অসমত প্ৰাকৃতিক চাহ উৎপাদনৰ পথপ্ৰদৰ্শক ধীৰেন ফুকন

অসমত প্ৰাকৃতিক চাহ উৎপাদনৰ পথপ্ৰদৰ্শক ধীৰেন ফুকন

Saturday April 30, 2016,

5 min Read

ধীৰেন ফুকনৰ বাবে জীৱনটোৱেই যেন এক সংগ্ৰাম। ঘৰুৱা অসুবিধাৰ বাবে সৰুতেই নাঙলৰ মুঠিত ধৰিব লগা হৈছিল তেওঁ । সেয়াই আছিল সংগ্ৰামৰ আৰম্ভণি । তাৰ পৰৱৰ্তী সময়ত তেওঁ মনিহাৰী দোকানৰ পৰা বাঁহৰ ব্যৱসায়লৈকে বহু কামেই কৰিছিল । প্ৰতিটো ব্যৱসায়ত সফলো হৈছিল । কিন্তু কোনটো কামেই তেওঁক দীৰ্ঘকাল আকৰ্ষিত কৰি ৰাখিব নোৱাৰিলে ।মাটিৰ মানুহজনক যেন মাটিয়ে হাতবাউল দি মাতিলে । সিদ্ধান্ত ললে চাহ খেতি কৰাৰ । উল্লেখযোগ্য যে সেই সময়ত অসমৰ সৰ্বসাধাৰণ লোকৰ মাজত চাহ খেতিৰ সম্পৰ্কে সিমান আগ্ৰহ নাছিল । ক্ষুদ্ৰ চাহ খেতিয়ক ক'ৰবাত দুই এজনহে আছিল । এতিয়াৰ দৰে চাহ পুলি, কাৰিকৰী কৌশল, দক্ষ শ্ৰমিক ইত্যাদিও সহজে উপলব্ধ নাছিল । কিন্তু মানুহজনৰ দৃঢ় মনোবলৰ আগত সকলো বাধাই তুচ্ছ হৈ ৰ'ল । ঘৰৰ ৯ বিঘা মাটিতে আৰম্ভ কৰিলে এখন ক্ষুদ্ৰ চাহ বাগিচা । এইখনেই বৰ্তমান প্ৰাকৃতিক ভাবে উৎপাদিত চাহেৰে বিশ্বজনীন সমাদৰ লাভ কৰা প্ৰখ্যাত 'চেনেহী চাহ বাগিচা' । 

ধীৰেন ফুকনৰ এই চাহ বাগিচাখন তথা একে নামেৰে চেনেহী নেচাৰেল টি গ্ৰুপৰ জন্মৰ কাহিনী ৰূপকথাৰ দৰে । চাহবাগিছাখন আৰম্ভ কৰিবলৈ লৈ ধীৰেন ফুকন যথেষ্ট আৰ্থিক সমস্যাৰ সন্মুখীন হৈছিল । হাতত মূলধন আছিল মাত্ৰ ৩৫০.০০ টকা । মাত্ৰ এজন বনুৱা লগত লৈ অমানুষিক পৰিশ্ৰমেৰে তেওঁ চাহ বাগানখনৰ বাবে হাবি ভাঙি উলিয়ায় । তাৰ লগে লগে তেওঁ গাৱঁৰ পৰা শাক পাচলি আৰু বাঁহ চহৰলৈ যোগান দিয়াৰ কাম কৰিবলৈ লয় । প্ৰখৰ ব্যৱসায়িক বুদ্ধিসম্পন্ন ফুকনে এইদৰে আৰম্ভ কৰে পুঁজি গঠন প্ৰক্ৰিয়া ।

image


পুঁজিৰ যোগাৰ হ'ল যদিও এইবাৰ তেওঁৰ সন্মুখত দেখা দিলে নতুন এটা সমস্যাই । চাহ গছৰ পুলি পাবলৈ নাই । অদম্য মানসিকতাৰ ধীৰেন ফুকনে তাতো হাৰ নামানিলে । কেইজনমান শুভাকাঙ্খী ব্যক্তিৰ বদান্যতাত তেওঁ তিনিচুকীয়া জিলাৰ বেতজান চাহবাগিছাৰ পৰা চাহ গুটি আনি ঘৰতে চাহ পুলিৰ নাৰ্ছাৰি স্থাপন কৰে । নিজৰ বাগিচাত পুলি ৰোপন কৰাৰ উপৰিও স্বভাৱসিদ্ধ ব্যৱসায়িক বুদ্ধিমত্তাৰে তেওঁ নিজৰ বৃহৎ চাহবাগিছা সমূহত চাহপুলি যোগাৰ দিব লই । এই কামত এই বাগিচা সমূহলৈ আহ যাহ কৰাৰ সূত্ৰে চাহ বাগিচাৰ পৰিচালক সকলৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠে । এই সকলৰ পৰা তেওঁ চাহৰ বিষয়ে বহু কথা শিকে । 

