এজন উদ্যোগীৰ বাবে ৫টা গুৰুত্বপূৰ্ণ কথা

এজন উদ্যোগীৰ বাবে ৫টা গুৰুত্বপূৰ্ণ কথা

Tuesday December 15, 2015,

6 min Read

আমাৰ দেশত বৰ্তমান উদ্যোগশীলতাৰ প্ৰতি আগ্ৰহী হৈ পৰাতো এক নতুন ধাৰা হিচাপে বিবেচিত হৈছে। মোৰ ৮ বছৰীয়া উদ্যোগী যাত্ৰাত মই কেইবাগৰাকীও উদ্যোগীক লগ পাই ধন্য হৈছো আৰু এগৰাকী সফল উদ্যোগী হ'বৰ বাবে কোনসমুহ উপাদানে সহায় কৰে,তাক বুজিবলৈ চেষ্টা কৰিছো। সকলো উদ্যোগীয়ে সফল নহয়গৈ। সফল উদ্যোগী আৰু বিফল উদ্যোগীসকলৰ মাজত পাৰ্থক্যটো নিৰ্ভৰ কৰে এটা কথাৰ ওপৰত। সেয়া হৈছে, ‘তেওঁলাকে তেওঁলোকৰ উদ্যোগশীলতাৰ পৰা কি বিচাৰে?’ সফল উদ্যোগীসকলে তেওঁলোকৰ উদ্যোগশীলতাৰ যাত্ৰাৰ পৰা কিবা এটা ব্যতিক্ৰম আশা কৰে। অভাবনীয় কিবা এটা সফলতাৰ বাবে আপুনি ব্যতিক্ৰমী কিবা এটা সপোন দেখিব লাগিব। এই সফলতা লাভৰ বাবে আপোনাক লাগিব অভাৱনীয় উদ্যম।


image


এক অভাৱনীয় ব্যতিক্ৰমী সফলতাৰ বাবে আপোনাক এক ব্যতিক্ৰমী কামৰ তালিকাৰ দৰকাৰ।

প্ৰতিগৰাকী সফল উদ্যোগীৰ কামৰ তালিকাত থকিবলগীয়া ৫টা কাম হৈছে:

শক্তিশালী আদৰ্শ নিৰ্ধাৰণ কৰক আৰু তেওঁলোকক সাক্ষাৎ কৰক : ডাঙৰ সপোন দেখক! প্ৰয়োজনীয় বিনিয়োগ তথা আপোনাৰ প্ৰয়োজনৰ সকলো বস্তু পাই সপোন ফলৱতী কৰাৰ সুবিধা পোৱাৰ পিছত আপুনি কাৰ দৰে হ'ব বিচাৰিব ? সেয়া হৈছে আপোনাৰ আদৰ্শ। সফল উদ্যোগীৰ আছে একোটা আদৰ্শ। কাৰণ তেওঁলোকে জানে যে সফল হ'বৰ বাবে সাফল্যৰ আদৰ্শ থকাৰ প্ৰয়োজন। এগৰাকী আদৰ্শ হৈছে তেওঁ,যিয়ে ইতিমধ্যে আপুনি দেখা সাফল্যৰ সপোনটো সাকাৰ কৰিবলৈ সক্ষম হৈছে। গতিকে সেই সফল আদৰ্শ ব্যক্তি গৰাকীৰ পৰা শিক্ষা গ্ৰহণ কৰা আৰু সফলতাৰ বাবে তেওঁ কৰাৰ বাবে তেওঁ ভবাৰ ধৰণে আপুনি ভাবিবলৈ চেষ্টা কৰক। তাৰ ফলত উদ্যোগশীলতাৰ যাত্ৰাপথত আপুনি লাভ কৰা সমস্যা আৰু প্ৰত্যাহ্বানসমুহ সমাধান কৰাৰ ক্ষেত্ৰত আপুনি আপোনাৰ আদৰ্শ ব্যক্তি গৰাকীৰ কামৰ আৰ্হি সদায়েই লাভ কৰিব। তাৰ অৰ্থটো কিন্তু এনেকুৱা নহয় যে,আপুনি আপোনৰ আদৰ্শক চকু মুদি অনুসৰণ কৰিব। আপুনি মাথো তেওঁৰ সফলতাৰ দিশত আগবঢ়া পদ্ধতিহে গ্ৰহণ কৰিব।

