উদ্যোগীয়ে টোপনিৰ ওচৰত হাৰ নামানে

উদ্যোগীয়ে টোপনিৰ ওচৰত হাৰ নামানে

Monday April 18, 2016,

3 min Read

টোপনি হৈছে আমাৰ দৈনন্দিন কৰ্মসূচীৰ এক অভিন্ন অংশ। খাদ্যহীনতাই কাৰোবাক ভোকাতুৰ কৰাৰ দৰে নিদ্ৰাহীনতাই পাগল কৰি তুলিব পাৰে। সামৰিক বাহিনী সমুহত নিদ্ৰাক যথেষ্ট প্ৰাধান্য প্ৰদান কৰা হয়। বিমান বাহিনীত পৰ্যাপ্ত নিদ্ৰা লাভ নকৰা বৈমানিকক বিমান উৰোৱাৰ অনুমতি প্ৰদান কৰা নহয়। আমি প্ৰায়েই প্ৰয়োজনতকৈ অধিক সময় কাম কৰোঁ তথাপিও ইপ্সিত লক্ষ্যত উপনিত হবলৈ সক্ষম নহওঁ। কাৰণ আমি তাৰ বাবে নিদ্ৰাত্যাগ কৰোঁ। Basecampৰ প্ৰতিস্থাতা আৰু Ruby on Railsৰ উদ্ভাৱক David Heinemeier Hanssonএ কয় যে,

'নিদ্ৰা ত্যাগ কৰাটো এটা হাংগৰৰ পৰা ধাৰ লোৱাৰ সমকক্ষ। তাৰ ফলত আপুনি নিজৰ কৰিবলগীয়া কামৰ বাবে অতিৰিক্ত সময় লাভ কৰিব থিকেই কিন্তু কিহৰ বিনিময়ত? এসময়ত হাংগৰটো আহিব আৰু আপুনি যদি ধাৰ পৰিশোধ কৰিব নোৱাৰে, তেনেহলে সি আপোনাৰ সকলো সৃষ্টিশীলতা, নৈতিকতা,আৰু সজ আচৰণ ধ্বংস কৰি পেলাব।'


image


নিদ্ৰাহীনতাই আমাৰ দৈনন্দিন জীৱনৰ গতি মন্থৰ কৰি তোলে। তাৰ সলনি আমি আমাৰ নিদ্ৰা বৃদ্ধি কৰি সাৰে থকা সময়খিনি অধিক পৰিমাণ কামত খটুৱাব পাৰোঁ। প্ৰায়ে কিছুমান কথা শুনা যায় যে নিকোলা টেছলাৰ দৰে অত্যন্ত কৰ্মপটু লোকসকলে বৰ কম সময় শুইছিল। সেই কাম বাৰু তেওঁলোকৰ বাবে কিদৰে সম্ভৱ হৈছিল? আমাতকৈ কি বেলেগ ভাবে কাম কৰে তেওঁলোকৰ শৰীৰটোৱে? ইয়াক ভালকৈ বুজিবলৈ আমি আচলতে টোপনিয়েনো কিদৰে কাম কৰে তাক বুজিব লাগিব। আমাৰ টোপনিৰ দুটা পৰ্যায় আছে--

NREM (Non-Rapid Eye Movement)

REM (Rapid Eye Movement)

NREM টোপনিৰ আকৌ চাৰিটা স্তৰ আছে। এই চাৰিটা স্তৰ একেলগে নঘটে। REMটোপনিত প্ৰৱেশ কৰাৰ পূৰ্বে প্ৰথমতে আমি প্ৰথম স্তৰত প্ৰৱেশ কৰো, য'ত আমাৰ শৰীৰৰ সৰহসংখ্যক মাংসপেশী নিস্তেজ হৈ পৰে আৰু সপোন দেখো। তাৰ পিছত ক্ৰমে দ্বিতীয়, তৃতীয় আৰু চতূৰ্থ। তাৰ পিছত আকৌ ওলোটাকৈ চতূৰ্থৰ পৰা প্ৰথম। REMটোপনিৰ বিষয়ে বিশদ গৱেষণা হোৱা নাই যদিও ই আমাৰ শৰীৰটোক পুনৰুজ্জীৱিত কৰে বুলি জনা যায়।

