সকলোৱে বুৰ্বক বুলি কোৱাৰ বাবেই নাম হ’ল-বাঞ্চ অৱ ফুলছ

সকলোৱে বুৰ্বক বুলি কোৱাৰ বাবেই নাম হ’ল-বাঞ্চ অৱ ফুলছ

Wednesday April 27, 2016,

3 min Read

ছত্তিছগড়ৰ ৰাজধানী ৰায়পুৰৰ কোনো স্থানত, সপ্তাহৰ বন্ধ বাৰত কাৰোবাক নলা পৰিস্কাৰ কৰি থকা বা কোনোবা দেৱালত ৰং দি থকা কোনো যুৱক যুৱতীক যদি দেখা পায়, তেতিয়া হ’লে আপুনি বুজিব যে এয়া বাঞ্চ অৱ ফুলছৰ সদস্য।

image


২০১৪ চনৰ ২ অক্টোবৰ তাৰিখে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰিছিল স্বচ্ছ ভাৰত অভিযান। এই স্বচ্ছ ভাৰত অভিযান কাৰ্যসুচীয়ে ৰায়পুৰৰ আঠজন যুৱকক খুবেই প্ৰভাবিত কৰিলে। তেওঁলোকে নিজৰ ছুটিৰ দিনটো চহৰখন পৰিস্কাৰ কৰিবৰ বাবে এটা গোট গঠন কৰিলে। তেওঁলোকৰ মতে পঢ়া শুনা কৰা বুৰ্বক লোকেহে চহৰ বেছি লেতেৰা কৰে আৰু পৰিস্কাৰ কৰা লোকক বুৰ্বক বুলি ঠাট্টা মস্কৰা কৰে। সেই কাৰণেই তেওঁলোকে গোটটোৰ নাম ৰাখিলে- বাঞ্চ অৱ ফুলছ।

image


বাঞ্চ অৱ ফুলছৰ সদস্য সকলে প্ৰথমে চহৰ খনৰ অপৰিস্কাৰ স্থান এটুকুৰা নিৰ্বাচন কৰে আৰু স্থানটো পৰিস্কাৰ কৰাৰ বাবে তৎকালীন ভাবে এটা পৰিকল্পনা কৰি কাম আৰম্ভ কৰে। দেওবাৰ বা অন্য বন্ধৰ দিনত পুৱা ৬ বজাৰ পৰা গোটটোৰ সদস্য সকলে পুৰ্বনিৰ্ধাৰিত স্থানত উপস্থিত হৈ চাফাই কাম আৰম্ভ কৰি দিয়ে। এতিয়া এই গোটটোৰ সৈতে বহু বয়োজ্যেষ্ঠ লোক আৰু মহিলাও যোগ হৈছে।

image


এটা স্থান কৰিস্কাৰ কৰিয়েই বাঞ্চ অৱ ফুলছে দায়িত্ব নাসামৰে। তেওঁলোকে সেই স্থানত বাটৰ নাট বা সজাগতা সভা অনুষ্ঠিত কৰি অঞ্চলটোৰ লোক সকলক তেওঁলোকে কৰি অহা ভুলৰ উপলব্ধি কৰায়। লগতে সেই স্থান সমুহ স্থানীয় লোক সকলক পৰিস্কাৰ কৰি ৰাখিবলৈ উৎসাহিত কৰে। ইয়াৰ উপৰিও কোনা স্থান পৰিস্কাৰ কৰাৰ তাৰিখ টুকি ৰাখি, সেই স্থান নিয়মিত ভাবে পৰিদৰ্শনো কৰে বাঞ্চ অৱ ফুলছে। পুৰ্বতে তেওঁলোকক বুৰ্বক বুলিকৈ ঠাট্টা কৰা বহু লোকো এতিয়া বাঞ্চ অৱ ফুলছৰ সৈতে একেলগে কাম কৰিবলৈ আগবাঢ়ি আহিছে। বাঞ্চ অৱ ফুলছে আজিও কাৰোৰে পৰা আৰ্থিক সাহাৰ্য স্বীকাৰ নকৰে। অৱশ্যে কোনোবাই একেলগে শ্ৰমদান কৰিব বিচাৰিলে সকলোকে স্বাগতম জনায় বাঞ্চ অৱ ফুলছে। বৰ্তমান বাঞ্চ অৱ ফুলছ গোটত চিকিৎসক, অধিবক্তা, চিএ, ব্যৱসায়ীকে ধৰি সকলো ধৰণৰ লোক চামিল হৈছেহি।

