অসমৰ সাংস্কৃতিক ইতিহাসৰ বহু অকথিত কাহিনীৰে উমানন্দ দুৱৰাৰ গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰহালয়

অসমৰ সাংস্কৃতিক ইতিহাসৰ বহু অকথিত কাহিনীৰে উমানন্দ দুৱৰাৰ গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰহালয়

Sunday April 10, 2016,

3 min Read

" ক জয়মতী গিৰিয়েৰৰ কথা , ক'ত আছে গদাপানি"

গ্ৰামোফোনত বাজি আছে " জয়মতী" নাটৰ কিছু অংশ । লালুক সোলাৰ উদাত্ত মাতে আমাক আমাক যিমান মন্ত্ৰমুগ্ধ কৰিছিল, তাতোকৈ বিস্ময়াৱিষ্ট হৈছিলো ৰেকৰ্ডখনৰ বেটুপাতখন পঢ়ি । বৰবৰ হৰফৰে তাত লিখা আছে জয়মতী নাট , চন ১৯৩৬ । অভিনেতা জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুৰাভা,যৌৱনেশ্বৰি দাস, ফণী শৰ্মা আদি । এটা অনামি আনন্দত তৃপ্ত হৈ পৰিছিল মন প্ৰাণ ।

আমাৰ দৰে একেই অনুভূতিৰে আন্দোলিত হ'ব আপোনাৰ অন্তৰো, যদিহে আপুনি এবাৰ আহে উমানন্দ দুৱৰাই স্থাপন কৰা মৰান শান্তিপুৰস্থিত "গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰহালয় "লৈ । উল্লেখযোগ্য যে সমগ্ৰ দেশৰে এইটো এনেধৰণৰ তৃতীয় সংগ্ৰহালয়।

image


    

৫০০০ গ্ৰামোফোন ৰেকৰ্ড আৰু ২২ টা সক্ষম অৱস্থাত থকা গ্ৰামোফোনৰে ভাৰতৰ তৃতীয় এই গ্ৰামোফোন সংগ্ৰহালয়টো উমানন্দ দুৱৰাই গঢ়ি তুলিছে সম্পূৰ্ণ একক প্ৰচেষ্টাত । সুদীৰ্ঘ দহ বছৰৰ অক্লান্ত পৰিশ্ৰম আৰু কৃচ্ছ্ৰসাধনৰ ফচল তেওঁৰ এই সংগ্ৰহালয়টো । ১৯৯৩চনৰ পৰা ২০০৩চনলৈ এই পৰিক্ৰমামত উমানন্দ দুৱৰা ঢপলিয়াই ফুৰিছিল অসমৰ ইমুৰৰ পৰা সিমুৰলৈ । উদ্দেশ্য ইতিমধ্যে পেলনীয়া সামগ্ৰীত পৰিণত হোৱা গ্ৰামোফোন আৰু ৰেকৰ্ড সমূহ সংগ্ৰহ কৰা । তদুপৰি সেই সমূহক মেৰামতি কৰি কাৰ্যক্ষম কৰাটোও অন্য এক প্ৰত্যাহ্বান আছিল ।

image


" কামটো আৰম্ভ কৰোতে ই যে এক সংগ্ৰহালয় হবগৈ মই ভবা নাছিলোঁ । মই গান খুব ভাল পাওঁ । তেতিয়া ৰেডিঅ'ৰ সোণালী যুগ । গান শুনাৰ একমাত্ৰ মাধ্যম আছিল ৰেডিঅ' । এতিয়াৰ দৰে ইমানবোৰ প্ৰযুক্তিগত সামগ্ৰী উপলব্ধ নাছিল । কেতিয়াবা ৰেডিঅ'ত পচন্দৰ গান এটা শুনিবলৈ বহুদিন অপেক্ষা কৰিব লাগে । গতিকে থিৰাং কৰিলো এই গান সমূহ ৰেডিঅ'ত শুনিবলৈ ৰৈ থকাতকৈ নিজে বিচাৰি আনিম।" উমানন্দ দুৱৰাই তেওঁৰ সংগ্ৰহালয়টোৰ সৃষ্টিৰ আৰঁৰ কাহিনী আমাক জনায় এইদৰে ।

image


প্ৰথমতে নিজৰ হেঁপাহ পুৰাবলৈ দুৱৰাই এই যাত্ৰাৰ আৰম্ভণি কৰিছিলে যদিও, পাছলৈ তেওঁৰ সংগ্ৰহ সমূহে তেওঁক কথাবোৰ অন্যধৰণে ভাবিবলৈ বাধ্য কৰায় । উমানন্দ দুৱৰাৰ ভাষাৰে "এই অধুনালুপ্ত সামগ্ৰীসমূহ সংগ্ৰহ কৰি থাকোঁতে মই এনে কিছুমান ৰেকৰ্ড আৰু তথ্য পালো যি সমূহৰ বিষয়ে আমি একোৱেই নাজানো অথবা ইতিহাসত অৱহেলিত । অথচ এই সমূহৰ জাতীয় জীৱনত সাংঘাতিক গুৰুত্ব আছে । আমাৰ ভৱিষ্যত প্ৰজন্মই নিজক চিনি পাবলৈ হলে এইবোৰ জনা উচিত । " 

