ভেলেন্টাইনছ ডে আৰু ইয়াক কেন্দ্ৰ কৰি গঢ়ি উঠা বজাৰখন

ভেলেন্টাইনছ ডে আৰু ইয়াক কেন্দ্ৰ কৰি গঢ়ি উঠা বজাৰখন

Saturday February 13, 2016,

4 min Read

১৪ ফেব্ৰুৱাৰী। সহস্ৰজনৰ বাবে এক বিশেষ দিন। প্ৰেমিক যুগলবোৰ, প্ৰেমৰ পথাৰৰ নতুন পৰিব্ৰাজকবোৰ অথবা কল্পনাৰ মহাৰণ্যৰ দিকভ্ৰান্ত পথিকবোৰ। সকলোৰে বাবেই বিশেষ এটা দিন। আনফালে এই দিনটোক কেন্দ্ৰ কৰি আন একাংশও হৈ পৰে চৰম আগ্ৰহী। তেওঁলোক হৈছে ব্যৱসায়ী সকল। কিদৰে প্ৰেমিক হৃদয়ৰ বৰ্হিপ্ৰকাশ ঘটাবলৈ প্ৰেমৰ সাগৰত ডুবি থকা সকলৰ পকেটৰ ধন সুন্দৰ সুন্দৰ উপহাৰ সামগ্ৰীৰ জৰিয়তে উলিয়াব পৰা যায়,তাৰেই পৰিকল্পনা কৰে ব্যৱসায়ী সকলে। ৰোমানসকলৰ বিবাহৰ দেৱী জুনোক এই দিনটোতেই উপাসনা কৰাৰ পৰাই এই পৰম্পৰা আৰম্ভ হৈছিল। তদুপৰি ১৫ফেব্ৰুৱাৰীত দেৱতা লুপাৰকাছ আৰু ফনাছক আৰাধনা কৰাৰ লগতে সৃষ্টিৰ উৎসৱ ফিষ্ট অৱ লুপাৰচেলিয়া হিচাপেও পালন কৰি অহা হৈছিল।

এই উৎসৱ বা পৰম্পৰাৰ মূল উৎস হৈছে যুৱক আৰু যুৱতী। পৰম্পৰা মতে যুৱতীসকলৰ নামসমুহ একোখনকৈ কাগজত লিখা হৈছিল আৰু এটা জাৰত ৰখা হৈছিল। যুৱক একোজনে সেই জাৰটোৰ পৰা একোখন কাগজ উঠাই লৈছিল আৰু যিগৰাকী যুৱতীৰ নাম লিখা কাগজখন তেওঁৰ হাতলৈ আহিছিল সেইগৰাকী যুৱতীৰ সৈতে তেওঁৰ সম্পৰ্ক গঢ়ি দিয়া হৈছিল। যদিহে তেওঁলোকৰ সম্পৰ্কটো সফল হয় তেনেহলে দুয়োৰে মাজত বিবাহ হৈছিল আৰু অন্যথা তেওঁলোকে পিছৰ বছৰ পুনৰ নিজৰ নিজৰ ভাগ্য পৰীক্ষা কৰিছিল। এই পৰাম্পৰাৰেই আজিৰ ভেলেন্টাইন ডেৰ আৰম্ভণী হৈছিল। আন এটা আখ্যান মতে সন্ত ভেলেন্টাইনৰ প্ৰেম কাহিনী মতেই ভেলেন্টাইন ডেৰ জন্ম।


image


সময় বাগৰাৰ লগে লগে ভেলেন্টাইন ডে বৰ্তমান এক ডাঙৰ উৎসৱলৈ ৰূপান্তৰিত হৈ পৰিছে । নতুন নতুন সামগ্ৰীৰে বজাৰ ভৰি পৰিছে। বজাৰখনেই যেন এখন ৰঙা ৰঙৰ হৃদয়ৰ আকাৰ ধাৰণ কৰিছে । পাৰ্ক,ৰেষ্টুঁৰা,চিনেমাহল সকলোতেই চৰা দাম। আনকি ফুলৰ বজাৰখনো জাতিস্কাৰ হৈ পৰিছে। সকলো এই ভেলেন্টাইন ডেৰ এ কৃপা।

ৰাষ্ট্ৰীয় উৎসৱ ,যেনে স্বাধীনতা দিৱস বা গণৰাজ্য দিৱসত যিদৰে বিভিন্ন ঘৰুৱা ব্যৱহৃত সামগ্ৰী যেনে, টিভি,ৰেফ্ৰিজাৰেটৰ,ৱাছিং মেছিন আদি বিক্ৰী হয়, থিক তেনেদৰেই ভেলেন্টাইন ডেত কিছুমান লঘু সামগ্ৰীৰে বজাৰ ভৰি পৰে আৰু সকলো লোকেই বজাৰত ভীৰ কৰে।

