কৰ্ণাটক-জাৰ্মানীৰ সম্পৰ্ক শিখৰলৈ উঠাৰ ১০টা কাৰণ

কৰ্ণাটক-জাৰ্মানীৰ সম্পৰ্ক শিখৰলৈ উঠাৰ ১০টা কাৰণ

Friday February 05, 2016,

3 min Read

বৰ্তমান ৭.৭ বিলিয়ন মাৰ্কিন ডলাৰ মূল্যৰ সামগ্ৰী আমদানিৰে জাৰ্মানী, ভাৰতৰ শীৰ্ষ আমদানি কৰা দেশৰ তালিকাত ৮ নম্বৰত আছে। ইউৰোপৰ সপ্তম বৃহৎ দেশখনৰ সৈতে থকা সম্পৰ্ক আৰু মজবুত কৰিবলৈ কৰ্ণাটকে এখোজ আগুৱাই গৈ বৃহৎ পৰিৱেশতন্ত্ৰ ‘বিনিয়োগ কৰ্ণাটক ২০১৬’ৰ জৰিয়তে দুয়োখন দেশে কেনেদৰে লাভান্বিত হ’ব তাক দৰ্শাইছে।

ইণ্ডো-জাৰ্মান চেম্বাৰ অৱ কমাৰ্চৰ সম্পাদক হুবাৰ্ট ৰে’লাৰ্ডৰ মতে,কৰ্ণাটক বৰ্তমান জাৰ্মানীৰ Bosch and Siemens কে ধৰি ৮টা বৃহৎ কোম্পানীৰ খেলপথাৰ।

image


ইণ্ডো-জাৰ্মান চেম্বাৰ অৱ কমাৰ্চৰ সৈতে ৬০টাতকৈও অধিক কোম্পানী থকাটোলৈ চাই হুবাৰ্টে জাৰ্মানসকলৰ বাবে কৰ্ণাটক কিয় এখন প্ৰিয় ক্ষেত্ৰ হৈ পৰিছে তাক ব্যাখ্যা কৰিছে।জাৰ্মান কোম্পানীবিলাকৰ সৈতে ভাৰতে দেশীয় কোম্পানী আৰু এচিয়াৰ আন আন দেশৰ লগত যুক্ত কৰোৱাত জাৰ্মান কোম্পানীবিলাকৰ ব্যাৱসায়ৰ পৰিসৰ বৃদ্ধি পাইছে।

তদুপৰি, তেওঁৰ বাবে বাংগালুৰু এক আদৰ্শ ঠাই হৈ পৰিছে,যিহেতু উচ্চ নিয়োগহীনতাৰ বাবে ইউৰোপৰ বজাৰ দুৰ্বল হৈ পৰিছে।ইয়াৰ উপৰি ইণ্ডো-জাৰ্মান সম্পৰ্কৰ ক্ষেত্ৰত গৱেষণা আৰু উদ্ভাৱন যিহেতু এক এৰাব নোৱাৰা দিশ, সেইফালৰ পৰা কৰ্ণাটকে উচিত শিক্ষা প্ৰদানেৰে এই সম্পৰ্কলৈ সহাঁৰি জনাইছে আৰু সম্পৰ্ক দৃঢ়তৰ কৰি তুলিছে।

২০০৭ চনৰ এপ্ৰিলত, বাভেৰিয়াই এখন বুজাবুজিৰ চুক্তি কৰিলে।তেতিয়াৰে পৰা জাৰ্মানীৰ সৈতে কৰ্ণাটকৰ অৰ্থনৈতিক বিনিময়ৰ পথটো ক্ৰমশঃ উন্নত হৈ আহিল।

বিনিময়সমূহঃ

• বাভেৰিয়া হৈছে বৃহৎ ঔদ্যোগিক প্ৰতিস্থান Adidas, BMW, MAN, Allianz আৰু Siemens ৰ মূখ্য কাৰ্যালয়।২০১৩ চনত জাৰ্মানীৰ পৰা ভাৰতৰ আমদানিৰ পৰিমাণ আছিল ১.৪ বিলিয়ন ইউৰো আৰু দেশখনলৈ ভাৰতে কৰা ৰপ্তানিৰ পৰিমাণ আছিল ৯৪৩ মিলিয়ন ইউৰো।

• প্ৰায় ১২,০০০ ভাৰতীয় লোকৰ বসতিৰে জাৰ্মানীত বাভেৰিয়াৰ ২য় বৃহৎ ভাৰতীয় গোট আছে।কেৱল মিউনিখতে ২,৬০০ সংখ্যক ভাৰতীয় লোক আছে।

