যোগ শিক্ষণে সকলো কথা নম্ৰভাবে গ্ৰহণ কৰিবলৈ শিকালে যোগ প্ৰশিক্ষক ৰিংকু ছুৰীক

যোগ শিক্ষণে সকলো কথা নম্ৰভাবে গ্ৰহণ কৰিবলৈ শিকালে যোগ প্ৰশিক্ষক ৰিংকু ছুৰীক

Monday December 21, 2015,

5 min Read

মহানগৰীৰ যান্ত্ৰিক জীৱনত বিপৰ্যস্ত বহু লোকে শৰীৰ আৰু আত্মাৰ একাত্ম বিচাৰি আশ্ৰয় লোৱা এটা স্থান হ’ল মুম্বাইৰ যোগা ১০১। মুম্বাইৰ দৰে চহৰত আশ্ৰমৰ পৰিবেশে বিৰাজ কৰা যোগা ১০১ ৰ যোগ প্ৰশিক্ষক ৰিংকু ছুৰীয়ে মাৰ্গ দৰ্শন দিয়ে লোক সকলক।

বন্ধুত্বপূৰ্ণ পৰিবেশ, একে স্থানতে বিশ্বৰ ভিন্ন প্ৰান্তৰ কেইবাজনো যোগ প্ৰশিক্ষকৰ দ্বাৰা বিভিন্ন ধৰণৰ যোগৰ প্ৰশিক্ষণে অনন্য কৰি তুলিছে যোগা ১০১ ক। “বহুলোকে বিভিন্ন কাৰণত যোগ শিকিবলৈ আহে। কিন্তু লাহে লাহে যোগৰ সৈতে তেওঁলোকৰ সম্পৰ্কৰ এটা পৰিবৰ্তন আহে। শাৰিৰীক ব্যায়ামৰ পৰা আধ্যাত্মিক আৰু সুন্দৰতাৰ পথেৰে এক মানসিক সুস্থিৰতাৰ যাত্ৰাত ভৰি দিয়ে তেওঁলোকে।”- যোগ শিক্ষা গ্ৰহণ কৰিবলৈ অহা লোক সকলৰ কথা এনেদৰে ক’লে ৰিংকু ছুৰীয়ে।

ৰিংকু ছুৰীৰ যোগৰ সৈতে সম্পৰ্ক গঢ়ি উঠে প্ৰায় আঠ-ন বছৰৰ পূৰ্বে। সুস্বাস্থ্য আৰু ফিটনেছৰ বাবে যোগৰ পৰামৰ্শ দিয়া হৈছিল ৰিংকুক। বছৰ বছৰ ধৰি যোগভ্যাস কৰি হোৱা অভিজ্ঞতাই ৰিংকুলৈ এক পৰিবৰ্তন আনিলে। “যোগ স্বাস্থ্য আৰু ফিটনেছৰ বাবে এক ব্যায়ামতে সীমাবদ্ধ হৈ নাথাকিল, বৰঞ্চ পৰিবৰ্তন ঘটিল এক অৰ্থপূৰ্ণ জীৱনধাৰণ পদ্ধতিলৈ।”- ৰিংকুৱে ক’লে এনেদৰে। ২০১২ চনত ৰিংকুৱে কম্বোডিয়া ভ্ৰমণ কৰিছিল। ভ্ৰমণৰ সময়তে তাতে অনুষ্ঠিত হোৱা এটা যোগ কৰ্মশালাত ভাগ ল’লে ৰিংকুৱে। কম্বোডিয়াতে ৰিংকুৱে প্ৰাকৃতিক পৰিবেশৰ মাজত থকা এখন ‘যোগা কেফে’ও মন কৰিলে। সেই খনেই আছিল যোগা ১০১ ৰ আঁৰৰ অনুপ্ৰেৰণা।

image


যোগৰ প্ৰয়োজনীয়তা কি?

এগৰাকী যোগাভ্যাস কৰা ব্যক্তি তথা যোগ প্ৰশিক্ষক হিচাপে যোগৰ গুণাগুণ সণ্ডৰ্ভত বহু কথাই ক’ব পাৰে ৰিংকুৱে। যোগ কেৱল শাৰিৰীক নহয় মানসিক ব্যায়ামো। আমাৰ স্থবিৰ জীৱনৰ পৰা অলসতা আঁতৰ কৰাৰ শ্ৰেষ্ঠ উপায়টোৱেই হ’ল যোগাভ্যাস। প্ৰতিটো অংগ সহিতে সম্পূৰ্ণ শৰীৰটোৰ খেয়াল ৰখাৰ লগতে মন আৰু আত্মাৰ প্ৰতি ধ্যান দিয়া যোগেই হৈছে একমাত্ৰ উপায়। যোগে বয়সৰ ঘড়ী ওলোটাকৈ ঘূৰায়। শৰীৰ অধিক তজবজীয়া, ডেকা কৰি তোলে যোগভ্যাসে। মনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱা, ওজন কমাব বিচৰা বা কিবা নিছাৰ আসক্তিৰ পৰা আঁতৰি আহিব বিচৰা লোক সকলৰ বাবেও যোগ খুবেই ফলপ্ৰসু। অভ্যাস মাত্ৰ এটা, কিন্তু ইয়াৰ সুফল বহুতো।

