ড্ৰাগছৰ বিৰুদ্ধে যুঁজত আছাম টকছৰ সৈতে য়'ৰ ষ্ট'ৰী

আছাম টকছৰ যুঁজলৈ সঁহাৰি অসমৰ জনতাৰ... সহযোগিতা য়’ৰ ষ্ট'ৰী অসমীয়াৰো... অসমৰ পৰা ড্ৰাগছ মূলোচ্ছেদ কৰাৰ অভিযানলৈ 

ড্ৰাগছৰ বিৰুদ্ধে যুঁজত আছাম টকছৰ সৈতে য়'ৰ ষ্ট'ৰী

Saturday May 14, 2016,

4 min Read

য়'ৰ ষ্ট'ৰী অসমীয়াই সহযোগিতা আগবঢ়াইছে এক যুঁজত। নিষিদ্ধ ড্ৰাগছৰ কবলৰ পৰা অসমৰ যুৱ প্ৰজন্মক ৰক্ষা কৰাৰ এক অঘোষিত ৰণত নামি পৰিছে ‘আছাম টকছ’ নামৰ নিউজ চেনেলটো। উল্লেখ্য যে শেহতীয়াকৈ অসমৰ বিভিন্ন প্ৰান্তত শিপোৱা ড্ৰাগছৰ মূলোচ্ছেদ কৰাৰ লগতে ড্ৰাগছ আসক্ত সকলৰ পুনৰ্বাসনৰ বাবে অসমীয়া জনতাৰ সহযোগত নিউজ চেলেনটোৱে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। আৰু এই যাত্ৰাৰ ডিজিটেল মিডিয়া পাৰ্টনাৰ হিচাপে আপোনালোকৰ মৰমৰ য়’ৰ ষ্ট'ৰী অসমীয়াও জড়িত হৈ আছে।


image


আছাম টকছৰ কাৰ্যবাহী সম্পাদক কুমুদ দাসে য়’ৰ ষ্ট'ৰী অসমীয়াক কয়, ‘ড্ৰাগছৰ কবলৰ পৰা অসমৰ যুৱ প্ৰজন্মক ৰক্ষা কৰাৰ যুঁজ আমি অবিৰামভাৱে চলাই যাম। অসমৰ প্ৰগতিৰ বাবেই যিকোনো পৰিস্থিতিতে আমি নৱপ্ৰজন্মক ড্ৰাগছৰ হাতোৰাৰ পৰা ৰক্ষা কৰিব লাগিব।’


image


গুৱাহাটীৰপৰা সম্প্ৰচাৰ চলোৱা নিউজ চেনেলটোৱে এই সন্দৰ্ভত বিভিন্ন বাতৰি প্ৰকাশ কৰিছে। সকলো পৰ্যায়ৰ জনতাক ড্ৰাগছবিৰোধী অভিযানত অংশগ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাইছে চেনেলটোৱে। আছাম টকছৰ এই অনুৰোধৰ প্ৰতি ব্যপক সঁহাৰিও অহা পৰিলক্ষিত হৈছে। আছাম টকছৰ কাৰ্যালয়লৈ ভাৰতৰ বিভিন্ন প্ৰান্তত থকা অসমীয়াসকলে ফোনযোগে এই যাত্ৰাৰ অংশীদাৰী হোৱাৰ বাবে মত ব্যক্ত কৰিছে। সমান্তৰালভাৱে নিউজ চেনেলটোৰ কাৰ্যালয়লৈ আহি ড্ৰাগছবিৰোধী অনুষ্ঠানত অংশগ্ৰহণ কৰি বহুতেই তেওঁলোকৰ সবল স্থিতি স্পষ্ট কৰিছে।

আছাম টকছৰ বাৰ্তা সম্পাদক ঋতুস্মিন শৰ্মাই ডিব্ৰুগড়ত চলোৱা এক অভিযানৰ পিছৰে পৰাই নিউজ চেনেলটোৰ এই যাত্ৰা আৰম্ভ হয়। এডিটৰ-ইন-চীফ অতনু ভূঞাৰ পৰামৰ্শ অনুসৰি ঋতুস্মিন শৰ্মাই ডিব্ৰুগড়ত এক অভিযান চলাইছিল। তেওঁৰ অভিযানত উন্মোচিত হৈছিল কিদৰে মুহূৰ্তৰ ভিতৰতে ড্ৰাগছ ক্ৰয় কৰিব পাৰি অন্ধকাৰ সাম্ৰাজ্যৰ পৰা।


image


 আছাম টকছৰ বাৰ্তা সম্পাদক ঋতুস্মিন শৰ্মাই কয়, ‘নিজৰ জীৱনকো তুচ্ছ কৰি আমি ড্ৰাগছৰ ঘাটিত সোমাই পৰিছিলো। আমাৰ চকুৰ সন্মুখতে মুহূৰ্তৰ ভিতৰতে ড্ৰাগছ ক্ৰয় কৰা হ’ল। এই অভিযানটোত যি দৃশ্য আমাৰ সন্মুখত উন্মোচিত হ’ল সেয়া সঁচাকৈয়ে ভয়াৱহ। আমি ধাৰণা কৰিব নোৱৰাকৈ ভয়াৱহ ড্ৰাগছৰ ব্যৱসায়।’

