কি দৰে মহিলাসকলে মুঠ ঘৰুৱা উৎপাদন ২৪শতাংশ পৰ্যন্ত বৃদ্ধি কৰিব পাৰে?

কি দৰে মহিলাসকলে মুঠ ঘৰুৱা উৎপাদন ২৪শতাংশ  পৰ্যন্ত বৃদ্ধি কৰিব পাৰে?

Sunday December 20, 2015,

4 min Read

ভাৰতবৰ্ষত সাধাৰণতে অধিকাংশ মহিলা উদ্যোগীয়ে নিজকে আদৰ্শণীয় আৰু বিখ্যাত ব্যক্তিত্বৰূপে প্ৰতিষ্ঠিত কৰাৰ ক্ষেত্ৰত সফল হোৱা দেখা নাযায়।কিন্তু অতি শীঘ্ৰেই যদি এই পৰিস্থিতিৰ সলনি হয় তেনেহ’লে আচৰিত নহ’ব। মহিলাসকলৰ উদ্যোগশীলতাক লৈ ভাৰতত এতিয়া আমুল পৰিৱৰ্তন সাধন হোৱা দেখা গৈছে।সময়ৰ সোঁতত এইদিশত চকুত লগা সংস্কাৰ সাধন হৈছে।২০১২ চনত লিংকডইনে অধিগ্ৰহণ কৰা স্লাইডশ্বেয়াৰৰ সংস্থাপক ৰশ্মি সিনহাক এক বিশেষ সংস্থাই বিশ্বৰ ১০ গৰাকী প্ৰভাৱশালী মহিলাৰ মাজত স্থান প্ৰদান কৰিছিল।কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগেৰে সমস্যা সমাধান কৰা কোম্পানী মেড ষ্ট্ৰীট ডেনৰ সংস্থাপক অশ্বিনী অশোকন, লক্ষাধিক টকাৰ ৰাজহ আয় কৰা অনলাইন ৰিটেইলাৰ ইনফিবিমৰ সংস্থাপক নীৰু শৰ্মা, চহৰত বাসকৰাসকলক পাইপেৰে অহা পানীৰ উপলব্ধতাৰ বিষয়ে জনোৱা নেক্সটড্ৰপৰ সংস্থাপক অনু শ্ৰীধৰন, শান্তি লাইফৰ দ্বাৰা বস্তি এলেকাত বাস কৰাসকলক ব্যৱসায় আৰম্ভ কৰিবলৈ সহায় কৰা শীতল ৱালছ আৰু প্ৰতিভাসম্পন্ন পেছাদাৰী মহিলাসকলক কামৰ সুযোগ প্ৰদান কৰা শিৰোসৰ সংস্থাপক সাইৰী চহল আদি নামৰ সৈতে এই তালিকা প্ৰতিদিনে দীঘলীয়া হৈ গৈ আছে। এই দীঘলীয়া নামসূচীয়ে আগন্তুক সময়ত মহিলা উদ্যোগীসকলে যে ভাৰতীয় অৰ্থব্যৱস্থাত এক বৃহৎ প্ৰভাৱ পেলাব সেয়া নিশ্চিতৰূপত তুলি ধৰিছে।

মহিলাসকলে উদ্যোগশীলতাৰ বাট গ্ৰহণ কৰাৰ এই প্ৰক্ৰিয়া অতি শান্তভাৱে আগবাঢ়িছে। অৱশ্যে কিছু আগলৈ মন কৰিলে দেখা যায় যে ভাৰতত মহিলাসকলে বহু পূৰ্বৰে পৰা পাপড় আৰু আচাৰ প্ৰস্তুত কৰি বিক্ৰী কৰি আহিছে।এনেধৰণেই ১৯৫৯ চনত ভাৰতীয় মহিলাসকলে প্ৰতিষ্ঠা কৰে ‘লিজ্জত পাপড়’ নামৰ কোম্পানী।আজি এই কোম্পানীয়ে ৪২ হাজাৰ লোকক কৰ্মসংস্থাপন প্ৰদান কৰাৰ লগতে ৮০০কোটি টকাতকৈও অধিক টাৰ্নঅভাৰ অনা পৰিলক্ষিত হৈছে।এনেধৰণৰ উদাহৰণ প্ৰদানকাৰী ভাৰতীয় মহিলাসকলে নিশ্চিতভাৱে উদ্যোগশীলতাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব পাৰে।

