কেইবানিযুত দক্ষিণ ভাৰতীয় গ্ৰাহকৰ প্ৰথম পচণ্ডেৰে ১০০কোটিৰ ব্যৱসায় কৰিবলৈ সক্ষম হোৱা ই-কমাৰ্চ কোম্পানী StoreKing

কেইবানিযুত দক্ষিণ ভাৰতীয় গ্ৰাহকৰ প্ৰথম পচণ্ডেৰে ১০০কোটিৰ ব্যৱসায় কৰিবলৈ সক্ষম হোৱা ই-কমাৰ্চ কোম্পানী StoreKing

Friday December 11, 2015,

4 min Read

কৰ্ণাটকৰ অতি ভিতৰুৱা কোনো এখন গাৱঁৰ কোনো এজন ছাত্ৰই যেতিয়া এযোৰ উজ্জল হালধীয়া ৰঙৰ জোতা পিন্ধি কলেজলৈ গৈছিল,তেতিয়া হয়তো তেওঁ কল্পনাও কৰা নাছিল যে কিছুদিন পিছত ১১৪জন আন ছাত্ৰই তেওঁক অনুকৰণ কৰি একেই স্পৰ্টছ শ্বু পিন্ধি কলেজলৈ আহিব। এতিয়া প্ৰশ্ন হল, “তেনেকুৱা এখন পিছপৰা গাৱৰ শতাধিক লোকে এনেকুৱা আধুনিক জোতা পালে ক'ৰ পৰা? Flipkart, Myntra বা Jabongৰ পৰা নেকি?”

উত্তৰটো বৰ চমক লগা। এটা শেহতীয়া সমীক্ষাত প্ৰকাশ পাইছে যে সেই স্থানৰ ৯১শতাংশ গাৱলীয়া গ্ৰাহকে তেওঁলোকৰ ঠিকনাটো ইংৰাজীত লিখিব নাজানে। অনলাইন শ্বপিঙৰ কথা বাদেই দিয়ক। ইয়াক সম্ভৱ কৰি তুলিছে তেওঁলোকে ব্যৱহাৰ কৰা ই-কমাৰ্চ ৱেবচাইটটোৱে, যিটো ,সম্পূৰ্ণৰূপে কন্নড় ভাষাত উপলব্ধ।


image


StoreKingহৈছে বাংগালুৰুত আৰম্ভ হোৱা এটা ই-কমাৰ্চ ষ্টাৰ্ট আপ। যিটোৱে তিনি বছৰৰ ভিতৰত প্ৰায় এক নিযুত গাওঁবাসী ৰাইজক অনলাইন শ্বপিঙৰ সুবিধা কৰি দিছে। StoreKingৰ প্ৰতিস্থাপক তথা মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীধৰ গুন্দায়াই কয়, “ আমি চলোৱা এটা সমীক্ষাৰে আমি জানিব পাৰিছিলো যে আমি এই কাম কৰাটো প্ৰয়োজনীয় আছিল। ”

অতীতত এভুমুকি--

বাংগালুৰুৰ এইজন যুৱক ষ্টাৰ্ট আপৰ জগতখনত নতুন নাছিল। University of Greenwich, Londonৰ পৰা IT & E-commerce ত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ২০০৭চনত তেওঁ আৰম্ভ কৰিলে Yulopনামৰ এক ষ্টাৰ্ট আপ। সেই কোম্পানীটো আছিল দেশৰ ভিতৰতে ক্ষেত্ৰভিত্তিক গ্ৰাহক সেৱা আগবঢ়োৱা প্ৰথম কোম্পানী। গাৱঁত বসতি থকা ভাৰতবৰ্ষত কাৰিকৰি ক্ষেত্ৰত থকা সীমাবদ্ধতা হ্ৰাস কৰি আৰু অধিক তৃণমূল পৰ্যায়ত গ্ৰাহকৰ সমস্যা সমাধানৰ কথা অনুধাৱন কৰি তেওঁ ২০০৯চনত তেওঁ Yulop ত্যাগ কৰে।

