চকলেটৰ প্ৰতি থকা নিচাই ৰশ্মি ৱাছৱানীৰ বাবে হ’লগৈ পেছা

চকলেটৰ প্ৰতি থকা নিচাই ৰশ্মি ৱাছৱানীৰ বাবে হ’লগৈ পেছা

Saturday November 07, 2015,

4 min Read

ৰশ্মি ৱাছৱানীৰ চকলেটৰ প্ৰতি আছিল এক প্ৰচণ্ড আসক্তি। চকলেট প্ৰস্তুত কৰাত পাকৈত ৰশ্মিৰ এই নিচাই বিগত ৭ বছৰত পৰিণত হৈছে সফল পেছালৈ।

নতুন দিল্লীৰ আইআইএমত মেনেজমেন্টৰ স্নাতকোত্তৰৰ শিক্ষা গ্ৰহণ কৰি থকাৰ সময়ত বন্ধত বাংগালুৰুৰ নিজ ঘৰলৈ অহাৰ সময়ৰে পৰা ৰশ্মি ব্যস্ত হৈ পৰে চকলেট প্ৰস্তুত কৰাত। ৰশ্মিৰ চকলেটৰ প্ৰতি থকা আগ্ৰহক চকলেট ভাল পোৱা তেওঁৰ দেউতাকে সদায় উৎসাহিত কৰি আহিছে।

শিক্ষা সাং কৰাৰ পাছত ৰশ্মি ৱাছৱানীয়ে এখন ফাইনেন্সিয়েল কনছালটিং ফাৰ্মত গতানুগতিক কাম কৰিবলৈ আৰম্ভ কৰে। কিন্তু তথাকথিত নিয়মমাফিক পুৱা ৯ বজাৰ পৰা ৫ বজালৈ একঘেয়া চাকৰি কৰি ২ মাহতেই ৰশ্মিৰ মনলৈ চাকৰিৰ প্ৰতি অৱসাদ আহিল। তেতিয়াই ৰশ্মিয়ে চকলেটৰ প্ৰতি থকা নিচাক লৈ কিবা এটা কৰাৰ সিদ্ধান্ত লৈ পেলালে। দ্বীপান্বিতাৰ সময়ত ৰশ্মিয়েএখন প্ৰৰ্দশনীমূলক বজাৰত নিজে তৈয়াৰ কৰা চকলেটৰ এখন সৰু ষ্টল দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। স্বাভাৱিকভাৱেই সকলোৱে ৰশ্মিয়ে প্ৰস্তুত কৰা চকলেটৰ সোৱাদত মোহিত হ’ল। ৰশ্মি ৱাছৱানীয়ে প্ৰস্তুত কৰা চকলেটৰ সোৱাদ ডাঙৰ প্ৰতিষ্ঠান এটাৰ একাংশ কৰ্মীয়ে লাভ কৰিলে। ৰেজ চকলেটিয়াৰৰ অংশীদাৰ যুৱ উদ্যোগী ৩৩ বছৰীয়া ৰশ্মিয়ে এতিয়া মনত পেলাই কয়, ‘সেয়াই আছিল আৰম্ভনি, আমি প্ৰতিষ্ঠানটোৰ পৰা ২০০ চক’লেটৰ বাকচৰ অৰ্ডাৰ লাভ কৰিছিলো।’

image


উৎসৱৰ বতৰত ডাঙৰ কোম্পানীবোৰে নিজৰ কৰ্মচাৰীসকলক মিঠাই বা শুকান ফল উপহাৰ দিয়ে। কিন্তু সময় বাগৰাৰ লগে লগে কোম্পানীবোৰে নিজৰ পছন্দ সলনি কৰিছে। ৰশ্মিৰ মতে কোম্পানীবোৰ উছৱৰ সময়ত উপহাৰ দিবলৈ এক অন্য বস্তুৰ সন্ধানত আছিল। দেশীয় বজাৰত দীঘল চকলেটৰ অভাৱ তথা বিদেশী চকলেটৰ সময়োচিত যোগানৰ অভাৱৰ পৰিপ্ৰেক্ষিতত ৰশ্মি ৱাছৱানীয়ে প্ৰস্তুত কৰা দীঘল সুস্বাদু চকলেটে সেই অভাৱ পূৰণ কৰিলে। আৰু এই প্ৰচেষ্টাৰ ফলতেই আজি ৰেজ চকলেটিয়াৰে বজাৰত সফল ব্যৱসায় কৰিবলৈ সক্ষম হৈছে।

