যাদুৰ দেশৰ এজন যাদুকৰ বিক্ৰম তালুকদাৰ

যাদুৰ দেশৰ এজন যাদুকৰ বিক্ৰম তালুকদাৰ

Thursday February 25, 2016,

4 min Read


এটা বিশাল বাকছত সোমাই গ'ল এগৰাকী যুৱতী । এইবাৰ এখন বিশাল কৰত লৈ আগবাঢ়ি আহিল এজন লোক আৰু টুকুৰা-টুকুৰকৈ কাটি পেলালে বাকছটো । এইবাৰ বাকছটো খুলি দিয়াত দেখা গ'ল ভিতৰখন খালী । এইবাৰ কাপোৰেৰে ঢাকি থোৱা এটা ড্ৰামৰ ওপৰৰপৰা কাপোৰখন গুচাই দিলে সেই একেজন মানুহে । কি আচৰিত । ড্ৰামটোৰ ভিতৰৰপৰা হাঁহি হাঁহি ওলাই আহিল যুৱতীগৰাকী । এইখন যাদুৰ জগত । ভূত-প্ৰেত, মন্ত্ৰ-তন্ত্ৰ নহয়, এক কলা হিচাপে যাদুৰ জগতখন ।

image


অতীজতে বহুতে অসমখনক তন্ত্ৰ-মন্ত্ৰ অৰ্থাৎ যাদু বিদ্যাৰ দেশ বুলি জানিছিল । আধুনিক যাদু কলাৰে অসম গৌৰৱধজ্বা বহন কৰিবলৈ শেহতীয়াকৈ চেষ্টা চলাই যোৱা এজন উদ্যমী ব্যক্তি হ'ল বিক্ৰম তালুকদাৰ ওৰফে যাদু সম্ৰাট বিক্ৰম । গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীৰ বাসিন্দা বিক্ৰমৰ দেউতাক কুমুদ ৰঞ্জন তালুকদাৰ আৰু মাক ভানু তালুকদাৰ । দেউতাক পেছাত যদিও অটোমবাইল ইঞ্জিনিয়াৰ আছিল যাদু বিদ্যাৰ বিষয়ে বহু কথাই জানিছিল । কিন্তু ৰক্ষণশীল ঘৰখনৰ বাবে যাদু বিদ্যা ক'তো প্ৰদৰ্শন কৰিবলৈ সূযোগ বা সুবিধা দিয়া নাছিল । কিন্তু দেউতাকে আধাৰুৱা সপোন পুৰণ কৰিব বিচাৰিছিল বিক্ৰমৰ যোগেদি । সেয়েহে নিচেই সৰুৰ পৰা বিক্ৰমক শিকাইছিল যাদু বিদ্যাৰ আদিপাঠ । যাৰ ফলস্বৰূপে আজি তেওঁ দিব পাৰিছে যাদু বিদ্যাক এক সুকীয়া মঞ্চ ।

দেউতাকৰ চাকৰি সূত্ৰে বিক্ৰমে শ্বিলং, ডিব্ৰুগড়, গুৱাহাটী, আদিৰ বিভিন্ন ঠাইৰ স্কুলত পঢা- শুনা কৰিছিল । ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত জামছেদপুৰত অটোমবাইল ইঞ্জিনিয়াৰিঙৰ শিক্ষা গ্ৰহণ কৰে, সেই সূত্ৰে গুৱাহাটীত বিক্ৰমে কিছুবছৰ ব্যক্তিগত খণ্ডত চাকৰি কৰে । কিন্তু সেই চাকৰিয়েই তেওঁক সন্তুষ্ট কৰিব পৰা নাছিল । কিয়নো এক প্ৰকাৰে দেহ মন আৰু তেজত যাদুবিদ্যা শিপাই আছিল । যাদু বিদ্যাটো তেওঁ ৬বছৰ বয়সৰ পৰাই মঞ্চত প্ৰদৰ্শন কৰিছিল। পোন প্ৰথবাৰৰ বাবে বৰপেটাৰ তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত যাদু কলা প্ৰৰ্দশন কৰিছিল । অৱশেষত সম্পুৰ্ণ নিজৰ প্ৰচেষ্টাত ২০০৫ চনত গুৰুকুল মেজিক একাডেমী এণ্ড ৰিচাৰ্ছ চেণ্টাৰ জন্ম দিছিল ।

বিক্ৰম তালুকদাৰে যাদুবিদ্যাৰ সম্পৰ্কে এনেদৰে কয় – 'সৰুতে যেতিয়া মই মঞ্চত যাদু প্ৰৰ্দশন কৰিছিলো, সকলোৱে খুবেই ভালপাইছিল, উৎসাহিত কৰিছিল আৰু শিকিবও বিচাৰিছিল আৰু সেয়েহে মই নিজৰ সামৰ্থ অনুসৰি গুৰুকুল মেজিক একাডেমী এণ্ড ৰিচাৰ্ছ চেণ্টাৰ খুলিবলৈ সক্ষম হ’লো । ইয়াৰ উদ্দেশ্য আছিল যাদুবিদ্যাৰ উত্তৰণ ঘটোৱা, মানুহৰ মাজত জনপ্ৰিয় কৰা আৰু নৱপ্ৰজন্ম মাজলৈ লৈ যোৱা ইত্যদি ইত্যদি কাৰণত । যাদু কলাৰ শিক্ষা লবলৈ মই কলিকতা আৰু বাংগালুৰু আদিলৈ গৈছিলো । মোৰ গুৰু আছিল এম হুছেইন, ডাক্তৰ এন. কে আগৰৱালা, গ্ৰেট মাইকেল আৰু জয়ন্ত নেওগ ।


