সংগীতৰ মাধ্যমেৰে বিশ্ববাসীক একত্ৰ কৰাৰ প্ৰচেষ্টাত ব্ৰতী জেজ গোৱা ষ্টুডিঅ'

সংগীতৰ মাধ্যমেৰে বিশ্ববাসীক একত্ৰ কৰাৰ প্ৰচেষ্টাত ব্ৰতী জেজ গোৱা ষ্টুডিঅ'

Tuesday March 01, 2016,

3 min Read

যি সময়ত সাংস্কৃতিক বৈষম্য, সীমা বিবাদ, জাতীয়তাবাদ আদি বিষয়বোৰে বিশ্ববাসীৰ মনত এখন ঋণাত্মক ছবি দাঙি ধৰিছে, সেইসময়ত সাংস্কৃতিক ক্ষেত্ৰখনত এক নীৰৱ জাগৰণৰ সূচনা কৰিছে এটা সংগীত ষ্টুডিঅ'ই। নেদাৰলেণ্ডছ, আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য, ছিঙ্গাপুৰ,পৰ্টুগাল আদি বিশ্বৰ বিভিন্ন প্ৰান্তৰ শিল্পী সকলৰ সমন্বয় ঘটিছে গোৱাৰ এই ষ্টুডিঅ'টোত। আপুনি বাৰু কেতিয়াবা শুনিছেনে কংকনী লোক গীত এটাত ব্ৰিটিছ ছেক্সফনিষ্ট এজনে সংগত কৰাৰ কথা। কিন্তু এয়া সম্ভৱ হৈ উঠিছে কলিন ডি'ক্ৰুজ আৰু তেওঁৰ প্ৰচেষ্টাত গঢ় লৈ উঠা জেজ গোৱা ষ্টুডিঅ'ত।


image



সংগীত ক্ষেত্ৰখনত এক আকৰ্ষণীয় কেৰিয়াৰ গঢ়িবলৈ সক্ষম হোৱা কলিন ডি'ক্ৰুজ এজন প্ৰখ্যাত সংগীত শিল্পী। লেণ্ড অব মিউজিচিয়ান হিচাপে খ্যাত গোৱাত মিউজিক ষ্টুডিঅ'ৰ অভাৱ নাই। কিন্তু ইয়াৰ মাজতে জেজ গোৱা ষ্টুডিঅ ব্যতিক্ৰম। গোৱাৰ সকলো সংগীত শিল্পীয়ে এই ষ্টুডিঅ'ৰ বিষয়ে জনাৰ উপৰি এই ষ্টুডিঅ'ক লৈ গৌৰৱ কৰে। বিস্তৃত ধাননি পথাৰ আৰু এফালে গাঁৱলীয়া ফুটবল খেলপথাৰৰ মাজত নৰ্থ গোৱাত অৱস্থিত জেজ গোৱা ষ্টুডিঅ'।


আপুনি যদি এজন সংগীতকাৰ তেন্তে এটা প্ৰফেশ্যনেল ষ্টুডিঅ'ত গীত এটা ৰেকৰ্ডিঙৰ ক্ষেত্ৰত সন্মুখীন হ'বলগীয়া তিক্ত অভিজ্ঞতাৰ বিষয়ে নিশ্চয় অবগত। সঠিক খৰচত সঠিক ষ্টুডিঅ' এটা বিচৰাটো অতি কঠিন।এনে সুবিধা সমূহৰ অভাৱৰ বাবেই বহু শিল্পী প্ৰতিভা বিকাশৰ পৰা বঞ্চিত হ'ল।

এনে শিল্পীসকল বাবে জেজ গোৱা ষ্টুডিঅই সম্ভাৱনা আৰু আশা কঢ়িয়াই আনিছে। সমগ্ৰ বিশ্বৰ সংগীত শিল্পী সকলক একত্ৰ কৰি জেজ গোৱা ষ্টুডিঅ'ই ভাৰতৰ সংগীত ক্ষেত্ৰখনলৈ আনিছে আশাৰ বতৰা।' গোৱা সংগীতৰ বাবে গোৱা এক সম্ভাৱনাময় ক্ষেত্ৰ যদিও উপাৰ্জনৰ দিশত স্থানীয় শিল্পী সকল বঞ্চিত হৈ আহিছে। স্থানীয় শিল্পীৰ এনে পৰিস্থিতি উন্নত কৰি তেওঁলোকক স্থানীয় তথা বিশ্বৰ মঞ্চত পৰিচিত কৰাৰ উদ্দেশ্য আগত ৰাখি মই এই ষ্টুডিঅ' আৰম্ভ কৰিলো।' য়'ৰ ষ্ট'ৰীৰ আগত এনেদৰে মন্তব্য কৰে কলিন ডি'ক্ৰুজে।


সংগীত তেতিয়া আৰু এতিয়া

সংগীত ক্ষেত্ৰখনৰ লগত জড়িত হৈ এক দশকতকৈও বেছি সময় সমগ্ৰ বিশ্ব ভ্ৰমণ কৰাৰ পিছত কলিনে সংগীতৰ লগত জীয়াই থকাৰ লগতে ভাৰতৰ সংগীতৰ পৰিবৰ্তনশীল ধাৰাটো লক্ষ্য কৰি আহিছে।