image


আমেৰিকা, ইউৰোপ, মধ্যপ্ৰাচ্য আৰু এচিয়াৰ বিভিন্ন ক্ষেত্ৰক সামৰি বিগত বৰ্ষত সম্পন্ন কৰা এক অধ্যয়নত মহিলা উদ্যোগীৰ ক্ষেত্ৰত ভাৰত সকলোতকৈ সক্ৰিয় দেশৰূপে উদ্ভাসিত হৈছে।ইয়াত প্ৰকাশ পোৱা এক আকৰ্ষণীয় তথ্য অনুসৰি ভাৰতৰ উদ্যোগীসকলৰ ভিতৰত ৪৯সংখ্যকেই মহিলা।এই দিশত হংকং আৰু ফ্ৰান্সকো ভাৰতে চেৰ পেলাইছে।

শিক্ষা আৰু ব্যৱহাৰিক প্ৰশিক্ষণৰ বৰ্ধিত হাৰৰ ফলতেই মহিলা উদ্যোগীসকলৰ মাত্ৰা ক্ৰমাৎ বৃদ্ধি পাইছে। ইয়াৰ লগতে বিভিন্ন আৰ্থ-সামাজিক কাৰণৰ বাবে আজি অধিকসংখ্যক মহিলাই পোহনীয়া জন্তু চোৱা-চিতা কৰা ক্লিনিক, ঋণ আদায়কাৰী সংস্থা, হুইলচেয়াৰ নিৰ্মাণ, টেলিমাৰ্কেটিং কোম্পানী, ভেষজ উৎপাদন, প্ৰকাশন আদি বিভিন্ন ক্ষেত্ৰত আগভাগ লোৱা দেখা যায়।পৰিয়ালৰ পৰম্পৰাগত কাঠামো সলনি হোৱাৰ বাবেও মহিলাসকলে অধিক স্বতন্ত্ৰতাৰ সুযোগ লাভ কৰিছে।তদুপৰি পুৰুষ আৰু মহিলাৰ মাজত লিংগভিত্তিক পাৰ্থক্য ক্ৰমাৎ সংকুচিত হৈ অহাৰ বাবে মহিলাসকলে নিজৰ ক্ষমতা অনুধাৱন কৰি দুভৰিত থিয় দিবলৈ শিকিছে।এগৰাকী সফল উদ্যোগী হোৱাৰ ক্ষেত্ৰত প্ৰয়োজনীয় আত্মবিশ্বাস মহিলাসকলে আহৰণ কৰিবলৈ শিকিছে।ইয়াৰ লগতে পূৰ্বতকৈ বহু ভালদৰে নেটৱৰ্কিং, নিৱেশ আৰু দিকদৰ্শন লাভ কৰিবলৈও মহিলাসকল সক্ষম হৈছে।

এই শৃংখলাত মহিলা উদ্যোগশীলতাক উৎসাহ যোগোৱা চৰকাৰী যোজনা আৰু নীতিসমূহক আটাইতকৈ নিম্ন স্তৰত স্থান দিব পাৰি।কৌশলগত বিকাশ কাৰ্যসূচীৰ দ্বাৰা এই আঁচনিসমূহে মহিলাসকলৰ মাজত কৌশলৰ বিকাশৰ লগতে তেওঁলোকৰ বাবে সংস্থাগত নিৱেশ, প্ৰাথমিক ভেঁটি নিৰ্মাণ আৰু প্ৰতিভা বিচাৰি উলিওৱাত সিমানদূৰ সফল হোৱা দেখা নাযায়।২০১৩ চনত উষা সুব্ৰমনিয়ামে প্ৰতিষ্ঠা কৰা ভাৰতীয় মহিলা বেংক হৈছে ভাৰতীয় মহিলাসকলৰ বাবে আন এক অনুপ্ৰেৰণামূলক সংস্থা। সাধাৰণ বেংকসমূহে ঢুকি নোপোৱা চহৰাঞ্চলৰ আৰু গাঁৱৰ মহিলাসকলক নিজা ব্যৱসায় আৰম্ভ কৰাত এই বেংকে সহায় কৰে।

