“হাউচ মেইড ফৰ ইউ”ৰ জৰিয়তে ফ্লাইট এটেণ্ডেণ্ট ৰাথী ৰাণাই বন কৰা তিৰোতা সকলক এক নতুন দিনৰ সপোন দেখুৱাইছে

“হাউচ মেইড ফৰ ইউ”ৰ জৰিয়তে ফ্লাইট এটেণ্ডেণ্ট ৰাথী ৰাণাই বন কৰা তিৰোতা সকলক এক নতুন দিনৰ সপোন দেখুৱাইছে

Monday December 14, 2015,

7 min Read

এক বিলাসী জীৱন যাপনত অভ্যস্ত, কিংফিশ্বাৰ আৰু ইণ্ডিগ’ৰ এগৰাকী সফল ফ্লাইট এটেণ্ডেণ্টে কিহৰ তাড়নাত দুখীয়া তিৰোতাৰ কর্মসংস্থানৰ সহায়ক হোৱাকৈ এক সামাজিক অনুস্থান গঢ়ি তোলাৰ বাবে আগ্ৰহী হ’ল?

ৰাথীয়ে ক’লে যে ‘যিসময়ত মই এটা আৰামৰ জীৱন যাপন কৰিছিলো, যিসময়ত মোৰ গাড়ীৰ দুৱাৰখনো আনকি বেলেগ কোনোবাইহে খুলি দিছিল, পৃথিৱীৰ যিকোনো ঠাইৰ ভালৰো ভাল হোটেলত মই আছিলো, মোৰ ইচ্ছা মতে যিকোনো খাদ্য মই গ্ৰহণ কৰিছিলো সেই সময়তে বহুতে পেটৰ ভোকত ককবকাই থাকিব লগা হৈছিল৷ এই কথাটোৱে প্ৰায়ে মোক দূখ দিছিল৷

বঞ্চিত জনৰ প্ৰতি কোনোকালে ৰাথীৰ মমতাৰ অভাৱ নাছিল৷ এই গুণেই তেওঁক বৰদিন অথবা আন উৎসৱৰ সময়ত অনাথাশ্ৰম বোৰলৈ টানি নিছিল৷ অনাথ শিশু আৰু নিপীড়িত মানুহবোৰৰ মাজত ৰাথীয়ে প্ৰায়ে সময় অতিবাহিত কৰিছিল আৰু তেওঁলোকৰ মাজত নিজৰ সাধ্য অনুসাৰে ৰাথীয়ে কানি-কাপোৰ, খোৱা বস্তু আৰু টকা পইছা বিলাইছিল৷

এনেদৰেই নিজৰ অনুৰাগ আৰু কর্মব্যস্ত জীৱনত ব্যস্ত থাকোতে এদিন ৰাথীয়ে ৰাজপথত কাৰোবাৰ ঘৰত কাম বিচাৰি ফুৰা এগৰাকী তিৰোতাক লগ পালে৷ সেইদিনাই ৰাথীৰ মনত এনেবোৰ তিৰোতাৰ জীৱিকা নির্বাহৰ বাবে সহায়ক হোৱাকৈ এক প্ৰতিষ্ঠান গঢ়াৰ চিন্তাটো খেলালে৷

image


ৰাথীৰ স্বামী প্ৰতীকেও সেই চিন্তাক আন্তৰিকভাৱে সমর্থন জনালে৷ এইদৰেই ৰাথীৰ চিন্তাই এটা গতি পালে আৰু কেইদিনমানৰ পিছতে এদিন “হাউচ মেইড ফৰ ইউ”ৰ জন্ম হ’ল৷

