বিৰল গ্ৰহলৈ আপোনাক স্বাগতম

বিৰল গ্ৰহলৈ আপোনাক স্বাগতম

Sunday February 07, 2016,

3 min Read

পাৰাপাৰহীন এই বিশ্বব্ৰহ্মাণ্ডত প্লুটোৰ সিপাৰে বাৰু কি আছে? কেইমাহ মানৰ পূর্বে আৰু এক গ্ৰহৰ আবিস্কাৰৰ কথা আপুনি বাৰু শুনিছেনে? যদি নাই শুনা - সবিশেষ জানিবলৈ চাওঁক rarePlanet.in ৷ ইয়াত একোতে অস্পষ্টতা নাই, প্ৰতিটো কথাই পুংখানুপুংখ ভাৱে বর্ণনা কৰা আছে৷ আৰু আটাইতকৈ মজাৰ কথাটো হ’ল যে আমাৰেই কাষৰীয়া ৰাজ্য পশ্চিমবঙ্গৰ কলকাতা চহৰৰ দুই যুৱকে এই গ্ৰহটো আবিস্কাৰ কৰিছে৷ সেই যুৱক দুজনৰ নাম ‘ৰণদীপ’ আৰু ‘প্ৰিয়াংশু’৷

ৰণদীপ সাহাই আমাক ক’লে যে তেওঁলোকে সকলো ধৰণৰ অতিশক্তিত বিশ্বাস কৰে৷ সেই কাৰণেই যিকোনো বিৰল আৰু অপ্ৰাকৃতিক ঘটনাই তেওঁলোককক আকর্ষিত কৰে৷ যেনে ধৰক, গব্বৰ সিঙৰ ছৱি অঁকা টেৰাক’টাৰ এটা কাপ৷ আপোনালোকে কিন্তু ইয়াক সেই গব্বৰ সিঙ বুলি নাভাবিব, যাৰ নাম শুনিলেই সৰু সৰু ল’ৰা-ছোৱালীয়ে ভয়তে লেতুসেতু হৈ পৰে, বৰঞ্চ কাপত অংকিত এই গব্বৰ সিং হ’ল জনপ্ৰিয় গব্বৰ সিঙৰ এক মডিফাইড সংস্কৰণ৷ যাক আপোনালোকে এক কমিক ৰিলিফ বুলিবও পাৰে৷

rarePlanet.in ত নাই কি? খাৰু-মণি, ভৰিত পিন্ধা নূপুৰ, কফি মাগ, মবাইলৰ বেক কভাৰ, ৰঙ-বিৰঙৰ ছৱি অঁকা বটল, ডিজাইনাৰ লেম্প শ্বেড এই সকলো আপুনি পাব৷ আপোনাৰ নিজকে সজোৱা সামগ্ৰীৰ পৰা ঘৰ সজোৱা সামগ্ৰীলৈকে সকলোবোৰ নতুন এই প্লেনেটত উপলব্ধ৷ আৰু এই সামগ্ৰীবোৰ একমাত্ৰ আপোনাৰ কাৰণে সংৰক্ষিত – এক্সক্লুচিভ৷

