গাঁৱৰ অশিক্ষিত মহিলাৰেই চেতনা গালাই গঢ়ি তুলিলে এটা বেংক

গাঁৱৰ অশিক্ষিত মহিলাৰেই চেতনা গালাই গঢ়ি তুলিলে এটা বেংক

Thursday December 24, 2015,

4 min Read

মহাৰাষ্ট্ৰৰ চাতাৰা জিলাৰ এখন অখ্যাত গাঁও মাছোয়াঢ়া।এই সৰু গাঁওখন আৰ্থিক বিপ্লৱৰ প্ৰাণকেন্দ্ৰ।পৃথিৱীৰ আগশাৰীৰ বিশ্ববিদ্যালয়-হাৰ্ভাৰ্ড, য়েল আদিৰ পৰা ছাত্ৰ-ছাত্ৰী গৱেষণাৰ বাবে এই গাঁওখনলৈ আহে।কি আছে এই অখ্যাত গাঁওখনত? বিশ্বৰ আগশাৰীৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী গৱেষণাৰ বাবে আন ঠাইলৈ নগৈ কি বিচাৰি আহে এই গাঁৱলৈ? এই সৰু গাঁওখন বিশ্ববাসীৰ বাবে আদৰ্শ হৈ জিলিকি উঠাৰ মূলতে হ'ল এই গাঁওখনৰ বাসিন্দা, এগৰাকী উদ্যমী মহিলা চেতনা গালা সিনহা আৰু তেওঁৰ প্ৰচেষ্টাত গঢ় লৈ উঠা 'মন দেশী বেংক'।

image


পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত মহিলাসকল বহু দিশৰ পৰা বঞ্চিত হৈ অহাৰ দৰে ৰাজনৈতিক ক্ষেত্ৰখনতো প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত। কিন্তু ১৯৮৬-৮৭ চনত পঞ্চায়তৰ বিল সংশোধনৰ জৰিয়তে মহিলাৰ বাবে ত্ৰিশ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল।এই ব্যৱস্থাই মহিলাক কিছু পৰিমাণে অধিকাৰ প্ৰদান কৰিছিল যদিও গাঁৱৰ অশিক্ষিত মহিলাসকল নিজা অধিকাৰৰ প্ৰতি সজাগ হোৱা নাছিল। অন্তত: নিজৰ গাঁওখনৰ মহিলাসকলক সৱলীকৰণ কৰাৰ উদ্দেশ্যেৰে সেই গাঁৱৰে চেতনা গালা সিনহা নামৰ এগৰাকী মহিলা আগবাঢ়ি আহিছিল।তেওঁ ঘৰে ঘৰে গৈ মহিলা সকলক তেওঁলোকৰ অধিকাৰৰ বিষয়ে সজাগ কৰিছিল।গাঁও পঞ্চায়তৰ নিৰ্বাচনত যাতে ভাগ লব পাৰে তাৰবাবে মহিলাসকলৰ মাজত সজাগতা আনিবলৈ চেতনাই এটা সংগঠনৰ জন্ম দিলে।

