চল্লিশ টকা মূলধনেৰে আৰম্ভ কৰা 'অসম প্ৰাকৃতিক উদ্যোগ' আজি এক আগশাৰীৰ ব্ৰেণ্ড

চল্লিশ টকা মূলধনেৰে আৰম্ভ কৰা 'অসম প্ৰাকৃতিক উদ্যোগ' আজি এক আগশাৰীৰ ব্ৰেণ্ড

Monday February 08, 2016,

5 min Read

বিভিন্ন ৰাসায়নিক সামগ্ৰীৰ কুপ্ৰভাৱৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় হিচাপে বিশ্বৰ বিভিন্ন প্ৰান্তৰত ভেষজ, বিষেশকৈ আয়ুৰ্বেদিক ঔষধৰ জনপ্ৰিয়তা বাঢ়ি গৈছে । তেনেস্থলত অসমৰ দৰে প্ৰাকসম্পদত চহকী আৰু ভেষজ তথা আয়ুৰ্বেদিক পৰম্পৰাৰে সম্বৃদ্ধ এখন ৰাজ্যত এই ক্ষেত্ৰত উদ্যোগ গঢ়ি তোলাটো এক স্বাভাবিক প্ৰক্ৰিয়া হোৱা উচিত । এই ধাৰণাকে বাস্তৱ ৰূপ দিয়া এক প্ৰতিস্থান হৈছে 'অসম প্ৰাকৃতিক উদ্যোগ' । 

এই বনৌষধৰ প্ৰতিষ্ঠানটো বা ইয়াত তৈয়াৰ হোৱা ঔষধ সমূহৰ লগত অসমৰ বেছিভাগ মানুহ পৰিচিত।একেবাৰে চালুকীয়া অৱস্থাৰ পৰা বৰ্তমান পৰ্যায়লৈ উদ্যোগটোৱে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ চৌপাশে থকা বিভিন্ন বনৌষধি উদ্ভিদ,ফল-মূল,গছৰ শিপা আদিৰ পৰা ঘৰুৱা ভাৱে ঔষধ তৈয়াৰ কৰিও যে স্বাৱলম্বী হ'ব পাৰি সেই কথাৰ নিদৰ্শন দাঙি ধৰা এজন ব্যক্তি ঘনশ্যাম মেধি। 'অসম প্ৰাকৃতিক উদ্যোগ' নামৰ প্ৰতিষ্ঠানটোৰ জন্ম দি ইয়াক মানুহৰ মাজত জনপ্ৰিয় কৰি তোলাৰ সংগ্ৰাম আৰু সফলতাৰ কথা য়'ৰ ষ্ট'ৰী ৰ আগত বৰ্ণনা কৰিছিল ঘনশ্যাম মেধিয়ে।

image


শিক্ষকতাৰ চাকৰিৰ পৰা বনৌষধি ব্যৱসায়ৰ পাতনি

ঘনশ্যাম মেধিৰ ঘৰ নলবাৰী জিলাৰ টিহু অঞ্চলত।স্নাতক ডিগ্ৰী লোৱাৰ পিছত কাষৰীয়া এখন অপ্ৰাদেশিকৃত বিদ্যালয়ত পাঁচ বছৰ শিক্ষকতা কৰিছিল।কিন্তু বিনা বেতনেৰে সদায় সমাজ সেৱা কৰিবলৈ মেধিৰ ঘৰুৱা অৱস্থা টনকিয়াল নাছিল।সেয়ে তেওঁ উপাৰ্জনৰ বাবে বিকল্পৰ কথা চিন্তা কৰিবলগীয়া হ'ল।ঘনশ্যাম মেধিৰ পিতৃ বহু দিন ধৰি লিভাৰৰ অসুস্থতাত ভূগি থকাৰ পিছত তেওঁ নিজে ঘৰতে ত্ৰিফলা তৈয়াৰ কৰি খাইছিল।ত্ৰিফলা ব্যৱহাৰৰ পাছত তেওঁৰ লিভাৰৰ অসুস্থতা নোহোৱা হোৱাৰ লগতে ৮৫ বছৰ বয়সলৈ কোনো বেমাৰ-আজাৰ নোহোৱাকৈ এক সুস্থ জীৱন যাপন কৰিছিল।পিতৃয়ে তেওঁক ত্ৰিফলাৰ গুণাগুণৰ বিষয়ে অৱগত কৰিছিল।পিছত তেওঁ নিজ উপাৰ্জনৰ কথা চিন্তা কৰি ব্যৱসায় ভিত্তিত ত্ৰিফলা তৈয়াৰ কৰাৰ কথা ভাবিলে।

