‘আটাইতকৈ কুৎসিত মহিলা’ৰ চিনাকি ভেদি আনৰ বাবে আজি প্ৰেৰণাৰ উৎস লিজ্জী

‘আটাইতকৈ কুৎসিত মহিলা’ৰ চিনাকি ভেদি আনৰ বাবে আজি প্ৰেৰণাৰ উৎস লিজ্জী

Saturday November 07, 2015,

3 min Read

স্থানীয় টেলিভিচন চেনেল এটাক দিয়া এটা সাক্ষাৎকাৰে যে লিজ্জী ভেলাছকুৱেজৰ জীৱনটোকেই চিৰদিনৰ বাবে সলনি কৰি দিব সেয়া তেওঁ কেতিয়াও ভবা নাছিল। এই সাক্ষাৎকাৰটো ইউটিউবটো সম্প্ৰচাৰ কৰা হৈছিল ‘পৃথিৱীৰ আটাইতকৈ কুৎসিত মহিলাগৰাকী’ শিৰোনামেৰে। ইউটিউবত বিভিন্নজনে মন্তব্য দিছিল, য’ত লিজ্জীক সম্বোধন কৰা হৈছিল ‘এইটো’ নাইবা ‘দানৱ’ বুলি । লিজ্জীয়ে লক্ষ্য কৰিছিল ভিডিঅ’টোৰ দৰ্শকৰ সংখ্যাই নিযুতৰ সীমা স্পৰ্শ কৰিছে। মানুহে মন্তব্য দিছিল, ‘লিজ্জী অনুগ্ৰহ কৰি পৃথিৱীৰ স্বাৰ্থতে এটা কাম কৰা, তোমাৰ মূৰত বন্দুক থোৱা আৰু নিজকে হত্যা কৰা।’

image


লিজ্জী প্ৰকৃততে অতি বিৰল ৰোগ বিশেষত আক্ৰান্ত, যি ৰোগৰ বাবে লিজ্জীৰ শৰীৰৰ ওজন বৃদ্ধি নহয়। তেওঁৰ বাহিৰেও এইখন পৃথিৱীত আৰু মাত্ৰ দুজনহে ব্যক্তি আছে, যিসকল একেই ৰোগত আক্ৰান্ত। ইয়াৰ ফলতেই তেওঁৰ দেহত চৰ্বিৰ পৰিমাণ শূন্য, তেওঁৰ শৰীৰে ইয়াৰ সঞ্চয় কৰিব নোৱাৰে। সাধাৰণভাৱে জীয়াই থাকিবলৈ প্ৰতি ১৫ মিনিটৰ অন্তৰে অন্তৰে তেওঁ খাদ্য গ্ৰহণ কৰিব লাগে। তেওঁৰ শৰীৰৰ সৰ্বাধিক ওজন হৈছিলগৈ ৬৪ পাউণ্ড (২৯ কিলোগ্ৰাম)। আনহাতে তেওঁৰ সোঁচকুৰ দৃষ্টিশক্তিও নাই। এই অৱস্থা আন যিকোনো মানুহৰ জীৱনত বৃহৎ প্ৰত্যাহ্বান হ’ব পাৰে, কিন্তু তেওঁ কয় এয়া হৈছে তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ আশীৰ্বাদ। ‘শকত নোহোৱাকৈ মই যি ইচ্ছা কৰোঁ তাকেই খাব পাৰোঁ’, ধেমালি কৰে লিজ্জীয়ে।

লিজ্জীয়ে যেতিয়া জন্মগ্ৰহণ কৰিছিল, চিকিৎসকে কৈছিল তেওঁ কেতিয়াও কথা ক’ব নোৱাৰিব, আঁঠু কাঢ়িব নোৱাৰিব কিন্তু বাকীবোৰ সাধাৰণভাৱে তেওঁ কৰিব পাৰিব। তেওঁৰ পিতৃ-মাতৃয়ে মন ভাঙি পেলোৱা নাছিল, নিজৰ সামৰ্থ্য অনুসৰি যিমান পাৰে তেওঁলোকে লিজ্জীক লালন-পালন কৰিলে। লিজ্জীয়ে কয় তেওঁৰ মাতৃয়েই হৈছে আটাইতকৈ উল্লেখনীয় সহযোগী যিয়ে তেওঁৰ মনত ৰোপণ কৰিছিল যুঁজাৰ শক্তি। তেওঁ যেতিয়া প্ৰথমবাৰৰ বাবে স্কুললৈ গৈছিল, তেওঁত এটা কাছৰ দৰেই দেখা গৈছিল, কিয়নো তেওঁতকৈ পিঠিৰ বেগটোৰ আকাৰ আছিল বৃহৎ। কোনেও তেওঁৰ সৈতে কথা পাতিব বিচৰা নাছিল।