যোগে মানুহৰ সকলো সন্দেহ, বিশ্বাসহীনতাক পৰাভূত কৰি সাহসী তথা ইতিবাচক চিন্তাৰ গৰাকী কৰি তোলে। যোগাভ্যাস কৰা সকলে জীৱনক সদায়ে ইতিবাচক দৃষ্টিভংগীৰে চায়।

যোগাভ্যাসৰ পথ

মুম্বাইৰ এটা সংৰক্ষণশীল পৰিয়ালত জন্ম গ্ৰহণ কৰা ৰিংকুৱে সপোন দেখিছিল এগৰাকী শিক্ষক হোৱাৰ। কিন্তু ৰিংকুৰ মাকৰ জীয়েকক শিক্ষক কৰাৰ মন নাছিল। সেয়ে পৰবৰ্তী সময়ত ৰিংকুৱে কলা শাখাৰ পৰিবৰ্তে নাম ভৰ্তি কৰে বাণিজ্য শাখাত। স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত ৰিংকু নামি পৰিছিল মাৰ্কেটিং ফিল্ডত। ৰিংকুৱে চিএনবিচিত যোগদান কৰি তাতে ১২ বছৰ কাম কৰিলে। তাই আজিও চিএনবিচিক কামটোৰ বাবে ধন্যবাদ দিয়ে কাৰণ, তাই ভাল পোৱা ভ্ৰমণ আৰু ফ’ট’গ্ৰাফী দুয়োটাই কৰিব পাৰিছিল কামটোত। লাহে লাহে ৰিংকুৰ যোগৰ প্ৰতি থকা অনুৰাগ বৃদ্ধি পালে। বিশেষকৈ যেতিয়া তাই উপলদ্ধি কৰিলে যোগৰ যাদুকৰী সুফলবোৰ। আজি তাই এগৰাকী যোগ প্ৰশিক্ষক। বিভিন্ন বয়সৰ যোগ প্ৰশিক্ষাৰ্থী তাইৰ শিষ্য।

যোগ ষ্টুডিঅ’

image


কম্বোডিয়াৰ পৰা ঘুৰি আহি ৰিংকুয়ে মুম্বাইৰ এটা ডাঙৰ যোগ ষ্টুডিঅ’ৰ কাষ চাপিল। উদ্দেশ্য- এটা ফ্ৰেনচাইজী বিচৰা। কিন্তু ৰিংকুক কোনো গুৰুত্বই নিদিলে তেওঁলোকে। তেতিয়া ৰিংকুৱে নিজে এটা যোগ ষ্টুডিঅ’ খোলাৰ সিদ্ধান্ত ল’লে। সেইসময়তে ৰিংকুৰ পৰিয়ালে বছৰ বছৰ ধৰি বাস কৰি অহা বাংলোটো ভাৰা দিয়াৰ কথা ভাবিলে। ৰিংকুৱে আনক ভাৰা দিয়াৰ পৰিবৰ্তে বাংলোটোতে তাইৰ সপোন পূৰা কৰিব বিচাৰিলে। ৰিংকুৱে ২০১২ চনৰ ডিচেম্বৰ মাহত তাইৰ ষ্টুডিঅ’ত কাম আৰম্ভ কৰিলে। ২০১৩ চনৰ জুলাইৰ পৰা আৰম্ভ হ’ল যোগা ১০১। ৰিংকুৱে নিজে সক্ৰিয়ভাবে ষ্টুডিঅ’ নিৰ্মাণৰ কামত লাগিল। সকলো বহিব তথা বিভিন্ন জনৰ দানেৰে আৰম্ভ কৰা পুথিভড়ালৰ পৰা কিতাপ এখন আনি পঢ়িব পৰা সকলোৰে বাবে এখন মুকলি থাই আছে ষ্টুডিঅ’টোত। লগতে বিভিন্ন যোগৰ বাবে পৃথক কক্ষ, যোগা মেট, যোগাভ্যাসৰ বাবে ৰিংকুৱে প্ৰস্তুত কৰি উলিউৱা সাজ-পোচাকৰ বাবেও আছে কেইবাটাও পৃথক শাখা।

