নিশিতা মন্ত্ৰী : ব্যক্তিগত দূৰ্ভাৱনাক একাশৰীয়া কৰি প্ৰগতিৰ পথত আগুৱাই যোৱা এগৰাকী মহিলা

নিশিতা মন্ত্ৰী : ব্যক্তিগত দূৰ্ভাৱনাক একাশৰীয়া কৰি প্ৰগতিৰ পথত আগুৱাই যোৱা এগৰাকী মহিলা

Thursday October 20, 2016,

5 min Read

‘জীৱনজুৰি মই নিজকে আগুৱাই নিবলৈ শিকিছো । শিকিছো আৰামৰ পৰা আঁতৰি দীঘলীয়া বাট অতিক্ৰম কৰিবলৈ', এয়া মাই লাইফ ট্ৰেন্সক্ৰিপ্টৰ মুখ্য কাৰ্যবাহী বিষয়া নিশিতা মন্ত্ৰীৰ মন্তব্য।

নিশিতাই জীৱনৰ দুৰ্ভাৱনাবোৰক সম্ভাৱনালৈ ৰূপান্তৰিত কৰিছে। এক ভগ্ন পৰিয়ালত ডাঙৰ হোৱা, স্থুলদেহী আৰু সকলোৰে হাঁহিয়াতৰ পাত্ৰ নিশিতা পিছে মাতৃৰ অনুপ্ৰেৰণাত বেপৰোৱা হৈ ডাঙৰ হৈছিল । এইবাবে মাতৃক তেওঁ অভিহিত কৰে ‘মিষ্টাৰ মম, দ্বৈত দায়িত্বত একক অভিভাৱক’ হিচাপে।

image


তেওঁৰ মাতৃয়ে তেওঁক দিছিল আত্মবিশ্বাসৰ শক্তি। তেওঁ নিশিতাৰ কাষত থিয় দিছিল আৰু শিকাইছিল জীৱনলৈ অহা যিকোনো প্ৰতিকূলতাৰ বিৰুদ্ধে কেনেকৈ যুদ্ধ কৰিব পাৰি। সকলো প্ৰত্যাহ্বানৰ মুখামুখি হ’ব পৰাকৈ, নিশিতাৰ ভেটি সুদৃঢ় কৰিছিল।

তেওঁ শিকিছে কেনেকৈ নীৰৱে থাকি নিজৰ কৰ্মৰাজিক সবাক কৰি তুলিব পাৰি। তেওঁ বুজিছে নিজৰ বাহিৰে আন কাৰো আগত প্ৰমাণিত কৰাৰ প্ৰয়োজন নাই। ‘মই নিজকে প্ৰত্যাহ্বান জনাওঁ প্ৰতিদিনে শ্ৰেষ্ঠতৰ হ’বলৈ’, নিশিতাৰ ভাষ্য ।

অৱশ্যে, জীৱনৰ নিৰ্মমতাৰ পৰা তেওঁ বাচি যোৱা নাই । পিতৃৰ মৰম নোপোৱাকৈ ডাঙৰ হোৱা, প্ৰণয় প্ৰত্যাশী নথকা অথবা সকলোৰে বাবে দ্বিতীয় বিকল্প হোৱাৰ বাবে বিষাদগ্ৰস্ততাই তেওঁক ঘেৰি ৰাখে। কিন্তু এইবোৰে তেওঁক পতনৰ দিশে টানি নিবলৈ তেওঁ নিদিয়ে । বিষাদৰ এই আটাইবোৰ অনুভূতিক তেওঁ এক যোগাত্মক দিশত পৰিচালিত কৰিবলৈ চেষ্টা কৰে বিভিন্ন আত্মসহায় গ্ৰন্থ অধ্যয়ন, ব্যক্তিত্বৰ উৎকৰ্ষমূলক কৰ্মশালাত যোগদান আৰু নিজকে অনুপ্ৰাণিত কৰিব পৰা কামত আত্মনিয়োগৰ মাধ্যমেৰে । এই সকলোবোৰে নিজক জীৱনটোৰ ভালকৈ বুজি উঠিবলৈ, নিজকে ভাল পাবলৈ আৰু নিজৰে সৰ্বোত্তম বন্ধু হোৱাত তেওঁক সহায় কৰিছে।