এই উদ্যোগৰ কর্মপদ্ধতিৰ ধৰণ কেনেকুৱা? ৰাথীৰ ভাষাত, ‘আমাৰ হাতত প্ৰার্থীসকলৰ এটা ডেটাবেছৰ লগতে উপভোক্তাৰ পঞ্জীয়নৰো ব্যৱস্থা আছে৷ উপভোক্তাৰ প্ৰয়োজন অনুসাৰে আমি তেওঁলোকক উপযুক্ত প্ৰার্থীৰ যোগান ধৰোঁ৷ উপভোক্তাসকলে আমালৈ ফোন কৰিও ঘৰত বনকৰা কর্মীৰ সন্ধান কৰিব পাৰে৷ ৰাথী আাৰু তেওঁৰ কর্মীবৃন্দই তেওঁলোকৰ ডেটাবেছৰ পৰা উপযুক্ত প্ৰার্থীৰ সন্ধান কৰে৷ “হাউচ মেইড ফৰ ইউ”ৰ কর্মচাৰীসকলে এই প্ৰার্থীসকলৰ কেইবালানিও সাক্ষাৎকাৰ লোৱাৰ পৰবর্তী সময়ত শেষবাৰৰ কাৰণে ৰাথীয়ে সোধাপোছা কৰাৰ পিছতেই উপযুক্ত বুলি ভবা প্ৰার্থীজন বাছনি কৰা হয়৷ ইয়াৰ পিছতে “হাউচ মেইড ফৰ ইউ”ৰ কর্মীবৃন্দই প্ৰার্থীসকলৰ পুৰণা আৰু নতুন সকলো ধৰণৰ বাসস্থানৰ তথ্য সমূহ পৰীক্ষা কৰি তাৰ সত্যাসত্য নিৰূপণ কৰে৷ এগৰাকী প্ৰার্থীয়ে কর্মসংস্থান লাভ কৰাৰ লগে লগেই তেওঁলোকে প্ৰতিষ্ঠানটোৰ পে-ৰ'লৰ অন্তর্ভুক্ত হয় আৰু তেনে প্ৰার্থীৰ বেঙ্ক একাউণ্ট এটা “হাউচ মেইড ফৰ ইউ”এ খোলাৰ ব্যৱস্থা কৰাৰ লগতে সময়মতে তেওঁলোকৰ দৰমহা উপভোক্তাসকলে দিছে নে নাই সেইটো নিশ্চিত কৰাৰো ব্যৱস্থা কৰে৷ কামত যোগদান কৰাৰ পিছত প্ৰার্থীসকলক স্বাস্থ্যবীমা আৰু পি.এফ. ৰ সুবিধাও প্ৰদান কৰা হয়৷ লগতে ৰাথীয়ে জনালে যে কাৰোবাৰ ঘৰত বনকৰা তিৰোতা হিচাপে যোগদান কৰা তিৰোতা সকলে দেওবাৰৰ দিনটোত বাধ্যতামূলক ছুটী উপভোগ কৰাৰ লগতে বছৰৰ ১২ দিনত প্ৰয়োজন অনুসাৰে ছুটী লোৱাৰ ব্যৱস্থা আছে৷

ৰাথীয়ে কয় যে কর্মক্ষেত্ৰত প্ৰতিটো দিনতে একোটা প্ৰত্যাহ্বান থাকে৷ মহিলা এগৰাকীক কাম কৰিবলৈ ৰাজি কৰোৱাটোতকৈ তেওঁলোকক পেছাদাৰী কর্মীৰ সমপর্যায়ৰ কৰি গঢ়ি তুলিবৰ কাৰণে কেইবালানিও প্ৰশিক্ষণ দিয়াৰ প্ৰয়োজন হয়৷ তেওঁলোকৰ বেছিভাগেই অশিক্ষিত হোৱা বাবে তেওঁলোকৰ মনত পেছাদাৰীত্বৰ মনোভাৱ গঢ়ি তোলাটো কঠিন হয়৷ অনেক সময়ত এনে মহিলা সকলৰ বহুতেই অন্যান্য সা-সুবিধাখিনিৰ গুৰুত্ব উপলব্ধি নকৰি কেৱল দৰমহাৰ টকাকেইটাহে বিচাৰে৷ এনেবোৰ মহিলাই বহু বুজনিৰ পিছতহে অন্যান্য সা-সুবিধাখিনিৰ গুৰুত্ব অনুভব কৰে৷ ৰাথীৰ কর্মক্ষেত্ৰত এনে মহিলাসকলৰ মনত পেছাদাৰী মনোভাৱ গঢ়ি তোলাটোৱেই আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হিচাপে দেখা দিয়ে৷ উদাহৰণস্বৰুপে মহিলাসকলে কর্মস্থলীত পুৱা ৯ বজাত উপস্থিত হোৱা আৰু ৯.৩০ বজাত উপিস্থত হোৱাৰ মাজত কোনো পার্থক্য নেদেখে৷ ৰাথীয়ে কয় যে বহু পৰিশ্ৰমৰ অন্ততহে তেওঁ মহিলা এগৰাকীক নির্বাচিত কৰি তেওঁক প্ৰশিক্ষিত কৰি তোলে৷ মূলতঃ উপভোক্তৰ প্ৰয়োজন অনুসাৰে ৰাথীয়ে মহিলাসকলক প্ৰশিক্ষিত কৰে৷ উদাহৰণস্বৰুপে বয়সস্থ লোকৰ তত্বাবধানৰ বাবে এগৰাকী মহিলাক সেইমতেই প্ৰশিক্ষণ দি কামটোত পৰিপক্ক কৰি গঢ়ি তোলা হয়৷

