দেশৰ প্ৰথমখন আৱৰ্জনাৰে চলা বাছ

দেশৰ প্ৰথমখন আৱৰ্জনাৰে চলা বাছ

Thursday July 07, 2016,

2 min Read

অলপতে কৰ্ণাটক ৰাজ্যিক পৰিবহণ নিগমে ১০০ শতাংশ বায়'ডিজেলত চলা দেশৰ প্ৰথমখন বায়বাছ প্ৰৱৰ্তন কৰে । বাঙ্গালুৰু আৰু চেন্নাইৰ মাজত চলিবলগীয়া এই বাছখন মুকলি কৰে পৰিবহণ মন্ত্ৰী ৰামালিংগা ৰেড্ডিয়ে । এনেধৰণৰ অধিক বাছ অচিৰেই প্ৰৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে বিভাগটোৱে । এই বাছখন প্ৰৱৰ্তনৰ উদ্দেশ্য হল সেউজ গৃহ প্ৰভাৱ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ কৰা । আনহাতে এক লিটাৰ বায়'ডিজেল সাধাৰণ ডিজেলতকৈ পাঁচ টকা সস্তা । ইয়াৰ ফলত ৰাজকোষৰ ধনো যথেষ্ট ৰাহি হ'ব । ডেক্কান হেৰল্ডৰ এক বাতৰিত এই কথা প্ৰকাশ ।

Image: (L-R) Fooyoh ; Deccan Herald

Image: (L-R) Fooyoh ; Deccan Herald


বিভাগটোৱে অতি সোনকালে এনে বাঠৰ সংখ্যা ১০ খনলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে । ই প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি বিশ্বাস কৰে বিভাগটোৱে । 'এই বাছখন আমি পাইলট প্ৰজেক্ট হিচাপে প্ৰৱৰ্তন কৰিছো । ই পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।' পৰিবহণ মন্ত্ৰীগৰাকীয়ে কয় ।

Image : Deccan Herald

Image : Deccan Herald


'ডিজেল বাছত অতিমাত্ৰা ধোঁৱা দেখা যায় । কিন্তু বায়'ডিজেলৰ ক্ষেত্ত এই সমস্যা নাই ।' এই মন্তব্য কৰে এজন বাছ চালকে । সমগ্ৰ দেশজুৰি ৰাজ্যিক পৰিবহণ নিগমৰ বাছসমূহে দৈনিক প্ৰায় ১.৫০ লাখ বাছ চলায় আৰু সাত কোটি যাত্ৰীক সেৱা প্ৰদান কৰে । এই সংখ্যা ভাৰতীয় ৰেলৰ তুলনাত তিনিগুণ বেছি । 

প্ৰতিদিনে প্ৰায় ৩০০ কোটি লিটাৰ ডিজেল পোৰা হয় । বায়'ডিজেল ব্যৱহাৰৰ ফলত ৰাজকোষৰ বিপুল ধন ৰাহি হ'ব পাৰে । 'ই পাইলট প্ৰজেক্ট হ'লেও আমি এই সংখ্যা ১৭০০০ লৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছো । প্ৰথমবাৰৰ বাবে দেশত এনে পদক্ষেপ লোৱা হৈছে ।' কৰ্ণাটক ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক ৰাজেন্দৰ কুমাৰ কাটাৰিয়াই এই কথা কয় ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

নৈষ্ঠিক ব্ৰাহ্মণে চোৱা-চিতা কৰা এটা মছজিদ

'চ’লাৰ দিদি'য়ে প্ৰমাণ কৰিছে- মহিলাই যিকোনো কামেই কৰিব পাৰে

আপোনাৰ চাকৰিটো এৰি উদ্যোগ আৰম্ভ কৰাৰ সঠিক সময় কেনেকৈ চিনিব

উত্তৰ-পূৰ্বাঞ্চলত চিকিৎসা সেৱা সহজ কৰি তুলিছে অক্সিস্কোৱেৰে