যিবোৰ চাবিৰ ৰিং সাধাৰণতে ১০০টকাতকৈও কম মূল্যত বজাৰত পোৱা যায়, সেই বোৰ বিক্ৰী হব ৩০০ৰ পৰা ৫০০ টকা পৰ্যন্ত মূল্যত। এটা সাধাৰণ ১৫টকীয়া গোলাপ ফুল ফেব্ৰুৱাৰী মাহত বিক্ৰী হয় ৬০ টকাত এটা কথা ঠিক যে প্ৰেম এটা বিশেষ দিনত জন্ম হোৱা বস্তু নহয়। কিন্তু বিভিন্ন কোম্পানী বা ব্যৱসায়ীৰ ব্যৱসায়ীক চাতুৰ্যই এই দিনটোক ব্যৱসায়ৰ দিশৰ পৰা বিশেষ কৰি তোলে। National Retail Federation ৰ ভেলেন্টাইন ডেত চলোৱা এক সমীক্ষা মতে , আমেৰিকাৰ ৫০শতাংশ নাগৰিকে ভেনেন্টাইন দে উদযাপন কৰে আৰু ফুল, কেণ্ডি বা আন সামগ্ৰীৰ নামত প্ৰায় ১৪৬.৮৪ ডলাৰ গড়ে খৰচ কৰে। বজাৰৰ প্ৰতি লক্ষ্য কৰি এটা কথা কব পাৰি যে ভেলেন্টাইন ডেত আমেৰিকাবাসীয়ে প্ৰায় ১৯বিলিয়ন ডলাৰ খৰচ কৰে। কিন্তু দুৰ্ভাগ্যজনকভাবে এই খৰচৰ তথ্য ভাৰত, ব্ৰিটেইন, অষ্ট্ৰেলীয়া বা বিশ্বৰ অন্য দেশৰ পৰা লাভ কৰিব পৰা নাযায়।

যেতিয়াই ফুলৰ কথা আহে, প্ৰাধান্যৰ তালিকাখনত শীৰ্ষতেই থাকে ৰঙা গোলাপ। বিশ্বৰ ৬৩শতাংশ লোকেই এই বিশেষ দিনটোত ৰঙা গোলাপ ক্ৰয় কৰে। আমেৰিকাত এই দিনটো ফুলৰ ব্যৱসায়ী, গহনাৰ ব্যৱসায়ী আৰু গ্ৰীটিং কাৰ্ডছৰ ব্যৱসায়ীৰ বাবে এটা বিশেষ দিন ।

বাংগালুৰুত ২৩০একৰ মাটিত গ্ৰীনহাউচ ৰোজ গ্ৰ'য়িঙৰ ব্যৱ্স্থা থকা টানফ্লোৰা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেডৰ সঞ্চালক ফাৰাজ আহমেদৰ সৈতে YourStory ৰ এক বাৰ্তালাপত তেওঁ কয় যে ভেলেন্টাইন ডে হৈছে ব্যৱসায়ী সকলৰ বাবে এক চৰম উৎকণ্ঠাৰ দিন। তেওঁলোকে তেওঁলোকৰ মাহিলী বিক্ৰীতকৈ দহগুণ আধিক ব্যৱসায় ভেলেন্টাইন দেৰ সপ্তাহটোত উপাৰ্জন কৰে। ফুলৰ ক্ৰমবৰ্ধমান চাহিদাৰ প্ৰতি লক্ষ্য কৰি এটা কথা কব পাৰি যে এটা সাধাৰণ বজাৰত ৮টকাত বিক্ৰী হোৱা সামগ্ৰী এই সময়ত ২৫টকাত বিক্ৰী হয় । সাধাৰণ বিক্ৰেতাৰ ক্ষেত্ৰতো যদি কোৱা হয়, তেনেহলে ১২টকীয়া সাধাৰণ বজাৰৰ গোলাপটো ভেলেন্টাইন সপ্তাহত ১০০ টকীয়া হৈ পৰে।

কিন্তু যেতিয়া ভেলেন্টাইন দে সাপ্তাহান্তিকত পৰে, তেতিয়া কিন্তু কথাটো ইমানো সহজ হৈ নুঠে কাৰণ সাপ্তাহান্তিকত বেছিভাগ ক'ৰ্পৰেট অফিচ বন্ধ থাকে আৰু ক'ৰ্পৰেট জগতৰ লোকসকলৰ পৰা ব্যৱসায় নহয়।

ভাৰতীয় ষ্টাৰ্ট আপৰ জগতখনৰ বাবেও ই সুসংবাদ আনিব পাৰে। কাৰণ কিছুমান নতুন ষ্টাৰ্ট আপে ভাল খবৰ আনিব পাৰে। ExcitingLives নামৰ ষ্টাৰ্ট আপটোৱে ‘naughty’ কিছুমান সুবিধা আগবঢ়াইছে ভেলেন্টাইন ডেক কেন্দ্ৰ কৰি। কিছুমান সংগঠনে ভেলেণ্টাইনছ ডে উদযাপনত অগ্ৰহীসকলৰ বাবে আহুকালৰ সৃষ্টি কৰে। কিন্তু যিমানেই মৰেল পুলিচিং নকৰক কিয় প্ৰেমৰ অনুভুতিক কোনেও ৰোধ কৰিব নোৱাৰে । সেইবাবেই প্ৰেম চিৰ প্ৰবাহমান আৰু এই প্ৰেমৰ সমান্তৰালভাবে প্ৰেমৰ এই দিনটোক কেন্দ্ৰ কৰি বজাৰখনো আৰু বৃহৎ হৈ গৈ থাকিব ।

মূলঃ আদিত্য ভূষণ দ্বিবেদী

অনুবাদঃপ্ৰাঞ্জল শৰ্মা


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


অন্যান্য কেতবোৰ কাহিনী

স্বাস্থ্য সচেতনতাৰ বাবে বিকল্প পেছা বাছি ল’লে অভিযন্তা তন্দ্ৰামণি কুমাৰে

চৰকাৰী আঁচনিৰ সহায়ে উত্তৰ পূৰ্বাঞ্চলৰ ষ্টাৰ্ট আপ সমুহক উপকৃত কৰিবনে?

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰুৱা অঞ্চললৈ তথ্য-প্ৰযুক্তি লৈ যোৱা গুৱাহাটীৰ উদ্যোগীজন

তিনিটা দশক ধৰি ভাৰতীয় কাৰু-শিল্পৰ তত্বাধায়কৰ ৰূপত লাইলা তৈয়বজী আৰু দস্তকাৰ