image


৪০ টকা মূলধনেৰে ব্যৱসায়ৰ আৰম্ভণি

'জেপত থকা মাত্ৰ চল্লিশ টকা মূলধনেৰে বজাৰৰ পৰা দহ কিলো আমলখি, অলপ ক'লা নিমখ আৰু জংঘলৰ পৰা শিলিখা,অমৰা আদি গোটাই ঢেঁকীত খুন্দি প্ৰথম চাৰি কেজি ত্ৰিফলা প্ৰস্তুত কৰিছিলো।পঁশিচ গ্ৰামৰ দুটকীয়া পেকেট বনাই ঘৰে ঘৰে গৈ বিক্ৰী কৰিছিলো।তাৰ পৰা লাভ হোৱা টকাৰে পৰৱৰ্তী সময়ত পঞ্চাশ গ্ৰাম, এশ গ্ৰামৰ পেকেট তৈয়াৰ কৰিলো।ঘৰে ঘৰে বিক্ৰী কৰাৰ লগতে দোকানতো দিছিলো।এই কাৰ্যত মোৰ আই আৰু বৌৱে মোক যথেষ্ট সহযোগিতা কৰিছিল।২০০০ চনত স্কুলৰ চাকৰি ত্যাগ কৰি এই কামত সক্ৰিয় ভাৱে জড়িত হৈ পৰিছিলো।'

image


ত্ৰিফলা তৈয়াৰ কৰাৰ পদ্ধতি তেওঁ পিতৃৰ পৰাই আয়ত্ব কৰিছিল।অলপো ইফাল-সিফাল নকৰাকৈ আজি পৰ্যন্ত ত্ৰিফলা তৈয়াৰৰ ক্ষেত্ৰত তেওঁ সেই পদ্ধতিয়ে প্ৰয়োগ কৰি আহিছে।কাৰণ পিতৃয়ে তৈয়াৰ কৰা ত্ৰিফলাৰ গুণাগুণ তেওঁ নিজে লক্ষ্য কৰিছিল।সেই ত্ৰিফলা সেৱন কৰি পিতৃৰ লিভাৰৰ অসুস্থতা নোহোৱা হোৱাৰ লগতে আন বেমাৰেও আক্ৰমণ কৰিব পৰা নাছিল।ইয়োৰোপৰি ভেষজ ৰত্ন প্ৰয়াত ড° গুণাৰাম খনিকৰৰ 'বনদৰবৰ গুণ' কিতাপ খনেও তেওঁক যথেষ্ট উপকৃত কৰা বুলি মন্তব্য কৰিছিল।উদ্যোগটো বিস্তাৰৰ ক্ষেত্ৰত আন ঔষধ সমূহ তৈয়াৰ কৰাত এই কিতাপ খনে যথেষ্ট সহায় কৰিছিল।ইয়াৰোপৰি তেওঁ হিন্দী,ইংৰাজী ভাষাৰ বিভিন্ন বনদৰৱ সম্পৰ্কীয় গ্ৰন্থ অধ্যয়ন কৰিছিল।গ্ৰন্থৰ উপৰিও গুৱাহাটিৰ খানাপাৰাস্থিত এছ.আৰ.ডি ৰ অধীনত বিভিন্ন প্ৰশিক্ষণ কাৰ্যসূচী আৰু শিবিৰত অংশগ্ৰহণ কৰি উপকৃত হৈছিল।এই সন্দৰ্ভত ঘনশ্যাম মেধিয়ে মন্তব্য কৰে- '২০০০ চনত গুৱাহাটীৰ খানাপাৰাস্থিত এছ.আৰ.ডিত বনৌষধিৰ তিনিদিনীয়া এটা সজাগতা শিবিৰত অংশগ্ৰহণ কৰিছিলো।এছ.আৰ.ডি ৰ সঞ্চালকে মই প্ৰস্তুত কৰা ত্ৰিফলা খাই খুব ভাল পাইছিল আৰু শিবিৰত অংশগ্ৰহণ কৰা বাকী সদস্য সকলক মোৰ কথা প্ৰশংসা কৰি কৈছিল যে আপোনালোকে সজাগতাৰ বাবে আহিছে কিন্তু এওঁ ইতিমধ্যে সজাগতা সৃষ্টি কৰিছে।২০০৩ চনত দিল্লী হাটত আয়োজিত এখন প্ৰদৰ্শনীত অংশগ্ৰহণৰ বাবে মই নিৰ্বাচিত হৈছিলো।তাত অৰ্জুন পাউদাৰ, বেল পাউদাৰ, ত্ৰিফলা, মৌ ৰস আদি ছবিধ মান প্ৰডাক্ট লৈ গৈছিলো।তাত মোৰ চল্লিশ হাজাৰ টকাৰ বিক্ৰী হৈছিল।ইয়াৰপৰা মই যথেষ্ট উপকৃত হৈছিলো।তাৰপাছত এছ.আৰ.ডিৰ সকলো ধৰণৰ কাৰ্যসূচীতে মই অংশগ্ৰহণ কৰিছিলো।পাঞ্জাবৰ চণ্ডীগড়তো প্ৰশিক্ষণ লৈছিলো।'

