ব্যৱসায়িক ধাৰণা এটাৰ প্ৰাৰম্ভিক স্তৰতে কেনেদৰে পুঁজি সংগ্ৰহ কৰিব পাৰি

ব্যৱসায়িক ধাৰণা এটাৰ প্ৰাৰম্ভিক স্তৰতে কেনেদৰে পুঁজি সংগ্ৰহ কৰিব পাৰি

Friday November 20, 2015,

5 min Read

ষ্টাৰ্ট আপ ব্যৱসায় হৈছে অনেক ধন ঘটাৰ অতি লাভজনক আৰু সহজ প্ৰক্ৰিয়া । যেতিয়াই আপোনাৰ মগজুত কোনো 'ব্ৰাইট আইডিয়া'ৰ জন্ম হয়, তাক বহী এখনত টুকি ৰখা উচিত । এক উৎকৃষ্ট ব্যৱসায়ৰ আঁচনি তৈয়াৰ কৰক, আৰ্থিক অভিক্ষেপৰ খচৰা নিৰ্মাণ কৰক আৰু কেনেদৰে কোটিটকীয়া বজাৰখনত তাক দাখিল কৰিব পাৰি- সেইবিষয়ে চিন্তা কৰক । ইয়াৰ পিছত আপোনাৰ পৰিকল্পনা অথবা আঁচনিখনৰ বিষয়ে বিনিয়োগকাৰীসকলক বিশদভাবে জনাওক আৰু দেখিব- তেওঁলোকে ততালিকে আপোনাৰ আঁচনিত বিনিয়োগ কৰিবলৈ সাজু হৈ পৰিছে ।

এনে দিবাস্বপ্নৰ পৰা ওলাই আহক- এইয়া হৈছে বাস্তৱৰ সমুখীন হোৱাৰ সময় ।

ষ্টাৰ্ট-আপ সমুদায়ত প্ৰায়ে এই প্ৰশ্নটি শুনিবলৈ পোৱা যায়- “আমি কেনেদৰে পুঁজি গোটাম?” কিছুমান মানুহে এটি ধাৰণাক ফলপ্ৰসু বুলি প্ৰমাণ কৰাৰ পিছত হে পুঁজি বিচাৰিবলৈ ধৰে; অন্যহাতে কিছুমান ব্যক্তিয়ে একো এটা কৰাৰ আগতেই পুঁজিৰ সন্ধান কৰিব খোজে ।

পুঁজি গোটোৱাৰ সঠিক সময় হৈছে- যেতিয়া আপুনি আপোনাৰ প্ৰডাক্টটোক বজাৰৰ উপযোগী বুলি পৰীক্ষা কৰি চায় আৰু গ্ৰাহকসকলে আপোনাৰ প্ৰডাক্টটো হাঁহিমুখে আকোঁৱালি লয় । কিন্তু তাৰপিছতো বহুতে ধাৰণা এটিৰ প্ৰাৰম্ভিক স্তৰতে ফাণ্ডিং অথবা পুঁজিৰ সন্ধান কৰিবলৈ ধৰে । পোন-প্ৰথমবাৰ ব্যৱসা.ত হাত দিয়া উদ্যমী ব্যৱসায়ীৰ কাৰণে এনেদৰে পুঁজি সংগ্ৰহ কৰিব পৰাটো প্ৰায় অসম্ভৱ কথা ।

image


আপোনাৰ ষ্টাৰ্ট-আপ যদি এতিয়াও প্ৰাৰম্ভিক স্তৰতেই আছে, তেন্তে তলত দিয়া ধৰণেৰে আপুনি পুঁজি সংগ্ৰহ কৰিব পাৰে.

১ পূৰ্ববৰ্তী ষ্টাৰ্ট-আপৰ সফলতা

যদি আপুনি ইয়াৰ আগতেও কোনো ব্যৱসায়ৰ আৰম্ভণি কৰিছিল আৰু আপোনাৰ বিনিয়োগকাৰী সকলক ধনী কৰি তুলিছিল, তেন্তে আপুনি আইডিয়াৰ স্তৰতে পুঁজি লাভ কৰাৰ সম্ভাৱনা অনেক বেছি । মই ভাবোঁ তেনে কোনো ব্যক্তিয়ে এই প্ৰবন্ধটো এতিয়া পঢ়ি থকা নাই । তেনে ব্যক্তিক কোনো পৰামৰ্শৰ প্ৰয়োজন নাই আৰু তেওঁ চাগে ইতিমধ্যে পুঁজিৰ যোগাৰ কৰিলেই ।