কিন্তু এগৰাকী আদৰ্শ বাচি লোৱাটোৱেই শেষ কথা নহয়। তেওঁলোকক প্ৰকৃততে সাক্ষাৎ কৰা, যোগাযোগ কৰাটোহে আচল কথা। এটা কথা সঁচা যে যথেষ্ট সফল উদ্যোগীসকলৰ সৈতে যোগাযোগ কৰাটো, বিশেষকৈ ছ'চিয়েল নেটৱৰ্কিঙৰ জৰিয়তে, তেনেই সহজ। তেওঁ লাগিলে Richard Branson বা Oprah Winfrey বা Narayan Murthy অথবা Ratan Tataয়ে হওঁক। প্ৰথম কামটো হ'ল তেওঁলোকৰ কাষ চাপিবলৈ চেষ্টা কৰাটো আৰু সমূখত অহা সকলো সুবিধা লবলৈ চেষ্টা কৰাটো। তেওঁলোকৰ সৰহসংখ্যকেই নতুন উদ্যোগীসকলক পথ নিৰ্দেশনা দিবলৈ পালে সুখী হয়। আপোনাৰ আদৰ্শ ব্যক্তি গৰাকীৰ পথ নিৰ্দেশনা লাভ কৰাতকৈ ভাল কথানো কি থাকিব পাৰে ?

ভীতিগ্ৰস্থতাক নিঃশেষ কৰক : কোনো ক'ৰ্পৰেট খণ্ডৰ কৰ্মচাৰী এজনে নিৰাপত্তাৰ বাবে কাম কৰাৰ বিপৰীতে এজন উদ্যোগীয়ে স্বাধীনতাৰ বাবেহে কাম কৰে। তেওঁলোকৰ এই স্বাধীনতা লাভৰ ক্ষেত্ৰত হেঙাৰ হিচাপে কেৱল এটা বস্তুৱেই থিয় দিয়ে, সেয়া হৈছে তেওঁলোকৰ নিজৰ ভিতৰত থকা ভয় বা শংকা। শীৰ্ষস্থানৰ উদ্যোগীসকলে নিজৰ ভয়টো চিনি পায়। কিছুমান ভয় সাধাৰণ হয়। যেনে প্ৰত্যাখ্যানৰ ভয় অথবা বিফল হোৱাৰ ভয়। তেওঁলোকে নিজৰ ভয়ৰ মুখামুখি হৈ সেই ভয় ধ্বংস কৰে। এটা ভয়ৰ পৰা হাত সাৰিব পাৰিলে অন্যান্য ভয়কো জয় কৰাৰ ক্ষেত্ৰত নিজৰ বাবেই ই উদাহৰণ হৈ পৰে। সেইবাবেই নিজৰ ভয়সমূহৰ এখন তালিকা বনাওক আৰু এটাৰ পিছত এটাকৈ ভয়ক জয় কৰি যাওক। Richard Branson হৈছে ভয়ক জয় কৰা লোকৰ এক উৎকৃষ্ট উদাহৰণ। তেওঁ নিৰ্ভীক বুলি বিখ্যাত। কিন্তু তেওঁ স্কাই ডাইভিঙৰ বাবে প্ৰথমটো জাঁপ মৰাৰ সময়ত অথবা আন কোনোৱে সফলতা আহিব বুলি নভবা কোনো ব্যৱসায়ত হাত দিয়াৰ সময়ত যে তেওঁ শংকিত হৈছিল মই নিশ্চিত । সাময়িক উদ্যোগীসকলে নিজৰ ভয়ৰ মুখামুখি হোৱাই নহয় সেই ভয় ধ্বংসও কৰে! তেওঁলোকে নিজে বিচৰাধৰণে জীয়াই থাকে আৰু জীৱনে প্ৰদান কৰাৰ প্ৰতিটো বস্তুৰে সোৱাদ লয়।

এজন ক্ষন্তেকীয়া ব্যৱসায়ী আৰু এজন সফল উদ্যোগীৰ মাজত পাৰ্থক্যটো হৈছে তেওঁলোকৰ জীৱনধাৰণৰ দৃষ্টিভংগী। নিজৰ দৃষ্টিভংগীক শক্তিশালী কৰি তোলাৰ বাবে ভয়ক জয় কৰাতকৈ আন একো পথেই হব নোৱাৰে। গতিকে, জীৱনৰ প্ৰকৃত দৃষ্টিভংগী গঢ়ি তোলাৰ বাবে ভয় জয় কৰাটোৱেই নহয় , অনাগত সময়ত ভয়ে যাতে ক্ৰিয়া কৰিব নোৱাৰে তাৰ বাবে সেই ভয়ৰ পৰা আঁতৰি থকাটোৱেই শ্ৰেয়।

