স্বপ্নভঙ্গই জন্ম দিছিল বিশ্ব অভিলেখৰ স্বপ্নৰ: অভিজিৎ বৰুৱা

স্বপ্নভঙ্গই জন্ম দিছিল বিশ্ব অভিলেখৰ স্বপ্নৰ: অভিজিৎ বৰুৱা

Tuesday February 16, 2016,

4 min Read

সৰুৰে পৰা ল’ৰাজনৰ অগতানুগতিক কামৰ প্ৰতি আকৰ্ষণ আছিল । আৰু এই আকৰ্ষণেই জন্ম দিছিল দৃঢ় মানসিকতাৰ । যাৰ বাবে জীৱনৰ কঠোৰ পৰা কঠোৰতম প্ৰত্যহ্বান নেওচি, নিজে লিখি ল’লে জীৱনৰ জয়গান । গৌৰৱ অৰ্জন কৰিলে খালি ভৰিৰে ২৪ ঘণ্টা একেৰাহে ১৫০ কি. মি দৌৰা বিশ্বৰ প্ৰথমজন ব্যক্তিৰূপে । অগতানুগতিক কামেৰে জগত জিনা এই বিশেষ উদ্যমী যুবকজন হ’ল যোৰহাটৰ অভিজিৎ বৰুৱা ।

image


যোৰহাটৰ আটিলা গাৱৰ বাসিন্দা ৰঞ্জিত বৰুৱা আৰু কৃষ্ণা বৰুৱাৰ পুত্ৰ অভিজিৎ বৰুৱা । সৰুৰে পৰা পঢ়া- শুনা তুলনাত ক্ৰীড়াৰ প্ৰতিহে অভিজিৎ বৰুৱা বিশেষ আৰ্কষণ আছিল । যাৰ বাবে দৌৰা, বক্সিং, কাৰাটে আদিৰ লগত ওতঃপ্ৰোতভাবে জড়িত আছিল । সেই অনুযায়ী বিভিন্ন ক্ৰীড়াৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল আৰু বিভিন্ন সময়ত তেওঁ বিভিন্ন ঠাইত ক্ৰীড়াৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাবলৈও সক্ষম হৈছিল ।

image


সময়ে বহু শিক্ষা দিলে

অভিজিতৰ বিশ্বৰেকৰ্ড কৰাৰ সপোন জন্ম হৈছিল এক স্বপ্নভঙ্গৰ মাজেৰে। 'বক্সিং ক্ষেত্ৰত জয়যাত্ৰা অব্যাহত ৰখাৰ সময়তে এবাৰ বেংকতত “কি ট্ৰফী” নামৰ বক্সিং খেল খনত খেলাৰ সুযোগ লাভ কৰিছিলো । ইতিমধ্যে মই কলকাতালৈ ৰাওনা হৈছিলো, কিন্তু অতি দুখৰ কথা যে বাচনি সমিতিয়ে খেলাৰ সুযোগ নিদিলে। মই দুখতে নিৰ্বাক হৈ পৰিছিলো আৰু তেনেকৈয়ে ঘৰ আহি পালোহি । সেই সময়ত মোৰ হাতত এখন গামোচা আছিল । সেই গামোচা খন ডিঙিত মেৰিয়াই শপত খালো যে মই মোৰ জাতিৰ নাম ৰাখিম । এই উদ্দেশ্য আগত লৈ যোৰহাটৰ পৰা ঢেকীয়াখোৱালৈ খোজকাঢি যাত্ৰা কৰোঁ । নামঘৰত গৈ ভগৱানক প্ৰাৰ্থনা কৰোঁ যে ভগৱান মোক এনে শক্তি দিয়া, যাতে জাতিৰ হকে কাম কৰিব পাৰোঁ । সেই সময়ত উপলব্ধি কৰোঁ যে মই দৌৰৰ যোগেদি নিজকে প্ৰতিষ্ঠা কৰিব পাৰোঁ । এই চিন্তা – চেতনাই মোৰ জীৱনৰ ৰ্টানিং পইণ্ট । যাৰ বাবে ২০১২ চনৰ ৩১ জানুৱাৰীত খালি ভৰিৰে খোজ কাঢ়ি বিশ্ব অভিলেখ স্থাপন কৰিবলৈ সক্ষম হওঁ । ২৪ ঘণ্টা একেবাৰে খালি ভৰিৰে ১৫০ কি. মিটাৰ দৌৰা বিশ্বৰ প্ৰথম ব্যক্তি সন্মান অৰ্জন কৰোঁ ।' এই ভাষ্য অভিজিৎ বৰুৱাৰ ।

