আনক সহায় কৰাটো মোৰ অধিকাৰঃ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন উদ্ভাৱক ড° উদ্ধৱ ভৰালী

আনক সহায় কৰাটো মোৰ অধিকাৰঃ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন উদ্ভাৱক ড° উদ্ধৱ ভৰালী

Monday November 30, 2015,

7 min Read

এজন আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন উদ্ভাৱক, বৰ্তমানলৈ যাৰ উদ্ভাৱনৰ সংখ্যাই চুইছেগৈ ১২৩ৰ ঘৰ। কিন্তু এতিয়াও ক্ষান্ত হোৱা নাই এইজন উদ্ভাৱক। তেওঁৰ লক্ষ্য দেশৰ সাধাৰণ কৃষিজীৱী লোক সকলৰ বাবে কৃষিকৰ্ম সহজ সাধ্য কৰি তোলা। বাপতি সাহোন খেতিখোলা এৰি জীৱিকাৰ তাড়নাত কোনোবা কোম্পানীত ছিকিউৰিটি গাৰ্ড কৰিবলৈ ঘৰ এৰি যোৱা খিলঞ্জীয়া কৃষকৰ সন্তান সকলৰ বাবে কৃষিকৰ্ম আকৰ্ষণীয় আৰু লাভজনক কৰি তোলা। তেওঁৰ বিশ্বাস দেশৰ কৃষিক্ষেত্ৰখন টনকীয়াল হ’লেহে দেশৰ অৰ্থনীতি টনকীয়াল হ’ব। এই জন উদ্ভাৱক আন কোনো নহয়- এতিয়া সমগ্ৰ দেশতে আগশাৰীৰ উদ্ভাৱক হিচাবে পৰিচিত উদ্ধৱ ভৰালী। যি নিজৰ উদ্ভাৱনৰ বাবে দেশ- বিদেশৰ বিভিন্ন প্ৰতিষ্ঠানৰ পৰা বহু লোভনীয় অফাৰ পায়ো প্ৰত্যাখ্যান কৰিছে- সাধাৰণ জনক সহায় কৰি যোৱাৰ বাবে, নিজৰ অবিচলিত উদ্দেশ্যৰ বাবে, ইটোৰ পিছত সিটো উদ্ভাৱন কৰি যোৱাৰ অদমনীয় ইচ্ছাৰ বাবে।

কেনেকৈ জন্ম হ’ল উদ্ভাৱক হোৱাৰ বাসনা

TED প্লেটফৰ্মত ডঃ ভৰালী

TED প্লেটফৰ্মত ডঃ ভৰালী


এজন সফল অভিযন্তা হোৱাৰ ইচ্ছা বহুতৰে থাকে। কিন্তু এজন উদ্ভাৱক হোৱাৰ সপোন? উদ্ভাৱনেৰে পৰিয়াল পোহ পাল দিয়াৰ দুঃসাহস কেইজনে কৰে? সেই সপোন উদ্ধৱ ভৰালীয়ে দেখিছিল। সেই দুঃসাহস কৰিছিল উদ্ধৱ ভৰালীয়ে। কিন্তু কেনেকৈ কিবা এটা উদ্ভাৱন কৰাৰ সপোনে বাহ লৈছিল উদ্ধৱ ভৰালীৰ মনত?

১৯৬২ চনৰ ৭ এপ্ৰিলত অসমৰ লখিমপুৰত জিলাত জন্ম উদ্ধৱ ভৰালীৰ। তেতিয়া প্ৰাথমিক বিদ্যালয়লৈ গৈছেহে মাথো। লখিমপুৰ চহৰৰ কেবি ৰ’ড স্থিত উদ্ধৱ ভৰালীৰ ঘৰৰ চোতালতে ওচৰা ওচৰিকৈ আছিল দুজোপা পাতাবাহাৰ। এজোপা বগা, আনজোপা ৰঙা। শিশু উদ্ধৱে দুয়োজোপা একেলগ কৰি বান্ধি থয়। জানোচা ৰঙা আৰু বগা মিলি এটা নতুন ৰঙৰ এজোপা পাতাবাহাৰ হয়! প্ৰতিটো পুৱা শুই উঠি পাতাবাহাৰ দুজোপা চোৱাটো আছিল উদ্ধৱৰ প্ৰথম কাম। তেতিয়াৰ পৰাই হয়টো নতুন কিবা এটা কৰাৰ হাবিয়াস আছিল উদ্ধৱৰ মনত।