পৰিয়ালতেই আছিল সকলো

ৰশ্মিৰ চকলেট প্ৰস্তুতকৰণত তেওঁৰ ভনীয়েকে সদায় সহায় কৰি আহিছে।

ৰশ্মি ৱাছৱানীয়ে কব বিচাৰে যে তেওঁক সদায় এটা বিশেষ কথাই চকলেট প্ৰস্তুত কৰাত উৎসাহ যোগাই আহিছে । সমাজৰ অবহেলিত শিশুসকল সদাই অত্যাধিক মূল্যৰ বাবে খাদ্যসামগ্ৰীৰ এই বিষেষ বস্তুটোৰ পৰা বঞ্চিত হয়, কিন্তু ৰশ্মিৰ প্ৰচেষ্টাত আৰম্ভ হোৱা ৰেজ চকলেটিয়াৰে ভাৰতৰ খুচুৰা বজাৰত প্ৰৱেশ কৰি সুস্বাদু চকলেট এতিয়া এই শিশুসকলৰ বাবে সহজলভ্য কৰি তুলিছে।

বৰ্তমান ৰশ্মি ৱাছৱানী আৰু তেওঁৰ সহকৰ্মীসকলে সময়ে সময়ে অনাথ আশ্ৰম তথা শিশু গৃহসমূহত গৈ তেওঁলোকে প্ৰস্তুত কৰা চকলেট বিতৰণ কৰে।

ৰশ্মি ৱাছৱানী আৰু তেওঁৰ সহকৰ্মীসকলে প্ৰস্তুত কৰা চকলেট সম্পৰ্কত এগৰাকী গ্ৰাহকে কব বিচাৰে যে ৰেজ চকলেটিয়াৰৰ চকলেটসমূহৰ প্ৰধান আকৰ্ষণ হ’ল ইয়াৰ পেকেজিং। অতি সুন্দৰকৈ পেকেজিং কৰা সুস্বাদু চকলেটসমূহ গ্ৰাহকৰ মাজত যথেষ্ঠ সমাদৃত।

image


বাংগালুৰুৰ ৰেছিডেন্সী ৰোডত বৰ্তমান ৰেজ চকলেটিয়াৰৰ এখন চকলেট বিপণন কেন্দ্ৰ আছে। ৰশ্মি ৱাছৱানীয়ে স্থাপন কৰা ৰেজ চকলেটিয়াৰ এতিয়া তেওঁৰ সৈতে ১১ গৰাকী সদস্যৰে এটা চাহিদা বৃদ্ধি পাই থকা কোম্পানী।

প্ৰথমে নিজে চকলেট প্ৰস্তুত কৰি সুখী হোৱা ৰশ্মি ৱাছৱানীয়ে এতিয়া দৈনিক বৃদ্ধি পোৱা বজাৰৰ চাহিদালৈ চাই চকলেট প্ৰস্তুতৰ বাবে অইন ব্যক্তিক নিয়োগ কৰিবলগীয়া হৈছে। ৰশ্মিয়ে কয় যে এতিয়া চকলেট তৈয়াৰ কৰা এই ব্যৱসায় পৰিয়ালৰ মাজতেই এটা অংশীদাৰী ব্যৱসায়ত পৰিণত হৈছে আৰু এই অংশীদাৰসকল হৈছে তেওঁৰ পিতৃ-মাতৃ আৰু ভাতৃ-ভগ্নী।

সমস্যাবোৰ

কোনো উচ্ছাকাংক্ষা নৰখাকৈ চকলেটৰ ব্যৱসায় আৰম্ভ কৰা ৰশ্মি ৱাছৱানীয়ে কব বিচাৰে যে ব্যৱসায় এটা আগুৱাই নিয়াত বহু অসুবিধা আছে। চকলেটৰ এটা নতুন আৰ্হি বজাৰত মুকলি কৰি দিয়াৰ লগে লগেই আন ব্যৱসায়ীয়ে সেই আৰ্হি চুৰি কৰাৰ সম্ভাৱনা থাকে। ব্যৱসায়িক পন্থাসমূহ অইন গোটে নকল কৰাৰো সম্ভাৱনা নুই নকৰে ৰশ্মি ৱাছৱানীয়ে।