দিনৰ দিনটো ৰাথীয়ে অকল “হাউচ মেইড ফৰ ইউ”ৰ কামতেই ব্যস্ত থাকে৷ তেওঁ প্ৰার্থী সকলৰ সাক্ষাৎকাৰ লয়, তেওঁলোকক প্ৰশিক্ষণ দিয়ে, উপভোক্তা সকলৰ লগত তেওঁলোকৰ প্ৰয়োজন সম্পর্কে কথা পাতে, কেতিয়াবা উপভোক্তা সকলক কাম কৰা মহিলাগৰাকীক কেনেকৈ পৰিচালনা কৰিব লাগিব তাৰ প্ৰশিক্ষণ দিয়ে আৰু তাৰোপৰি ৰাথীয়ে প্ৰায়েই বিভিন্ন এন.জি.অ. ই সমাজৰ নিস্বঃ মহিলাসকলৰ বাবে আয়োজন কৰা বিভিন্ন কর্মশালাত অংশগ্ৰহণ কৰে৷ ৰাথীৰ স্বামী প্ৰতিকে ৰাথীৰ কাম কৰাৰ ধৰণৰ বিষয়ে ক’বলৈ যাওঁতে ক’লে যে ৰাথীয়ে সাধাৰণতে ৰাস্তাত জাৱৰ-জোথৰ বোটলা কামত নিয়োজিত মহিলাসকল আৰু ৰাস্তাত বসবাস কৰা গৃহহীন মহিলাসকলৰ মাজৰ পৰাই “হাউচ মেইড ফৰ ইউ”ৰ বাবে প্ৰাথীৰ বাচনি কৰে৷

৩১ জুলাই ২০১৪ ত “হাউচ মেইড ফৰ ইউ” এ এবছৰ সম্পূর্ণ কৰিলে৷ বহু উথ্থান-পতনৰ মাজত ৰাথীয়ে আজি বহুতো মহিলাক পেছাদাৰী বন কৰা মহিলা হিচাপে কামত নিয়োজিত কৰি তেওঁলোকক এটা উপযুক্ত কর্মসংস্থান দিব পাৰিছে৷ কিছুসংখ্যক মহিলাই আধাতে কাম এৰি গুচি যোৱাৰ পিছতো কিন্তু ৰাথীয়ে নিজৰ কামক লৈ সুখী বুলি আমাক জনালে আৰু লগতে তেওঁ ইয়াকো ক’লে যে এয়া মাত্ৰ এটা আৰম্ভণীহে - তেওঁৰ কৰিবলগা আৰু বহু আছে৷ পৰবর্তী পদক্ষেপত ৰাথীয়ে এই ব্যৱস্থাটোক এটা সম্পূর্ণ অনলাইন ব্যৱস্থা হিচাপে গঢ় দিব বিচাৰিছে৷

ফ্লাইট এটেণ্ডেণ্টৰ চাকৰিটো এৰি এই কামটো কৰিবলৈ লওঁতে প্ৰথমে ৰাথীক কোনেও সহযোগ কৰা নাছিল৷ ৰাথীয়ে কয় যে তেতিয়া তেওঁ অত্যন্ত বিনয়েৰে তেনে লোকৰ ককর্থনা গ্ৰহণ কৰিছিল আৰু আজি তেওঁ অতিকৈ গর্বিত অনুভৱ কৰে যেতিয়া তেনে কিছু লোকেই নিজ ইচ্ছাৰে উপযাচি তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহে৷