টোপনিৰ ধৰণ সম্পৰ্কত কবলৈ হলে কব লাগিব যে টোপনিৰ পাঁচটা ধৰণ আছে। আমি সৰহ সংখ্যক লোকেই এটা ধৰণেৰেই টোপনি যাওঁ। তাক কোৱা হয়– monophasic sleep cycle বুলি। আন চাৰিটাক কোৱা হয় polyphasic sleep cycles বুলি। monophasic sleep cyclesত আমি কেৱল এটা স্তৰহে টোপনি যাওঁ। কিন্তু polyphasic sleep cyclesত আমি বিভিন্ন স্তৰত টোপনিক ভাগ কৰি লওঁ আৰু ব্যৱহাৰৰ বাবে অধিক সজাগ সময় উলিয়াওঁ।

চাৰিটা polyphasic sleep cycles হৈছে –

Biphasic Cycle – Biphasic cycleত দুটা স্তৰ থাকে। এটা হৈছে নিশাৰ ৪ৰ পৰা ৫ঘন্টাৰ গভীৰ নিদ্ৰা। আনটো হৈছে সন্ধিয়াৰ প্ৰায় ৯০ মিনিটৰ টোপনি। এবাৰ যদি স্বাভাৱিত টোপনিৰ পৰা বঞ্চিত হয় তাক পুৰাবলৈ এইটো হৈছে আটাইতকৈ সহজ টোপনি। বহুতে এই পৰ্যায়টোৰ সম্পৰ্কত নজনাকৈয়ে ইয়াক ব্যৱহাৰ কৰি আছে।

Everyman Cycle – The Everyman sleep cycleটো Biphasic cycleতকৈ কিছু কঠিন।কাৰণ ইয়াত ৩ঘন্টাৰ এক গভীৰ টোপনি আৰু ২০ মিনিটৰ তিনিটাকৈ তন্দ্ৰা থাকে। ২০ মিনিটৰ এই তিনিটা তন্দ্ৰাই আমাৰ পোনপটিয়াভাবে REMলৈ লৈ যায়।

Uberman Cycle – Uberman Cycleটো বৰ টান। কাৰণ এইটা পৰ্যায়ত কোনো গভীৰ নিদ্ৰা নাই। ইয়াত প্ৰতি ৪ ঘন্টাৰ মুৰে মুৰে ২০ৰ পৰা ৩০ মিনিটলৈ ৬ টা তন্দ্ৰা থাকে । প্ৰাৰম্ভিকভাবে এই পৰ্যায়টো অৱলম্বন কৰাটো বৰ টান, কাৰণ ই মানুহক ভাগৰুৱা কৰি তোলে। 

Dymaxion Cycle – এই পৰ্যায়টো Uberman Cycleৰ দৰেই প্ৰায় একেই। ইয়াত তন্দ্ৰাৰ স্তৰ ৬টাৰ সলনি ৪টালৈ হ্ৰাস কৰা হয়। একোটাত প্ৰতি ৬ঘন্টাৰ মুৰে মুৰে ৩০ মিনিটকৈ দিয়া হয়। সেইদৰেই টোপনিৰ সময় ২ঘন্টালৈ কমাই অনা হয়। এই পৰ্যায়টোৰ উদ্ভাৱক হৈছে Buckminster Fuller, যিয়ে তেওঁৰ ব্যৱসায়িক সংগীয়ে তেওঁক ত্যাগ কৰাৰ পিছত সময় বচাবৰ বাবে দুই বছৰলৈ এই পৰ্যায়টো অৱলম্বন কৰিছিল। তেওঁ আনকি দ্বিতীয় বিশ্ব যুদ্ধত জয়ী হবৰ বাবে আমেৰিকাকো এই পৰ্যায়টোৰ পৰামৰ্শ দিছিল।

সম্পূৰ্ণ Dymaxion cycleত প্ৰৱেশ কৰি টোপনি ভাল কৰাটো কঠিন। কিন্তু নিদ্ৰাহীনতাই আপোনাৰ ওপৰত সুদুৰপ্ৰসাৰী নেতিবাচক প্ৰভাৱ পেলাব পাৰে । যদি আপুনি যথেষ্ট সময় কাম কৰিবলগীয়া হয়, তেনেহলে আপোনাৰ টোপনিৰ ধৰণ কিছু সলনি কৰক। 

মূলঃ আদিত্য ভূষণ দ্বিবেদী

অনুবাদঃ প্ৰাঞ্জল শৰ্মা

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

আপোনাৰ ষ্টাৰ্ট আপ কাহিনীৰ শিৰোনাম কোনে লেখে?

বানে গৰকা বালিময় মাটিত সপোন ৰচিছে মতালেব, কাচেম, শোৰহাব, শোভানহঁতে

'নিঃশব্দ'ৰে বাংময় যাত্ৰা প্ৰাঞ্জল গগৈৰ