অন্য দেশৰ তুলনাত ভাৰতৰ অৰ্থনীতি অধিক উন্নত আৰু স্থিতাৱস্থাত আছেঃ জেটলী

অন্য দেশৰ তুলনাত ভাৰতৰ অৰ্থনীতি অধিক উন্নত আৰু স্থিতাৱস্থাত আছেঃ জেটলী

Saturday February 06, 2016,

3 min Read

বিশ্ব অৰ্থনীতিৰ অনিশ্বয়তাৰ সময়তে ভাৰতৰ বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে প্ৰকাশ কৰিছে যে সংকটৰ এই সময়চোৱাত ভাৰত অধিক শক্তিশালীহৈ আগবাঢ়ি যোৱাটো গুৰুত্বপূৰ্ণ কথা। কাৰণ ভাৰতৰ অৰ্থনীতি বৰ্তমান অন্যদেশৰ তুলনাত অধিক উন্নত আৰু স্থিতাৱস্থাত আছে।

বিত্ত মন্ত্ৰী জনে বাংগালুৰুত ইনভেষ্ট কৰ্ণাটক ২০১৬ সন্মিলনত ভাগ লৈ উল্লেখ কৰে-“বৰ্তমান অনিশ্চয়তা তথা বিত্তীয় উত্তৰণ-অৱতৰণ নিয়মত পৰিণত হৈছে। এনে পৰিস্থিতিত, সংকটৰ এই সময়চোৱাত ভাৰত অধিক দৃঢ়তাৰে আগবাঢ়ি যোৱাটো গুৰুত্বপূৰ্ণ হৈ পৰিছে।”

image


জেটলীৰ ভাষ্যমতে, বিশ্ব অৰ্থনীতিত প্ৰভাৱ পেলোৱা কেইবাটাও কাৰক ভাৰতত কম-বেছি পৰিমাণে প্ৰভাৱহীন। “খাৰুৱা তেল আৰু ধাতুৰ ন্যুনতম মুল্য আমাৰ অনুকুলেই আছে। ই পৰোক্ষভাৱে আমাক প্ৰভাৱিত কৰে, কাৰণ ইয়াৰ দ্বাৰা আমাৰ ৰপ্তানি প্ৰভাৱিত হয়। আমাৰ বজাৰ খন অধিক উঠা-নমা হয়। টকাৰ মুল্যমানৰ ক্ষেত্ৰতো উঠা-নমা হয়। কিন্তু অৱশিষ্ট বিশ্বতকৈ আমি অধিক উন্নত আৰু স্থিতাৱস্থাত আছো।” বিত্ত মন্ত্ৰীজনে কয়, এই গতিৰে আগবাঢ়িলে আগন্তুক দুই-তিনি বছৰত বিশ্ব অৰ্থনীতি কোন দিশে গতি কৰিব তাৰ অনুমান এতিয়াই কৰিব নোৱাৰি। ভাৰতীয় অৰ্থনীতিৰ বৃদ্ধিৰ হাৰ চলিত বৰ্ষটোত ৭-৭.৫ শতাংশ। বিগত বৰ্ষত এই হাৰ আছিল ৭.২ শতাংশ।

জেটলীৰ ভাষ্য অনুসৰি -বিশ্বখন এতিয়া অতি কঠিন আৰু প্ৰত্যাহ্বানপূৰ্ণ অৱস্থাৰ মখামুখী হৈছে। গোলকীয় ভাবে এনে পৰিস্থিতিত সকলোৰে দৃষ্টি পৰিছে ভাৰতৰ ওপৰত, কাৰণ বিশ্বজুৰি কঠিন পৰিস্থিতিৰ সময়তো ভাৰত দৃঢ়তাৰে ঠিয় দি আছে।

“২০০১, ২০০৮ তথা ২০১৫ চনৰ বিশ্বৰ অৰ্থনৈতিক সংকট অৱস্থাৰ প্ৰতি লক্ষ্য কৰিলে ভাৰতৰ বাবে সন্তুষ্টিৰ কথা যে এনে প্ৰতিকুল সময়তো আমি সামৰ্থ দেখুৱাব পাৰিছো”।