লখিমপুৰতে স্কুলীয়া শিক্ষা গ্ৰহণ কৰি, উদ্ধৱে যোৰহাটৰ জে বি কলেজত বিজ্ঞান শাখাত নাম ভৰ্তি কৰিলে। পৰৱৰ্তী সময়ত অসম আন্দোলনৰ বাবে অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰিলেগৈ চেন্নাইৰ এখন প্ৰতিষ্ঠানত। উদ্ধৱ ভৰালীৰ ভাষাতেই –“ স্কুলীয়া দিনত পঢ়াত খুব ভাল নাছিলো যদিও পৰীক্ষাত কাষৰ জনৰ পৰা চাই লিখাৰ পৰিবৰ্তে সদায়ে ভাবিছিলো ময়েই শ্ৰেষ্ঠ। অংক আৰু বিজ্ঞান মোৰ প্ৰিয় বিষয় আছিল। অষ্টম শ্ৰেণীত থাকোতে আমাৰ শ্ৰেণীৰে আন ল’ৰাক অংক শিকাইছিলো।” এতিয়া অৱশ্যে উদ্ধৱ ভৰালীয়ে কিবা উদ্ভাৱনৰ বাবে আনুষ্ঠানিক অভিযান্ত্ৰিক শিক্ষা প্ৰয়োজনীয় বুলি নাভাবে। উদ্ধৱ ভৰালীৰ মতে- “এতিয়াও ত্বাত্বিক ক্ষেত্ৰতে সীমাবদ্ধ আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰখন”। সেয়ে কলা বা বিজ্ঞান শাখাৰ বুলি বাছ-বিচৰ নকৰি ৰাজ্যৰ লগতে দেশ বিদেশৰ ভিন্ন প্ৰান্তৰ পৰা তেওঁৰ ওচৰলৈ অহা শিক্ষাৰ্থী সকলক কাৰিকৰী ক্ষেত্ৰখনৰ শিক্ষা দি যায় উদ্ধৱ ভৰালীয়ে।