ৰশ্মি ৱাছৱানীয়ে বিশ্বাস কৰে যে এক সঠিক দিশত খৰখেদা নকৰাকৈ আগবাঢ়ি গৈ থাকিলে সফলতাও সঠিক দিশতেই আহিব। "আগতে এই ব্যৱসায় সম্পুৰ্ণৰূপে মোৰ নিয়ন্ত্ৰণত আছিল । কিন্তু বৰ্ত্তমান ই মোৰ নিয়ন্ত্ৰণৰো বাহিৰ ।" ৰশ্মিৰ মন্তব্য । কৰ্ণাটকৰ ৰাজ্যিক পৰ্যটন বিভগৰ সহযোগীতাত তেওঁলোকে অলপতে চক’লেটৰ পেকেজিংৰ আৰ্হি স্বৰূপে ঐতিহাসিক গুৰুত্ব থকা চিহ্নসমূহ বাছি লৈছে। ইয়াৰ অংশস্বৰূপে কৰ্ণাটকৰ কেইবাটাও ঐতিহাসিক গুৰুত্ব থকা চিহ্নৰ আৰ্হিত ৰশ্মি ৱাছৱানীয়ে চক’লেটৰ ডিজাইন প্ৰস্তুত কৰিছে। এই পদক্ষেপে তেওঁলোকৰ ব্যৱসায়ত সহায় কৰাৰ লগতে পৰ্যটনৰ ক্ষেত্ৰতো দেশক সহায় কৰিছে বুলি ৰশ্মিয়ে বিশ্বাস কৰে।

চকলেট খাই শিশুৰ মুখত ফুটি উঠা আনন্দ দেখি উৎফুল্লিত হোৱা ৰশ্মি ৱাছৱানীয়ে নিজৰ ব্যৱসায়ৰ বৰ্ধিত চাহিদালৈ চাই অধিক সম্প্ৰসাৰণৰ ওপৰতো গুৰুত্ব দিছে। এই ক্ষেত্ৰত তেওঁৰ মেনেজমেন্টৰ ডিগ্ৰীয়ে যথেষ্ঠ সহায় কৰিছে।

অনুপ্ৰেৰণা

নতুন ঠাই ভ্ৰমণ কৰা আৰু নতুন মানুহক লগ কৰি ভাল পোৱা ৰশ্মি ৱাছৱানী ৰেজ চকলেটিয়াৰৰ যোগেদি লাভ কৰা স্বীকৃতিৰ বাবেই যথেষ্ঠ শিহৰিত। তেও বিশ্বাস কৰে যে পৃথিৱীত সকলো মানুহেই চকলেট ভাল পায়, আৰু আজি তেওঁ এই চকলেট প্ৰস্তুত কৰিয়েই সকলোকে ইয়াৰ সোৱাদ দিব পাৰিছে।

যিসকলে উদ্যোগশীলতাৰ পৰিচয় দি এটা ব্যৱসায় কৰিব বিচাৰিছে তেঁওলোকৰ প্ৰতি ৰশ্মি ৱাছৱানীৰ এটা উপদেশ- ‘সৰুকৈ আৰম্ভ কৰা কিন্তু সাৱধানে আৰম্ভ কৰা। বজাৰৰ প্ৰতি লক্ষ্য ৰাখি নিজে প্ৰস্তুত কৰা বস্তুটোৰ গুণগত মানৰ লগত আপোচ নকৰি যদি আগবঢ়া যায় তেন্তে সফল হোৱাটো খাটাং।’

image


মূল- শাশ্বতী মূখাৰ্জী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

কেক বনোৱাৰ চখৰপৰাই আৰম্ভ টিক্-টক্ বেইকহাউছ

বিয়াৰ বাবে ফটোগ্ৰাফাৰৰ সন্ধান কৰোতে সৃষ্টি হ'ল কিউ ৱাই কে (Qyk) ৰ

“যদি দৃঢ়বিশ্বাস থাকে তেন্তে সফলতা অনিবাৰ্য”: ডঃ বন্দনা জৈন