  ধীৰেন ফুকনৰ  natural handmade orthodox teaৰ  প্ৰস্তুতকৰণৰ  প্ৰশিক্ষণ কৰ্মশালা

  ধীৰেন ফুকনৰ  natural handmade orthodox teaৰ  প্ৰস্তুতকৰণৰ  প্ৰশিক্ষণ কৰ্মশালা


প্ৰাকৃতিক ভাবে চাহ উৎপাদনৰ ধাৰণাটো কিদৰে আহিল বুলি সোধাত আপোনভোলা মানুহ জনে জনাইছিল যে তেওঁৰ প্ৰাকৃতিক ভাবে চাহ উৎপাদন কৰাটো ঘটনাক্ৰমেহে হৈছিল । ১৯৯৬ চনত তেওঁৰ চাহ বাগানত ভয়াৱহ ধৰনে ৰোগ লাগিছিল । কোনো দৰবেও যেতিয়া কাম নকৰা হ'ল তেওঁ অনুভৱ কৰিলে যে মাটিৰ উৰ্বৰতা সমূলি নাশ পালে । চাহবাগিছাখনত প্ৰয়োগ কৰা ৰাসায়নিক সাৰ তথা কীটনাশকবোৰেই ইয়াৰ প্ৰধান কাৰণ বুলি অনুমান কৰি, এই সমূহৰ প্ৰয়োগ তেওঁ বন্ধ কৰি দিলে । ধীৰেন ফুকনৰ ভাষাৰে "মই খেতিয়ক মানুহ । মাটিত আমাৰ আত্মা লুকাই থাকে । মাটি টুকুৰাৰ এই অৱস্থা দেখি বৰ মৰ্মাহত হলো । সেয়েহে ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ সমূলি বাদ দি কেৱল গোবৰ, পচন সাৰ , কেঁচু সাৰৰ প্ৰয়োগেৰে মাটি টুকুৰাৰ সৌষ্ঠৱ ঘূৰাই আনিবৰ যত্ন কৰিলোঁ ।"

ধীৰেন ফুকনৰ ঘৰত চাহপাতৰ প্ৰস্তুতকৰণ বিদেশী পৰ্যটকে  প্ৰত্যক্ষ কৰিছে

ধীৰেন ফুকনৰ ঘৰত চাহপাতৰ প্ৰস্তুতকৰণ বিদেশী পৰ্যটকে  প্ৰত্যক্ষ কৰিছে


ধীৰেন ফুকনৰ এই প্ৰচেষ্টাৰ বিষয়ে অৱগত হৈ, ধনশিৰি চাহবাগিছাৰ তদানীন্তন পৰিচালক খগেন চন্দ্ৰ মেধিয়ে চেনেহী চাহবাগিছা পৰিদৰ্শন কৰেহি । তেৱেঁই ফুকনক প্ৰাকৃতিক চাহ আৰু তাৰ প্ৰস্তুত প্ৰণালীৰ বিষয়ে অৱগত কৰে । সেই যৎসামান্য আভাসকে সাৰথি কৰি ধীৰেন ফুকনে প্ৰথমবাৰতে ঘৰত প্ৰস্তুত কৰি উলিয়ালে প্ৰাকৃতিকভাৱে হাতেসজা অৰ্থডক্স চাহ । মেধি ডাঙৰীয়াৰ পৰামৰ্শ মানি তেওঁ চাহবাগিছাখন পঞ্জীয়ন কৰি লয় । তেওঁ নিজে প্ৰস্তুত কৰা চাহৰ নমুনা লৈ সংশ্লিষ্ট চৰকাৰী বিভাগ সমূহৰ কাষ চাপিল । সচৰাচৰ হোৱাৰ দৰে কোনোবাই তেওঁক উৎসাহ দিলে, কোনোৱাই কৰিলে ঠাট্টা । কিন্তু নিৰাশা শব্দটো যেন ফুকনৰ অভিধানতে নাই । তেওঁক উৎসাহ দিয়া বিভাগ কেইটাৰ সহযোগত এনে চাহৰ বিষয়ে লৈ আহিল উন্নত প্ৰশিক্ষণ । 

