স্কুলীয়া দিনৰ ভেশচন প্ৰতিযোগিতাতেই পোখা মেলিছিল প্ৰিয়দৰ্শিনীৰ 'মিছ ইণ্ডিয়া'ৰ স্বপ্নই

স্কুলীয়া দিনৰ ভেশচন প্ৰতিযোগিতাতেই পোখা মেলিছিল প্ৰিয়দৰ্শিনীৰ 'মিছ ইণ্ডিয়া'ৰ স্বপ্নই

Wednesday April 20, 2016,

2 min Read

স্কুলীয়া দিনত ভেশচন প্ৰতিযোগিতাত “মিছ ইণ্ডিয়া” হিচাপে অংশগ্ৰহণ কৰিছিল ছোৱালীজনীয়ে । এই প্ৰতিযোগিতাত পোৱা উদগণিমূলক বঁটাই “মিছ ইণ্ডিয়া” হোৱাৰ এটা বাসনা মনত জন্ম দিছিল। পৰৱৰ্তী সময়ত এই বাসনা তীব্ৰতৰ হৈছিল আৰু ইয়াক বাস্তৱত ৰূপায়িত কৰাৰ বাবে অহৰহ চেষ্টা চলাই গৈছিল ছোৱালীজনীয়ে । অৱশেষত ১৯ বছৰ বয়সত ২০১৬ চনত এই সপোন পুৰণ কৰিবলৈ সক্ষম হ'ল অসমৰ প্ৰিয়দৰ্শিনী চেটাৰ্জী । ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গ্লেমাৰ জগতত বহু অসমীয়া যুৱতীয়ে ইতিমধ্যে নিজ সৌন্দৰ্য অাৰু গুণেৰে একো একোটা স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে । এই ক্ষেত্ৰত এক নতুন অধ্যায় সংযোজিত কৰি অসমলৈ পোনপ্ৰথমবাৰৰ বাবে এই খিতাপ আজুৰি আনিলে ধুবুৰীৰ যুৱতী প্ৰিয়দৰ্শিনী চেটাৰ্জীয়ে । মুম্বাইত অনুষ্ঠিত হোৱা এফ বি বি ফেমিনা মিছ ইণ্ডিয়া ২০১৬ প্ৰতিযোগিতাত প্ৰিয়দৰ্শিনী চেটাৰ্জীয়ে এই খিতাপ লাভ কৰিবলৈ সক্ষম হয়।


image


৫৩তম মিছ ইণ্ডিয়া প্ৰতিযোগিতাত ২১ গৰাকী ফাইনেলিষ্টৰ মাজৰ পৰা চুড়ান্ত বিজয়ীৰূপে নিৰ্বাচিত হ'ল অসমৰ সুন্দৰীগৰাকী। নিজৰ সৌন্দৰ্য আৰু বুদ্ধিমত্তাৰে বিচাৰকৰ মন জয় কৰা প্ৰিয়দৰ্শিনীয়ে বিশেষ বঁটাসমূহৰ ভিতৰত মিছ ৰেম্পৱাক খিতাপো জয় কৰে । উল্লেখযোগ্য যে ফেমিনা মিছ ইণ্ডিয়া দিল্লী ২০১৬ খিতাপ জয় কৰি মিছ ইণ্ডিয়া প্ৰতিযোগিতাত পোনপটীয়াকৈ প্ৰৱেশ কৰিছিল প্ৰিয়দৰ্শনীয়ে । বিগত বৰ্ষৰ মিছ ইণ্ডিয়া অদিতি আৰ্য়াৰ পৰা এই খিতাপ গ্ৰহণ কৰে ১৯ বছৰীয়া প্ৰিয়দৰ্শিনীয়ে । সম্প্ৰতি প্ৰিয়দৰ্শিনী দিল্লী হিন্দু কলেজত সমাজ শাস্ত্ৰ বিষয়ত স্নাতক শাখাত অধ্যয়নৰত । আজৰি সময়ত নাচি, ভ্ৰমণ কৰি আৰু বিভিন্ন মানুহৰ লগত কথাপাতি ভাল পায় প্ৰিয়দৰ্শিনীয়ে। ইয়াৰ পাছত ২০১৬ বৰ্ষৰ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব তেওঁ । 

image


'আত্মবিশ্বাস, ইতিবাচক, মানসিকতা, আৰু লক্ষ্যৰ দৃঢ়তাৰ বাবেই এই সন্মান লাভ কৰিলো। মই ভাবো চেষ্টাৰ অসাধ্য একো নাই। অসমত মডেলিঙ জগতত বহুতো প্ৰতিভাৱান সুন্দৰী আছে আত্মবিশ্বাসৰে আগবাঢ়ি আহিলে নিশ্চয়কৈ ৰাষ্ট্ৰীয় স্তৰত প্ৰবেশ কৰিব পাৰিব ।'
image


প্ৰিয়দৰ্শিনীৰ লক্ষ্য অান্তৰাষ্ট্ৰীয় স্তৰত ভাৰতলৈ সুনাম কঢ়িওৱা । 

'মিছ ইণ্ডিয়া মুকুট পৰিধান কৰি মই খুবেই আনন্দিত হৈছো। পৰৱৰ্ত্তী সময়ত Miss World 2016 প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিম। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পিছৰে পৰা বলিউদৰ পৰা বহুতো অফাৰ পাইছো, যদিও বৰ্ত্তমানে মডেলিঙৰ ক্ষেত্ৰখনতেহে নিজকে তুলি ধৰাৰ ক্ষেত্ৰত প্ৰাধান্য দিম । মোৰ মা- সেউতা, বন্ধু- বান্ধৱী আৰু শুভাকাংক্ষী ওচৰত সফলতা বাবে কৃতজ্ঞ।' য়'ৰ ষ্ট'ৰী অসমীয়াৰ আগত এই মন্তব্য কৰে প্ৰিয়দৰ্শিনী চেৰ্টাজীয়ে ।


image


প্ৰবীৰ কুমাৰ চেটাৰ্জী আৰু পাপিয়া চেটাৰ্জীৰ সন্তান প্ৰিয়দৰ্শিনীয়ে স্কুলীয়া শিক্ষা গুৱাহাটীৰ মাৰিয়াজ পাব্লিক স্কুলৰ পৰা সম্পুৰ্ণ কৰাৰ পাছত দিল্লীৰ হিন্দু কলেজত নামভৰ্তি কৰে। হিন্দী, ইংৰাজী, অসমীয়া আৰু বাংলা - এই চাৰিটা ভাষাত পাৰ্গত প্ৰিয়দৰ্শিনী ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

অসমৰ সাংস্কৃতিক ইতিহাসৰ বহু অকথিত কাহিনীৰে উমানন্দ দুৱৰাৰ গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰহালয়

বনৌষধি সংৰক্ষণেৰে কেইবা হাজাৰ মহিলাক স্বাৱলম্বিতাৰ পথ দেখুৱাইছে কুন্তী বৰাই

জাপিসঁজীয়াৰ নাৰায়ণ কেওঁটৰ ঐকান্তিক প্ৰচেষ্টাত জীয়াই আছে সাতামপুৰুষীয়া ফুলাম শিল্প