ৰাষ্ট্ৰপতিৰ পৰা বটাঁ গ্ৰহণৰ সময়ত

ৰাষ্ট্ৰপতিৰ পৰা বটাঁ গ্ৰহণৰ সময়ত


জীৱনৰ কন্টকাকীৰ্ণ পথ

বহু সফল লোকে কয়- ‘মই শূণ্যৰ পৰা আৰম্ভ কৰিছো’। উদ্ধৱ ভৰালীয়ে শূণ্যৰ পৰা নহয় ১৮ লাখ টকাৰ ঋণৰ বোজা মূৰতলৈ আৰম্ভ কৰিছিল কৰ্ম জীৱন। ১৯৮৮ চনৰ কথা সেয়া। পৰিয়ালৰ ব্যৱসায়ত ১৮ লাখ টকাৰ ধাৰ। লগৰ অভিযন্তাই ১৮ লাখ টকাৰ মেচিন আনি আৰম্ভ কৰিছে পলিথিন উৎপাদনৰ ব্যৱসায়। ধাৰত পোত যোৱা উদ্ধৱক কোনো বেংকে তেতিয়া ঋণো নিদিয়ে! ভগা চিগা লোহা ৰখা ব্যৱসায়ীৰ পৰা লোহা আনি উদ্ধৱে নিজে নিৰ্মাণ কৰি উলিয়ালে এটা পলিথিন উৎপাদন কৰিব পৰা যন্ত্ৰ। দুবছৰ ভালদৰেই চলিল বজাৰ। সকাহ পালে পৰিয়ালটোৱেও। পিছে বজাৰত নতুনকৈ আহিল উচ্চ গাঢ়তাৰ পলিথিন। নিম্ন গাঢ়তাৰ পলিথিনৰ বজাৰ টুটি আহিল। উৎপাদিত পলিথিনৰ বজাৰ পৰি অহা দেখি, উদ্ধৱ ভৰালীয়ে একেটা মেচিনকে ভাঙি নতুনকৈ গঢ় দিলে প্লাষ্টিকৰ আইডেনটিটি কাৰ্ড প্ৰস্তুক কৰা মেচিনৰ। একেটা মেচিনকে পৰবৰ্তী সময়ত ৰূপ দিলে ডিচপ’জেবল ডিচ্ প্ৰস্তুত মেচিনলৈ। সেয়াই আৰম্ভণি। এনেদৰেই প্ৰয়োজন অনুসৰি এটা ভাঙি আন এটা গঢ়ি কৰা উদ্ভাৱনৰ সংখ্যা হ’লগৈ ২৪টা। আৰ্থিক দৈন্যতাৰ বাবেই আজিৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন উদ্ভাৱক উদ্ধৱ ভৰালীৰ আৰম্ভণিৰ সেই উদ্ভাৱনবোৰ সংৰক্ষণ কৰি ৰাখি থোৱা নহ’ল।

উদ্ধৱ ভৰালীৰ মতে তুমি যিমান ডাঙৰ উদ্ভাৱক নোহোৱা, তোমাৰ নামত যিমান পেটেন্ট নাথাকক কিয়, তোমাৰ উদ্ভাৱন আন দহজনৰ কামত আহিলেহে তুমি সফল।

সফলতাৰ সোণালী জখলাত

‘ডালিমৰ গুটি সৰুওৱা মেচিন’ৰ উদ্ভাৱনে উদ্ধৱ ভৰালীলৈ কঢ়িয়াই আনিলে প্ৰথম স্বীকৃতি। ২০০৭ চনত চুবুৰীয়াই মোল নুবুজা উদ্ধৱ ভৰালীৰ ওচৰলৈ দৌৰি আহিছিল সকলোৰে পৰিচিত ‘ডিস্কভাৰী চেনেলে’। যিজন মানুহে ডালিমৰ গুটি সৰুওৱাৰ দৰে সুক্ষ্ম কাম কৰা আহিলা নিৰ্মাণ কৰিব পাৰে, তেওঁ কৰিব নোৱাৰা কাম কি আছে! ‘ডিস্কভাৰী চেনেলে’ত উদ্ধৱ ভৰালীৰ বিষয়ে সম্প্ৰচাৰ হোৱাৰ পিছতে তেওঁৰ ওচৰত ভিৰ কৰিলেহি দেশ বিদেশৰ বহু মোল বুজা লোকে। উদ্ধৱ ভৰালীয়েও বিভিন্ন আহিলাৰ উদ্ভাৱন কৰি পুৰাই গ’ল সকলোৰে প্ৰয়োজন। কৰ্ণাটকৰ কাজু উদ্যোগ শ্ৰমিকৰ অভাৱত পৰি কাষ চাপিছিল উদ্ধৱ ভৰালীৰ। উদ্ধৱ ভৰালীয়ে তেওঁলোকৰ প্ৰয়োজন অনুসৰি নিৰ্মাণ কৰি উলিয়ালে এবিধ নতুন আহিলা। এতিয়া ৰাজ্যখনৰ কেইবাটাও কাজু উদ্যোগ চলি আছে উদ্ধৱ ভৰালীয়ে উদ্ভাৱন কৰা আহিলা ব্যৱহাৰ কৰি।

