ভাৰতীয় ভাষাৰ বৈচিত্ৰ উদযাপনৰ উৎসৱ 'ভাষা-২০১৬'

ভাৰতীয় ভাষাৰ বৈচিত্ৰ উদযাপনৰ উৎসৱ 'ভাষা-২০১৬'

Friday March 11, 2016,

2 min Read

সমগ্ৰ ভাৰতৰে বিভিন্ন প্ৰান্তত আছে বিভিন্ন ভাষা আৰু ভাষাসমূহত আছে অপূৰ্ব সম্পদৰ মেটমৰা সম্ভাৰ । দুৰ্ভগ্যজনকভাৱে ভাৰতীয়সকল এই সাংস্কৃতিক সম্পদক যথোপযুক্ত সন্মান দিবলৈ সক্ষম হোৱা নাই । ফলত ভাৰতীয় ভাষাত প্ৰযুক্তি আৰু ব্যৱসায়ৰ ক্ষেত্ৰখনৰ বিশাল সম্ভাৱনা অব্যৱহৃত হৈ থাকি গৈছে ।

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত য়'ৰ ষ্ট'ৰী মিডিয়াই আয়োজন কৰা, ভাৰতীয় ভাষাৰ বৈচিত্ৰ উদযাপনৰ উৎসৱ 'ভাষা ২০১৬' অনুস্থিত হয় শুকুৰবাৰে নতুন দিল্লীত । এই উৎসৱৰ উদ্দেশ্য ভাৰতীয় ভাষাসমূহৰ ভৱিষ্যৎ, ভাৰতীয় ভাষাৰ উপযোগী প্ৰযুক্তি নিৰ্মাণ, ভাৰতীয় ভাষাৰ প্ৰসাৰৰ বাবে চৰকাৰী আঁচনি ইত্যাদি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা।

image


এই উৎসৱ উদ্বোধন কৰে Xiaomiৰ মানৱেন্দ্ৰ আৰু Reverieৰ অৰৱিন্দ পাণিৰ লগতে য়'ৰ ষ্ট'ৰীৰ প্ৰতিষ্ঠাপক চিইঅ' তথা মূখ্য সম্পাদক শ্ৰদ্ধা শৰ্মা আৰু ভাৰতীয় ভাষাৰ মেনেজিং এডিটৰ ড° অৰৱিন্দ য়াদৱে । এই অনুষ্ঠানত মূখ্য অতিথি হিচাপে যোগদান কৰে কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰী ড° মহেশ শৰ্মাই ।

উল্লেখযোগ্য যে য়'ৰ ষ্ট'ৰী মিডিয়াই ১২টা ভাৰতীয় ভাষাসমূহত সেৱা আগবঢ়াইছে আৰু ভাৰতীয় ভাষাৰ ক্ষেত্ৰখনৰ বিপুল সম্ভাৱনীয়তাক অধিক উদঘাটন কৰাৰ ক্ষেত্ৰত প্ৰচেষ্টা হাতত লৈছে ।

উল্লেখযোগ্য যে এই অনুষ্ঠানতে ভাৰতীয় ভাষাৰ ক্ষেত্ৰত সেৱা আগবঢ়োৱা কেইবাটাও ষ্টাৰ্টআপক সম্বৰ্ধনা জনোৱা হয় ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ৰন্ধনৰ ফিউজন শিল্পী- জ্যোতি দাস

৫টকা প্ৰতি লিটাৰ পানীৰ ৱাটাৰ এটিএম: পি লক্ষ্মী ৰাওৰ মনোৰম কাহিনী

৪০০ টকীয়া চাকৰিৰ পৰা কুইক হীলৰ প্ৰতিষ্ঠালৈকে কাটকাৰ ভাতৃদ্বয়ৰ চমকপ্ৰদ যাত্ৰা

অসমীয়া খাদ্যক বিশ্ব সভালৈ নিয়া চেফ অতুল লহকৰ