প্ৰযুক্তি ক্ষেত্ৰখনত খলকনি তোলা এজন ১২ বছৰীয়া শিশু

প্ৰযুক্তি ক্ষেত্ৰখনত খলকনি তোলা এজন ১২ বছৰীয়া শিশু

Tuesday June 21, 2016,

3 min Read

বাৰ বছৰীয়া তন্ময় বক্সি সমবয়সীয়া আনবোৰ শিশুতকৈ পৃথক । পাঁচ বছৰ বয়সত পিতৃৰ কম্পিউটাৰৰ স্ক্ৰীণত কিদৰে নিজৰ নামটো প্ৰদৰ্শন কৰিব পাৰি সেই প্ৰশ্নক লৈ ব্যস্ত হৈ পৰিছিল তন্ময় । সেই বয়সতে পিতৃৰ সহায়ত তেওঁ প্ৰগ্ৰামিং আৰম্ভ কৰিবলৈ ধৰিলে । আৰু আজি তেওঁ বিশ্বৰ কনিষ্ঠতম এপ ডেভেলপাৰসকলৰ অন্যতম । 

কানাডাৰ ব্ৰেম্পটন নিবাসী তন্ময়ে ন বছৰ বয়সত আই ফোনৰ বাবে প্ৰথমটো এপ নিৰ্মাণ কৰিছিল । আজি তেওঁৰ বিশ্বৰ বিভিন্ন স্থানত ভাষণ দিয়ে আৰু তেওঁৰ প্ৰযুক্তিৰে সকলোকে আচৰিত কৰি তোলে । কিন্তু এই সন্মান আৰু সফলতা এদিনতে অহা নাছিল । কেইবাবাৰো প্ৰত্যাখ্যানৰ মূখামূখি হোৱাৰ পাছত ২০১৩ চনৰ ১৪ ফেব্ৰুৱাৰীত তেওঁৰ এপটোৱে এপ ষ্ট'ৰত স্থান পাইছিল । 

তেতিয়াৰে পৰা তেওঁ অব্যাহত ৰাখিছে নতুন নতুন এপ নিৰ্মাণৰ ধাৰা । আজিৰ তাৰিখত ব্যৱহৃত বেচিভাগ ক'ডতেই তেওঁ সিদ্ধহস্ত । 

শেহতীয়াকৈ তেওঁ মুকলি কৰিছে AskTanmay নামৰ এটা এপ যিটোক বিশ্বৰ প্ৰথম ৱেবভিত্তিক NLQA প্ৰণালী আখ্যা দিয়া হৈছে । এই এপটোৱে ব্যক্তি, স্থান আদি বিভিন্ন বিষয়ক প্ৰশ্নৰ উত্তৰ দিব পাৰে ।

image


বৰ্তমান সপ্তম শ্ৰেণীৰ ছাত্ৰ তন্ময়ে সময় বচাবৰ বাবে ঘৰতে থাকি পঢ়-শুনা কৰে । পিছে তাৰ মানে এইটো নহয় যে আজৰি পৰত তেওঁ কেৱল ক'ডিঙত ব্যস্ত থাকে । 

'মই আজৰি সময়ত কডিং কৰোঁ আৰু এই কাম মই ইমানেই ভাল পাওঁ যে ই আন কথাৰপৰা মোৰ মনটো আঁতৰাই ৰাখে,' তন্ময়ে কয় । 

কিতাপ পঢ়ি আৰু খেলি ভাল পোৱা তন্ময়ে চাইকেল চলায় আৰু টেবুল টেনিছ খেলে । তেওঁ iOS প্ৰগ্ৰামিঙৰ বিষয়ে হেল্ল' ছুইফ্ট নামৰ এখন কিতাপো লিখিছে । 