বিভিন্নজনৰ প্ৰয়োজন পুৰাই ইটোৰ পিছত সিটো উদ্ভাৱন কৰি যোৱাৰ মাজতে উদ্ধৱ ভৰালী ব্যস্ত হয় সাধাৰণজনৰ হিতৰ বাবে কিবা এটা কৰাৰ চিন্তাত। কৃষি কৰ্ম এতিয়াও কষ্টসাধ্য সাধাৰণ কৃষকৰ বাবে। শাৰীৰিক পৰিশ্ৰমৰ অনুপাতে উৎপাদন নহয়। তেনেদৰেই উদ্ভাৱন হৈছিল সাধাৰণ কৃষকে অতি কম দৰত পাব পৰা ‘মৰণা মৰা আহিলা’। ২০ হাজাৰ টকা মূল্যৰ এই আহিলা ল’ব পাৰে সাধাৰণ কৃষক এজনেও। কঠীয়া পাৰি কৰা ধান খেতিৰ পৰিবৰ্তে, শুকান মাটিত ধানৰ বীজ সিঁচি কৰা ধানখেতিৰ চিন্তাত ব্যস্ত হয় ভৰালী। এনে খেতিত উৎপাদন বেছি। কিন্তু সমস্যা নিৰ্দিষ্ট অন্তৰালত ধানৰ বীজ ৰোপন কৰাত। কম সময়তে প্ৰয়োজনীয় ব্যৱধানত ধানৰ বীজ ৰোপন কৰিব পৰা মেচিন এটাও উদ্ভাৱন কৰিলে উদ্ধৱ ভৰালীয়ে। কৃষকে এই আহিলা ব্যৱহাৰ কৰি নতুন পদ্ধতিৰে ধানখেতি কৰিলে একেডৰা মাটিতে দুই- তিনিগুণ পৰ্যন্ত উৎপাদন বৃদ্ধি পাব। ইয়াৰ পূৰ্বেও কৃষক সকলৰ বাবে উদ্ধৱ ভৰালীয়ে নিৰ্মাণ কৰি উলিয়াইছিল কঠীয়া ৰোৱা যন্ত্ৰ।

কঠীয়া ৰোৱা আহিলা

কঠীয়া ৰোৱা আহিলা


অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ বাবে দুটাকৈ উদ্ভাৱন কৰিছে ভৰালীয়ে। অসমত উৎপাদিত চাহ অসমতে গ্ৰীণ টীৰ নামত বিক্ৰী হয় অত্যাধিক মূল্যত। উদ্ধৱ ভৰালীয়ে ক্ষুদ্ৰ চাহ খেতিয়কে নিজে গ্ৰীণ টী প্ৰস্তুত কৰিব পৰা আহিলা উদ্ভাৱন কৰি উলিয়ালে। অসমৰ বহু ক্ষুদ্ৰ চাহ খেতিয়কে এই আহিলা ব্যৱহাৰ কৰি উন্নত মানৰ গ্ৰীণ টী প্ৰস্তুত কৰাৰ বাবে অসমত পূৰ্বৰ তুলনাত গ্ৰীণ টীৰ উৎপাদনৰ খৰচ বহু পৰিমাণে হ্ৰাস পালে। ক্ষুদ্ৰ চাহ খেতিয়কে চাহপাত পুঁজিপতিৰ ফেক্টৰীলৈ নপঠাই নিজে প্ৰস্তুত কৰিব পৰা আহিলাও উদ্ভাৱন কৰিছে ভৰালীয়ে। যিটো বহু ক্ষুদ্ৰ চাহ খেতিয়কে ব্যৱহাৰ কৰি নিজৰ কেচাঁ পাত নিজে বিক্ৰীৰ উপযোগী কৰি তুলিব পাৰিছে।

শেহতীয়াকৈ ভৰালীয়ে ভীমকলৰ গুটি গুচুৱা এটা আহিলাও উদ্ভাৱন কৰিছে। ইয়াৰ অন্তৰালতো আছে অসমৰ থলুৱা খাদ্য ভীম কল আৰু পিঠাগুৰি বাণিজ্যিকীকৰণ কৰাৰ অভিলাসী আচঁনি।