দুৱৰাই নিজৰ সংগ্ৰহসমূহক প্ৰথমবাৰ জনচক্ষুৰ সন্মুখলৈ আনে ২০০৩ চনত শংকৰদেৱ কলাক্ষেত্ৰত । তাত দৰ্শকৰ সঁহাৰিয়ে তেওঁক অভিভূত কৰি তোলে । তাৰ পাছৰ পৰ্যায়ৰ প্ৰতিটো প্ৰদৰ্শনীতো তেওঁ লাভ কৰে দৰ্শকৰ বিপুল সঁহাৰি । ইয়েই তেওঁক উৎসাহিত কৰে এটা স্থায়ী সংগ্ৰহালয় স্থাপন কৰিবলৈ । ২০০৭ চনত সংগ্ৰহালয়টোৰ স্থায়ী গৃহৰ শুভ উদ্বোধন কৰে বিশিষ্ট গায়িকা মনিষা হাজৰিকাই ।

   

বন্ধু সুব্ৰত ভট্টাচাৰ্য্যক আমনি কৰি কৰি গোটোৱা তিনি খন ৰেকৰ্ড আৰু এটা গ্ৰামোফোনৰ পৰা, আজিৰ এই বিশাল সংগ্ৰহেৰে অসমৰ সাংস্কৃতিক ইতিহাসৰ এক দলিল "গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰহালয়ে " পোৱা নাই কোনো চৰকাৰী অথবা বেচৰকাৰী অনুষ্ঠানৰ সাহায্য । অৱশ্যে তাৰ বাবে খেদো নাই তেখেতৰ । কিন্তু চিন্তিত এই সম্পদ সমূহৰ সংৰক্ষণক লৈহে । কাৰণ অত্যাধুনিক প্ৰযুক্তিৰ প্ৰয়োগেৰে সংৰক্ষণ নকৰিলে কালৰ কুটিল গতিত এই সমূহ চিৰদিনলৈ লোপ পাব । উল্লেখযোগ্য যে অসমৰ জাতীয় সংগীত অ' মোৰ আপোনাৰ দেশৰ মূল সুৰ পোৱা গৈছিল গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰাহলয়তে । 

ৰিজ'নেল মিউজিক কলেজৰ অধ্যক্ষ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ Performing arts Dpt.ৰ Visiting Fellow হিচাবে কৰ্মৰত উমানন্দ দুৱৰাই এই পুৰণি গীত সমূহৰ কিছূসংখ্যক স্বৰলিপি সংগ্ৰহ কৰিছে যদিও সেয়া পৰ্য্যাপ্ত নহয় । তেওঁ কোৱাৰ দৰেই জ্যোতিপ্ৰসাদ আগৰৱালাৰ আন এক কীৰ্তি "জয়মতী"ৰ প্ৰথম বাণীবদ্ধ গ্ৰামোফোন ৰেকৰ্ড এদিন আকৌ হেৰাই যাব, যিদৰে হেৰাই গ'ল তাত জয়মতীৰ হৈ কণ্ঠ দিয়া "যৌৱনেশ্বৰী দাস" । এই সমূহক digital পদ্ধতিত সংৰক্ষণ কৰিবলৈ কোনোবা আগবাঢ়ি অহাটো অসমৰ জনসাধাৰণৰ বাবে শুভলক্ষণ হব ।  

উমানন্দ দুৱৰাৰ এই আশা সোনকালে ফলৱতী হওঁক তাৰবাবে আমাৰ শুভেচ্ছা জনালোঁ ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

বনৌষধি সংৰক্ষণেৰে কেইবা হাজাৰ মহিলাক স্বাৱলম্বিতাৰ পথ দেখুৱাইছে কুন্তী বৰাই

ৰেষ্টোৰাঁৰ পাকঘৰৰ মজিয়াত শোৱা শিশুটি আজি 'ইডলী কিং' : পি.ৰাজাগোপালৰ ছাৰাৱানা ভৱন

এগৰাকী উদ্যোক্তা ৰূপে খোপনি লোৱাৰ বিপৰীতে ব্যৱসায় সঞ্চালন