image


কলেজৰ প্ৰথম বার্ষিকত পঢ়ি থাকোতেই ৰণদীপ আৰু প্ৰিয়াংশুৰ মগজত আইডিয়াটোৱে খেলাইছিল৷ সেই তেতিয়াই তেওঁলোকৰ মনত নতুন কিবা এটা কৰাৰ যি হেঁপাহে পোখা মেলিছিল সেই হেঁপাহত উদ্বুদ্ধ হৈয়েই তেওঁলোকে rarePlanet.in নামৰ এই ই-কমার্চ চাইটটো জন্ম দিলে৷ এই ই-কমার্চ চাইটটোত কেৱলমাত্ৰ শিল্পকর্মৰ পৰশ থকা সামগ্ৰীহে বিক্ৰী কৰা হয়৷ শিল্পৰ প্ৰতি অত্যাধিক আকর্ষণৰ পৰিণতিতে তেওঁলোকে এই বিৰল গ্ৰহটো আবিস্কাৰ কৰিছিল৷ এই গ্ৰহৰ প্ৰতিটো সামগ্ৰীয়েই কায়িক শ্ৰম ব্যৱহাৰ কৰি গঢ়ি তোলা হৈছে৷ ৰঙ আৰু তুলিকাৰ খেলত এই এই বস্তুবোৰে এক অনন্য ৰূপ পাইছে৷ আৰু সামগ্ৰীসমূহৰ এই অনন্য ৰূপৰ সুবাদতে তেওঁলোকৰ ষ্টার্টআপে অতি কম সময়তে জনপ্ৰিয়তা আর্জন কৰিছে আৰু সমগ্ৰ ভাৰতবর্ষজুৰি তেওঁলোকে ব্যাপ্তি লাভ কৰিছে৷ আৰু এটা কথা, কেনেবাকৈ আপুনি এই গ্ৰহটো ভ্ৰমণ কৰাৰ পিছত আপোনাৰ যদি তাত প্ৰদর্শিত কোনো এক সামগ্ৰী পচণ্ড হয় আৰু আপুনি সেই সামগ্ৰীবিধ সংগ্ৰহ কৰিব খোজে তেনেহ’লে চিন্তাৰ কোনো কাৰণ নাই – পৃথিৱীত প্ৰচলিত যিকোনো মুদ্ৰাৰে আপুনি সেইবোৰ ক্ৰয় কৰিব পাৰিব৷ PayUMoney এ আগবঢ়াইছে সেই সুবিধা৷ তাৰোপৰি যিকোনো সামগ্ৰী এটা অর্ডাৰ কৰাৰ পিছত Cash On Delivery ৰ জৰিয়তেও আপুনি পৰিশোধ কৰিব পাৰিব ধন৷

image


প্ৰথমে তেওঁলোকে নিজৰ সঞ্চিত ধন বিনিয়োগ কৰিয়েই এই rarePlanet.in নামৰ ই-কমার্চ ষ্টার্টআপটোৰ জন্ম দিছিল৷ হয়তো আৰম্ভণিতে তেওঁলোকে গ্ৰহটোৱে ইমান জনপ্ৰিয়তা পাব বুলি ভবা নাছিল৷ কিন্তু এতিয়া আশা কৰাতকৈ অধিক সমৃদ্ধি লাভ কৰাৰ পাছত তেওঁলোকে আন এক সমস্যাৰ সন্মূখীন হৈছে৷ সেই সমস্যাটো হৈছে অর্থৰ সমস্যা৷ তেওঁলোকক এই সংকটৰ পৰা সকাহ দিবলৈ কোনো বিনিয়োগকাৰী আগবাঢ়ি আহিব বুলি ‘ৰণদীপ’ আৰু ‘প্ৰিয়াংশু’ৱে আশাৰে বাট চাইছে৷

শেষত আপোনাক ক’ব খুজিছো, এই গ্ৰহৰ প্ৰতিটো সামগ্ৰীৰ সৌন্দর্য-সুষমা ইমানেই আকর্ষণীয় যে এবাৰ সেইবোৰ দেখিলেই আপোনাৰ সকলোবোৰ সামৰি-সুতৰি নিজৰ কৰি লোৱাৰ বাসনা জাগিব৷ তথাপিও আমাৰ কর্তব্য হিচাপে এই গ্ৰহলৈ আপোনাক সাদৰ নিমন্ত্ৰণ জনাইছো৷ আহক, আপোনাৰ কম্পিউটাৰ অথৱা মবাইলত এবাৰ চাওঁক rarePlanet.in ৷

মূল ৰচনা : ঈশা গোস্বামী

অসমীয়া অনুবাদ : মণি ভট্টাচার্য্য


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


এনেধৰণৰ আৰু কাহিনী

মাছ ধৰি খাবলৈ 'মাছ'লৈ যাওক

গুৱাহাটীত অনন্য হৈ উঠিছে জয়িতা কৰ চৌধুৰীৰ বেকাৰী এণ্ড কনফেকশ্বনাৰী ‘ডেলিচ’

মাজুলীৰ ভীমকলেৰে ইন্দুকল্পৰ শিশুখাদ্যৰ ব্ৰেণ্ড ‘ভীম ভিটা’

ঘৰে ঘৰে মুৰ্গী মাংসৰ সোৱাদ দিবলৈ দীপ বৰাৰ 'চিকেন ভান'

ডিজাইনাৰ টি-চাৰ্টেৰে অসমত লক্ষ্মীনাথৰ ‘লটিঘটি’

গৃহিণীৰ পৰা জাহাজৰ নিৰ্মাতা আৰু ৰেষ্টুৰাঁ ব্যৱসায়ী : অঞ্জলী বৰাৰ কাহিনী