সেই Eureka মুহুৰ্তটো

“এবাৰ চীন দেশ ভ্ৰমনৰ সময়ত মই দেখিলো যে চীনাসকলে একেবাৰে আছুতীয়াকৈ চীনা আৰু মেন্দাৰিণ ভাষা ব্যৱহাৰ কৰি নিজৰ মাজত মত বিনিময়েই নহয়,যোগাযোগৰ পৰা ব্যৱসায়লৈকে সকলো কৰে। দেখি যঠেষ্ট অনুপ্ৰাণিত হলো। তেওঁলোকৰ সকলোতে এটা স্থানীয় ভাষাৰ সোৱাদ আছিল। টেক্সট মেছেজ, ই-মেইল, ই-কমাৰ্ছ সকলোতে। ” StoreKingৰ জন্মৰ আঁৰৰ চিন্তাটো অহাৰ মুহুৰ্তটোৰ কথা কওঁকে এইদৰে কয় শ্ৰীধৰে। ২০১২চনত জন্ম লাভ কৰিলে StoreKingএ।

কৰ্ম পদ্ধতি

StoreKingহৈছে ৫০,০০০ বিভিন্ন সামগ্ৰী উপলব্ধ এটা ই-কমাৰ্ছ ৱেবচাইট। এটায়ে পাৰ্থক্য যে ইয়াত ইংৰাজী ভাষাত একো নাই। বৰ্তমান ই তামিল,তেলেগু,কন্নড আৰু মালায়ালাম ভাষাত উপলব্ধ। শেহতীয়াভাৱে গোৱাৰ ভাষাও সংযুক্ত হৈছে। “আপুনি নিশ্চয় জানে যে গাৱঁৰ ঘৰ বিলাকৰ সঠিক ঠিকনা নাথাকে। ডাকোৱালে এটা মাত্ৰ সূত্ৰৰ আঁত ধৰি বা সম্পুৰ্ণ নামটোৰেই চিঠি পত্ৰ বিতৰণ কৰে। গতিকে আমি জানিছিলো যে পৰম্পৰাগত doorstep delivery ব্যৱস্থা এইক্ষেত্ৰত গাওঁ বিলাকত কাম নিদিব। তাৰ বাবে এক বিশেষ লজিষ্টিক মডেল প্ৰস্তুত কৰি তোলা হ'ল। ” শ্ৰীধৰে কয়। ষ্টাৰ্ট আপৰ আৰম্ভণীতে বিভিন্ন গাৱঁৰ সৰু সৰু দোকান বিলাকলৈ গৈ তেওঁলোকক একোটাকৈ StoreKing tablet বা kiosk ক্ৰয় কৰি দোকানত ইনষ্টল কৰিবলৈ অনুৰোধ কৰা হ'ল। তাৰ বাবত দোকানীজনে ১০,০০০টকাতকৈও কম টকা ব্যয় কৰিব লগীয়া হৈছিল।


image


আমি একোজন অতি বিশ্বাসী দোকানী নিৰ্বাচন কৰি ল'লো, যাৰ ওচৰলৈ গাওঁবাসী আহি প্ৰয়োজনীয় প্ৰতিটো সামগ্ৰী ক্ৰয় কৰি মূল্য পৰিশোধ কৰি যায়। দোকানীজনে গ্ৰাহকক অনলাইন শ্বপিঙৰ অভ্যাস কৰাই দিয়ে আৰু সকলো সুবিধা সম্পৰ্কে অৱগত কৰি দিয়ে। এবাৰ এটা অৰ্ডাৰ নিশ্চিত হলে, গ্ৰাহকজনক সৰ্বমুঠ ধন পৰিশোধ কৰে আৰু StoreKing ৰ তৰফৰ পৰা এটা SMSপায়। “আমি মাথো এটা কামেই কৰিব লগীয়া হৈছিল যে গ্ৰাহকৰ ফোন নম্বৰসমুহ চিনাক্ত কৰিবলগীয়া হৈছিল। আমি ডেলিভাৰী সম্পৰ্কীয় সকলো তথ্য সেই মোবাইল নম্বৰত প্ৰেৰণ কৰিছিলো।,” শ্ৰীধৰে লগতে কয়। StoreKingৰ ৱেৰহাউছ আছে বাংগালুৰুত। তেওঁলোকে সামগ্ৰী বিতৰণ ৪৮ঘন্টাৰ ভিতৰত কৰে আৰু তাৰ বাবে FMCG distribution channel ব্যৱহাৰ কৰে। কোনো প্ৰতিযোগী নোহোৱা ষ্টাৰ্ট আপটোৱে গ্ৰাহকক আকৰ্ষণ কৰিবৰ বাবে কোনো ৰেহাই ব্যৱস্থা কৰিব লগীয়া নহয়। ক্ষুদ্ৰ বিক্ৰেতাসমুহে সামগ্ৰী বিতৰণৰ বাবত ৬ৰ পৰা ১০ শতাংশ কমিছন গ্ৰহণ কৰে। “এইটো হৈছে প্ৰতিটো পক্ষৰ বাবেই লাভজনক ব্যৱস্থা,” শ্ৰীধৰে কয়।

গাওঁবাসী ভাৰতীয়ই কি বস্তু ক্ৰয় কৰে?

