কেইবাখনো বুজাবুজিৰ চুক্তিৰে ইনভেষ্ট কৰ্ণাটকাত ইংলেণ্ডৰ সহযোগ

কেইবাখনো বুজাবুজিৰ চুক্তিৰে ইনভেষ্ট কৰ্ণাটকাত ইংলেণ্ডৰ সহযোগ

Friday February 05, 2016,

3 min Read

বিগত সময়ছোৱাত ভাৰত আৰু ইংলেণ্ডে একেলগে প্ৰযুক্তি, প্ৰতিৰক্ষা আৰু শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন সময়ত কান্ধত কান্ধ মিলাই আগবাঢ়িছে। বৃহস্পতিবাৰে বাংগালুৰু সাক্ষী হল ইংলণ্ডৰ প্ৰতিনিধিয়ে কৰ্ণাটকাৰ সৈতে অন্যান্য বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ ।


image


বাংগালুৰুত আয়োজিত ইনভেষ্ট কৰ্ণাটকা ছামিটৰ এটা অংশ হিচাপে প্ৰতিনিধিসকলে তেওঁলোকৰ শ্ৰেষ্ঠ মহানগৰ আৰু সেই মহানগৰ সমুহৰ নিৰ্মাণৰ আঁৰৰ কাহিনী আৰু কৌশলৰ সম্পৰ্কত বহু কথাই কলে। ইউ কে-ইণ্ডিয়া বিজনেছ কাউন্সিলৰ উপদেষ্টা বৰ্ডৰ সদস্য তথা ভাৰতত ইংলণ্ডৰ প্ৰাক্তন উচ্চায়ুক্ত ছাৰ ৰিছাৰ্ড ষ্টেগ পেনেল মডাৰেটৰ হিচাপে ইয়াত উপস্থিত আছিল।

ইংলণ্ড প্রদত্ত জ্ঞান

মহানগৰ কৰ্তৃপক্ষই লণ্ডন মহানগৰবাসীৰ মাজত উদ্যমিতাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি , অৰ্থনীতিৰ উন্নয়ন আৰু জীৱন ধাৰণৰ মান উন্নিতকৰণৰ বাবে বিভিন্ন তথ্য সংগ্ৰহ কৰি প্ৰচাৰ কৰা কাৰ্যই যথেষ্ট সফলতা আনি দিছে। গ্ৰেটাৰ লণ্ডন অথৰিটীৰ ডেভেলপমেন্ট,এন্টাৰপ্ৰাইজ আৰু এনভাইৰমেন্ট ৰ কাৰ্যবাহী সঞ্চালক ফিয়না ফ্লেটছাৰ স্মীথে এইদৰে কয়।

চলিত মাহত লণ্ডনৰ জনসংখ্যা সৰ্বোচ্চ ৮.৬ মিলিয়নলৈ বৃদ্ধি পাইছে । ফলত আন্তঃগাঠনি, জীৱন ধাৰণৰ মান,গৃহ,পৰিবহন,চাকৰি আদি সকলোতেই সমস্যাৰ সৃষ্টি হৈছে। ফিয়নাই কয়, “ আমাৰ বুদ্ধিদীপ্ত প্ৰযুক্তিত বিনিয়োগ আৰু পৰিকল্পনাই আমাৰ লণ্ডনৰ তথ্য নিৰ্ভৰ ব্যৱসায়ক সহায় কৰিছে, বিশেষকৈ এপ ডেভেলপাৰসকলক। ”

লীডছ চিটি কাউঞ্চিলৰ ইনোভেচন হেড চিমোন ব্ৰেৰেটনে সহজলব্ধ মুক্ত তথ্য বা ডাটাৰ কথা ব্যাখ্যা কৰে যে “লীডছ হৈছে এখন ডাটাৰ দ্বাৰা পৰিচালিত স্মাৰ্ট চিটি। যত চুপাৰফাষ্ট ব্ৰডবেণ্ড ইন্টাৰনেট আৰু ৱাইফাইৰ ব্যৱস্থাই সমগ্ৰ চহৰখনকে সামৰি লৈছে। লণ্ডনত কেৱল আমাৰ তাতেই ইন্টাৰনেট এক্সেঞ্জৰ ব্যৱস্থা আছে” তেওঁ কয়। মুঠ ২০মিলিয়ন নাগৰিকৰে লীডছৰ অৰ্থনীতি হৈছে ৬০মিলিয়ন পাউণ্ড,যিটো লণ্ডনৰ এক তৃতীয়াংশ।

