দাৰ্জিলিঙৰ পাদদেশৰ পৰা কেনিয়ালৈ-একম মামিকে কেনেকৈ নিজৰ ষ্টাৰ্টআপৰ ধাৰণা লাভ কৰিলে

দাৰ্জিলিঙৰ পাদদেশৰ পৰা কেনিয়ালৈ-একম মামিকে কেনেকৈ নিজৰ ষ্টাৰ্টআপৰ ধাৰণা লাভ কৰিলে

Thursday December 24, 2015,

7 min Read

“আমি কিয় অন্তৰৰ কথা শুনিব লাগে” ল’ৰাজনৰ প্ৰশ্ন।

“কাৰণ অন্তৰ যিঠাইত থাকে তাতে তোমাৰ আকাংক্ষিত সম্পদ বিচাৰি পাবা।”

-পল’ ক’ৱেলহ’, দ্য এলকেমিষ্ট

একম মামিকৰ বাবে জীৱন এক বৃত্তৰ দৰে। দাৰ্জিলিঙৰ চাহ বাগানৰ পৰা যাত্ৰা আৰম্ভ কৰি একম মামিকে পূৰ্বে গুৰুত্বহীন বিবেচনা কৰা কিন্তু জীৱন জুৰাই থকা এক অনন্য অনুভৱ নতুনকৈ আৱিষ্কাৰ কৰিবলৈ এসময়ত উভটি আহিছিল।

দাৰ্জিলিঙৰ পাদদেশত জন্মলাভ কৰি ডাঙৰ-দীঘল হোৱা একমে জীৱনৰ অৰ্থ বুজিবলৈ যথেষ্ট যাত্ৰা কৰিছে।এনেদৰে তেওঁ এদিন আৱিষ্কাৰ কৰিছিল মৰিংগাক। দাৰ্জিলিঙত স্থাপন কৰা এক ক্ষুদ্ৰ শীতলীকৰণ কেন্দ্ৰৰ সৈতে আৰম্ভ কৰা নিজৰ ব্যৱসায়িক গোট MoringaWhatৰ মাজেৰে নিজৰ এই জ্ঞান তেওঁ এতিয়া সৰ্বসাধাৰণৰ মাজতো বিলাইছে।

পাহাৰৰ শিশু

২৭বছৰীয়া এইগৰাকী উদ্যোগীয়ে নিজৰ জীৱনৰ আৰম্ভনিৰ সময়চোৱা কটাইছিল দাৰ্জিলঙৰ পাদদেশ আৰু তামিলনাডুৰ অটাকামুণ্ডৰ লভডেলস্থিত লৰেন্স আৱাসিক বিদ্যালয়ত।মাত্ৰ ৯বছৰ বয়সতে তেওঁ এইখন বিদ্যালয়ত নামভৰ্তি কৰিছিল।

image


নিজৰ শৈশৱৰ স্মৃতি ৰোমন্থন কৰি তেওঁ কয়, “যিকোনো মূল্যৰ বিনিময়ত মই সেই দিনবোৰ ঘুৰাই পাব বিচাৰোঁ।লক্ষ্যবিহীনভাৱে চাইকেল চলাই যোৱা, সকলো ধৰণৰ খেল-ধেমালিত অংশ লোৱা, মুক্ত বিচৰণ কৰি ফুৰা নাহৰফুটুকী অথবা বনৰীয়া হাতী চাবলৈ যোৱা, মুক্ত আকাশৰ তলৰ স্বাধীনতা,মনোৰম উদ্ভিদ আৰু জীৱকুলৰ মাজত কটোৱা সেই অতুলনীয় সময়ৰ বৰ্ণনা দিবলৈ শব্দৰ অভাৱ।”

লভডেলৰ বৰ্ডিং বিদ্যালয়ত কটোৱা দিনবোৰে একমক ব্যক্তিৰূপে গঢ় দিছিল।

“ইয়াত নিজে বাচি লোৱা বন্ধুবোৰেই পৰিয়াল আছিল।এনেদৰে নিবিড় সম্পৰ্কবোৰ গঢ় লৈ উঠিছিল। জীৱনত আমি গ্ৰহণ কৰা বিভিন্ন ভূমিকাসমূহ ভালদৰে পালন কৰাত এনেধৰণৰ অভিজ্ঞতাবোৰে সহায় কৰে।MoringaWhat ক মই এনেধৰণৰ দৃষ্টিৰে চাবলৈ শিকিছো।” তেওঁ কয়।