২ আপোনাৰ কৰ্মক্ষেত্ৰত প্ৰচুৰ অভিজ্ঞতা

আপুনি যদি এজন চেৰাবলিয়া ব্যক্তি অথবা এজন বিশেষজ্ঞ, পি.এইচ.ডি. অথবা আপোনাৰ নামত অনেক গৱেষণা পত্ৰ/প্ৰকাশন থাকে, তেন্তে বিনিয়োগকাৰীসকলে আপোনাৰ প্ৰজেক্টটো গম্ভীৰভাবে ল’ব । আপোনাৰ তেজতেই সৃষ্টিশীলতাৰ বীজ থাকিব লাগিব আৰু আপোনাৰ ক্ষেত্ৰত আপুনি কৰা কামৰ এক ভাল ৰেকৰ্ড থাকিব লাগিব । আপুনি কে কে ৰাঘৱৰ দৰেও পুঁজি সংগ্ৰহ কৰিব পাৰে|

৩ আপোনাৰ নিকট বন্ধু তথা পৰিয়াল

নিশ্চিতভাবে আপোনাৰ নিকটবৰ্তী আত্মীয় বা বন্ধুসকলে আপোনাক সহায় কৰিব খোজে । আপুনি আপোনাৰ বন্ধুবৰ্গৰ প্ৰতিজনকে আপোনাৰ আইডিয়াটোৰ বিষয়ে বুজাই ক’ব পাৰে আৰু তেওঁলোকক পতিয়ন নিয়াব পাৰে যে আপোনাৰ ব্যৱসায়ত বিনিয়োগ কৰিলে তেওঁলোকৰ কোনো লোকচান নহ’ব । আপুনি ধাৰ হিচাপে ধন গ্ৰহণ কৰিব পাৰে অথবা তেওঁলোকক পাৰ্টনাৰ হ’বলৈ দি ইকুইটি (equity) প্ৰদান কৰিব পাৰে ।

৪ এজন সৰল বিনিয়োগকাৰী বিচাৰি লওক

শুনিবলৈ অাখঁজা লাগিলেও ই অতি আমোদজনক কথা । ৰিয়েল ইষ্টেট আৰু পৰম্পৰাগত ব্যৱসায়ত অৰ্থ বিনিয়োগ কৰি মানুহে অনেক লাভ অৰ্জন কৰিলে । এতিয়া তেওঁলোকে WhatsApp আদিৰ সফলতাৰ কাহিনী শুনাৰ পিছ্ত (য’ত বিনিয়োগকাৰীসকলে $19 বিলিয়ন ডলাৰৰ লাভ আৰ্জিছিল) ইন্টাৰনেটত ব্যৱসায় কৰা কোম্পানীৰ ফালে মনোযোগ দিবলৈ ধৰিছে । আপুনি যদি তেনে এগৰাকী বিনিয়োগকাৰীৰ কাষলৈ যায় আৰু তেওঁক কয় যে আপুনি WhatsAppৰ দৰে এপ্লিকেশ্যন তৈয়াৰ কৰি তাক বিক্ৰী কৰিবলৈ সক্ষম হ’ব- তেন্তে সেই ব্যক্তিজনে সহজতে মানি লোৱাৰ সম্ভাৱনা প্ৰবল ।

কিন্তু মনত ৰাখিব- আপুনি যদি মানুহক ঠগে, তেন্তে কিবা নহয় কিবা প্ৰকাৰে আপুনি তেওঁলোকক তাৰ প্ৰায়শ্চিত্ত কৰি দিবই লাগিব । ভাৰতীয়সকলে কৰ্মফলত বিশ্বাস ৰাখে, গতিকে তেনে কোনো কৰ্ম কৰাৰ আগতে পুনৰায় ভাবি চাব । আপোনাৰ বজাৰখন বুজি পাব পৰা বিনিয়োগকাৰীৰ সতেহে বন্ধুত্ব কৰা উচিত ।

আইডিয়াৰ প্ৰাৰম্ভিক স্তৰতে পুঁজি সংগ্ৰহ কৰাৰ অন্য কোনো উপায় নাই । যদি মোৰ লেখাত কিবা থাকি গৈছে, অনুগ্ৰহ কৰি কমেন্টত নিজৰ মত দাঙি ধৰে যেন ।

কিন্তু ইয়াৰ অৰ্থ এইয়া নহয় যে আপুনি পুঁজি সংগ্ৰহ কৰিব নোৱাৰিবই । আপুনি পাৰিব, কিন্তু আইডিয়াৰ স্তৰতেই নহয় । আপুনি আইডিয়াটোক কাৰ্যকৰী কৰি তুলিব লাগিব । এটি সামগ্ৰী নিৰ্মাণ কৰি আপোনাৰ প্ৰাৰম্ভিক গ্ৰাহক কেইজনমানক বিক্ৰী কৰক ।