মোৰ পৰিয়ালটোৱেই মোৰ বাবে প্ৰথম প্ৰেৰণা৷ ৰাথীৰ মতে তেওঁৰ এই যাত্ৰাৰ প্ৰতিটো পদক্ষেপতে পৰিয়ালৰ প্ৰতিজন সদস্যই তেওঁৰ সৈতে সহযোগ কৰিছে৷ ৰাথীয়ে কয়, “মোৰ স্বামী প্ৰতীকে সকলো সময়তে মোৰ কামত সহায়ৰ হাত আগবঢ়াইছে৷ প্ৰতীকৰ অফিচ চুটি থকা সপ্তাহৰ শেষৰ দিনকেইটাতহে মোৰ কামৰ বোজা বাঢ়ে কিন্তু প্ৰতীকে এই কথাটোক লৈ কেতিয়াও কোনো ধৰণৰ আপত্তি কৰা নাই৷ যদিও সপ্তাহটোৰ বহু কেইদিনত মই প্ৰতীকৰ ছাঁটোকে দেখা নোপোৱা কথাটোকো তেওঁ সহজে গ্ৰহণ কৰিছে৷ অৱশ্যে সময় সুবিধা পালে আমি ৰাতি দেৰিকৈ হলেওঁ ইজনে-সিজনক লগ পাওঁ আৰু একেলগে চিনেমা চাবলৈ যাওঁ৷

কেতিয়াবা কামৰ বিফলতাই মোক হতাশ কৰিও ৰাখে৷ তেনেবোৰ দিনত প্ৰতীকেই মোৰ কাষত ঠিয় দিয়েহি আৰু মোৰ কামত অহা বাধা বোৰ আঁতৰোৱাত মোক সহায় কৰে৷

কেৱল ৰাথীৰ কঠোৰ শ্ৰম আৰু পৰিশ্ৰমৰ ফলতেই অজি “হাউচ মেইড ফৰ ইউ”এ এক সফল কম্পেনী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে বুলি প্ৰতীকে ভাৱে৷ এই সফলতাই ৰাথীক দিয়া আনন্দক লৈ প্ৰতীকো সুখী হৈছে৷ দহ বছৰ আগতে এনে প্ৰশিক্ষণপ্ৰাপ্ত ঘৰত বন কৰা তিৰোতা বা পৰিচর্যাকাৰীৰ ধাৰণাটোৱেই নাছিল৷ এতিয়াও এইক্ষেত্ৰত পেছাদাৰী মনোভাৱ আৰু সামাজিক দায়বদ্ধতা – এই দুয়োটাৰে অভাৱ দেখা যায়৷

প্ৰতীকে কয় যে ‘ আমি পেছাদাৰী বন কৰা তিৰোতাৰ ধাৰণাটো গঢ়ি তোলাত মাত্ৰ এটা অনুঘটকৰহে কাম কৰিছো ’৷ এইক্ষেত্ৰত পৰিবর্তন তেতিয়াহে আহিব যেতিয়া মানুহে সামাজিক দায়বদ্ধতাৰ কথাটো বিবেচনা কৰিবলৈ শিকিব আৰু ঘৰত বন কৰা তিৰোতাক সমাজৰে এগৰাকী বুলি গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ নকৰিব৷ কিন্তু আমাৰ সমাজত এতিয়াও এনে মানুহো আছে যিয়ে তেওঁৰ ঘৰত বন কৰা মহিলা গৰাকীক পুৱাৰ পৰা গধুলিলৈকে কামত খটুৱাব বিচাৰে অথচ তাৰ বিনিময়ত সেই মহিলা গৰাকীক উপযুক্ত পাৰিশ্ৰমিক দিবলৈ ৰাজী নহয়৷