অৰ্থ অনুধাৱন

স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত একমে ইণ্টাৰ্ণশ্বিপৰ পৰা পোনে পোনে এক চাকৰিৰ প্ৰস্তাৱ লাভ কৰে আৰু Goldman Sachsৰ সৈতে কাম কৰিবলৈ লয়।কিন্তু কেইবছৰমানৰ ভিতৰতে একমে অনুভৱ কৰে যে তেওঁৰ দৃষ্টিভংগী আৰু দৈনন্দিন তেওঁ কৰি যোৱা কামৰ মাজত বৃহৎ পাৰ্থক্য আছে। কৰ্মব্যস্ততাৰ দৌৰত তেওঁৰ নিজৰ লগতে পৰিয়াল আৰু আন সম্পৰ্কৰ বাবে সময় নোহোৱা হৈ পৰিছিল। নিজৰ জীৱনৰ লক্ষ্যক বৃত্তিগত সাফল্যৰ মাপ-কাঠিৰে একমে জোখা নাছিল। তেওঁৰ মতে মানুহে প্ৰায় পেছাদাৰী লক্ষ্য পূৰণ কৰিবলৈ গৈ ব্যক্তিগত দিশক উপেক্ষা কৰে, এইবোৰৰ ভিতৰত আছে আপোনজনৰ সৈতে সময় কটোৱা আৰু নিজৰ ব্যক্তিগত সপোন, হেঁপাহ পূৰণ কৰা। এইবোৰৰ পৰা নিলগত থাকিবলগীয়া হোৱাৰ বাবে একমে নিজৰ চাকৰি এৰাৰ লগতে নতুন দৃষ্টিভংগীৰে জীৱনৰ অৰ্থ অনুধাৱন কৰিবলৈ বিবেচনা কৰে।সেইমৰ্মে একমে কেনিয়ালৈ যাত্ৰা কৰে। ইয়াৰ পূৰ্বে পৰিয়ালৰ সৈতে কেইটামান মাহ তেওঁ অতিবাহিত কৰে।

মৰিংগা

মৰিংগা


“আমি গ্ৰহণ কৰা সিদ্ধান্তসমূহ সাধাৰণতে আমাৰ পৰিস্থিতি, আমাৰ প্ৰয়োজন আৰু বিফলতা অথবা লোকচানৰ প্ৰতি ভয় নকৰাকৈ নিজৰ ঈপ্সিত লক্ষ্যৰ প্ৰতি আগবাঢ়ি যোৱাৰ মনোভাৱৰ ওপৰত নিৰ্ভৰশীল।এয়া সহজ কথা নহয়।বাস্তৱিক জগতত নিজৰ বাবে কিবা এটা কৰাৰ হেঁপাহ পূৰণ কৰিবলৈ আপুনি বহুত কষ্ট কৰিবলগীয়া হয়।ইয়াত আপুনি নিজকে সম্পূৰ্ণ ঢালি দিয়াৰ লগতে গোটেইবোৰ সময় দিবলগীয়া হয়।মই চাকৰি এৰাৰ সময়ত মই অনুভৱ কৰিছিলো যে নিজৰ প্ৰতিটো স্বপ্ন বাস্তৱায়িত কৰিবলৈ মই এই কাম কৰিবই লাগিব।”একমে কয়।

আফ্ৰিকাৰ বিষয়ে বিভিন্ন কিতাপে-পত্ৰই পঢ়াৰ লগতে শৈশৱত নেচনেল জিঅ’গ্ৰাফিক আৰু এনিমেল প্লেনেট চেনেলত দেখা-শুনা প্ৰতিটো কথা তেওঁৰ স্মৃতিপটত সজীৱ হৈ ৰৈছিল।সেইবাবে ভ্ৰমণৰ বাবে কেনিয়াৰ নাম কোনোবাই উচ্চাৰণ কৰোতে তেওঁৰ মানসপটত সেই স্মৃতিয়ে দোলা দি গৈছিল।কেনিয়াত তেওঁ গ্ৰাম্যাঞ্চলত কাম কৰাৰ বাবে আগ্ৰহী আছিল।সেই সময়তে এইচআইভিত আক্ৰান্ত শিশু আৰু বয়োবৃদ্ধৰ বাবে বিশেষ পূঁজিৰে নিৰ্মাণ কৰিবলৈ লোৱা এখন আদৰ্শ বহনক্ষম গাঁৱৰ বাবে কাম কৰাৰ সুযোগ লাভ কৰে একমে।