ইয়াতে ইউনাইটেড কিংদমৰ নবীকৃত ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ বিভিন্ন অন্তৰ্নিহিত তথ্যও প্ৰকাশ কৰা হয়। লণ্ডনস্থিত ইণ্ডো-ইউকে ইনষ্টিটিউট অৱ হেল্থৰ চিইঅ' অজয় ৰঞ্জন গুপ্তাই কয় যে এনএইছএছে ভাৰতৰ চণ্ডিগঢ়,অমৰাৱতী,বাংগালুৰু,জয়পুৰ আৰু গ্ৰেটাৰ নইডাকে আদি কৰি মুঠ ১১খন চহৰত চিকিত্সালয় প্ৰতিস্থা কৰাৰ লগতে ৮৯খন ক্লিনিক খুলিব। তেওঁৰ মতে ভাৰতৰ দক্ষিণ প্ৰান্তৰ ৰাজ্যসমুহৰ লগতে মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ দৰে ৰাজ্যই যি সময়ত স্থাস্থ্য খণ্ডত উন্নতি কৰিছে,সেই একেই সময়তে দেশৰ অন্য ৰাজ্যসমুহৰ অৱস্থা কিন্তু সন্তোষজনক নহয়। “ আমাক ১০০শতাংশ লোকেই সুবিধা গ্ৰহণ কৰিব পৰা আৰু সঠিক স্থাস্থ্য সেৱা ব্যৱস্থাৰ দৰকাৰ” তেওঁ কয়। কৰ্নাটকা চৰকাৰ আৰু লণ্ডনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিখনে গৱেষণাৰ ক্ষেত্ৰত সহযোগিতা প্ৰদান কৰাৰ লগতে দেশৰ ৫০০০ চিকিৎসকক ইউনাইটেড কিংডম অৰ্থাত ইংলণ্ডত প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দিব।

কর্নাটকাৰ অগ্রগতি

ইয়াৰ লগে লগেই বৰ্তমান ইংলণ্ড হৈ পৰিল বাংগালুৰুক এখন বিশ্বমানৰ মহানগৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত এক আছুতীয়া উন্নয়নৰ পদক্ষেপৰ সহযোগী। বাংগালুৰু উন্নয়ন আৰু চহৰ পৰিকল্পনা বিভাগৰ মন্ত্ৰী কে.জে.জৰ্জে কয় , “ এখন আন্তৰ্জাতিক পৰ্যায়ৰ প্ৰযুক্তি ক্ষেত্ৰ হিচাপে বিশ্বমানৰ কেইবাখনো উন্নত শিক্ষাপ্ৰতিস্থানৰে সৈতে ২০২০ চনলৈ বাংগালুৰু হৈ পৰিব এখন বৃহৎ তথ্য প্ৰযুক্তি ক্ষেত্ৰ। ”

ইন্টাৰনেট আৰু টেলিকমৰ ক্ষেত্ৰত থকা সম্ভাৱনাৰ ক্ষেত্ৰত ভোডাফোন ইণ্ডিয়াৰ ৰেগুলেটৰী, এক্সটাৰ্ণেল এফেয়াৰছ এণ্ড চিএছআৰৰ সঞ্চালক পি বালাজীয়ে কয়, “ব্যৱসায়ীক ক্ষেত্ৰত সহজ হবৰ বাবে আফ্ৰিকাৰ দেশ সমুহত চৰকাৰী সেৱাৰ প্ৰায় ৭০শতাংশ সেৱাৰ বাবে লোকসকলে মোবাইল পেইমেন্ট ব্যৱস্থাৰ সহায় লয়। ভাৰতৰো ৰাজ্য চৰকাৰসমুহে পেঞ্চন বা অন্যান্য সামাজিক সুবিধাৰ বাবে প্ৰত্যক্ষভাবে লেনদেনৰ ক্ষেত্ৰত এই সুবিধা লব পাৰে। ”

ব্ৰিটিছ প্ৰধান মন্ত্ৰী ডেভিদ কেমেৰুণে এবাৰ কৈছিল যে টিম ইণ্ডিয়া আৰু টিম ইউকে হৈছে এক বিজেতাৰ যুটি। এই সহযোগীতাৰ পৰা কেৱল যে ভাৰতেই লাভান্বিত হব তেনেকুৱা নহয়, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰিকল্পনাৰ দেশৰ ১০০খন স্মাৰ্ট চিটিৰ ক্ষেত্ৰত ইংলেণ্ডেও ইয়াৰ সুফল পাব।

মূলঃ আথিৰা এ. নায়াৰ

অনুবাদঃ প্রাঞ্জল শর্মা


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


এইধৰণৰ অন্যান্য কাহিনী

বিনিয়োগৰ অনুকুল পৰিবেশ গঢ়ি তোলাত সফল কৰ্ণাটক

ইনভেষ্ট কৰ্ণাটকা ২০১৬- এক যুগান্তকাৰী পদক্ষেপ

বাঙ্গালুৰুতে সীমাবদ্ধ নহয় কৰ্ণাটকৰ ষ্টাৰ্টআপ

ষ্টাৰ্ট-আপৰ অনুশাসনৰ সৈতে জড়িত ১০ টা নিয়মৰ প্ৰতি সদায় গুৰুত্ব দিয়াটো উচিত