প্ৰত্যাহ্বান

মন কৰিলেই চন। যদিও আজিৰ যান্ত্ৰিক যুগত মানুহৰ সময়ৰ খুবেই নাটনি, তথাপি মানুহে ব্যায়াম কৰিয়ে আছে, অৰ্থাৎ মানুহৰ মাজত সচেতনতা আছে। ভাৰতীয় পৰিয়ালৰ বাবে যোগ অতীজৰে পৰা এক এৰাব নোৱাৰা অংগ। প্ৰাৰ্থক্যটো হ’ল- এতিয়া যোগাভ্যাসৰ বাবে মানুহ ষ্টুডিঅ’লৈ আহে আৰু প্ৰশিক্ষকৰ পৰা যোগ শিক্ষা লয়। এতিয়া নিজৰ ঘৰত বা সুবিধাজনক স্থানত যোগাভ্যাস কৰি থকা লোক সকলক ষ্টুডিঅ’লৈ অনা আৰু ষ্টুডিঅ’ত যোগাভ্যাস কৰাৰ উপকাৰিতাৰ বিষয়ে বুজোৱাটোৱেই ৰিংকুৰ মূল প্ৰত্যাহ্বান। অকলে যোগাভ্যাস কৰা আৰু বহু লোকে একেলগে যোগাভ্যাস কৰাৰ প্ৰাৰ্থক্য কি সেয়া সকলোকে বুজুৱাৰ চেষ্টা কৰে ৰি্ংকুৱে। একেলগে যোগাভ্যাস কৰিলে এশ শতাংশ প্ৰয়াস কৰাৰ বেলেগ এটা শক্তি পোৱা যায়। ৰিংকুৱে ক’লে এনেদৰে।

যোগা ১০১ লৈ সঁহাৰি

image


ৰিংকুৰ ষ্টুডিঅ’ৰ প্ৰশিক্ষাৰ্থীয়ে এবাৰ বিভিন্ন ধৰণৰ যোগৰ সোৱাদ পোৱাৰ পিছত উপলদ্ধি কৰে আচলতে তেওঁলোকে বিচাৰি ফুৰাটো ইয়াতে আছে। যোগক বয়সস্থ লোক আৰু বিভিন্ন ৰোগত আক্ৰান্ত লোক সকলৰ বাবে এক ব্যয়াম বুলি ধৰি লোৱা হয়, বহু লোকৰ বাবে আকৌ যোগ খুবেই লেহেমীয়া আৰু আমনিদায়ক। কিন্তু বৰ্তমান বিভিন্ন ধৰণৰ যোগৰ ক্ষীপ্ৰভাবে জনপ্ৰিয়তা বৃদ্ধি পাইছে। বহু লোকে নিজেও যোগৰ গুৰুত্ব বুজি যোগাভ্যাসৰ বাবে আগবাঢ়ি আহিছে বুলি মন্তব্য কৰিলে ৰিংকু ছুৰীয়ে।

পশ্চিমীয়া দেশত যোগ

যোগক পণ্য সামগ্ৰীলৈ পৰিণত কৰা বুলি পশ্চিমীয়া দেশ সমুহক জগৰীয়া কৰা হয় ষদিও ৰিংকুৰ মতে সেয়া অপবাদহে মাথো। তেওঁলোকে যোগক নতুনকৈ গ্ৰহণ কৰিছে আৰু এটা নতুন ফৰ্ম দিছে। যোগৰ দৰ্শন একে ৰাখি অধিক মনোগ্ৰাহী আৰু ধেমেলীয়া কৰি তুলিছে। যোগাভ্যাস কৰিবলৈ আপুনি প্ৰথমে কোনো এঠাইত আৰম্ভ কৰিব লাগিব। সুন্দৰ সংগীতৰ তালে তালে আপুনি আৰম্ভ কৰিব পাৰে এনে ধৰণৰ এটা বিশেষ যোগ।

ভবিষ্যত পৰিকল্পনা

যোগা ১০১ কলৈ ৰিংকুৰ বহু কৰিকল্পনা আছে। তাৰ মাজতে ষ্টুডিঅ’ৰ লগতে এখন কেফে খোলাৰো পৰিকল্পনা আছে ৰিংকুৰ। কেফে খনত পোৱা যাব স্বাস্থ্যকৰ খাদ্য আৰু পানীয়।

ৰিংকুৰ জীৱনটোৱে যেন যোগৰ সৈতে সহৱস্থান কৰিছে। তাই প্ৰকৃততে কি কৰিছে, এটা সময়ত ৰিংকুৱে নিজকে সেই প্ৰশ্ন কৰিছিল, কিন্তু যোগা ১০১য়ে তাইৰ সকলো সন্দেহ আতৰ কৰিলে।

এতিয়া দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৰিংকু ছুৰীলৈ সহায় বিছাৰি ফোন, মেছেজ, ই-মেইল আহে। হতাশাগ্ৰস্ত কোনোবাই যদি যোগৰ জড়িয়তে সহায় বিছাৰে, কোনোৱাই আকৌ যোগ ষ্টুডিঅ’ খোলাৰ কথালৈ ফোন কৰে। “সকলোৰে নিজৰ নিজৰ যাত্ৰা। কিন্তু আনৰ জীৱন যাত্ৰাৰ পথ চোৱাত মই সহায় কৰবলৈ পাই, মাৰ্গ দৰ্শন দিবলৈ পাই মই খুবেই সুখী।”- উৎসাহেৰে ক’লে ৰিংকু ছুৰীয়ে।

মূলঃ তনভী ডুবে

অনুবাদঃ মুকুন্দ মাধৱ নেওগ