দাৰ্জিলিঙৰ কৃষক

দাৰ্জিলিঙৰ কৃষক


স্বাভাৱিকতে আন অভিভাৱকৰ দৰে একমৰ মাতৃয়েও জীয়ৰিৰ এই সিদ্ধান্তক সহজভাৱে গ্ৰহণ কৰিব পৰা নাছিল।কিন্তু তথাপিও তেওঁ পিতৃ-মাতৃ উভয়ৰে সমৰ্থন আদায় কৰিবলৈ সক্ষম হয়।

কেনিয়াত মৰিংগাৰ যাদু আৱিষ্কাৰ

আফ্ৰিকালৈ যাত্ৰাই একমৰ জীৱন সলনি কৰি তুলিছিল।কেনিয়াত তেওঁ আকাংক্ষিত লক্ষ্য বিচাৰি পাবলৈ সক্ষম হয়।“সেই এটা সিদ্ধান্তই MoringaWhatৰ ধাৰণাক গঢ় দিয়ে।মৰিংগা অলেইফেৰা গছৰ বহুমুখী গুণৰ মানুহৰ জীৱনত পেলাবপৰা প্ৰভাৱক আগবঢ়াই আনিবলৈ মই দৃঢ় সংকল্প গ্ৰহণ কৰিছিলো।কাৰণ মানুহক ইয়াৰ যথেষ্ট প্ৰয়োজন আছিল।”একমে মনত পেলায়।

মৰিগাং-ভিতৰৰ দিশ

মৰিংগাক স্থানীয় ভাষাত আমি চজিনা বুলি জানো।বিভিন্ন আঞ্জাত ব্যৱহাৰ কৰা এয়া হৈছে এবিধ পাচলি।বিশেষকৈ দক্ষিণ ভাৰতত ইয়াৰ ব্যৱহাৰ যথেষ্ট। একমে জনায় যে মৰিংগা অলেইফেৰাই গছৰ পুষ্টিকৰ গুণাগুণে অপুষ্টি দূৰ কৰাত সহায় কৰে।“এই গছজোপাৰ গুণাগুণ আমাৰ আয়ুৰ্বেদত উল্লেখ থকাৰ লগতে আমাৰ প্ৰাচীন সভ্যতাত ইয়াৰ বহুল প্ৰচলন আছিল।এণ্টি অক্সিডেণ্ট সমল আৰু বয়সৰ চাপ ৰোধ কৰা আদি ইয়াৰ গুণ অলেখ।মানুহৰ শৰীৰৰ প্ৰয়োজনীয় পুষ্টি যোগান ধৰাৰ ক্ষেত্ৰত এই গছে চমৎকাৰ কৰিবলৈ সক্ষম হৈছে।”একমৰ মত।

শৈশৱৰ পৰাই চজিনা গছ দেখি আহিলেও কেনিয়ালৈ গৈহে একমে ইয়াৰ গুণাগুণ অনুধাৱন কৰিব পাৰিছিল।কেনিয়াত কটোৱা সময়খিনিয়ে কেৱল তেওঁক নিজৰ লক্ষ্য বুজিবলৈ সহায় কৰাই নহয় ব্যৱসায়ৰ বাট বিচাৰি উলিওৱাতো দিশপ্ৰদৰ্শক হৈ পৰে।কেনিয়াত কটোৱা সময়ক একমে এটা শব্দত বাখ্যা কৰিব বিচাৰে- ‘পৰিপূৰ্ণ’।

“Moringa oleifera গছ সাধাৰণতে বিশ্বৰ খৰাংপীড়িত এলেকাত হোৱা দেখা যায়।ইয়াক প্ৰায় ২০০টা ভিন্ন নামেৰে জনা যায়।মই আচৰিত হৈছিলো যেতিয়া মই দেখা পাইছিলো যে পাহাৰৰ নামনি অংশতো ইয়াৰ সুন্দৰ খেতি হয়।” একমে কয়।

MoringaWhat তেল

MoringaWhat তেল


দাৰ্জিলিঙৰ কৃষকসকল

কেইবামাহৰ গৱেষণাৰ অভিজ্ঞতা লৈ উভটি অহাৰ পিছত একমে দাৰ্জিলিঙৰ পাদদেশৰ সৰু সৰু ভূমি খণ্ডৰ কৃষকসকলৰ ব্যৱসায়িক চুক্তিত আৱদ্ধ হয়।ইয়াৰে অধিকাংশৰ সৈতে শৈশৱৰ পৰা তেওঁ খেল-ধেমালি কৰি ডাঙৰ হৈছিল।এই চুক্তিৰ উদ্দেশ্য আছিল বিশেষ অঞ্চলটোত Moringa oleifera গছৰ খেতি কৰা আৰু ইয়াৰ ঔষধি গুণযুক্ত গছৰ পাতৰ বিষয়ে সজাগতা সৃষ্টি কৰা।“এইক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল ‘বিশ্বাসে’।এই কাৰকে দুয়ো দিশকে প্ৰভাৱান্বিত কৰিছিল।কৃষকসকলক ইয়াৰ বিশ্বাসযোগ্যতাৰ লগতে মই গ্ৰহণ কৰা বাট যে শুদ্ধ সেয়া বুজাবলৈ চেষ্টা কৰিছিলো।”একমে কয়।