সফলতাৰ উৰ্দ্ধত আন এক জীৱন

বৰ্তমানলৈ ১২৩টাকৈ উদ্ভাৱন কৰা উদ্ধৱ ভৰালীক সুধিছিলো –‘ অতবোৰ উদ্ভাৱনৰ ভিতৰত আপোনাৰ ভাল লগা উদ্ভাৱনটো কি?’ একে আষাৰে তেখেতে উত্তৰ দিছিল- “হস্তহীন মানুহৰ খোৱাৰ উপযোগী আহিলা আৰু পংগু মানুহে আনৰ সহায় নোলোৱাকৈ প্ৰাতঃ কৰ্ম কৰি টয়লেট পৰিস্কাৰ কৰিব পৰা আহিলা”। এয়াই উদ্ধৱ ভৰালী। নিজে নিৰ্মাণ কৰা প্ৰতিটো বস্তুৱেই সকলোৰে প্ৰিয় হয়, কিন্তু উদ্ধৱ ভৰালীৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি আনি দিয়া উদ্ভাৱনতকৈ তেওঁৰ বাবে বেছি ভাল লগা- অসহায় জনক আত্মনিৰ্ভৰশীল কৰি তোলা আহিলা কেইপদহে! প্ৰকৃততে তেওঁৰ মনটো থাকে সাধাৰণ খাটি খোৱা জনৰ ওচৰত। খৰি লুৰি দুবেলা ভাত খোৱা সকলৰ বাবে ‘কম ইন্ধন খৰচী চৌকা’, মাছৰ খুচুৰা ব্যৱসায়ী সকলৰ বাবে ‘মাছৰ বাকলি গুচুৱা আহিলা’ তেওঁৰ জনপ্ৰিয় উদ্ভাৱন।

হস্তহীন লোকৰ বাবে বিশেষ টয়লেট

হস্তহীন লোকৰ বাবে বিশেষ টয়লেট


উদ্ধৱ ভৰালীৰ পৰিষৰ নিজা গৱেষণা কেন্দ্ৰ U K B Agrotech Research Center ত ব্যস্ত থাকি ন ন উদ্ভাৱনেৰে দহজনৰ সহায় কৰাতে সীমাবদ্ধ নহয়। তেওঁৰ ওচৰলৈ অহা শিক্ষাৰ্থীক অভিযান্ত্ৰিক প্ৰযুক্তিৰ দীক্ষা দিয়াৰ লগতে সমাজৰ বহু লোককো তেওঁ বিভিন্ন ধৰণে সহায় আগবঢ়াই আহিছে। অভাবী বহু ছাত্ৰ- ছাত্ৰীক শিক্ষা গ্ৰহণৰ খৰছ-পাতি দি, দুখীয়া কুৰিৰো অধিক পৰিয়ালক নিজে পোহ পাল দি, আনকি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বহু শাৰীৰিক ভাবে অক্ষম লোকক প্ৰয়োজনীয় আহিলা নিৰ্মাণ কৰি দিয়াৰ লগতে তেওঁলোকক প্ৰতি মাহে আৰ্থিক সহায়ো আগবঢ়াই আহিছে। সেই বাবেই আজি গৰ্বেৰে উদ্ধৱ ভৰালীয়ে কয়-“আনক সহায় কৰাটো মোৰ অধিকাৰ। কেৱল নিজৰ বাবে জীয়াই থকা জনক মই বেয়া পাও নহয়, ঘিণ কৰোঁ।” সেই অৰ্থত আজি উদ্ধৱ ভৰালী কেৱল এজন ব্যক্তি নহয়, পৰিবৰ্তন হৈছে এক অনুস্থানলৈ।

