হুইল চেয়াৰত বহা এজন সেনা বিষয়াই কান্ধ পাতি লৈছে ৫০০ ল’ৰা-ছোৱালীৰ দায়িত্ব

হুইল চেয়াৰত বহা এজন সেনা বিষয়াই কান্ধ পাতি লৈছে ৫০০ ল’ৰা-ছোৱালীৰ দায়িত্ব

Friday December 11, 2015,

4 min Read


প্ৰত্যেকৰে জীৱনত দুৰ্ঘটনা সংঘটিত হয় আৰু অধিকাংশ মানুহেই ইয়াৰ পিছত ভাগি পৰা দেখা যায়।ইয়াৰ মাজতে আমাৰ সমাজত কেপ্তেইন নবীন গুলিয়াৰ দৰে ব্যক্তিও আছে যিসকলে দুৰ্ঘটনাক নেওচি অধিক শক্তিশালী ৰূপত উদ্ভাসিত হয়। জীৱনটোক নতুনকৈ যাপন কৰিবলৈ চেষ্টা কৰে,নতুন উদ্যমৰ সংযোজন ঘটাই আনকো ইয়াৰ দ্বাৰা উপকৃত কৰিবলৈ বিচাৰে। দুভৰিৰে নিজৰ শৰীৰৰ ভাৰ উঠাবলৈ অক্ষম হ’লেও হুইল চেয়াৰত বহিয়ে কেপ্তেইন নবীন গুলিয়াই কেও-কিছু নোহোৱা শিশুসকলৰ দায়িত্ব গ্ৰহণ কৰিছে।পঢ়া-শুনাৰ সুবিধা, খাদ্য-বস্ত্ৰৰ পৰা বঞ্চিত এইসকলৰ শিশুৰ সকলো দায়িত্ব গ্ৰহণ কৰে কেপ্তেইন নবীন গুলিয়াই।“নিজৰ পৃথিৱী, নিজৰ ঘৰ” নামৰ নিজৰ সংস্থাৰ মাধ্যমত সেনা বিষয়াগৰাকীয়ে শ শ শিশুৰ পঢ়া-শুনাৰ দায়িত্ব লোৱাৰ লগতে পিতৃ-মাতৃৰ সকলো কৰ্তব্য নিয়াৰিকৈ পালন কৰিছে।

image


শৈশৱৰ পৰাই কেপ্তেইন গুলিয়াই দেশৰ বাবে কিবা এটা কৰাৰ হেঁপাহ মনত পুহি ৰাখিছিল যাৰ বাবে তেওঁ পেৰা কামাণ্ডোৰ প্ৰশিক্ষণো গ্ৰহণ কৰে।কিন্তু চাৰিবছৰৰ প্ৰশিক্ষণৰ অন্তত এটা প্ৰতিযোগিতাত অংশ লোৱাৰ সময়ত তেওঁ যথেষ্ট উচ্চতাৰ পৰা তললৈ দুৰ্ঘটনাবশঃত সৰি পৰে।ৰাজহাঁড়ত তেওঁ বেয়াকৈ দুখ পায় আৰু দুবছৰ চিকিৎসালয়ত কটোৱাৰ পিছত তেওঁ সেনাৰ কাম এৰিবলগীয়া হয়।কিন্তু তেতিয়াও তেওঁৰ মনত দেশসেৱাৰ অগনি উমি উমি জ্বলিয়ে আছিল। তেওঁৰ মতে,“আজি মই দৰিদ্ৰ আৰু অক্ষম শিশুসকলৰ বাবে কিবা এটা কৰিব পাৰিছো যদিও ইয়াত মোক সন্মান প্ৰদৰ্শন কৰাৰ প্ৰশ্ন নুঠে, এয়া মোৰ সমাজ আৰু দেশৰ প্ৰতি পালন কৰিবলগীয়া কৰ্তব্য।” আনতকৈ কিছু পৃথক চিন্তাৰ কেপ্তেইন গুলিয়া আৰু তেওঁৰ সংস্থাই দৰিদ্ৰ শিশু,মগনীয়া ল’ৰা-ছোৱালী আৰু ইটা ভাটাত কাম কৰা শিশু শ্ৰমিকসকলৰ বাবে কাম কৰি আছে।শিশুসকলৰ প্ৰয়োজন অনুসৰি তেওঁ সহায় আগবঢ়ায়।ইয়াৰ লগতে পিতৃ-মাতৃয়ে নিথৰুৱাকৈ কৰি এৰা শিশুৰো চোৱা-চিতাৰ দায়িত্ব তেওঁ গ্ৰহণ কৰে।