এইদৰে মহিলা সৱলীকৰণৰ এক জাগৰণ আৰম্ভ হওঁতেই আহি পৰিল এক সমস্যা।কান্তা আমন্দাচ নামৰ এগৰাকী মহিলাই এই সংগঠনক অৱগত কৰিলে যে তেওঁৰ সাঁচতীয়া ধনৰ পৰিমান অতি নগন্য হোৱাৰ বাবে বেংক কৰ্তৃপক্ষই তেওঁৰ ধন জমা লবলৈ ৰাজী নহ'ল।চেতনা গালা নিজেই কান্তা নামৰ মহিলাগৰাকীৰ লগত বেংকলৈ গৈ গম পালে যে অতি কম পৰিমানৰ ধন বেংকত জমা লোৱা নহয়।কিন্তু চেতনাৰ মতে সকলো পৰিমাণৰ ধন জমা ৰখাটো বেংকৰ কৰ্তব্য।এই কথাই চেতনা গালাক এক সমাধানৰ পথ উলিয়াবলৈ জেদ বঢ়ালে আৰু অৱশেষত মহিলা সকলক লৈ গাঁৱতে এটা বেংক স্থাপন কৰাৰ কথা চিন্তা কৰিলে।বেংক স্থাপন কৰাৰ নথি-পত্ৰৰ বাবে মহিলাসকল ৰিজাৰ্ভ বেংকৰ ওচৰ চাপিছিল।কিন্তু বেংক পৰিচালনা কৰাৰ দায়িত্ব অশিক্ষিত মহিলাক দিবলৈ মান্তি নহ'ল ৰিজাৰ্ভ বেংকৰ কৰ্তৃপক্ষ। আকৌ সমস্যাই বাট ভেটি ধৰিলে চেতনা গালাৰ। কিন্তু তেওঁৰ দৰে মহিলাৰ উদ্যমক কোনো সমস্যাই বাধা দিব নোৱাৰে।এইবাৰ চেতনা গালাই নিজেই সম্পূৰ্ণ ছমাহ ধৰি মহিলাসকলক বেংক পৰিচালনাৰ শিক্ষা দিলে। অশিক্ষিত মহিলা সকলৰ শিকাৰ আগ্ৰহ দেখি সুখী হৈছিল চেতনা গালা।মহিলাসকলৰ আগ্ৰহে তেওঁলোকৰ সপোনক বাস্তৱ ৰূপ দিবলৈ সুবিধা দিলে।পৰৱৰ্তী সময়ত বেংক পৰিচালনাৰ প্ৰশিক্ষণ লৈ আত্মপ্ৰত্যয়েৰে দেশৰ শীৰ্ষ আৰ.বি.আই. কৰ্তৃপক্ষৰ ওচৰ চাপিল মহিলাসকল।'মন দেশী' নামৰ এটা বেংক স্থাপনৰ ইচ্ছা আৰু তাৰবাবে প্ৰয়োজনীয় শিক্ষা তেওঁলোকে আয়ত্ব কৰাৰ কথা কৰ্তৃপক্ষক অৱগত কৰিলে।এই মহিলাসকলৰ আত্মবিশ্বাসৰ শলাগ লৈ বেংক স্থাপনৰ প্ৰয়োজনীয় নথি-পত্ৰ প্ৰদান কৰিলে আৰ.বি.আই. কৰ্তৃপক্ষই।

image


১৯৯৭ চনত আৰম্ভ হল মহিলাৰ দ্বাৰা,মহিলাৰ বাবে স্থাপিত 'মন দেশী' বেংকৰ কাম-কাজ।এনেদৰেই চেতনা গালাৰ এটা সপোনে বাস্তব ৰূপ পালে।

বেংকৰ প্ৰথম উদ্দেশ্য আছিল গাঁৱৰ সকলো মহিলাক বেংক সেৱাৰ লগত জড়িত কৰা।কিন্তু ঘৰৰ কাম বন এৰি থৈ মহিলাসকল উলাই আহিব পৰা নাছিল। সেয়ে 'মন দেশী' হৈ পৰিল দ'ৰষ্টেপ বেংকিঙ।মহিলাসকলে কেৱল নিজৰ হাতত পাছবুক ৰাখিলেই হয়।কিন্তু অধিকাংশ ক্ষেত্ৰত দেখা গল ধন জমাৰ হিচাপ পুৰুষসকলে ৰখাৰ লগতে এই ধন মদ্যপান আদিত ব্যয় কৰিছিল।এই কথালৈ লক্ষ্য ৰাখি বেংকে স্মাৰ্ট কাৰ্ডৰ ব্যৱস্থা আৰম্ভ কৰাৰ লগতে মহিলাসকলক ঋণ দিয়াৰ ব্যৱস্থাও আৰম্ভ কৰিলে।

image


ঋণৰ ব্যৱস্থা আৰম্ভ হোৱাৰ পিছত এগৰাকী মহিলাই এটা ম'বাইল ফ'ন কিনাৰ বাবে ঋণ লবলৈ বেংকলৈ আহিছিল।প্ৰথম অৱস্থাত মহিলা গৰাকীক ম'বাইলৰ প্ৰয়োজনীয়তাৰ কথাটো বিশ্বাসত ল'ব পৰা নাছিল বেংক কৰ্তৃপক্ষই ।কিন্তু পৰৱৰ্তী সময়ত তেওঁৰ পৰা জানিব পৰা গ'ল যে ছাগলী চৰাবৰ বাবে মহিলা গৰাকী ঘৰৰ পৰা বহু দূৰলৈ যাব লগা হয়। সেয়ে,প্ৰয়োজনৰ সময়ত ঘৰৰ লগত যোগাযোগ ৰাখিবলৈ তেওঁক এটা ম'বাইলৰ প্ৰয়োজন।কিন্তু ম'বাইল ফ'ন ব্যৱহাৰ কৰাৰ কৌশল তেওঁ নজনাৰ বাবে চেতনা গালাক এই ব্যৱহাৰ শিকাই দিবলৈ অনুৰোধ কৰিছিল।চেতনা গালাই অনুভৱ কৰিলে মহিলাসকলৰ ব্যৱহাৰিক শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথা।এইবাৰ চেতনাই আৰম্ভ কৰিলে এক ব্যৱহাৰিক প্ৰশিক্ষণ য'ত মহিলা সকলক বিভিন্ন কাৰিকৰী শিক্ষাৰ উপৰি অডিঅ-ভিজুৱেল প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হ'ল।