এতিয়াও উদ্ধৱ ভৰালীৰ হাতত আছে বহু কেইটা উদ্ভাৱন প্ৰকল্প। কঢ়িয়াই লৈ ফুৰিছে আন এক চিন্তাও। এখন বৃদ্ধাশ্ৰম খোলাৰ। অৱশ্যে তেওঁৰ অবৰ্তমানতো যাতে বৃদ্ধাশ্ৰমখন আৰ্থিক অভাৱত পৰিব লগীয়া নহয় তাৰ বাবে ইতিমধ্যেই নিৰ্মাণ কৰি উলিয়াইছে ‘নাৰিকল টুকুৰা কৰা এটা যন্ত্ৰ’।

স্বীকৃতি, সন্মান

ডঃ উদ্ধৱ কুমাৰ ভৰালী

ডঃ উদ্ধৱ কুমাৰ ভৰালী


২০০৭ চনত উদ্ধৱ ভৰালীৰ বিষয়ে ডিস্ক’ভাৰী চেনেলত সম্প্ৰচাৰ হোৱাৰ পাছত বহু বটাঁ, বহু সন্মান লাভ কৰিলে উদ্ধৱ ভৰালীয়ে। ২০০৭ চনতে ‘সৃষ্টি সন্মান বটাঁ’, ২০০৯ চনত ‘ৰাষ্ট্ৰপতিৰ তৃণমূল উদ্ভাৱন বটাঁ’ (Presidents Grassroots Innovation Awards), ‘ৰাষ্ট্ৰীয় একতা সন্মান’।‘NASA Tech Create The Future Design Contest’ ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ উদ্ভাৱকৰ মাজত ২০১২ চনৰ পৰা ক্ৰমাগত ভাবে তিনিটা বছৰ শীৰ্ষ দহজন উদ্ভাৱকৰ মাজত আছে উদ্ধৱ ভৰালী।‘ ডালিমৰ গুটি সৰুওৱা আহিলা’, ‘মানসিক ৰোগীৰ বন্ধন চকী’, ‘হস্তহীন লোকে নিজে খাদ্যগ্ৰহণ কৰিব পৰা আহিলা’ উদ্ভাৱনৰ বাবে নাছাৰ দৰে বিশ্ব খ্যাত মহাকাশ বিজ্ঞান সংস্থাটোৱে আয়োজন কৰা প্ৰতিযোগিতা খনত তিনিটা বৰ্ষতে জিলিকি উঠিছে উদ্ধৱ ভৰালী। ২০১৪ চনত অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ধৱ ভৰালীক প্ৰদান কৰে ‘ডক্টৰ অৱ ছাইন্স’ সন্মান। ইয়াৰ উপৰিও বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন প্ৰযুক্তি বা উদ্ভাৱন ক্ষেত্ৰত জিলিকি উঠা লোকে ভাগ লোৱা TED(Technology, Entertainment, Design) প্লেটফৰ্মত বৰ্তমানলৈ পাচঁবাৰকৈ আমন্ত্ৰিত হৈছে ডঃ উদ্ধৱ কুমাৰ ভৰালী। যিখন প্লেটফৰ্মত একে জন ব্যক্তি একাধিক বাৰ আমন্ত্ৰিত হোৱাৰ উদাহৰণ বিৰল। এয়াও ড° ভৰালীৰ বাবে আন এক বিৰল সন্মান।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

গ্ৰাহকেহে প্ৰতিষ্ঠা কৰে এটা ব্ৰেণ্ড, ব্যৱসায়ীয়ে নহয়: JB'sৰ প্ৰতিষ্ঠাতা গোপাল জালান

দুয়োখন ভৰি হেৰুৱা ট্ৰাক ড্ৰাইভাৰৰ সন্তান নাগা নৰেশ আজি বিশ্ববিখ্যাত গুগলৰ কৰ্মকৰ্তা

শিশুক বিপথে নিয়াৰ অভিযোগত কাৰাবাস খটা সন্দীপ কৌৰ আজি বহু অনাথ ছোৱালীৰ মাকৰ দায়িত্বত