথাৰৰ পৰা ডাঙৰী অনাৰ পৰা আৰম্ভ কৰি মাটিৰ বেৰ লিপা লৈকে ঘৰুৱা সকলো কাম মই কৰিছিলো । তেনেকৈ এদিন মেট্ৰিক পাছ কৰোঁ ।মেট্ৰিক সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ বাবে আমাৰ ঘৰৰ ওচৰৰ “International Unity Forum” নামৰ সংস্থা এটাই ছাত্ৰ বৃত্তি প্ৰদান কৰে । আৰু মোৰ এগৰকী বাইদেউৱে আৰ্থিক সহায়-সহযোগ কৰাত দিল্লীত Higher Secondary পঢ়িব সুবিধা পাও আৰু ৰাওনা হও । দিল্লীলৈ ৰাওনা হোৱা কাৰ্য্যই এক প্ৰকাৰৰ মোৰ জীৱনৰ ৰ্টানিং পইণ্ট ।'

image


সময়ৰ গতিত

সময় আৰু পৰিস্থিতিয়ে মধুমিতাক বহু শিকালে । কিজনি বয়সতকৈয়ো অধিক পৰিপক্ক কৰি তুলিলে । শৈশৱতে শিকা জীৱনৰ সংগ্ৰামৰ আদিপাঠে সময়ৰ মুল্যবোধক পৰিচয় কৰালে । সেয়েহে দিল্লীত হাই চেকেণ্ডৰী অধ্যয়নৰ বাবে থকা সময় খিনিৰ আজৰি সময়ত শিকি ল’লে “Women World International Institute” ত Beautician Course । যিয়েই পৰৱৰ্ত্তী সময়ত গঢ়ি দিলে জীৱনৰ সাঁকো ।

ইয়াৰ পিছতে গুৱাহাটীৰ ৰিহাবাৰীস্থিত I.T.I. ত Beauty and Skin Care ৰ প্ৰশিক্ষক হিচাপে চাকৰি কৰিছিল । ১১ বছৰ ধৰি প্ৰশিক্ষক হিচাপে ৰ্কমৰত আছিল । চাকৰি বদলিকৰণ ফলত হোৱা ব্যক্তিগত অসুবিধাৰ খাতিৰত চাকৰি বাদ দিব লগাত পৰে। অৱশেষত নিজাকৈ প্ৰশিক্ষণৰ Institute আৰম্ভ কৰে ।

ইনষ্টিটিউট গঠনৰ প্ৰাৰম্ভিক সময়

Signature Beauty & Ayurveda Institute আৰম্ভণীৰ প্ৰাৰম্ভিক সময়ৰ বিষয়ে মধুমিতা শইকীয়াই কয়, 'হাতত পৰ্য্যাপ্ত মূলধন নাছিল । গৃহস্থৰ ঘৰৰে ওপৰৰ মহলা এটা কোঠা লওঁ । প্ৰথমে মোৰ বাইদেউয়ে দিয়া এখন আইনা, ঘৰত থকা এটা পুৰণা বেচিন, ভিনদেউ ডাক্তৰ আছিল সেই সুত্ৰে বাইদেউৱে দিয়া এখন ৰোগী চোৱা বিচনা,আৰু ঘৰৰ দুখন চকীয়ে প্ৰথমে মোৰ Institute আৰম্ভ কৰো । এজন এজন কৈ দহ জনে Admission লয়। ইয়াৰ পিছত নাজানো ….ভগৱানৰে সহায় আছিল বুলি ভাবো ! কতো বিজ্ঞাপন নিদিয়াকে বহু প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আগ্ৰহাম্বিত হয় আৰু প্ৰশিক্ষণ গ্ৰহণ কৰে । সেইমতে আজিৰ অৱস্থা পাইছো । বৰ্ত্তমান লৈকে ১০,০০০ আধিক ব্যক্তিক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছো । National Skill Development Corporation চলোৱা সমীক্ষা অনুসৰি 93.6 % ব্যক্তিক কৰ্মসংস্থাপন আমাৰ প্ৰতিষ্ঠানে দিছে ।