১৯৯৬ চনত স্থাপন কৰা 'অসম প্ৰাকৃতিক উদ্যোগ' ১৯৯৮ চনত পঞ্জীয়নভুক্ত হৈছিল।এই উদ্যোগৰ অধীনত বৰ্তমান ত্ৰিফলাকে ধৰি ডায়েবেটিছ, দাঁত, কিডনীৰ পাথৰ, আৰ্থাৰাইটিছ, উচ্চ ৰক্তচাপ, হৃদৰোগৰ ঔষধৰ লগতে ছালৰ সৌন্দৰ্যবদ্ধক, মৌজোল, তিল তেল, লং তেল, চৱনপ্ৰাছ, মানিমুনি, ব্ৰাক্ষ্মী, ঔটেঙাৰ পাউদাৰ আদি ৩৫ বিধ বিভিন্ন ঔষধ তৈয়াৰ কৰা হয়।এই উদ্যোগত বৰ্তমান আঠ জন স্থায়ী কৰ্মচাৰীৰ লগতে মাৰ্কেটিঙত ওঠৰ জন ল'ৰা নিয়োগ হৈ আছে।নতুন দিল্লীৰ প্ৰগতি মৈদানত আয়োজিত হোৱা আন্ত:ৰাষ্ট্ৰীয় প্ৰদৰ্শনীত 'অসম প্ৰাকৃতিক উদ্যোগ' এ প্ৰতি বছৰে অংশগ্ৰহণ কৰি আহিছে।এই সন্দৰ্ভত ঘনশ্যাম মেধিয়ে মন্তব্য কৰে-'আমাৰ পেকেজিঙৰ মান উন্নত নহয় যদিও ঔষধ সমূহৰ যথেষ্ট চাহিদা আছে।প্ৰদৰ্শনীৰ বাবে লৈ যোৱা সকলো সামগ্ৰী বিক্ৰী হৈ যায়।'

'অসম প্ৰাকৃতিক উদ্যোগ'ৰ অধীনত তৈয়াৰ হোৱা ৩৫ বিধ বনৌষধিৰ ভিতৰত ত্ৰিফলা, সুপ্ৰভাত আৰু গেছান্টক বড়িৰ চাহিদা অত্যাধিক বুলি মেধিয়ে জানিবলৈ দিয়ে।ত্ৰিফলাৰ গুণাগুণৰ বিষয়ে তেওঁক প্ৰশ্ন কৰাত কৈছিল-ত্ৰিফলা বায়ু, পিত্ত আৰু কফ নাশক।লিভাৰ,চকু আদিৰ লগতে শৰীৰৰ গোটেই পক্ৰিয়াটো সক্ৰিয় কৰি ৰাখে।

আৰম্ভ কৰাৰ পিছত উভতি চোৱা নাই এইজন উদ্যমীয়ে

য়'ৰ ষ্ট'ৰীৰ আগত ঘনশ্যাম মেধিয়ে মন্তব্য কৰে-এবাৰ যি আৰম্ভ কৰিলো তাৰপাছত আৰু উভতি চোৱা নাই।প্ৰথম অৱস্থাত যেতিয়া মই ঘৰে ঘৰে গৈ ত্ৰিফলা বিক্ৰী কৰিছিলো, তেতিয়া মানুহক বুজাব লগীয়া হৈছিল।কিছুমানে টেষ্ট কৰি চাবলৈও ইচ্ছা নকৰিছিল।কিন্তু সেই সকল লোকেই এতিয়া মোৰ ঘৰলৈ ঔষধ বিচাৰি আহে।কেৱল ঔষধেই নহয়, বিভিন্ন বেমাৰ-আজাৰৰ বিষয়ে পৰামৰ্শ ল'বলৈও বহু মানুহ আহে।আনহাতে,উচ্চ ৰক্তচাপ, আৰ্থাৰাইটিছ আদিত ভোগা বহু ৰোগীৰ উদাহৰণ আছে যি সকলে বিভিন্ন ঠাইত চিকিৎসা কৰাই সুফল নাপাই অৱশেষত মোৰ পৰা ঔষধ খাই সুস্থ হৈছে।