image


শীতৰ কোনোবা এটা ৰাতি কুঁৱলিয়ে ঢকা ৰাজপথত কেপ্তেইন গুলিয়াই এজনী দুবছৰীয়া কণমানিৰ কান্দোন শুনিছিল।অতি কম কাপোৰ শৰীৰত থকা কনমানিজনীয়ে জাৰত ঠেৰেঙা লাগিছিল।কেইটিমান সৰু ল’ৰা-ছোৱালীয়ে শিশুটিক সেই স্থানত এৰি ওচৰতে খেলাত মগন হৈ আছিল।কেপ্তেইন গুলিয়াই তেওঁলোকক বিচাৰি উলিয়াই শিশুটিক তেনেকৈ এৰাৰ বাবে ককৰ্থনা কৰিছিল।ল’ৰা-ছোৱালীকেইটাই শিশুটিক লৈ আঁতৰি যোৱাৰ পিছতে তেওঁৰ মনত এনেধৰণৰ শিশুক সহায় কৰাৰ ভাবে দোলা দি গৈছিল।তেওঁ তেতিয়াই দৰিদ্ৰ শিশুৰ চোৱা-চিতাৰ কাম কৰি যোৱাৰ সিদ্ধান্ত লয়।

তেওঁ নিজৰ কাম প্ৰথমে আৰম্ভ কৰে ভোকাতুৰ শিশুসকলক সহায় কৰি।ইয়াৰ পিছতে তেওঁ শিশুসকলৰ পঢ়া-শুনাৰ দায়িত্ব গ্ৰহণ কৰাৰো সিদ্ধান্ত লয়।অধ্যয়নৰ বাবে আগ্ৰহী শিশুসকলক তেওঁ বাছি উলিয়াইছিল।কেৱল বিদ্যালয়ত নামভৰ্তি কৰোৱাই নহয় সিঁহতৰ মাচুল, কাপোৰ আৰু আন দিশৰো খৰচৰ বোজা কেপ্তেইন গুলিয়াই গ্ৰহণ কৰে।বৰ্তমান সেনা বিষয়াগৰাকী আৰু তেওঁৰ সংস্থাই গুৰগাঁৱৰ আশে-পাশে কমেও ৫০০ এনে শিশুৰ চোৱা-চিতা কৰে।

image


কেপ্তেইন গুলিয়াৰ একান্ত প্ৰয়াসতে মহিলাৰ সংখ্যা কম থকা গাঁওসমূহত সজাগতা অভিযান আৰম্ভ হৈছে।গাঁৱৰ ছোৱালীসমূহক তেওঁ বক্সিঙৰ প্ৰশিক্ষণো প্ৰদান কৰে।কেৱল আত্মৰক্ষাৰ বাবেই নহয় বক্সিং ৰিঙত নামি যাতে তেওঁলোকে দেশৰ নাম উজ্বলাব পাৰে তাৰবাবেই তেওঁৰ এই প্ৰচেষ্টা।তেওঁৰ কেইবাগৰাকীও ছাত্ৰীয়ে সৰ্বভাৰতীয় পৰ্যায়ৰ বক্সিঙত নিজৰ ৰাজ্যক প্ৰতিনিধিত্বও কৰিছে।শাৰীৰিকভাৱে অক্ষম শিশুসকলৰ প্ৰতিও তেওঁ নিজৰ দায়িত্ব পালন কৰি আহিছে।পঢ়া-শুনাৰ পৰা চিকিৎসালৈকে এনেধৰণৰ শিশুৰ বাবে যৎপৰোনাস্তি কৰি আহিছে কেপ্তেইন গুলিয়া আৰু তেওঁৰ সংস্থাই।