image


‘ক্নীন ইণ্ডিয়া কেম্পেইন’ৰ তৰফৰ পৰা বাঞ্চ অৱ ফুলছে ২০১৫ চনত মুম্বাইত স্বচ্ছতা সেনানী বটাঁ লাভ কৰিছে। তেওঁলোকৰ কামক প্ৰসংশা কৰা সকলৰ ভিতৰত আছে স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বাঞ্চ অৱ ফুলছে ৰায়পুৰ চহৰখনত থকা বিভিন্ন মহাপুৰুষৰ মুৰ্তি সমুহো ধুই পৰিস্কাৰ কৰি তোলাৰ লগতে মুৰ্তিৰ নিকতবৰ্তী স্থান সমুহো পৰিস্কাৰ কৰা কামত ধৰিছে। বাঞ্চ অৱ ফুলছে এই কামৰ কথা উল্লেখেৰে কৰা টুইট প্ৰধান মন্ত্ৰীয়ে ৰিটুইট কৰিছিল। ইয়াৰ পিছতে ছট্টিছগড়ৰ মুখ্যমন্ত্ৰী –ডাঃ ৰমণ সিঙে বাঞ্চ অৱ ফুলছক আমন্ত্ৰণ জনাই সম্ভৱপৰ সকলো সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰীজনে গোটটোৰ বেৱচাইটটোও উন্মোচন কৰে।

image


যোৱা প্ৰায় ৬৬ সপ্তাহত বাঞ্চ অৱ ফুলছে ৭৫ টা স্থান পৰিস্কাৰ কৰি তুলিলে। লাহে লাহে এই ধাৰা তীব্ৰতৰ হৈ আহি আছে। কোনো স্থান পৰিস্কাৰ কৰাৰ পিছত স্থানটো খেলিবৰ বাবে পাকিং কৰাৰ দৰে প্ৰয়োজনীয় কামত ব্যৱহাৰ কৰা হয়, যাতে পুণৰ অপৰিস্কাৰ কৰাৰ সম্ভাৱনা কম হয়।

চহৰখন পৰিস্কাৰ কৰাৰ সমান্তৰাল ভাবে গোটটোৱে কণ্যা সন্তান আৰু পানী সংৰক্ষণ অভিযানো আৰম্ভ কৰিছে। বাঞ্চ অৱ ফুলছে সৰু সৰু দোকানক ডাষ্টবিন যোগান দিয়াও আৰম্ভ কৰিছে।

এনেধৰণৰ অন্যান্য প্ৰেৰণাদায়ক কাহিনী পঢ়িবৰ বাবে ফেচবুক পেজলৈ যাওক আৰু শ্বেয়াৰ কৰক

মূলঃ ৰবি ৱৰ্মা

অনুবাদঃ মুকুন্দ মাধৱ নেওগ

অসমত প্ৰাকৃতিক চাহ উৎপাদনৰ পথপ্ৰদৰ্শক ধীৰেন ফুকন

ৰং আৰু ৰেখাৰে অসমক ৰাষ্ট্ৰীয় স্তৰত উজলাই তুলিছে পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ ৰাতুলে

য়েল্ল' পেজেছৰ পৰা অনলাইন বজাৰলৈকে Askmebazaar ৰ নীৰৱ আৰু দ্ৰুত সফলতা

বানে গৰকা বালিময় মাটিত সপোন ৰচিছে মতালেব, কাচেম, শোৰহাব, শোভানহঁতে