নিশিতাৰ জীৱনটো এতিয়া মাথোঁ নিজৰেই নহয়। অকণমান আনন্দৰ বাবে মানুহৰ বাবে সংগ্ৰাম আৰু নিজক জনাৰ ক্ষেত্ৰত অপাৰগতাৰ কথা ভালকৈয়ে অনুভৱ কৰা নিশিতাই বিভিন্নজনৰ জীৱন সলনি কৰি দিবলৈ সিদ্ধান্ত ল’লে। এই ইচ্ছাৰ বাবে প্ৰাণ পাই উঠিল তেওঁৰ সংস্থা ‘মাই লাইফ ট্ৰেন্সক্ৰিপ্ট’। ই হ’ল প্ৰমূল্যবোধৰ ওপৰত আধাৰিত এক শিক্ষানুষ্ঠান, য’ত তিনিবছৰৰ পৰা শিশু এটিক নিজে সিদ্ধান্ত ল’ব পৰা হোৱাকৈ শিক্ষাদান কৰিবলৈ প্ৰয়াস কৰা হয় । নিশিতাই ব্যাখ্যা কৰে এনেদৰে-- ‘মই বিশ্বাস কৰোঁ যদিহে আমি শৈশৱৰেপৰা সঠিক প্ৰমূল্যবোধৰ সংস্পৰ্শলৈ আহোঁ, তেন্তে জীৱনৰ পথত আগবাঢ়োতে আমাৰ সন্মুখলৈ অহা বহুতো বিশৃংখলতা আঁতৰ কৰিব পাৰে’।

প্ৰণিধানযোগ্য যে এয়া তেওঁৰ প্ৰথম পদক্ষেপ নহয় আৰু উদ্যমিতাৰ ক্ষেত্ৰতো তেওঁ নতুন নহয়। সুখ্যাতিৰে মহাবিদ্যালয়ৰ শিক্ষাৰ অন্তত মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা তেওঁ মাছ মিডিয়া এণ্ড কমিউনিকেচন বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে আৰু এডভাৰ্টাইজিং এণ্ড মাৰ্কেটিং বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে ইউনিভাৰ্চিটী অৱ লীডছলৈ উৰা মাৰে। অৰ্থনৈতিক মন্দাৱস্থাৰ সময়ত ভাৰতলৈ উভতি অহা নিশিতাই তেওঁৰ মাৰোৱাৰী মূলৰ বাবেই অৱলীলাক্ৰমে উদ্যমিতাৰ ক্ষেত্ৰলৈ গতি কৰে।

অভিজ্ঞতা অবিহনে কোনো ব্যৱসায় আৰম্ভ কৰাটো ভাল কথা নহয় আৰু তেওঁৰ বহুতো সতীৰ্থই এই ক্ষেত্ৰত বাধা দিছিল। ‘কিন্তু ব্যৱসায়ৰ বাবে মোক কোনো পূৰ্বনিৰ্ধাৰিত পদ্ধতিৰ প্ৰয়োজন প্ৰয়োজন নাছিল। মই মোৰ নিজৰ পদ্ধতি সৃষ্টি কৰিব বিচাৰিছিলো, ’ নিশিতাৰ মন্তব্য ।

image


২০০৯ চনত তেওঁ আৰম্ভ কৰিছিল বেম্ব’ শ্বুট কমিউনিকেচন। সমান্তৰালভাৱে তেওঁ মুম্বাইৰ বিভিন্ন মহাবিদ্যালয় আৰু মেনেজমেণ্ট প্ৰতিষ্ঠানত এডভাৰ্টাইজিং, ব্ৰেণ্ডিং আৰু ডাইৰেক্ট মাৰ্কেটিং বিষয়ত পাঠদান আৰম্ভ কৰিছিল। এতিয়াও নিজৰ কৰ্মস্থানলৈ যোৱাৰ পূৰ্বে প্ৰতিপুৱা সাত বজাত তেওঁ পাঠদান কৰে। মাছ মিডিয়া আৰু কমিউনিকেচনৰ স্নাতক পাঠ্যক্ৰমৰ তৃতীয় বৰ্ষৰ পাঠ্যক্ৰমৰ বাবে নিশিতাৰ ব্ৰেণ্ড মেনেজমেণ্ট বিষয়ক এখন কিতাপো প্ৰকাশ হৈ ওলাইছে।

