উত্তৰ-পূবত দক্ষতা বিকাশৰ পোষকতা কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ প্ৰতাপ ৰুডীৰ

উত্তৰ-পূবত দক্ষতা বিকাশৰ পোষকতা কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ প্ৰতাপ ৰুডীৰ

Wednesday February 03, 2016,

2 min Read

বিশ্বৰ বিভিন্ন দেশৰ সৈতে খোজত খোজ মিলাই আগুৱাই যাবলৈ দেশৰ যুৱ প্ৰজন্মৰ দক্ষতা বিকশিত কৰাৰ গত্যন্তৰ নাই।ভাৰতৰ অন্য ৰাজ্যৰ সৈতে অসম তথা উত্তৰ পূৰ্বাঞ্চলকো আগুৱাই নিয়াৰ বাবে দক্ষতা বিকাশৰ ক্ষেত্ৰত নিয়মীয়া প্ৰশিক্ষণৰ পোষকতা কৰিছে কেন্দ্ৰীয় চৰকাৰে। গুৱাহাটীৰ নেডফী হাউছত আয়োজিত নৰ্থ ইষ্ট স্কিল কনক্লেভত অংশগ্ৰহণ কৰি এই মত প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ প্ৰতাপ ৰুডীয়ে।

বৰ্তমান দশম শ্ৰেণীৰ শিক্ষা শেষ কৰা বা উচ্চতৰ মাধ্যমিক শিক্ষা শেষ কৰা কোনো যুৱক অথবা যুৱতীয়ে বৃত্তি লাভ কৰিব নোৱাৰিব পাৰে। কিন্তু ১০ সপ্তাহৰ প্ৰশিক্ষণে এগৰাকী যুৱক অথবা যুৱতীক কোনো বৃত্তিমূলক কামৰ বাবে প্ৰস্তুত কৰি তুলিব পাৰে। নৰ্থ ইষ্ট স্কিল কনক্লেভ উদ্বোধন কৰি কেন্দ্ৰীয় দক্ষতা বিকাশ তথা উদ্যমিতা দপ্তৰৰ ৰাজ্য মন্ত্ৰী (স্বতন্ত্ৰ) ৰাজীৱ প্ৰতাপ ৰুডীয়ে কয়।
image


উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে ব্লক পৰ্যায়ত আইটিআই স্থাপনৰো পোষকতা কৰে কেন্দ্ৰীয় মন্ত্ৰীজনে। বিভিন্ন প্ৰান্তত নতুন আইটিআই স্থাপনেৰে যুৱ প্ৰজন্মৰ দক্ষতা বৃদ্ধি কৰিব পৰা যাব। নিঃসন্দেহে দক্ষতাই উদ্যমিতাৰ ক্ষেত্ৰতো যোগাত্মক প্ৰভাৱ বিস্তাৰ কৰিব পাৰে।


image


‘জাপান, জাৰ্মানী বা কোৰিয়ালৈ চালে আমি দেখো ভাৰতত দক্ষ লোকৰ সংখ্যা তেনেই কম। জাপানত ৮০ শতাংশ দক্ষতাৰ বিপৰীতে জাৰ্মানী আৰু কোৰিয়াত দক্ষ লোকৰ সংখ্যা ক্ৰমে ৭৮ আৰু ৯৬ শতাংশ। কিন্তু ভাৰতত এই পৰিমাণ মাত্ৰ ৪.৫ শতাংশহে।’ এক সমীক্ষাৰ উদ্ধৃতি দি কেন্দ্ৰীয় মন্ত্ৰীজনে উল্লেখ কৰে।

image


উত্তৰ-পূবৰ মুঠ জনসংখ্যৰ ৫৩ শতাংশই ১৮ বছৰৰপৰা ৩৫ বছৰৰ ভিতৰৰ। গতিকে এই অঞ্চলত দক্ষতা বিকাশত যথেষ্ট সম্ভাৱনীয়তা আছে। কিন্তু এতিয়ালৈ দক্ষতা বিকাশৰ ক্ষেত্ৰত আশাপ্ৰদভাৱে আগুৱাব পৰা হোৱা নাই। কৃষি, হস্ততাঁত আৰু দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত দক্ষতা বিকাশ এক প্ৰত্যাশিত দিশত আগুৱাই গ’লে অঞ্চলটোৰ ছবিয়েই সলনি হৈ যাব পাৰে।

image


কেন্দ্ৰীয় চৰকাৰে আটাইবোৰ ৰাজ্যতে দক্ষতা বিকাশৰ ক্ষেত্ৰত প্ৰশিক্ষণ অনুষ্ঠিত কৰাৰপোষকতা কৰে। আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰতো কৰণীয় আছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰসমূহকো এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়। কেন্দ্ৰ আৰু ৰাজ্যৰ পৰস্পৰ সহযোগিতাৰে দক্ষতা বিকাশৰ ক্ষেত্ৰত ভাৰত আগুৱাই যাব পাৰিব বুলি আশা ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে।

এই অনুস্থানত ৰুডীৰ লগতে অসম চৰকাৰৰ শ্ৰম আৰু নিয়োজন সচিব নীতিন কে এছ খাৰেও উপস্থিত থাকে।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

এই সম্পৰ্কীয় অন্যান্য কাহিনী

উত্তৰ-পূবত উদ্যমিতাৰ কেন্দ্ৰ হ’ব আই আই ই: ৰাজীৱ প্ৰতাপ ৰুডী

জৈৱিক পদ্ধতিৰে চাহ খেতি কৰি বিশ্বজুৰি সমাদৰ লাভ কৰিছে লখিমপুৰৰ গোবিন হাজৰিকাই

উত্তৰ-পূৱ ভাৰতৰ ‘পুষ্পসজ্জা’ৰ ক্ষেত্ৰখনক নতুন মাত্ৰা দিছে নাচিমা বেগম লহকৰে

বিনিয়োগ কৰাৰ আগতে মই তেওঁলোকৰ চকুৰ ভাষা পঢ়োঁ: ছফ্ট বেংকৰ প্ৰতিষ্ঠাতা মাছায়শী ছন