অষ্ট্ৰেলিয়াত ধীৰেন ফুকনৰ চাহৰ বিপনী

অষ্ট্ৰেলিয়াত ধীৰেন ফুকনৰ চাহৰ বিপনী


তেওঁৰ জীৱনৰ আটাইতকৈ উল্লেখযোগ্য ঘটনাটো হ'ল Fertile Ground নামৰ সন্থাটোৰ বিষয়ববীয়া Peggy Carswell ক লগ পোৱাটো । ই তেওঁৰ জীৱনৰ আদৰ্শকে সলনি কৰি দিয়ে । "তুমি ভাল কাম কৰিছা,কিন্তু এই কাম কৰি টকাৰ পাছত দৌৰিবৰ চেষ্টা নকৰিবা । সমাজৰ দহ জনৰ হিতৰ বাবে , সেউজীয়া পৃথিৱীখনক সুস্থ কৰি ৰাখিবৰ বাবে কাম কৰি যোৱা । দেখিবা টকাই তোমাৰ পাছত দৌৰিছে'" Peggy Carswellএ কোৱা কথাষাৰ তেওঁ আজিও আক্ষৰিক অৰ্থতে মানি চলে । Fertile Ground ৰ পৰাই তেওঁ লাভ কৰে চাহ পুলিৰ প্ৰাকৃতিক ভাবে যতনৰ সবিশেষ প্ৰশিক্ষন । 

Natural handmade orthodox tea ক এটা আন্দোলনৰ ৰূপ দিবলৈ মাত্ৰ কেইজনমান ক্ষুদ্ৰ চাহ খেতিয়কক লৈ ধীৰেন ফুকনে Cenehi Natural Tea Group ৰ আৰম্ভ কৰে । বৰ্তমান এই গ্ৰুপৰ অসমৰ বহু ঠাইত শাখা আৰু সদস্য আছে । তেওঁৰ সপোন অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সকলো ক্ষুদ্ৰ চাহখেতিয়কে এদিন একত্ৰিত হৈ natural handmade orthodox tea ৰ দৰে চাহ বনাবলৈ লব । তেওঁ জনায় যে সমগ্ৰ বিশ্বজুৰি এই চাহে লাহেলাহে জনপ্ৰিয়তা অৰ্জন কৰিছে । বৰ্তমান তেওঁলোকৰ দ্বাৰা উৎপাদিত চাহ কানাডা,অষ্ট্ৰেলিয়া আদি দেশলৈ ৰপ্তানি হৈ আছে । এই চাহে অৰ্জন কৰা ক্ৰমবৰ্ধমান জনপ্ৰিয়তাৰ মাথো এটা উদাহৰণ হিচাবে তেওঁ আমাক জনায় যে ২০০৮ চনত তেওঁ প্ৰথমবাৰ অংশ লোৱা International Trade Fareত লগত লৈ যোৱা চাহৰ আধাহে বিক্ৰী কৰিবলৈ সক্ষম হৈছিল । কিন্তু তাৰ পাছৰ বছৰ সমুদায় চাহ বিক্ৰী হোৱাৰ লগতে দৰ্শকৰ সঁহাৰি আছিল অভূতপূৰ্ব । পৰিবেশ সুৰক্ষাৰ বাবেই প্ৰাকৃতিক ভাবে উৎপাদিত চাহৰ প্ৰচাৰ আৰু প্ৰসাৰ বাবে বিভিন্ন দেশ বিদেশ ভ্ৰমণ কৰি ফুৰা ধীৰেন ফুকনে বহন কৰি আছে Organic Tea Growers Association Of North East India ৰ চেয়াৰমেনৰ দায়িত্বও । 

বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কক সকাহ দিবলৈ তথা প্ৰকৃতিখনক বিনন্দীয়া কৰি ৰাখিবলৈ কৰা ধীৰেন ফুকনৰ এই সংগ্ৰাম সফল হওক তাৰেই শুভেচ্ছা জনালো ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

য়েল্ল' পেজেছৰ পৰা অনলাইন বজাৰলৈকে Askmebazaar ৰ নীৰৱ আৰু দ্ৰুত সফলতা

বানে গৰকা বালিময় মাটিত সপোন ৰচিছে মতালেব, কাচেম, শোৰহাব, শোভানহঁতে

চাহৰ কাপত বিপ্লৱ আনিছে সন্দীপ গগৈয়ে

উদ্যোগীয়ে টোপনিৰ ওচৰত হাৰ নামানে