মধুমিতা শইকীয়া আৰু তেওঁৰ উদ্ভাৱন

মধুমিতা শইকীয়া নিজস্ব ফৰ্মুলা প্ৰস্তুত কৰি বিভিন্ন সৌন্দৰ্য চৰ্চা সম্পৰ্কীয় সা- সামগ্ৰী যেনে ফেচ পেক, চেম্পু, ক্ৰীম, লোচন আদি বোৰ উদ্ভাৱন কৰিছে। উল্লেখযোগ্য যে নিজৰ মাতৃয়ে দিয়া পৰামৰ্শ আৰু নিজৰ গৱেষণাৰ ফচলেই ফৰ্মলা প্ৰস্তুত কৰাত প্ৰচুৰ অৰিহনা যোগাইছে। উল্লেখযোগ্য যে প্ৰাকৃতিক ভাবে পোৱা অসমীয়া পুৰণা সা–সামগ্ৰীয়ে কিদৰে সৌন্দৰ্য চৰ্চা কৰিব পাৰি, সেই সম্পৰ্কে গৱেষণা চলাইছিল । হিমাচল প্ৰদেশ আৰু থাইলেণ্ডত প্ৰসাধনৰ সামগ্ৰী সমূহ উৎপাদান হয় । Signature ৰৰ প্ৰশিক্ষণ কেন্দ্ৰ থকা ঠাই সমুহ তিনিচুকীয়া, ডিব্ৰুগড়, উমৰাংচু, জোৱাই, নলবাৰী, দুলিয়াজান, গোলাঘাট আৰু যোৰহাট। তেওঁ থাইলেণ্ডত আকুপ্ৰেচাৰ, মেকআপ চিংগাপুৰত আৰু হংকঙত হাইটেক বিউটী থেৰাপি সম্পৰ্কে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। ১৯৯৮ চনৰ পৰা মেক আপ আৰু হেয়াৰ ষ্টাইলৰ ওপৰত ভিত্তি কৰি সমগ্ৰ ভাৰতৰ ভিতৰত Signature Award প্ৰদান কৰি আহিছে । ইয়াৰ সমান্তৰাল ভাবে বিভিন্ন কাকত আলোচনীত লেখা মেলা কৰিছিল । সেইবাবে বিভিন্ন প্ৰকাশন যেনে জিঞ্জাস, এচিয়ান পাব্লিচাৰ আদি য়ে কিতাপ লিখাৰ বাবে অনুৰোধ কৰিছিল । এনে ধৰণে বহু গ্ৰন্থ প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল । লেখা –মেলা প্ৰতি থকা প্ৰবল নিচাৰ তাড়নাত সৃষ্টি হৈছিল ৬ খনকৈ উপন্যাস সেই কেইখন হ’ল আশা ফিৰিঙণি সৈতে, আবেগৰ তুহ জুঁই, আলোড়িত জীৱন, আৰইয়ান, অমিতাভ আৰু আবেগিক আত্মা । ইয়াৰ উপৰিও সপৰিবাৰ নেপালী, সপৰিবাৰ, সৌন্দৰ্য আৰু স্বাস্থ্য আলোচনীৰ লগত জড়িত হৈ আছে ।

সৌন্দৰ্য চৰ্চা আৰু সাহিত্য চৰ্চাৰ জৰিয়তে সমাজ সেৱা আগবঢ়োৱা মধুমিতা শইকীয়া হাজাৰজনৰ প্ৰেৰণাৰ উৎস হৈ ৰওক ।তাৰেই শুভকামনা থাকিল ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ফ্ৰীডম ২৫১ৰ গ্ৰাহকক ধন ঘুৰাই দিবলৈ আৰম্ভ কৰিছে নিৰ্মাতাই

আঞ্চলিক ভাষাৰ স্বল্পদৈৰ্ঘ্যৰ নিউজ চাৰ্ভিছ ৱেটুনিউজ

চিৰ যুগমীয়া পুৰণি গীতবোৰৰ আঁৰৰ কথাৰে The SongPedia

এটা ধানৰ পৰা ক’লা ধানৰ বিপ্লৱ অনা গোৱালপাৰাৰ কৃষক উপেন্দ্ৰ ৰাভা