আৰ্থিক সহযোগ আৰু বিকাশ সংস্থাৰ তথ্য অনুসৰি যদিহে ভাৰতত বিকাশৰ সমৰ্থনকাৰী আৰু লিংগ সমৰ্থক নীতি গ্ৰহণ কৰা হয় তেনেহ’লে ইয়াৰ অৰ্থব্যৱস্থাত ২.৪ শতাংশলৈ উন্নতি নিশ্চিত।ইয়াৰ বাবে ভাৰতে মহিলাসকলৰ মাজত শিক্ষা আৰু প্ৰশিক্ষণ, একাউণ্টিং, মাৰ্কেটিং, মানৱ সম্পদ উন্নয়ন আৰু উৎপাদন আদি দিশৰ সুব্যৱস্থা কৰিব লাগিব।আনহাতে ভাৰতৰ লগতে বিদেশৰ মাটিত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বাণিজ্য মেলা আৰু সন্মিলন সমূহত মহিলাসকলে যাতে সহজে অংশগ্ৰহণ কৰিব পাৰে সেয়া সুনিশ্চিত কৰিব লাগিব। ইয়াৰ দ্বাৰা সমক্ষেত্ৰৰ আন লোকসকলৰ সংস্পৰ্শ লাভ কৰি ডাঙৰ বজাৰৰ সৈতে লেন-দেন কৰিবলৈ মহিলাসকলে অৱসৰ লাভ কৰিব। উদ্যোগী মহিলাসকলৰ অভাৱ-অভিযোগ সমাধান কৰি তাৎক্ষনিক ব্যৱস্থা ল’বলৈ এক ৰাষ্ট্ৰীয় অভিযোগ কোষ স্থাপন কৰাও সময়ৰ আহ্বান।

মহিলা উদ্যোগীসকল সমাজৰ সম্পদ আৰু তেওঁলোক এইদিশলৈ আগুৱাই অহাটো অত্যন্ত আদৰণীয় বিষয়।মহিলাসকলৰ স্বভাৱগতভাৱে শক্তিশালী, ধৈৰ্যশীলা, দক্ষতাসম্পন্ন হয়।ব্যৱসায় আৰম্ভ কৰিবলৈ এওঁলোকৰ ওচৰত আছে প্ৰচুৰ নতুন দৃষ্টিকোণ আৰু আধুনিক চিন্তাক আঁকোৱালি লোৱাৰ ক্ষমতা।বিশ্ব আৰ্থিক মঞ্চৰ ২০১৪ চনৰ গ্লবেল জেণ্ডাৰ গেপ ৰিপৰ্ট অনুসৰি ভাৰতত কৰ্মৰত লোকসকলৰ এক তৃতীয়াংশৰো অধিক হৈছে মহিলা আৰু জিডিপিৰ বৃদ্ধিৰ দিশত তেওঁলোকৰ অৱদান আৰু কৰ্মসংস্থাপন সৃষ্টি কৰাত তেওঁলোকৰ ক্ষমতা ভাৰতীয় অৰ্থব্যৱস্থাৰ বৃহৎ পৰিৱৰ্তনৰ কাৰণ হ’ব পাৰে।

বিশেষ-এই লেখনিৰ লিখক অতুল ৰাজা হৈছে ৱাধৱানী ফাউণ্ডেচনৰ মাৰ্কেটিং উপাধ্যক্ষ।

নিশান্ত গোৱেলৰ হিন্দী অনুবাদৰ অসমীয়া ভাঙনি-তুলিকা দেৱী