'লাহে লাহে এটাৰ পিছত এটাকৈ ৰেৰ্কড কৰিবলৈ সক্ষম হও । ইয়াৰ পিছত যোৰহাটৰ পৰা কাজিৰঙালৈ আৰু কাজিৰঙাৰ পৰা যোৰহাটলৈ ২০০ কি. মিটাৰ খোজ কাঢ়ি লিমকা বুক অফ ৰেৰ্কডৰ গৰাকী হও । ইয়াৰ উপৰিও বাংগালুৰুৰ জয়ানগৰ ষ্টেডিয়ামত ১ মিনিটত ৩৯৭ বাৰ বক্সিং পেডত পাঞ্চ মাৰি এছিয়া বুক অফ ৰেৰ্কডত স্থান লাভ কৰোঁ ।' অভিজিৎ বৰুৱাই আমাক জানিবলৈ দিয়ে । উল্লেযোগ্যযে World Record University য়ে সৰ্বাধিক বক্সিং স্পীড থকাৰ বাবে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে আনহাতে পণ্ডিচেৰীৰ মূখ্যমন্ত্ৰীয়ে Asia world Recordৰ হৈ Best Record Holder North East সন্মানেৰে সন্মানিত কৰে ।

image


এক বৰ্ণিল ব্যক্তিত্ব

ক্ৰীড়াৰ ক্ষেত্ৰখনত আগবঢ়াই নিয়াত ৰাকেশ মেইতেই অভিজিতক বিশেষ ভাবে সহায় কৰিছিল । গুৰু বুলিলে ৰাকেশ মাইতেৰ নাম বিশেষ ভাবে লয় অভিজিতে । মাৰ্চিয়েল আৰ্ট, কাৰাটে, কিক বক্সিং, উশ্বু, মোৱাই থাই , মনিপুৰী থাংটা আদি ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষ ভাবে পাৰ্গত । কিক বক্সিঙত চাৰিবাৰ সোণৰ পদক, উশ্বু জিলাভিত্তিক খিতাপ, মোৱাইথাইত ৰাষ্ট্ৰীয় পৰ্যায়ত তিনিবাৰকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ উপৰিও ফিটনেছ ট্ৰেইনাৰ, মটিভেচনেল স্পিকাৰ হিচাপে সমাজৰ সেৱা আগবঢ়াই আহিছে ।

জাতি তথা দেশৰ নাম উজ্বল কৰা তথা সমাজৰ বাবে কিবা এটা বিশেষ কৰা হাবিয়াসৰ বাবে আজি অভিজিৎ বৰুৱাই প্ৰচেষ্টা অব্যাহত ৰাখিছে । ২০১৩ চনৰ ৭ এপ্ৰিলত ১৪৫৫.৩ মিটাৰ দীঘলে হাতে বোৱা গামোচা দিল্লীৰ ইণ্ডিয়া গেটত প্ৰৰ্দশন কৰা কাৰ্য্যৰ কথা উনুকিয়াব পাৰি । স্মৰ্তব্য যে, পৃথিৱীৰ আটাইতকৈ দীঘল গামোচা হিচাপে স্বীকৃতি পোৱা গামোচাখনত অসমৰ কীৰ্ত্তিচিহ্ন সমুহ আৰু মহান ব্যক্তি সকলৰ প্ৰতিকৃতি আছিল ।

লাচিত বৰফুকন মাৰ্চিয়েল আৰ্ট একাডেমীৰ জৰিয়তে অভিজিৎ বৰুৱাই সমাজৰ বিপথগামী হোৱা সকলক সথিক পথলৈ অনাৰ চেষ্টা চলাই আহিছে ।এই একাডেমীয়ে মদ, ভাং,ড্ৰাগচ আসক্ত সকলক সঠিক লক্ষ্যৰ নিৰূপন আৰু সফলতা অৰ্জনৰ পথ দেখুৱাইছে ।

Motivation Speaker হিচাপে কি দৰে ইতিবাচক শুদ্ধ চিন্তাৰে জীৱনৰ সফলতাৰ সোপান ৰচিব পাৰে, তাকে সমাজৰ বিপথগামী সকলক বুজাই, প্ৰশিক্ষণ দিয়া হয় । আটাইতকৈ সুখৰ কথা যে ৩০০০ৰো অধিক লোকে সুফল লাভ কৰিছে । আৰম্ভ কৰিছে এক নতুন জীৱন বাট বুলিছে সৎ পথৰ।

পৰৰ্বত্তী সময়ত অলিম্পিকত বক্সিঙত সোণৰ পদক যাতে লাভ কৰোঁ তাৰ চেষ্টা অব্যাহত ৰাখিম । মোৰ বিশ্বাস ২০২০ চনৰ ভিতৰত এই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হম । আৰু এজন ভাল Motivational Speaker হোৱা আশা পুঁহি ৰাখিছো । ভবিষ্যত পৰিকল্পনাৰ সৰ্ম্পকে এনেদৰে অভিজিৎ বৰুৱাই জানিবলৈ দিয়ে ।


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


অন্যান্য কেতবোৰ কাহিনী

বীৰুবালা ৰাভা: যি নিজেই এক বিশাল প্ৰতিষ্ঠান

৯৯ বছৰীয়া এগৰাকী যুৱতী: গুৱাহাটীৰ অৰুণা মুখাৰ্জী

উত্তৰ-পূৱ ভাৰতৰ ‘পুষ্পসজ্জা’ৰ ক্ষেত্ৰখনক নতুন মাত্ৰা দিছে নাচিমা বেগম লহকৰে

বয়ন শিল্পক বিশ্ব দৰবাৰত জিলিকাই তোলাৰ প্ৰয়াস কৰা উদ্যমী মহিলা-হেমপ্ৰভা চুতীয়া