এই ষ্টাৰ্টআপ ১৭ এপ্ৰিল,২০১৫ চনত আনুষ্ঠানিকভাৱে পঞ্জীভুক্ত কৰা হয় আৰু চলিত বছৰৰ জুলাই মাহত সামগ্ৰী অনলাইনত উপলব্ধ হয়।তেল নিষ্কাষণৰ বাবে তেওঁ এটি ক্ষুদ্ৰ শীতলীকৰণ চাপ কেন্দ্ৰ প্ৰতিষ্ঠা কৰে।প্ৰায় ডেৰ একৰ যোৰা ভূমিত এই কৃষি সম্পন্ন কৰাৰ পিছত ইয়াৰ পৰা তেল নিষ্কাষণ কৰা হয়।গেদ জমা কৰাৰ এক প্ৰক্ৰিয়াৰ মাজেৰে যোৱাৰ পিছত এইসমূহ শোধন কৰি তেল উলিওৱা হয়।

পাৰিপাৰ্শ্বিকতা অনুকূল কাঁচৰ বটলত এই তেল উপলব্ধ হয় আৰু ইয়াৰ ম্যাদ হৈছে তিনিবছৰ।প্লাষ্টিকৰ বটলত ভেষজ সামগ্ৰী বিক্ৰী কৰিলে ইয়াৰ গুণাগুণ নষ্ট হয় বুলি একমে বিশ্বাস কৰে।

একমে এক আকৰ্ষণীয় প্ৰশ্ন উত্থাপন কৰে যে আমি ইমানদৰে নিজৰ খোৱা খাদ্যৰ পুষ্টিকৰ গুণাগুণৰ বিষয়ে চিন্তা কৰোঁ কিন্তু আমাৰ চালেৰে শৰীৰত প্ৰৱেশ কৰা পুষ্টিক লৈ অকণমানো মুৰ নঘমাও কিয় ? MoringaWhatৰ জৰিয়তে তেওঁ এই ধাৰণা সলনি হোৱাৰ আশা কৰিছে।

“ইয়াৰ গুণাগুণ এবাৰ বুজিব পাৰিলে আপুনি পুনৰ ইয়াক বিচাৰ আহিবই।”

একমে বিশ্ববাসীৰ মাজত বিলাবলৈ বিচৰা চজিনা গছৰ জ্ঞান ইতিমধ্যে চৌদিশে প্ৰসাৰিত হৈছে।ইয়াৰ গুণ বুজি পোৱাসকলে পুনৰবাৰে ইয়াক বিচাৰি অহা দেখা যায়।

কলা আৰু সংগীত-উদ্যোগীজনৰ আন এক দিশ

মৰিংগাৰ বিষয়ে প্ৰচুৰ জ্ঞান থকা এইগৰাকী উদ্যোগীৰ আন কেতবোৰ বিশেষ দক্ষতাও প্ৰকাশ পাইছে।তেওঁ এগৰাকী চিত্ৰকৰ আৰু সংগীতজ্ঞও।

শৈশৱত মাক আৰু আইতাকে কৰা চিত্ৰাংকন মন দি লক্ষ্য কৰা একমে তেতিয়াই ৰঙৰ মাধ্যমত কলাৰ প্ৰতি আগ্ৰহী হৈছিল।কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা অবিহনেই তেওঁ চিত্ৰাংকনৰ প্ৰতি আকৰ্ষিত হয়।কেনভাছত তৈল চিত্ৰ প্ৰস্তুত কৰা তেওঁৰ অন্যতম আগ্ৰহ।“ যেতিয়াই মই একেৰাহে অৱসাদত আক্ৰান্ত হওঁ অথবা ভালদৰে একো চিন্তা কৰিব নোৱাৰা হওঁ তেতিয়া চিত্ৰাংকনে এক ঔষধৰ দৰে কাম কৰে।মই ভাবোঁ যে মনৰ দ্বিধাবোধ আঁতৰাই চিন্তাৰ স্পষ্টতা অনাত চিত্ৰাংকনে সহায় কৰে।” একমে কয়।