image


বিক্ৰমৰ প্ৰচেষ্টাত গুৰুকুল মেজিক একাডেমী এণ্ড ৰিচাৰ্ছ চেণ্টাৰ পৰা বৰ্ত্তমানলৈকে ১২০০ জন প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি, ভাৰতৰ বিভিন্ন ঠাইৰ টি ভি “শ্ব” বোৰত অংশ গ্ৰহণ কৰিবলৈ গৈছে আৰু বহুতে নিজকে কৰ্মসংস্থাপনৰ পথ মুকলি কৰি লৈছে । গুৰুকুল মেজিক একাডেমী এণ্ড ৰিচাৰ্ছ চেণ্টাৰত যাদুবিদ্যাৰ ৫টা ভাগৰ ওপৰত প্ৰশিক্ষণ দিয়া হয় । সেই কেইটা হ’ল Close Up magic, Arthies Magic, Illusion Magic, Conjurer Magic আৰু Mentalism Magic । সাধাৰণ যাদুত কৈ Illusion Magic সম্পূৰ্ণ পৃথক । সহায়কৰ অবিহনে বিশেষকৈ Illusion Magic কৰাটো সম্ভৱ নহয় । কটা, মৰা, নাইকিয়া কৰা, বা উৰুৱাই দিয়া এই Illusion Magic ৰ অন্তৰ্গত ।

বিক্ৰম তালুকদাৰে লাভ কৰা বঁটাৰ ভিতৰত ১৯৯৭ চনত সদৌ ভাৰত যাদু মহোৎসৱত সদৌ অসম যাদু সন্থাই যাদু সম্ৰাট বটা প্ৰদান কৰিছিল । ২০০৪ চনত এ.পি.জে আব্দুল কালামে মানপত্ৰৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰিছিল । ২০০৫ চনত অৰুণাচলৰ মুখ্যমন্ত্ৰী গেগং আপাঙে Youth Achieve Award দিছিল । ২০ বছৰ সফলতাৰে যাদুবিদ্যাৰ লগত জড়িত হৈ থকাৰ বাবে সদৌ অসম যাদুকলা সন্থাই Magical Achievement Award প্ৰদান কৰাৰ লগতে শেহতীয়াকৈ ২০১৫ চনত যুৱ কল্যাণ আৰু ক্ৰীড়া বিভাগৰ পৰা Youth Achiever বটা লাভ কৰিবলৈ সক্ষম হয় ।

image


'যাদুবিদ্যাৰ উত্তৰণৰ ক্ষেত্ৰত মোৰ বহুখিনি ভূমিকা আছে । যাদু প্ৰদৰ্শনৰ অৰ্থে প্ৰথমে বহু কষ্ট কৰিবলগীয়া হৈছিল । নিজে গৈ বিভিন্ন কোম্পানী , স্কুল, কলেজত চিঠি দিছিলো । সেই সময়ত অসমৰ অনুষ্ঠানত যাদু প্ৰদৰ্শনৰ অনুষ্ঠান প্ৰায় নোহোৱাৰ উপক্ৰম হৈছিল । আজি মই বহুত সুখী কাৰণ বৰ্ত্তমানে অসমৰ মিডিয়াই যাদুকলাটোক আদৰি লৈছে । মই মোৰ প্ৰচেষ্টা অব্যাহত ৰাখিম ।'

ভবিষ্যতে যাদুৰ যোগেদি অসমৰ পৰিচয় অনাৰ চেষ্টা কৰিম, শেহতীয়াকৈ থিয়েটাৰ,পুতলা নাচ আৰু যাদু সংমিশ্ৰণ কৰি এক ভ্ৰাম্যমান অনুষ্ঠান কৰাৰ পৰিকল্পনা আছে । যাতে জনসাধাৰণৰ মনৰ মাজত গাঢ় ভাবে থিতাপি ল’ব পাৰোঁ ।

বিক্ৰম তালুকদাৰৰ সপোন বাস্তবায়িত হওক, য়'ৰ ষ্ট'ৰীৰ ফালৰ পৰা শুভকামনা থাকিল ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

অৱশেষত চৰকাৰে নিৰ্ধাৰণ কৰিলে ষ্টাৰ্টআপৰ সংজ্ঞা

গৱেষণা ক্ষেত্ৰখনত অসমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিছে এডুপেকডে

এটা ধানৰ পৰা ক’লা ধানৰ বিপ্লৱ অনা গোৱালপাৰাৰ কৃষক উপেন্দ্ৰ ৰাভা

হিংসা বিয়পোৱা বন্ধ কৰক




Share on
close