image


ৰাথীয়ে “হাউচ মেইড ফৰ ইউ”ৰ হৈ কাম কৰিবলৈ লোৱাৰ পিছত বহু অন্তৰ চুই যোৱা ঘটনাৰ মূখামূখী হৈছে৷ তেনে এক ঘটনাৰ বিষয়ে ৰাথীয়ে এনেদৰে বর্ণনা কৰিলে, “এক বৃহৎ কর্পৰেট প্ৰতিষ্ঠানত কর্মৰত এক মহিলাই তেওঁৰ শিশুটোৰ চোৱাচিতা কৰিবৰ বাবে কৰি থকা চাকৰিটোৰ পৰা ইস্তফা দিবলৈ বুলি এদিন পদত্যাগপত্ৰ লৈ কম্পেনীটোৰ মেনেজাৰৰ কাষ চাপিছিল৷ পদত্যাগপত্ৰখন হাতত লৈ ইমান মোটা অংকৰ দৰমহাৰ চাকৰিটো মহিলাগৰাকীয়ে এৰিব খোজা দেখি মেনেজাৰ জন হতবাক হৈ পৰিছিল আৰু হঠাৎ তেওঁৰ প্ৰতিবেশী এজনৰ মূখত শুনা “হাউচ মেইড ফৰ ইউ”ৰ কথাটো মনলৈ অহিছিল৷ লগে লগে সেই প্ৰতিবেশী গৰাকীৰ পৰা আমাৰ ফোন নম্বৰ সংগ্ৰহ কৰি সেই মহিলা গৰাকীৰ হৈ মেনেজাৰ জনেই আমালৈ ফোন কৰিলে আৰু যথাসময়ত আমি মহিলাগৰাকীক এগৰাকী শিশু পৰিচর্যাকাৰী যোগান ধৰিলো৷ সেই মহিলাগৰাকীয়ে আজিও সেই চাকৰিটো কৰি আছে আৰু লগতে সেই একেগৰাকী পৰিচর্যাকাৰীয়েই তেওঁৰ শিশুটিক আজিও চোৱা-চিতা কৰি আছে৷

ৰাথী আৰু প্ৰতীকে তেওঁলোকৰ আন এক স্মৰণীয় অভিজ্ঞতাৰ কথা সুঁৱৰি আমাক ক’লে যে বৃহৎ এক খুচুৰা প্ৰতিষ্ঠানত মজদুৰ হিচাপে কাম কৰা এগৰাকী মহিলাই কৰি থকা কামটো এৰি নতুন এটা কাম বিচাৰি অমাৰ ওচৰ চাপোতে মহিলাগৰাকীক আমি এটা কাম যোগাৰ কৰি দিছিলো৷ তাৰপিছত এদিন আমি জানিব পাৰিলো যে এই মহিলাগৰাকীয়ে বহুদিন ধৰি নিজাকৈ স্কুটি এখন কিনাৰ সপোন এটা মনতে পুহি ৰাখিছে৷ সেই কথাটো জনা মাত্ৰকে আমি তাইৰ একাউণ্ট থকা বেঙ্কটোৰ লগত কথা পাতি সেই মহিলাগৰাকীক ল’ন এটাৰ ব্যৱস্থা কৰাৰ উপৰিওঁ তেওঁৰ কাৰণে স্কুটি এখনো বুক কৰি দিছিলো৷ স্কুটিখন ডেলিভাৰি লোৱাৰ দিনা সেই মহিলা গৰাকীৰ মূখত বিৰিঙি উঠা হাঁহিটো আজিও আমাৰ মনত আছে আৰু সেই হাঁহিটোৱে তেতিয়া আমাক যথেষ্ঠ অনুপ্ৰাণিত কৰিছিল৷ আনকি মহিলা গৰাকীয়ে তেওঁ বন কৰা গৃহস্থঘৰলৈ স্কুটিখন চলাই যোৱা দেখি গৃহস্থঘৰো প্ৰথমদিনা আচৰিত হৈ গৈছিল৷ যদিও এনেবোৰ অভিজ্ঞতা আামাৰ সদায় নহয় তথাপিওঁ কাচিৎ ঘটা এনে ঘটনাবোৰে আমাৰ মনত দকৈ সাঁচ বহুৱাই যায় আৰু সিয়ে আমাক কাম কৰাৰ বাবে অনুপ্ৰাণিত কৰে৷

ৰাথীৰ এই প্ৰচেষ্ঠাৰ বিষয়ে আপুনি কি ভাবে? আপুনিও যদি এনে কাহিনীৰ বিষয়ে জানে তেনেহলে আমাৰ সৈতে যোগাযোগ কৰি আমাকো তাৰ ভাগ দিয়ক –

মূল ৰচনা – তনৱি ডুৱে৷৷

অসমীয়া অনুবাদ – মণি ভট্টাচার্য্য৷৷