কলাৰ দৰে সংগীতো একমৰ শৈশৱৰ অংশ।“সংগীতৰ আৱশ্যকতা বহুতে বেছি, ইয়াক প্ৰয়োজনীয়তা বুলিও ক’ব পাৰি।সঁচা কথা ক’বলৈ গ’লে সংগীত বাদ দি মই মোৰ জীৱন কল্পনা কৰিব নোৱাৰো।” তেওঁৰ অকপচ স্বীকাৰোক্ত।

একমে জীৱনৰ প্ৰথমটো সংগীতানুষ্ঠানত অংশ লয় কেইমাহমান পূৰ্বে বাংগালুৰুত।প্ৰথম তেওঁ কিটছ মাণ্ডিত অনুষ্ঠান পৰিৱেশন কৰিছিল। কেইসপ্তাহমান পূৰ্বে বাংগালুৰুৰে হামিং ট্ৰিত আকৌ তেওঁ অনুষ্ঠান পৰিৱেশন কৰে।মিচিকিয়া হাঁহিৰে তেওঁ কয়, “নিজে লিখা কথাৰ সুৰত গীতাৰত সৃষ্টি হোৱা মূৰ্চনা অপূৰ্ব।”

MoringaWhatতেল

একমৰ জীৱনত প্ৰত্যাহ্বান এক অংশস্বৰূপ।নিজৰ অসুৰক্ষিত মনোভাৱৰ পৰাই ইয়াৰ সৃষ্টি হোৱাৰ উল্লেখ কৰি একমে কয় যে এইসমূহক ৰোধিবলৈ সম্পূৰ্ণ সততাৰ প্ৰয়োজন।

“অসুৰক্ষিত মনোভাৱ যথেষ্ট বিস্তৃত হ’ব পাৰে।মানসিক, শাৰিৰীক আদি বিভিন্ন দিশৰ পৰা এইসমূহে আপোনাক জপটিয়াই ধৰিব পাৰে।এনেসময়ত দুচকু মুদি হেলান দি বহি আপুনি সততাৰে সিদ্ধান্ত লোৱা উচিত।একাংশ লোকে সততাৰ পথ ল’বলৈ সংগ্ৰাম কৰিবলগীয়া হয় কিন্তু অতি মুষ্টিমেয় একাংশই ইয়াক আদৰি লয়।বিশ্বাস গঢ়াৰ মাজেৰে ব্যৱসায় আগবাঢ়ে আৰু নিজৰ সৈতে সততা নাথাকিলে এয়া কৰাটো দুৰুহ হৈ পৰে।”একমে কয়।

লক্ষ্যক অনুসৰণ কৰি

“এটা সপোন অথবা এটা লক্ষ্যৰ অংশ নোহোৱাকৈ আপুনি কেতিয়াও ইয়াক অনুসৰণ কৰিব নোৱাৰে।আমি কেতিয়াবা পাহৰি যাওঁ আপোনজনৰ সৈতে সময় কটাবলৈ, প্ৰিয়জনক আদৰ-মৰম দিবলৈ অথবা প্ৰেমাস্পদৰ সৈতে মত বিনিময় কৰিবলৈ।এনে কৰাৰ ফলত আমাৰ জীৱনৰ স্থিৰতা নোহোৱা হৈ পৰে আৰু এই গুৰুত্বপূৰ্ণ দিশসমূহৰ অবিহনে লক্ষ্যত উপনীত হ’বলৈ আমি অনুপ্ৰেৰণাৰ পৰা বঞ্চিত হৈ ৰও।এই যাত্ৰা আৱশ্যকীয় আৰু প্ৰকৃততে কেৱল এয়াহে জীৱনত প্ৰয়োজনীয় কথা।”একমে কয়।


মূল-তন্বী ডুবে

অনুবাদ-তুলিকা দেৱী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

পক্ষাঘাত, স্তন কেন্সাৰেও প্ৰতিহত কৰিব নোৱাৰা এগৰাকী সাহসী মহিলা লাজৰিনা

শিক্ষাৰ পোহৰ বিলাবলৈ এখোজ দুখোজকৈ আগুৱাইছে ‘বেয়াৰ ফুট’

গাৰো পাহাৰৰ দুগৰাকী ডিজাইনাৰ, তিনিটা মেচিন আৰু তিনিগৰাকী শিপিনীৰ কাহিনী

ঘৰে ঘৰে মুৰ্গী মাংসৰ সোৱাদ দিবলৈ দীপ বৰাৰ 'চিকেন ভান'