তন্ময়ৰ ভাষাত 'পৃথিৱীখনক বহু ডেভেলপাৰৰ প্ৰয়োজন আছে ।' এই সংখ্যা বৃদ্ধি কৰিবলৈ তেওঁ চেষ্টা অব্যাহত ৰাখিছে । IBMDevConnectত তেওঁ তেওঁৰ এপটোক অপেন ছ'ৰ্চৰূপে মুকলি কৰি সকলোকে আচৰিত কৰি দিয়ে । তেওঁৰ ইউটিউব চেনেল তন্ময় টিচেজৰ যোগেদি তেওঁ প্ৰগ্ৰামিঙৰ বিভিন্ন খুটি নাটি শিকায় । এই চেনেলৰ চাবস্ক্ৰাইবাৰসকলৰ বয়স ১৫ৰ পৰা ৪০ৰ ভিতৰত ।

'ষ্টীভ জবছৰ কেতিয়াও হাৰ নমনা স্বভাৱে মোক সদায় অনুপ্ৰাণিত কৰে আৰু মোৰ ইচ্ছা আছে এদিন মই মোৰ কিতাপখন অমিতাভ বচ্চনৰহতুৱাই চহী কৰোৱাই ল'ম ।' তেওঁ মন্তব্য কৰে ।

শেহতীয়াকৈ তন্ময় ব্যস্ত আছে আই ফোন অবিহনে এপলৰ ঘড়ীয়ে কিগৰে কাম কৰিব তাক লৈ । লগতে কলেজৰ ছাত্ৰ ছাত্ৰীৰ সহায়ক হোৱাকৈ এটা এপ নিৰ্মাণতো ব্যস্ত আছে তেওঁ। লগতে তেওঁৰ AskTanmay এপটোক অধিক কাৰ্যক্ষম কৰি তোলাৰ লগতে ১০০ শতাংশ নিৰ্ভুল এটা Answering System প্ৰস্তুত কৰাতো ব্যস্ত আছে তেওঁ । 

IBM Watsonৰ APIত কাম কৰি ভাল পোৱা তন্ময়ে এনে এটা এপ নিৰ্মাণ কৰিবলৈ বিচাৰে যি ব্যৱসায়ৰ ক্ষেত্ৰত ছ'চিয়েল মিডিয়া পৰ্যালোচনা সহজতৰ কৰি তুলিব । 

'মই অধিক এপ নিৰ্মাণ কৰিব খোজোঁ, অধিক কিতাপ লিখিব খোজোঁ আৰু ঠায়ে ঠায়ে আৰু অধিক বক্তৃতা দিব খোজোঁ । লগতে মই মোৰ ইউ টিউব চেনেল যোগে অধিক জ্ঞান দিব খোজোঁ ।' তেওঁ কয় । 

আনহাতে নিজৰ সমবয়সীয়া সকলোলৈকে তেওঁৰ উপদেশ-

অন্তৰেৰে যি কৰিবলৈ বিচাৰা তাক কৰি যোৱা, যি কামেই হওক তাক অনুশীল কৰি কৰি নিজৰ দক্ষতা বঢ়াই গৈ থাকা ।

মূল- প্ৰতীক্ষা নায়ক

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ভাৰতীয় ৰেলৰ বাবে উন্নত আৰু স্বাস্থ্যকৰ শৌচাগাৰৰ আৰ্হি প্ৰস্তুত কৰিছে এজন ছাত্ৰই

পথৰ দাঁতিত ভিক্ষা খোজা এজনী ছোৱালী আজি বাঙ্গালুৰুৰ দ্ৰুততম দৌৰবিদ সকলৰ অন্যতম

ৰঙেৰে নতুন পৃথিৱী গঢ়িব খোজা আন্তঃৰাষ্ট্ৰীয় সন্মানপ্ৰাপ্ত শিল্পী নিৰুপম কোঁৱৰ

পৰ্যটনৰ বিকাশৰ বাবে অসম চৰকাৰে কি ভুমিকা ল'ব লাগে?