“আপুনি বিশ্বাস নকৰিব যে StoreKingত সৰ্বাধিক বিক্ৰী হোৱা সামগ্ৰী হৈছে anti-aging cream অৰ্থাত বয়স ধৰি ৰখা মলম। তেওঁলোকে আহি কয় ‘সেই যে বিজ্ঞাপনটোত মাধুৰী দিক্ষিতক যেনেকুৱা দেখিছে, তেনেকুৱা হব বিচাৰো। ’তেনেকুৱা ধৰণৰ শতাধিক অৰ্ডাৰ আমি প্ৰতিদিনেই পাওঁ। আপুনি কল্পনা কৰিব পাৰেনে গাওঁ অঞ্চলৰ কোনো পৰিয়ালে দুটাকৈ dishwashers(বাচন ধোৱা যন্ত্ৰ) কিনিব বুলি? আমাৰ এজন গ্ৰাহকে তেওঁৰ মাক আৰু পত্নী দুয়োকে দুটা dishwashers(বাচন ধোৱা যন্ত্ৰ) উপহাৰ দিছিল। ,” শ্ৰীধৰে তদুপৰি কয়। গাৱৰ মানুহে ক্ৰয় কৰা আন কিছুমান সামগ্ৰীৰ ভিতৰত অন্যতম হৈছে উন্নত মানৰ স্মাৰ্ট ফোন। আনকি আই-ফোন৬( iPhone 6)ৰ অৰ্ডাৰৰ বৰষুণ হৈছিল

ক্ৰমাৎ উত্তৰণৰ দিশে-

গোটেই দক্ষিন ভাৰতত StoreKingৰ সৰ্বমুঠ ৪,৫০০ kiosk আছে আৰু এই সমুহে প্ৰতি মাহে ৭৫,০০০অৰ্ডাৰ ডেলিভাৰ কৰে। যদিও এটা অৰ্ডাৰত ন্যুনতম ৫০০টকা,কিন্তু গড় হিচাপত ১,২০০টকাৰ অৰ্ডাৰ থাকেই । এই কোম্পানীটোক আৰ্থিক সমৰ্থন আগবঢায় বিভিন্ন বিনিয়োগকৰ্তাই। ইয়াৰে ভিতৰত Mangrove Capital Partners নামৰ Luxembourgস্থিত VC firmখনে মুঠ ৬মিলিয়ন বিনিয়োগ কৰিছে. তেওঁলোকে ২০১৪চনৰ ডিচেম্বৰত তেওঁলোকৰ অতি শেহতীয়া বিনিয়োগটো কৰিছে।

ভৱিষ্যত পৰিকল্পনা

এই ষ্টাৰ্ট আপটো মহাৰাষ্ট্ৰ, গুজৰাট আৰু মধ্য প্ৰদেশলৈও অনাগত কেইটামান মাহতে সম্প্ৰসাৰিত হব। “ মই অহা কেইটামান বছৰৰ ভিতৰত প্ৰায় ৫০০ মিলিয়ন গ্ৰাহকৰ কাষ চপাৰ পৰিকল্পনা কৰিছো। কাৰণ মই জানো যে আমি যিমান ভীতৰলৈ শিপাবলৈ সক্ষম হম সেই উপায় Flipkart বা Amazon নাই,” এইদৰেই নিজৰ ভৱিষ্যত পৰিকল্পনাৰ কথা ব্যক্ত কৰে শ্ৰীধৰে।

মূল ৰচনা---অপৰ্ণা ঘোষ

অনুবাদ--প্ৰাঞ্জল শৰ্মা

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কাহিনী

পেইন্টিঙৰ বজাৰত এক নতুন কনচেপ্টেৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা এক পিতৃ-কন্যা যুটি

ডিজিটেল আক্ৰমণকাৰীৰ বিৰুদ্ধে যুঁজত ৰিয়াজ আহমেদ ৱালিকাৰ

বাঁহৰ চুঙাৰে ধূপকাঠি পেকেজিঙ কৰি ব্যৱসায়ত সৃষ্টিশীলতাৰ নিদৰ্শন দাঙি ধৰিছে অৰ্পণা দাসে

অসমত প্ৰাকৃতিক চাহ উৎপাদনৰ পথপ্ৰদৰ্শক ধীৰেন ফুকন