আপুনি যেতিয়াই পুঁজি সংগ্ৰহ কৰাৰ কথা ভাবে, এই প্ৰশ্নকেইটা নিজকে কৰি চাব:

আপুনি কোম্পানীটো আৰম্ভ কৰাৰ লক্ষ্য কি- গ্ৰাহকৰ সমস্যাৰ সমাধান নে অৰ্থ সংগ্ৰহ? উত্তৰ হোৱা উচিত- “দুয়োটাই”।

• আপোনাৰ অগ্ৰাধিকাৰ কোনে পাব- গ্ৰাহকে নে বিনিয়োগকাৰীয়ে? আপুনি কমেও পঞ্চাশজন গ্ৰাহকৰ সৈতে কথা পাতিলে নে?

• আপুনি কোনো সমাধান, অথবা এক Minimum viable product (MVP) প্ৰদান কৰি চাইছে নে?

• আপোনাৰ ক্ষেত্ৰলৈ আপুনি কেনেদৰে গ্ৰাহক গোটাই আনিব? আপুনি গ্ৰাহক গোটাবলৈ চেষ্টা কৰি চাইছে নে? Social Media, SEO আদি প্ৰমশ্যনেল কৌশলবিলাক ব্যৱহাৰ কৰি চাওক, অন্যথা- সেইখিনি কেৱল শুনিবলৈ হে ভাললগা হ’ব ।

• আপুনি কি দৰে আপোনাৰ ব্যৱসায়টোক লাভজনক কৰি তুলিব? এনেকৈ নাভাবিব যে আপুনি পিছত কিবা বুদ্ধি এটি সাজি উলিয়াব আৰু ইয়াক 1000 গুণ অধিক লাভজনক কৰি তুলিব পাৰিব । এখন ফ্ৰী প্লেটফৰ্মে তেতিয়াহে ভাল কাম কৰিছে বুলি ধৰা হয় যেতিয়া নিতৌ হাজাৰজন গ্ৰাহকে আপোনাৰ App টোক Install কৰিব । ভালদৰে চাবলৈ গ’লে যিকোনো ব্যৱসায় ভালদৰে চলাৰ আঁৰত আছে লাভালাভৰ অংক ।

কিছু সময়ৰ বাবে ধৰি লওক যে আপুনি এগৰাকী বিনিয়োগকাৰী । আপুনি এজন অচিনাকী ব্যক্তিৰ কোম্পানীত কিয় বিনিয়োগ কৰিবলৈ যাব? এজন ভাল বিনিয়োগকাৰীয়ে নিতৌ হাজাৰটা ব্যৱসায়ৰ প্ৰস্তাৱ পায় । তেনে হাজাৰখন দৰ্খাস্তৰ মাজত আপোনাৰ প্ৰস্তাৱটো কেনেদৰে জিলিকি উঠিব?

মই পৰামৰ্শ দিম- প্ৰথমতে কামত লাগক । এনে কিবা নিৰ্মাণ কৰক যিটো গ্ৰাহকে ভাল পাব । মানুহৰ জীৱনলৈ ভাল পৰিবৰ্তন আনিব পৰা কিবা এটা তৈয়াৰ কৰাৰ কথা চিন্তা কৰক । বৰ্তমানৰ বজাৰৰ সৈতে যে আপোনাৰ উদ্ভাৱনটোও খাপ খাই পৰে, তাক প্ৰমাণ কৰি দেখুৱাওক ।

যদি মাৰ্কেটখন বৃহত্‍ হয় আৰু আপোনাৰ ওচৰত এটি চকুতলগা প্ৰডাক্ট আছে, তেন্তে পুঁজি নিজে নিজেই আহিব । এজন প্ৰকৃত উদ্যোক্তা অনেক সম্পদশালী হয় । তেওঁ কম উপাদান থাকিলেও কাম এটি সমাধান কৰি দেখুওৱাৰ ক্ষমতা ৰাখে ।

মূল: প্ৰদীপ গোয়েল

অনুবাদ: শান্তনু চাংমাই

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

4G ডিভাইচ শ্বিপমেন্টৰ বৰ্ধিত পৰিসংখ্যাই ইন্টাৰনেট ষ্টাৰ্ট-আপসমূহক কিমান লাভান্বিত কৰিব?

'ভাল' যেন লগা 'বেয়া' ষ্টাৰ্ট-আপ পৰিকল্পনাৰ পৰা কেনেকৈ বাচিব পাৰি

মাইকেল জেকচনৰ নৃত্যশৈলীৰে ট্ৰেফিক নিয়ন্ত্ৰণ কৰা এজন ‘দবং’ আৰক্ষী