'তেতিয়া এটা সময় আছিল আমি কোনো ফাইভ ষ্টাৰ হোটেল আদিত যেতিয়া প্ৰদৰ্শন কৰিছিলো, তেতিয়া প্ৰতিটো প্ৰদৰ্শনৰ পিছত পৰ্দা উঠা-নমা কৰিছিল। দৰ্শক সকলৰ প্ৰতিক্ৰিয়া আমি স্পষ্টভাৱে দেখিছিলো। আমাৰ সন্মুখত প্ৰতিটো বস্তুৱেই স্পষ্ট হৈ আছিল। কিন্তু আজিকালি এনে ঠাইবোৰত একক আৰু দ্বৈত প্ৰদৰ্শন উপভোগ কৰিবলৈ দৰ্শকৰো ভাগ্য লাগিব।'

আজিকালি যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ উঠিছে যন্ত্ৰ সংগীত নৃত্য। হোটেলৰ পৰা বিয়ৰ পাৰ্টিলৈকে, ৰেডিঅ' ষ্টেছনৰ পৰা মঞ্চলৈকে বৰ্তমান সকলোতে দেখা যায় উদ্দাম যন্ত্ৰ সংগীত নৃত্য প্ৰদৰ্শন। পৰিবৰ্তন অনিবাৰ্য, কিন্তু এনে পৰিবৰ্তন ধনাত্মক বুলি কোনো এজন সংগীত শিল্পীয়ে মন্তব্য নকৰে।


সম্প্ৰতি যন্ত্ৰ সংগীতৰ যুগ। আগৰ সোণালী দিনবোৰত সংগীতকাৰ সকলে একোটা বাদ্যযন্ত্ৰত তেওঁলোকৰ প্ৰতিভাৰ চৰ্চা কৰিছিল। কিন্তু বৰ্তমান একোটা যন্ত্ৰত এটা 'প্লে' বুটাম টিপিলেই সকলো সম্ভৱ হৈ যায়। সফলতা আৰু খ্যাতি সহজ হৈ পৰিছে। কিন্তু আজিৰ প্ৰজন্মই ইয়াৰ মাজতে কিবা এটা হেৰুৱাইছে যেন অনুভৱ হয়।

'প্ৰযুক্তিবিদ্যা আৰু ইয়াৰ ফলত অহা পৰিবৰ্তন গ্ৰহণযোগ্য। কিন্তু সংগীত হল সাধনাৰ বস্তু। কন্ঠৰ মাধুৰ্যৰ বাবে সাধনা, বাদ্যযন্ত্ৰত কৌশল প্ৰদৰ্শন একোজন সংগীতকাৰৰ মূল কথা আছিল। কিন্তু বৰ্তমান এটা যন্ত্ৰত এটা বুটাম টিপিয়েই সকলো সম্ভৱ হৈছে।' সংগীতৰ ক্ষেত্ৰখনত অহা পৰিবৰ্তনৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি কলিনে কয়।

য'ত সংগীতশিল্পী সকলে তেওঁলোকৰ প্ৰতিভা বিকাশৰ বাবে বহু কষ্ট কৰিবলগীয়া হৈছে, সেই ক্ষেত্ৰত জেজ গোৱা ষ্টুডিঅ' এই শিল্পী সকলৰ বাবে সংগীতৰ স্বৰ্গপুৰী হিচাপে বিবেচিত হৈছে।

কলিনে শেষত কয়-'মই মোৰ সেই সময়খিনিৰ কথা মনত পেলাওঁ, যেতিয়া এজন শিল্পীৰ বাবে গীত এটা ৰেকৰ্ডিঙ কৰা সপোনৰ দৰে আছিল। কিন্তু আজি মই যেতিয়া যুৱ শিল্পী সকলক সংগ্ৰাম কৰি থকা দেখোঁ, তেওঁলোকৰ মাজত যেন মই নিজকে দেখা পাওঁ আৰু সেয়ে তেওঁলোকক যিমান পাৰোঁ সহযোগ কৰিবলৈ চেষ্টা কৰোঁ। সংগীতে মোক জীৱনত সকলো দিছে বা বেছিহে দিছে। গতিকে মই বিনিময়ত কিছু প্ৰতিদান দিবলৈ চেষ্টা কৰিছোঁ।'

যিসকলে কলিনৰ এই শুভ ইচ্ছাৰ দ্বাৰা প্ৰভাৱিত হৈছে তেওঁলোকে নিশ্চিতভাৱে এই কথা স্বীকাৰ কৰিব।


মূল প্ৰতীক্ষা নায়ক

অনুবাদ পূবালী ভাগৱতী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

সৌন্দৰ্যক উদ্যোগৰ ৰূপ দিয়া মধুমিতা শইকীয়া

এটা ধানৰ পৰা ক’লা ধানৰ বিপ্লৱ অনা গোৱালপাৰাৰ কৃষক উপেন্দ্ৰ ৰাভা

ছেণ্ড এনিমেশ্বনেৰে দিগন্ত মাধৱ গোস্বামীৰ বিশ্বমুখী যাত্ৰা

মুক-বধিৰ কৰ্মচাৰীৰে চলোৱা, মুম্বাইৰ এখন আগশাৰীৰ ৰেষ্টোৰাঁ