যেতিয়া লিজ্জীয়ে পিতৃ-মাতৃক সুধিছিল তেওঁ কিহত পৃথক, তেওঁলোকে কৈছিল, ‘হয়, আনবোৰ শিশুৰ তুলনাত তুমি দেখাত সৰু আৰু তুমি এক ৰোগত ভুগি আছা, কিন্তু তোমাক ইয়াৰ দ্বাৰা সংজ্ঞাবদ্ধ কৰিব নিবিচাৰোঁ তুমি কোন। তুমি স্কুললৈ গৈ আছা, উচ্চশিৰ হৈ থাকা আৰু নিজৰ ধৰণেৰে জীয়াই থাকা।’

‘মই ভাবিছিলোঁ, মোৰ বাহ্যিকতাই মোৰ চিনাকি দিয়ে- সেয়া হৈছে মই কুৎসিত। মই ভাবিছিলোঁ সেয়া বিতৃষ্ণাদায়ক। পুৱাই উঠি যেতিয়া আইনাত মোৰ নিজৰ মুখখন চাইছিলোঁ মোৰ ঘৃণা উপজিছিল। অৱশ্যে মই বুজি উঠিছিলোঁ যে মোৰ জীৱনটো মোৰেই হাতত। মই ইচ্ছা কৰিলে মোৰ জীৱনটোক সঁচা অৰ্থত ভাল কৰি তুলিব পাৰিম অথবা সঁচাকৈয়ে বেয়া কৰি তুলিব পাৰিম। মই বিচাৰিছিলোঁ মোৰ জীৱনটোক ব্যাখ্যা কৰক মোৰ লক্ষ্য, মোৰ সাফল্য আৰু পূৰ্ণতাই।’

image


লিজ্জী বৰ্তমান এগৰাকী মটিভেশ্যনেল স্পীকাৰ আৰু তেওঁ তিনিখন কিতাপো লিখিছে। তেওঁৰ প্ৰথমখন কিতাপ হৈছে ‘লিজ্জী বিউটীফুল’ য’ত তেওঁ লিখিছে তেওঁৰ জীৱনৰ সংগ্ৰাম আৰু এনে এখন সমাজৰ বিষয়ে য’ত বাহ্যিকতাৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। কিতাপখনত অন্তৰ্ভুক্ত কৰা হৈছে লিজ্জীৰ শৈশৱত তেওঁৰ মাতৃয়ে লিখা কিছু কথা। বহু মানুহৰ বাবে এই কিতাপখন অমল প্ৰেৰণাৰ উৎস। তেওঁৰ দ্বিতীয়খন কিতাপখন হৈছে ‘বি বিউটীফুল, বি ইউ’। এই কিতাপখনত তেওঁ আত্মবিশ্বাসৰ অভাৱত ভোগা মানুহলৈ কেতবোৰ পৰামৰ্শ আগবঢ়াইছে। ইয়াত কোৱা হৈছে বদ্অভ্যাস আৰু ঋণাত্মক শক্তি, ব্যক্তিগত অধ্যাত্ম তথা বাস্তৱনিৰ্ভৰ লক্ষ্য নিৰ্ধাৰণৰ বিষয়ে।

দ্বিতীয়খন কিতাপৰ শেষৰ পৃষ্ঠাত অন্তৰ্ভুক্ত এক সম্পাদকীয় টোকাত কোৱা হৈছে এনেদৰে-

‘এয়াৰব্ৰাছ কৰা চেলিব্ৰেটীৰ ফটো আৰু প্লাষ্টিক চাৰ্জাৰীৰে ভৰি থকা এইখন পৃথিৱীত লিজ্জী ভেলাছকুৱেজ হৈছে এক প্ৰকৃতিৰ সতেজ শক্তি যাৰ কাহিনীয়ে যিকোনো ব্যক্তিকে অনুপ্ৰাণিত কৰিব যিসকল একাকীত্ব, ভুল বুজাবুজি অথবা সংশয়ৰ চিকাৰ। আৰু এইবোৰৰ চিকাৰ নহয়নো কোন ?’

সম্প্ৰতি লিজ্জী এখন তথ্যচিত্ৰৰ কামত ব্যস্ত। যিখন তথ্যচিত্ৰত মুখ্যতঃ আলোকপাত কৰা হৈছে বদ্অভ্যাস বিৰুদ্ধে যুঁজ সন্দৰ্ভত। ইয়াৰ দ্বাৰা নিশ্চিত কৰিবলৈ যত্ন কৰা হৈছে যাতে কোনো এনে বদ্অভ্যাসৰ চিকাৰ নহয়।

আমিও শুভকামনা জনাইছোঁ, তেওঁ যাতে তেওঁৰ উদ্দেশ্যত সফলতা লাভ কৰে। আমি যি সময়ত সৰু সৰু কথাতে উদ্বিগ্ন হৈ পৰোঁ, লিজ্জীয়ে পৃথিৱীৰ বাবে লৈ আহে এক অক্ষয় অনুপ্ৰেৰণা।