ঋতুস্মিন শৰ্মাৰ প্ৰতিবেদন প্ৰচাৰ হোৱাৰ পিছতে আছাম টকছ নামৰ নিউজ চেনেলটোৱে ড্ৰাগছবিৰোধী অভিযান তীব্ৰতৰ কৰি তোলে। কিয়নো এতিয়াই ব্যৱস্থা গ্ৰহণ নকৰিলে মহামাৰীৰ দৰে ড্ৰাগছে অসমৰ যুৱ প্ৰজন্মক শেষ কৰি দিব পাৰে। এই অঘোষিত ৰণ বহুতো ব্যক্তি আৰু সংস্থাৰ বাবে পথ প্ৰদৰ্শক বুলিও ক’ব পাৰি। আছাম টকছৰ ড্ৰাগছবিৰোধী অনুষ্ঠানত অংশগ্ৰহণ কৰি এজন সমাজকৰ্মীয়ে উল্লেখ কৰে যে, ‘প্ৰথমে আমি এই সমস্যাক বিশেষ গুৰুত্ব দিয়া নাছিলো। ড্ৰাগছ সেৱন এক সমস্যা বুলি আমাৰ ধাৰণা স্পষ্ট, কিন্তু আমাৰ অলক্ষিতে এই সমস্যাই ইমান গুৰুতৰ ৰূপ ধাৰণ কৰিছে বুলি আমি ভাবিবও পৰা নাছিলো। আছাম টকছ ইয়াৰ বাবে ধন্যবাদৰ পাত্ৰ। কিয়নো তেওঁলোকে আমাৰ চকু মেল খুৱাই দিলে।’

কেৱল বাতৰি নহয়, দায়িত্ব ল’ব আছাম টকছে

ড্ৰাগছৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰিয়েই দায়িত্ব সামৰা নাই আছাম টকছে। বাতৰি প্ৰকাশৰ সমান্তৰালভাৱে আছাম টকছে এক প্ৰশংসনীয় সিদ্ধান্ত গ্ৰহণ কৰিছে। আছাম টকছ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে যে পাঁচজন ড্ৰাগছ আসক্তৰ দায়িত্ব ল’ব আছাম টকছে। পুনৰ সংস্থাপন কেন্দ্ৰত তেওঁলোকক ৰখোৱাৰো ব্যৱস্থা কৰিব। এই পাঁচজন ়ড্ৰাগছ আসক্তৰ চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিব চেনেলটোৱে। যিসকল ড্ৰাগছ আসক্তই মূল সুঁতিলৈ ঘূৰি আহিব খুজিছে তেওঁলোকক আছাম টকছৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছে। 

সমাজৰপৰা ড্ৰাগছৰ মূলোচ্ছেদ কৰিবলৈ কেৱল আছাম টকছে অকলেই একো কৰিব নোৱাৰে। এই যাত্ৰাত সকলো অসমীয়াই মাৰ বান্ধি ওলাই আহিব লাগিব। সকলো অসমীয়াকে এই মহাৰণত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে আছাম টকছে।


image


‘এই ৰণ এদিনতে শেষ হোৱা ৰণ নহয়। আমি যাৰ বিৰুদ্ধে ওলাই আহিছো, সেই ড্ৰাগছৰ পোহাৰ মেলি দিয়াসকল ফেচলেচ এনিমী। আমি তেওঁলোকক চিনি নাপাওঁ। হয়তো এই অনন্তকাললৈ চলিব। আমি যুঁজ চলাই যাব লাগিব।’ ঋতুস্মিন শৰ্মাৰ মন্তব্য।

সকলো পৰ্যায়ৰ লোককে সাধ্য অনুসৰি এই ড্ৰাগছবিৰোধী এই যুঁজত অংশগ্ৰহণ কৰিবলৈ আহ্বান চেনেলটোৰ। ডিজিটেল মিডিয়া পাৰ্টনাৰ হিচাপে য়’ৰ ষ্ট'ৰী অসমীয়ায়ো ড্ৰাগছবিৰোধী অভিযানত সম্পূৰ্ণ সহযোগ কৰিছে এই যাত্ৰাত। 

image


য়ৰ ষ্টৰী অসমীয়াৰ প্ৰমূখ, য়'ৰ ষ্ট'ৰী মিডিয়াৰ সহকাৰী সম্পাদক (অসমীয়া) ঋদ্ধীশ চক্ৰৱৰ্তীয়ে কয়, 'ড্ৰাগছ নামৰ মহাদানৱৰ উপদ্ৰৱ সমগ্ৰ বিশ্বই দেখিছে। সেয়েহে ইয়াক নিৰ্মূল নকৰা পৰ্যন্ত যুৱ সমাজ সুৰক্ষিত নহয় । আছাম টকছৰ এই পদক্ষেপক আমি আদৰণি জনাওঁ আৰু ভাৰতত উদ্যমিতা তথা যোগাত্মকতাৰ বৃহত্তম মঞ্চ য়'ৰ ষ্ট'ৰী পৰিয়ালৰ হৈ য়'ৰ ষ্ট'ৰী অসমীয়াৰ তৰফৰ পৰা আমি সকলো সহযোগিতা আগবঢ়াম।'

উল্লেখযোগ্য যে য়'ৰ ষ্ট'ৰী হৈছে উদ্যমিতা বিকাশৰ লগতে অনুপ্ৰেৰণামূলক সঁচা কাহিনী প্ৰকাশৰ বাবে ভাৰতত উপলব্ধ বৃহত্তম মাধ্যম আৰু ই অসমীয়াকে ধৰি ১২ টা ভাৰতীয় ভাষাত উপলব্ধ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

জীৱনৰ প্ৰতিটো খোজত বিফলতাই গঢ় দিয়া এজন সফল উদ্যমী

পাৰম্পৰিক মূখা শিল্পত নতুনত্বৰ সংযোগ ঘটোৱা এক পিতা-পুত্ৰ যুটি

অভিনয়ৰে জীৱন ৰঙীন কৰা শিল্পীগৰাকী

পৰিবৰ্তনৰ জোৱাৰ আনিছে 'পৰিবৰ্তনে'