গাড়ী ধুই জীৱিকা নিৰ্বাহ কৰা বি এম বালকৃষ্ণ আজি ২০ কোটি টকীয়া কোম্পানীৰ মালিক

গাড়ী ধুই জীৱিকা নিৰ্বাহ কৰা বি এম বালকৃষ্ণ আজি ২০ কোটি টকীয়া কোম্পানীৰ মালিক

Tuesday June 28, 2016,

2 min Read

গাড়ী ধুই জীৱিকা নিৰ্বাহ কৰা বট্টালা মুনুছামি বালকৃষ্ণৰ এসময়ৰ দৈনিক উপাৰ্জন আছিল ৫০০টকা । ইয়াৰ পাছত তেওঁ বিক্ৰেতা কেইবাটাও চাকৰি কৰে আৰু অৱশেষত নিজা ব্যৱসায় আৰম্ভ কৰে । আজি তেওঁ পানী শোধনৰ আহিলাৰ এটা কোম্পানীৰ মালিক । ঘৰুৱা আৰু বাণিজ্যিক দুয়োধৰণৰ প্ৰয়োজন পুৰণ কৰা একুৱাপট নামৰ এই কোম্পানীটোৰ বাৰ্ষিক ব্যৱসায় ২০ কোটি টকাৰ । এতময়ত প্ৰতিটো টকাৰ হিচাপ কৰিবলগীয়া হৈছিল তেওঁ। ৩৪ বছৰীয়া বালকৃষ্ণই কয়, ' মই ১০ টকা এটা খৰচ কৰিবলগীয়া হ'লে ভাবিছিলো যে মোৰ মা-দেউতাই ৩ লিটাৰ গাখীৰ বিক্ৰী কৰি সেইখিনি ধন পাইছিল ।' 

Image:  The Weekend Leader ; Sulekha

Image:  The Weekend Leader ; Sulekha


অন্ধ্ৰ প্ৰদেশৰ চিট্টোৰ জিলাৰ শংকৰয়ালাপেটাৰ এটা দুখীয়া পৰিয়ালত জন্ম হৈছিল বালকৃষ্ণৰ । তেওঁৰ পিতৃ আছইল এজন কৃষক । লগতে গাখীৰো বিক্ৰী কৰিছিল তেওঁলোকে । ১৯৯৮-৯৯ চনত চৰকাৰী প্ৰতিষ্ঠান এটাৰপৰা অটমবিল ইঞ্জিনীয়াৰিঙত এটা পাঠ্যক্ৰম সমাপত কৰি তেওঁ বাঙ্গালুৰুলৈ যায় । লগত আছিল মাকে বহু কষ্টেৰে জমা কৰা ১০০০ টকা ।  

২০০১ চনত তেওঁ প্ৰথম চাকৰিত সোমায় । চাকৰিটো আছিল গাড়ী ধোৱাৰ আৰু তেওঁৰ ওপৰৱালা আছিল এজন ১৫ বছৰীয়া ল'ৰা । ছমাহ পাছত ২০০০ টকা দৰমহাত তেওঁ চি আৰ আই পাম্পছ নামৰ এটা প্ৰতিষ্ঠানত বিক্ৰেতাৰ চাকৰিত সোমায় । ইয়াৰ পাছত কেইবাটাও চাকৰি কৰি অৱশেষত ২০০৮ চনত তেওঁ এটা প্ৰতিষ্ঠানৰ কাৰণে সমগ্ৰ অন্ধ্ৰ প্ৰদেশ জুৰি বিপণনৰ দিয়িত্ব লাভ কৰে । ইতিমধ্যে তেওঁ যথেষ্ট অভিজ্ঞতা সঞ্চয় কৰিছিল । 

২০১১ চনত তেওঁ সাঁচতীয়া ১.৫০ লাখ টকাৰে হায়দৰাবাদৰ ছেকেন্দ্ৰাবাদত এটা কাৰ্যালয়ৰ বাবে এটুকুৰা ঠাই বুকিং কৰে । অৱশ্যে তেওঁ কি ব্যৱসায় কৰিব সেই কথা তেওঁ তেতিয়াও ভবা নাছিল । ইয়াৰ কাৰণে তেওঁ মাহে ১৪০০০ টকা দিবলৈ প্ৰস্তুতি চলাবলগীয়া হৈছিল । তেওঁৰ এজন বাল্যবন্ধুৱে তেওঁক উপদেশ দিলে পানী পৰিশোধকৰ ব্যৱসায় কৰিবলৈ । এি কথা শুনি তেওঁ চেন্নাইলৈ যাত্ৰা কৰিলে এনে ধৰণৰ সামগ্ৰীৰ এখন মেলা চোৱাৰ উদ্দেশ্যেৰে । ইয়াৰ পাছত তেওঁ এজন প্ৰাক্তন সহকৰ্মীৰ ওচৰলৈ গ'ল । এই লোকজনে এনেধৰণৰ সামগ্ৰী নিৰ্মাণ কৰিছিল । তাৰপৰা তেওঁ বিশটা তেনে যন্ত্ৰ লৈ উভতি আহিল । 

মাত্ৰ দুই লাথ টকা মূলধনেৰে তেওঁ আৰম্ভ কৰিলে তেওঁৰ একুৱাপট নামৰ কোম্পানীটো । লাহে লাহে কষ্টৰ বলত আজি তেওঁৰ কোম্পানীয়ে হায়দৰাবাদৰ তিনিটা স্থানত এনে সামগ্ৰী নিৰ্মাণ কৰে । তেওঁৰ কোম্পানীৰ বাৰ্ষিক বৃদ্ধি ২৫ৰ পৰা ৫০ শতাংশ । 

একুৱাপটে আনকি কেণ্ট, ইউৰেকা ফৰ্বছ আদি কোম্পানীকো প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে । ভাৰতত এনেধৰণৰ ব্যৱসায় কৰা ১৫০০ কোম্পানীৰ ভিতৰত একুৱাপটৰ স্থান প্ৰথম ২০ টাৰ ভিতৰত । 

এনেকুৱা প্ৰেৰণাদায়ক কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

এইধৰণৰ অন্যান্য কাহিনী

ব্ৰেকজিটে ভাৰততো প্ৰভাৱ পেলাব

বাঙ্গালুৰুৰ ৪০০ অট'চালকে প্ৰযোজনা কৰিছে এখন বাণিজ্যিক ছৱি

একালৰ বিধায়ক এতিয়া পথৰ বাসিন্দা