ছবছৰ আগতে যেতিয়া মই উদ্যোগ জগতত প্ৰথম খোজ পেলাইছিলো তেতিয়া কোনো ধৰা-বন্ধা নিয়ম লৈ আগবঢ়া নাছিলো । মই মাত্ৰ নিজৰ মন আৰু মগজু মুকলি ৰাখিছিলো । মোৰ নিজা ব্যৱসায়ৰ সপোন পুৰণৰ বাবে এয়া সঠিক সময় বুলি মই বিবেচনা কৰিছিলো।

তেওঁৰ শক্তিৰ সৰ্বোত্তম উৎস হৈছে তেওঁৰ অভিভাৱক, যি তেওঁক প্ৰতিদিনেই কৈছিল - ‘আমি তোমাক ভালপাওঁ, তোমাৰ ক্ষেত্ৰত যেতিয়াই যি নঘটক আমি তোমাৰ কাষতেই থাকিম’। নিশিতাৰ ভাষাত, ‘তুমি যেতিয়া এনে শব্দ তোমাৰ শুভাকাংক্ষীৰ পৰা শুনিবলৈ পোৱা, তেতিয়া তুমি শক্তি আহৰণ কৰিবা। এই শক্তি অনুশীলনৰ শক্তি, পৰাজিত হোৱাৰ শক্তি আৰু প্ৰত্যাশিত প্ৰতিদানৰ শক্তি।’

ব্যক্তিগত জীৱন আৰু উদ্যোগী হিচাপে পোৱা অভিজ্ঞতাৰপৰা নিশিতাই অনুধাৱন কৰিব পাৰিছে যে মহিলা উদ্যোগীয়ে কিছুমান সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। সম্প্ৰতি উইমেন এণ্ট্ৰিপ্ৰিনিউৰছ ইণ্ডিপেণ্ডেণ্ট নেটৱৰ্ক, চমুকৈ উইন শীৰ্ষক এক কাৰ্যসূচীৰ মাধ্যমেৰে এই সমস্যাৰ মূলোচ্ছেদ কৰাত চেষ্টা কৰিছে। ই মহিলাৰ বাবে এনে এক সমূদায়, যিয়ে ঘৰতে বা ফ্ৰিলেন্সাৰ মহিলাৰ বাবে কাম কৰে, যাৰ কামৰ প্ৰগতি অনুপাতে বিপণনৰ জ্ঞান সীমিত অথবা যিসকলৰ ব্যৱসায়ৰ ধাৰণা আছে কিন্তু তেওঁলোকৰ ব্ৰেণ্ডিং বিকশিত কৰাৰ প্ৰয়োজন আছে। ‘আমি সেইসকল মহিলাক সহায় কৰোঁ, যিসকলে বিপণন, ব্ৰেণ্ডিঙৰ কলা আহৰণ কৰিব বিচাৰে আৰু নিজৰ উত্পাদিত সামগ্ৰীৰ অধিক বিক্ৰী, অধিক সফলতা আশা কৰে। তেওঁলোকক এক পথৰ সন্ধান লাগে আৰু বিশাল ৰূপত উদ্ভাষিত হৈ উঠিবলৈ অনুপ্ৰেৰণাৰ প্ৰয়োজন।’

তেওঁৰ পৰৱৰ্তী কৰ্মশালা হৈছে আনুভূতিক স্বচ্ছতা বিষয়ক, য’ত অনুভূতিৰ সৃষ্টি আৰু সজীৱ কৰি ৰখাৰ ক্ষেত্ৰত কাম কৰা হয়। প্ৰত্যাহ্বানৰ সৈতে মুখামুখি হ’বলৈ নিশিতাৰ বাবে অনুভূতিৰ স্বচ্ছতা অনুশীলন কৰাটো প্ৰাথমিক প্ৰয়োজনীয়তা। নেতিবাচক মানুহ আৰু নেতিবাচক শক্তিৰপৰা কঠোৰভাৱে আঁতৰি থকা নিশিতাই প্ৰতি মুহূৰ্ততে আশাক সজীৱ কৰি ৰাখে।

তেওঁৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মন্ত্ৰবোৰৰ অন্যতম হৈছে- ‘নিজৰ আত্মসন্মান আৰু আত্মপ্ৰমূল্যবোধক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা। এই দুয়োটা শব্দ আত্মসন্মান আৰু আত্মপ্ৰমূল্যবোধৰ অৰ্থ প্ৰায় একেই হ’লেও মই বুজাব বিচাৰোঁ যে আত্মসন্মান হৈছে পৃথিৱীৰ আগত নিজৰ সন্মান অক্ষত ৰখা আৰু আত্মপ্ৰমূল্যবোধ হৈছে নিজৰ মূল্যক সন্মান কৰা।

image


নিশিতাই প্ৰায়ে আত্মপ্ৰমূ্ল্যবোধৰ বাবে সাধাৰণতে গ্ৰাহকক কম মূল্যত সেৱা প্ৰদান কৰি আহিছিল। যিহেতু তেওঁৰ সহযোগীসকলে তেওঁক তেওঁলোকৰ কামৰ অৱমূল্যায়ন কৰা হৈছে বুলি কোৱা স্বত্তেও তেওঁ সেই কথা বুজি উঠা নাছিল । কিন্তু বন্ধুৰ সৈতে এক অনানুষ্ঠানিক কফি বৈঠকত আত্ম-অনুভূতিৰ প্ৰসংগ ওলাল আৰু সেয়া আছিল ‘এক নতুন দিশৰ সন্ধান, লক্ষ্যৰ দিশে এক নতুন জিলিঙনি।’

নিশিতাই নিজকে ব্যাখ্যা কৰে এক প্ৰগতিশীল মহিলাৰূপে। আৰু মহিলা উদ্যোগীসকলৰ প্ৰতি তেওঁ আগবঢ়াব বিচাৰে কিছু পৰামৰ্শ।

মনৰ কথা খুলি কওক

পুৰুষৰ তুলনাত মহিলাৰ শক্তি যথেষ্ট বেছি। তেওঁলোকে পুৱা ৬ বজাতে দিনটোৰ কাম কাজ আৰম্ভ কৰি মাজনিশা কাম শেষ কৰিব পাৰে। তেওঁলোকৰ অভাৱ হৈছে পোনপটীয়া বাৰ্তালাপ। তেওঁলোকে প্ৰতিদিনে অভিযোগ তোলে কিন্তু প্ৰকৃত সমস্যাবোৰ, প্ৰকৃত উদ্বেগবোৰ প্ৰকাশ নকৰে।

অগ্ৰাধিকাৰ সুনিশ্চিত কৰক

মহিলা উদ্যোগীসকলৰ প্ৰতিদিনৰ প্ৰত্যাহ্বান হৈছে কৰ্মস্থলী আৰু ঘৰুৱা কাম কাজ, ল’ৰা-ছোৱালী, স্বামী, স্বামীগৃহৰ সদস্য, অভিভাৱক আৰু সামাজিক অংগীকাৰৰ মাজত সমন্বয় ৰক্ষা কৰা। তেওঁলোকে সম্পৰ্কক অগ্ৰাধিকাৰ দিয়ে। মই পৰামৰ্শ দিব বিচাৰোঁ, আপোনালোকে পৰিস্থিতি সাপেক্ষে অগ্ৰাধিকাৰ দিয়ক।

বিকল্প নিৰ্বাচন

সেই অৱধাৰণাৰপৰা মুক্ত হৈ ওলাই আহক যে মহিলাসকলে আপোচ কৰিব লাগিব। বেছিসংখ্যক মহিলাই আপোচৰ বলয়ত অৱলীলাক্ৰমে সোমাই পৰে। কিয়নো নিজৰ বিকল্প নিৰ্বাচন সম্পৰ্কে তেওঁলোক সবাক নহয়।

‘গতিকে আগবাঢ়ক, নিজৰ বিকল্পক লৈ মুখৰ হওঁক, নিজৰ হৃদয়ক অনুসৰণ কৰক আৰু লক্ষ্য নিৰ্ধাৰণ কৰক। দেখিব সাফল্য আপোনাৰ বাবে ছাঁ হৈ ৰ’ব, ’ নিশিতাৰ ভাষ্য ।

মূল- তন্বী ডুবে

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

নতুন বস্তু সৃষ্টিৰ প্ৰতি থকা আগ্ৰহেই শ্ৰীবিদ্যা শ্ৰীনিবাসনৰ সফলতাৰ মূল

উত্তৰ-পূৱ ভাৰতৰ ‘পুষ্পসজ্জা’ৰ ক্ষেত্ৰখনক নতুন মাত্ৰা দিছে নাচিমা বেগম লহকৰে

গৃহিণীৰ পৰা জাহাজৰ নিৰ্মাতা আৰু ৰেষ্টুৰাঁ ব্যৱসায়ী : অঞ্জলী বৰাৰ কাহিনী