জেটলীয়ে কয় চীনে যে সদায় দুই অংকৰ ঘৰত বৃদ্ধি কৰি যাব, সেয়া কোনেও আশা কৰিব নোৱাৰে। চীনৰ মন্থৰতাই আমাৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলোৱা নাই হয়, কিন্তু কিছুমান পৰোক্ষ প্ৰভাৱ অৱশ্যেই পৰিছে। এতিয়া বিশ্বৰ বিনিয়োগকাৰীৰ চকু ভাৰতৰ প্ৰতি, ভাৰতে বিনিয়োগকাৰীৰ প্ৰতি সঁহাৰি জনোৱা প্ৰয়োজন। “আমি আমাৰ একতা বা গণতন্ত্ৰক এই প্ৰক্ৰিয়াত বাধা জন্মাবলৈ নিদিও।” বিত্ত মন্ত্ৰীজনে কয়, কেৱল বিনিয়োগকাৰীৰ সন্মিলন অনুস্থিত কৰিলেই ৰাজ্য সমুহে প্ৰয়োজনীয় বিনিয়োগ লাভ নকৰে।

“বিনিয়োগ লাভ কৰিবলৈ হ’লে, ৰাজ্যখনত স্থিৰ প্ৰশাসন, শাসন যন্ত্ৰৰ সুসঞ্চালন, নিকা প্ৰশাসন, স্পষ্ট নীতি, সহজলভ্য ভুমি, প্ৰাকৃতিক সম্পদত চহকী আৰু কাৰ্যপ্ৰণালীত জটিলতা নথকা হ’ব লাগিব।”- জেটলীয়ে ক’লে এনেধৰণে।

বিত্তমন্ত্ৰীজনে সময়ৰ সৈতে তাল মিলাই আগবাঢ়ি যোৱাৰ বাবে কৰ্ণাটক চৰকাৰক প্ৰশংসা কৰি দেশৰ বিকাশৰ ক্ষেত্ৰত ৰাজ্যখন কেন্দ্ৰীয় স্থানত অৱস্থান কৰিছে বুলি উল্লেখ কৰে। লগতে উল্লেখ কৰে দৰিদ্ৰতা সম্পূৰ্ণ ভাবে নিৰ্মূল কৰিবলৈ হ’লে, দৰিদ্ৰতাক সম্পূৰ্ণৰূপে আতৰ কৰাৰ বাহিৰে আন উপায় নাই।

কৰ্ণাটক চৰকাৰৰ বিশ্ব বিনিয়োগকাৰী বৈঠকৰ পৰা যথেষ্ট আশা আছে। এই সন্মিলনখনত দুবছৰ পূৰ্বৰ ১.৩০ লাখ কোটি টকাৰ দুগুণ বিনিয়োগ লাভৰ লক্ষ্যৰে কাম কৰি আছে কৰ্ণাটক চৰকাৰে। এই বৈঠকত সুৰক্ষা আৰু বস্ত্ৰৰ লগতে আন ১৪ খন ক্ষেত্ৰ চিনাক্ত কৰা হৈছে। আয়োজক সকলে জনোৱা মতে এই সন্মিলনত ভাগ লোৱা দেশ সমূহ হৈছে- ফ্ৰান্স, জাৰ্মানী, ব্ৰিটেইন, ইটালী, ছুইডেন, জাপান আৰু দক্ষিণ কোৰিয়া। এই কাৰ্যসুচীত বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ লগতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়া, কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাদকাৰী, ভেংকয়া নাইডু আৰু অনন্ত কুমাৰো উপস্থিত আছিল।


এনেকুৱা প্ৰেৰণাদায়ক কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


এইধৰণৰ অন্যান্য কাহিনী

কৰ্ণাটক-জাৰ্মানীৰ সম্পৰ্ক শিখৰলৈ উঠাৰ ১০টা কাৰণ

বিনিয়োগৰ অনুকুল পৰিবেশ গঢ়ি তোলাত সফল কৰ্ণাটক

ইনভেষ্ট কৰ্ণাটকা ২০১৬- এক যুগান্তকাৰী পদক্ষেপ

বাঙ্গালুৰুতে সীমাবদ্ধ নহয় কৰ্ণাটকৰ ষ্টাৰ্টআপ


মূলঃ য়’ৰ ষ্টৰী হিন্দী

অনুবাদঃ মুকুন্দ মাধৱ নেওগ