প্ৰথম অৱস্থাত কেৱল টিহু অঞ্চলতে সীমাবদ্ধ 'অসম প্ৰাকৃতিক উদ্যোগ'ৰ সামগ্ৰী সমূহ বৰ্তমান অসমৰ প্ৰায়বোৰ জিলাতে বিভিন্ন বিক্ৰী কেন্দ্ৰত উপলব্ধ।ইয়াৰোপৰি বিভিন্ন ঠাইত আয়োজিত প্ৰদৰ্শনী,মেলা আদিতো সামগ্ৰী সমূহ প্ৰদৰ্শনৰ লগতে বিক্ৰী হয়।চল্লিশ টকা বিনিয়োগেৰে আৰম্ভ কৰা 'অসম প্ৰাকৃতিক উদ্যোগ'ৰ পৰা বৰ্তমান বাৰ্ষিক প্ৰায় পাঁচ লাখ টকা আয় হয়।

image


বনৌষধি ক্ষেত্ৰখনৰ আন এজন গুৰুস্থানীয় ব্যক্তি প্ৰয়াত ড.গুণাৰাম খনিকৰক কেইবাবাৰো ব্যক্তিগত ভাৱে লগ পাইছিল ঘনশ্যাম মেধিয়ে।তেওঁৰ পৰা বিভিন্ন উপদেশ,পৰামৰ্শ আদি লৈছিল। মেধিয়ে মন্তব্য কৰে-'তেওঁ মোৰ গুৰুৰ দৰে আছিল।বিভিন্ন সভা-সমিতিত মোৰ উদাহৰণ দি বনৌষধিও যে এক জীৱিকাৰ পথ হ'ব পাৰে সেই কথাত গুৰুত্ব দিছিল।'

ভৱিষ্যত পৰিকল্পনা

'আমি মেচিনেৰীৰ দিশত কিছু দুৰ্ব্বল হৈ থকাৰ বাবে পেকেজিঙ উন্নত মানৰ কৰিব পৰা নাই।কিন্তু প্ৰডাক্ট কোৱালিটিৰ দিশৰ পৰা আমি যিকোনো ব্ৰেণ্ডৰ লগত প্ৰতিযোগিতাত নামিব পাৰিম।এই বছৰৰ মাৰ্চ মাহৰ পৰা লিকুইড ফৰ্মত ঔষধ তৈয়াৰ কৰাৰ কথা ভাবিছো আৰু লগতে পেকেজিঙ উন্নত কৰাৰ কথা পৰিকল্পনা কৰিছো।'

মেধিৰ পৰিবাৰ আৰু দুজন পুত্ৰইও তেওঁৰ ব্যৱসায়ত পূৰ্ণ সহযোগিতা আগবঢ়ায় বুলি মন্তব্য কৰে।

যিকোনো কাম নিষ্ঠাৰে কৰি যে স্বাৱলম্বী হ'ব পাৰি সেই কথাৰ নিদৰ্শন দাঙি ধৰা ঘনশ্যাম মেধিয়ে সামগ্ৰীৰ উৎকৃষ্ট মান বজাই ৰাখি 'অসম প্ৰাকৃতিক উদ্যোগ' এ যাতে বনৌষধি ক্ষেত্ৰখনত চিৰস্থায়ী স্থান দখল কৰিবলৈ সক্ষম হয় তাৰবাবে পৰিশ্ৰম আৰু সততাক সদায় আগস্থান দি আহিছে।


এনেকুৱা কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


গ্ৰাহকেহে প্ৰতিষ্ঠা কৰে এটা ব্ৰেণ্ড, ব্যৱসায়ীয়ে নহয়: JB'sৰ প্ৰতিষ্ঠাতা গোপাল জালান

মাছ ধৰি খাবলৈ 'মাছ'লৈ যাওক

শিক্ষাৰ পোহৰ বিলাবলৈ এখোজ দুখোজকৈ আগুৱাইছে ‘বেয়াৰ ফুট’

বিৰল গ্ৰহলৈ আপোনাক স্বাগতম