image


“নিজৰ পৃথিৱী, নিজৰ ঘৰ” নামৰ তেওঁৰ এই সংস্থাই সময়ে সময়ে চিকিৎসা শিবিৰৰ আয়োজন,ভোকাতুৰ শিশুৰ বাবে খাদ্যৰ যোগান, দৰিদ্ৰ শিশুক কাপোৰ দিয়া আদি বিভিন্ন কাম সম্পাদন কৰে।শিশুসকলৰ অধ্যয়নৰ দিশতো এই সংস্থাই সহায় কৰে। বিগত দহ বছৰ ধৰি হাৰিয়ানাৰ সমীপৰ মানেচৰত থকা চানী নামৰ এটি শিশুৰ পঢ়া-শুনা আৰু স্বাস্থ্যৰ উন্নতি ঘটাবলৈ এই সংস্থাই সহায় কৰি আহিছে।কেপ্তেইন গুলিয়াই জনোৱা মতে এই শিশুটিয়ে প্ৰতিটো শ্ৰেণীতে প্ৰথম স্থানত উত্তীৰ্ণ হোৱাৰ লগতে দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত এইবাৰ শতকৰা ৯৫শতাংশ নম্বৰ অৰ্জন কৰিছে।সেইদৰে পলিঅ’ত আক্ৰান্ত হোৱাৰ বাবে গীতা নামৰ এগৰাকী ছাত্ৰীৰ অধ্যয়ন বাধাগ্ৰস্ত হৈ পৰিছিল।কিন্তু এই সংস্থাৰ সংস্পৰ্শলৈ অহাৰ পিছত গীতাই কেৱল নিজৰ অধ্যয়ন সম্পূৰ্ণ কৰাই নহয় বৰ্তমান এগৰাকী শিক্ষয়িত্ৰীৰূপে আন আন শিশুক পঢ়ুৱাই নিজৰ দায়িত্ব পালন কৰি আছে।এনেধৰনৰ আন বহুতো শিশু আছে যিসকল এই সংস্থাৰ দ্বাৰা উপকৃত হৈছে।সংস্থাটোৱে সহায় কৰা শিশুসকলৰ বয়স সাধাৰণতে ৪ৰ পৰা ১৪ বছৰ বয়সৰ ভিতৰত।

image


কেৱল দৰিদ্ৰ শিশুৰ প্ৰতি দায়িত্ব পালন কৰাতে নহয় এগৰাকী সু-লেখক হিচাপেও কেপ্তেইন নবীন গুলিয়াৰ যথেষ্ট নাম আছে। বজাৰত উপলব্ধ ‘বীৰ উসকো জানিয়ে’ আৰু ‘ইন কুৱেষ্ট অব দ্য লাষ্ট ভিক্টৰী’ নামৰ তেওঁৰ দুখন গ্ৰন্থৰ যথেষ্ট সমাদৰ আছে।নিজে কৰিব বিচৰা সকলোখিনি কাম কেপ্তেইন গুলিয়াই ইতিমধ্যে সম্পন্ন কৰিছে।হুইল চেয়াৰত আৱদ্ধ হৈও তেওঁৰ নামত আজি বহুকেইটা অভিলেখ আছে।এডভেন্সাৰ ড্ৰাইভিং আৰু পাৱাৰ হেডগ্লাইডাৰত তেওঁৰ বহুখিনি দখল আছে।

image


ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে সোধাত কেপ্তেইন গুলিয়াই মাথো ক’য়, “মহাত্মা গান্ধীয়ে কৈছিল যে যিকোনো এখন সমাজৰ প্ৰগতি তাত বাস কৰা দুৰ্বল শ্ৰেণীৰ অৱস্থাৰে জুখিব পাৰি।আমাৰ সমাজত আটাইতকৈ দুৰ্বলসকল হৈছে শিশু আৰু যদি আমিয়ে তেওঁলোকক নাচাও তেনেহ’লে কোনে চাব? সেইবাবে মই এনে শিশুসকলক সকলোতকৈ বেছি সহায় কৰিব বিচাৰোঁ।”

image


মূল-হৰিশ বিষ্ট

অনুবাদ-তুলিকা দেৱী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

বাংগালুৰুৰ কলা চাৰলুৰ চৰকাৰী বিদ্যালয়ৰ ছোৱালীলৈ সমতাৰ উপহাৰ

সৰু প্ৰত্যাহ্বানে জীৱনৰ দিশ সলনি কৰিব পাৰে : সুষমা বাৰলিয়া

সমস্যা সমাধান আৰু জীৱন ৰক্ষাত ব্ৰতী অভিজিতা কুলশ্ৰেষ্ঠৰ আকৰ্ষণীয় অতিন্দ্ৰীয়বাদৰ আহ্বান

এগৰাকী চেম্পিয়ন সৃষ্টিৰ কাহিনী-হ্ৰদ নগৰীৰ কন্যাৰ সমুদ্ৰ জয়