image


প্ৰশিক্ষণৰ বাবে ঠায়ে ঠায়ে শিবিৰ পাতিলে। ত্ৰিশ কিলোমিটাৰ দূৰৈৰ পৰাও আহি এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে আগ্ৰহী মহিলাই।এবাৰ এগৰাকী গৰ্ভৱতী মহিলা মাকৰ সৈতে শিবিৰলৈ অহাত চেতনাই তেওঁক গাঁৱলৈ ঘূৰি যাবলৈ অনুৰোধ কৰিছিল।কিন্তু গাঁওখনত পানীৰ সুবিধা নথকাৰ বাবে মহিলা গৰাকী ঘূৰি যাবলৈ অমান্তি হৈছিল।ফলত শিবিৰতে মহিলাগৰাকীয়ে প্ৰসৱ কৰিলে এটা সন্তান ।নৱজাতকৰ জন্মৰ সময়তে আকাশ মেঘাচ্ছন্ন হৈ বৰষুণ নামিছিল।সেয়ে চেতনাই নৱজাতকটিৰ নাম থলে মেঘৰাজ।ইয়াতেই শেষ নহয়।উপস্থিত প্ৰতিগৰাকী মহিলাকে দহ টকাকৈ সদ্যজাতকটিৰ নামত জমা থবলৈ অনুৰুধ জনালে বেংকৰ পৰিচালন সঞ্চালকে।এনেদৰে জমা হোৱা টকাৰ উপৰিও বেংকৰ ফালৰ পৰা কিছু টকা যোগ দি সম্পূৰ্ণ এক লাখ টকা মেঘৰাজৰ নামত বেংকত জমা হল।

image


এইদৰে 'মন দেশী' বেংকে মহাৰাষ্ট্ৰৰ চাতাৰা জিলাৰ এই সৰু গাঁওখনত এক অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিলে। এই বিপ্লৱৰ আঁৰত থকা চেতনা গালা নামৰ মহিলাগৰাকী জন্মসূত্ৰে মুম্বাইৰ।মাছোয়াঢ়া গাঁৱৰ বিজয় সিনহাৰ সৈতে বিবাশ পাশত আৱদ্ধ হৈ দুয়ো জয়প্ৰকাশ আন্দোলত যোগদান কৰিছিল। কিন্তু মাছোয়াঢ়াত থকাৰ সময়ত চেতনাই অনুভৱ কৰিলে যাতায়ত,বিদ্যুতৰ কোনো সুবিধা নথকা গাঁওখনৰ জীৱন যাত্ৰা যেন স্তব্ধ।পৃথিৱীৰ পৰা বিচ্ছিন্ন এখন গাঁও য'ত মহিলাৰ অৱস্থা আৰু শোচনীয়।ইয়াৰ পৰাই যুদ্ধ আৰম্ভ কৰিলে চেতনাই।তেওঁৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিল মাছোয়াঢ়া। সামাজিক,অৰ্থনৈতিক সকলো দিশতে আলোকময় হৈ উঠিল মাছোয়াঢ়া।এখন নিষ্প্ৰাণ গাঁৱক প্ৰাণময় কৰি তোলা চেতনাৰ এই প্ৰচেষ্টা আৰু তেওঁৰ উদ্যোগত স্থাপিত হোৱা মন দেশী বেংকে গাঁওখনলৈ অনা পৰিবৰ্তন যেন এক ৰহস্য।সেয়ে এই ৰহস্যৰ সন্ধান কৰিবলৈ হাৰ্ভাৰ্ড,ইয়েল আদি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী এই গাঁৱলৈ আহে।চেতনা গালাৰ দৰে এগৰাকী সাধাৰণ মহিলাৰ উদ্যমৰ ৰহস্যও তেওঁলোকে জানিব বিচাৰে।


মূল: চন্দ্ৰা শেখৰ

অনুবাদ: পূবালী ভাগৱতী