• ব্যাৱসায়িক সহযোগিতাৰ জৰিয়তে,৭০ টাৰো অধিক ভাৰতীয় কোম্পানীয়ে বাভেৰিয়াত নিজৰ ব্যাৱসায়িক প্ৰতিষ্ঠান খুলি ইউৰোপীয় মহাসংঘৰ সৈতে যুক্ত হ’ব খুজিছে।তাৰ ভিতৰত আছে TCS, L&T Infotech,যিয়ে তেওঁলোকৰ গৱেষণা আৰু উন্নয়ণ কেন্দ্ৰ গঢ়ি তুলিছে, আৰু উইপ্ৰ’ই নুৰেমবাৰ্গ আৰু মিউনিখত কাৰ্যালয় খুলিছে।

• বাভেৰিয়াই ভাৰতীয় বিশ্ববিদ্যালয়ৰ সৈতে ৩০ টা শৈক্ষিক বিনিময় কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু হফ বিশ্ববিদ্যালয়ত German Indian Management Studies শীৰ্ষক এক নতুন বিষয় অধ্যয়নৰ বাবে মুকলি কৰিছে।

• বগা এলইডি লাইট আৰু ফোনৰ এমপি3 চফটৱেৰৰ উদ্ভাৱক ফ্ৰনহফাৰ চ’ছাইটিৰ উপ-মহাদেশীয় কাৰ্যালয় কেৱল বাংগালুৰুত হে আছে।চ’ছাইটিয়ে বছৰি গৱেষণাৰ বাবে ২ বিলিয়ন ইউৰো খৰচ কৰে আৰু প্ৰতিদিনে ২ টাতকৈ অধিক নতুন পেটেণ্ট পূৰ্ণ কৰে।

• ২০১২ চনত প্ৰতিস্থানটো স্থাপন কৰাৰে পৰা ১০০ টা সৃষ্টিশীল প্ৰকল্প ৰূপায়ণ কৰা হৈছে যাৰ মূল্য হ’ব প্ৰায় ৮ মিলিয়ন ইউৰো।


সমৰূপতা

• বাভেৰিয়া আৰু কৰ্ণাটক দুয়োখন ঠাইকে তথ্য-প্ৰযুক্তি,জৈৱ-প্ৰযুক্তিবিদ্যা,চিকিৎসা প্ৰযুক্তি আৰু এৰ’স্পেস ক্ষেত্ৰত বিনিয়োগৰ বাবে উত্তম ঠাই হিচাপে গণ্য কৰা হয়।

• দুয়োখন ঠাই নিজা নিজা ক্ষেত্ৰত পেটেণ্টৰ বাবে শ্ৰেষ্ঠ।বাভেৰিয়াই জাৰ্মানীৰ ২৬.৪ শতাংশ পেটেণ্ট ধৰি ৰখাৰ বিপৰীতে ভাৰতত, কৰ্ণাটকত বৃহৎ সংখ্যক আন্তঃৰাষ্ট্ৰীয় পেটেণ্ট আছে।

• ৱৰ্ল্ড ষ্টাৰ্ট-আপ প্ৰতিবেদন,২০১৩ৰ মতে,জাৰ্মানীৰ বাভেৰিয়া ৰাজ্যত সৰ্বাধিক সংখ্যক ষ্টাৰ্ট-আপ আছে, আনহাতে বাংগালুৰুক ষ্টাৰ্ট-আপৰ মক্কা বোলা হয়,কিয়নো ভাৰতত উন্মোচন হোৱা ষ্টাৰ্ট-আপৰ ৪১ শতাংশ যোগান ধৰে বাংগালুৰুৱে।

• বাভেৰিয়াক জাৰ্মানীৰ তথ্য-প্ৰযুক্তিৰ কেন্দ্ৰ বুলি কোৱা হয়।ইয়াৰ পৰা দেশখনৰ তথ্য-প্ৰযুক্তিলৈ ২৫ শতাংশ অৱদান আগবঢ়োৱা হয়।আনহাতে কৰ্ণাটক ৰাজ্যৰ বাংগালুৰু হৈছে ভাৰতৰ প্ৰযুক্তিৰ ৰাজধানী।


মূলঃ তৰুষ ভাল্লা

অনুবাদঃ লীনা শইকীয়া


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


এইধৰণৰ অন্যান্য কাহিনী

কেইবাখনো বুজাবুজিৰ চুক্তিৰে ইনভেষ্ট কৰ্ণাটকাত ইংলেণ্ডৰ সহযোগ

বিনিয়োগৰ অনুকুল পৰিবেশ গঢ়ি তোলাত সফল কৰ্ণাটক

ইনভেষ্ট কৰ্ণাটকা ২০১৬- এক যুগান্তকাৰী পদক্ষেপ

বাঙ্গালুৰুতে সীমাবদ্ধ নহয় কৰ্ণাটকৰ ষ্টাৰ্টআপ