‘স্থানীয় ভাষাক উপেক্ষা কৰিব নোৱাৰি, বজাৰ যথেষ্ট বিশাল’

‘স্থানীয় ভাষাক উপেক্ষা কৰিব নোৱাৰি, বজাৰ যথেষ্ট বিশাল’

Friday March 11, 2016,

2 min Read

য়’ৰ ষ্ট'ৰীয়ে আয়োজন কৰা 'ভাষা-২০১৬' ত এক আলোচনাত মিডিয়া আৰু মোবাইল ফোন কোম্পানীৰ প্ৰতিনিধিসকলে অভিমত ব্যক্ত কৰে যে স্থানীয় ভাষাৰো যথেষ্ট গুৰুত্ব আছে আৰু কোম্পানীসমূহে তৃণমূল পৰ্যায়লৈ গৈ বজাৰত উপলব্ধ সুবিধা আৱিষ্কাৰৰ চেষ্টা কৰি আহিছে। আনহাতে এই ক্ষেত্ৰত উদ্ভাৱনী তথা গৱেষণা আৰু উৎপাদন বিকশিত কৰাৰ কামো পূৰ্ণগতিত চলি আছে। এই পেনেলত আলোচনা কৰাৰ সময়ত ৰেডিঅ’ৰ ফালৰ পৰা অনিল শ্ৰীবাস্তৱে কয় যে,

‘মাধ্যম নহয়, সামগ্ৰীহে অধিক গুৰুত্বপূৰ্ণ। পঞ্জাৱীয়ে বলিউডক বাধ্য কৰালে তেওঁলোকক আঁকোৱালি ল’বলৈ, বৰ্তমান সময়ত হিন্দী চিনেমাত পঞ্জাৱী ভাষাৰ শক্তি অনস্বীকাৰ্য। গানতো পঞ্জাৱী শব্দ ব্যৱহাৰ কৰা হৈছে আৰু জনতাই ইয়াক আনন্দৰে গ্ৰহণো কৰিছে।’


image


মাইক্ৰ’মেক্সৰ কুমাৰ শ্বাহে কয় যে মেক ইন ইণ্ডিয়া এক ভাল পদক্ষেপ। ইয়াৰ ফলত দেশৰ ছবিয়েই সলনি হৈ পৰিব আৰু দক্ষতা বিকাশতো গুৰুত্ব প্ৰদান কৰা হ’ব। তেওঁ কয়,

‘মাইক্ৰ’মেক্সে বিশ্বাস কৰে যে মোবাইল ফোনৰ মাধ্যমেৰে বেছি সংখ্যক লোকে ইণ্টাৰনেটৰ সৈতে সংযুক্ত হয় আৰু অনাগত দিনসমূহত ২০০ মিলিয়ন লোকে মোবাইল ফোনৰ জড়িয়তে ইণ্টাৰনেটৰ সৈতে সংযুক্ত হ’ব। আমি বিশ্বাস কৰোঁ যে সামগ্ৰীৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। বেছি ক্ষেত্ৰতেই উদ্ভাৱনী সম্ভৱ। আমি নিজেই বেছি সময় গৱেষণা আৰু সামগ্ৰীৰ বিকাশৰ ক্ষেত্ৰত ব্যয় কৰিছো। আমি প্ৰতি বছৰে মাল্টিলেংগুৱেজ ফোন মুকলি কৰি আহিছো, যাতে গ্ৰাহকে নিজৰ পছন্দৰ ভাষা অনুসৰি ফোন ক্ৰয় কৰিব পাৰে। সম্প্ৰতি আমি ১৪-১৬টা ভাষাত ফোন বিক্ৰী কৰি আছো।’

Erelego.comৰ সুধীৰ চেট্টীয়ে বিশ্বাস কৰে যে বজাৰত কনটেণ্ট নাথাকিলে গ্ৰাহক সমস্যাৰ সন্মুখীন হয়। তেওঁৰ মতে কনটেণ্ট জেনেৰেচনতো যথেষ্ট সম্ভাৱনা আছে। ডিজিটেল ইণ্ডিয়াৰ বাবে বজাৰত সম্ভাৱনাও বৃদ্ধি হৈছে।

মাইক্ৰ’মেক্সৰ কুমাৰ শ্বাহে কয় যে তেওঁৰ কোম্পানীয়ে বিগত দুটা বছৰ ধৰি ষ্টাৰ্টআপৰ সৈতে সংযুক্ত হ’বলৈ আৰম্ভ কৰিছে। তেওঁৰ মতে ষ্টাৰ্টআপৰ সৈতে জড়িত হোৱাৰ কাৰণ হৈছে এনে কিছুমান সামগ্ৰী বিকশিত কৰা, যিবোৰ সামগ্ৰী ফোনত ব্যৱহাৰ কৰিব পাৰি।

ৰেডিঅ’ মিৰ্চিৰ আকাশ বেনাৰ্জীয়ে কয় যে,

‘ৰেডিঅ’ মাধ্যমৰো যথেষ্ট শক্তি আছে আৰু ইয়াক উপেক্ষা কৰিব নোৱাৰি। আপুনি লক্ষ্য কৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত টিভিত দেখুওৱা হয় কিন্তু ইয়াৰ সৈতে যি ভিডিঅ’ প্ৰদৰ্শিত কৰা হয় সেয়া হৈছে ৰেডিঅ’ শুনি থকা জনতাৰ। ৰেডিঅ’ৰ যথেষ্ট শক্তি আছে কিন্তু সমান্তৰালভাৱে ইয়াক বিস্তাৰিত কৰাৰো প্ৰয়োজনীয়তা আছে।’

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ভাৰতীয় ভাষাৰ বৈচিত্ৰ উদযাপনৰ উৎসৱ 'ভাষা-২০১৬'

'বহুবাৰ অপমানিত হৈছিলো, উজুটি খাইছিলো, তাৰ পিছতহে সফলতা আহিল': মনোজ তিৱাৰী

ডিজাইনাৰ টি-চাৰ্টেৰে অসমত লক্ষ্মীনাথৰ ‘লটিঘটি’

ঘৰত চাহপাতৰ অভাৱ পূৰাবলৈ চাহবাগান খোলাৰ সপোন দেখা ছোৱালীজনী