বিফল হ'বলৈ সাজু হওক : এটা সমীক্ষা মতে, সকলো ষ্টাৰ্ট আপৰ ভিতৰত ৯৭% বিফল হয় আৰম্ভ হোৱাৰ তিনিবছৰৰ ভিতৰত। আচলতে তেওঁলোক বিফলতাৰ বাবেই সাজু হয়। সফল উদ্যোগীসকলক প্ৰভাবান্বিত কৰিব নোৱাৰা এটা ঘটনা হৈছে বিফলতা। কিছুমান এনেকুৱা কাম কৰিবলৈ আৰম্ভ কৰক যিয়ে আপোনাক শাৰীৰিকভাবে উদ্যোমী কৰি তোলায়ে নহয়, যিকোনো প্ৰত্যাহ্বানৰ বাবে মানসিকভাবেও সাজু কৰি তোলে। উদাহৰণ স্বৰূপে, মই নিজেই খালি ভৰিৰে জ্বলন্ত কয়লাৰ ওপৰত খোজ কাঢি পাইছো। এবাৰ কামটো কৰি উঠাৰ পিছত ই নিজেই মোৰ বাবে এজন সফল আৰু শক্তিশালী উদ্যোগী হোৱাৰ ক্ষেত্ৰত এক দৃষ্টান্ত হিচাপে বিবেচিত হৈ পৰিল। এইধৰণৰ কামবোৰে মোক অনুধাবন কৰোৱালে যে যিকোনো ফলপ্ৰসু কাৰ্য্যৰ বাবে পৰিকল্পনা হৈছে আটাইতকৈ প্ৰয়োজনীয় কাম। কাৰণ এইক্ষেত্ৰত অসাবধানতামূলক কাৰ্য্য সম্পাদনে মোক আহত বা ক্ষতিগ্ৰস্থ কৰিব পাৰে। এক কথাত বিফল কৰিব পাৰে। কিন্তু এইধৰণৰ কামবোৰে আপোনাক বিফলতাৰ সৈতে মোকাবিলা কৰা বা বিফলতাৰ পৰা হাত সৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। হয়! ক'ব বিচাৰিছো যে নিজৰ কামৰ সফলতাৰ বাবে plan A, B, আৰু C সাজু কৰি লওক। লগতে ইয়াৰ লগত কাৰ্যকৰী হব পৰাকৈ নিজৰ মনটোকো সাজু কৰি তোলক — পৰিকল্পনা আৰু ফল লাভৰ দ্ৰুত সময় হৈছে যিকোনো পদক্ষেপৰ সফলতাৰ আঁৰৰ কথা। আপুনি নিজৰ মনটোক এইক্ষেত্ৰত প্ৰশিক্ষিত কৰি তুলিব লাগিব।

এজন সফল উদ্যোগীয়ে সম্পৰীক্ষামূলক শিক্ষাৰ কথা ভালকৈয়ে জানে। এই কামবোৰ মাত্ৰ দুঘন্টা টোপনি গৈ এটা সুন্দৰ সূৰ্য্যোদয় চাবলৈ সক্ষম হোৱাৰ দৰে। য'ত আপুনি সফলতা লাভৰ বাবে নিজৰ নিদ্ৰাকো ত্যাগ কৰিছে। আনকি কোনো আশাবাদী মনোভাবেৰে কৰা এটা সাধাৰণ কামেও আপোনাক দীৰ্ঘম্যাদী প্ৰভাৱশালী ফলাফল দিব পাৰে।

আপোনাৰ কাম বিশ্ববাসীক জনাওক : সচা উদ্যোগীয়ে ডাঙৰ সপোন দেখে।! তেওঁলোকে বিশ্বব্যাপি খ্যাতি লাভৰ সপোন দেখে আৰু তেওঁলোকৰ জীৱনৰ অংগ হৈ পৰে তেওঁলোকৰ কাম।

উদ্যোগশীলতা মানেই সফলতা নহয়। সফল হোৱাতেই শেষ নহয়। ইয়াৰ অৰ্থ হৈছে এক সাম্ৰাজ্য নিৰ্মাণ, বিশ্বৰ দৰবাৰলৈ আপোনাৰ কামটোক লৈ যোৱা, আপোনাৰ কামেৰে মানৱৰ জীৱনক এক মাত্ৰা প্ৰদান কৰা। আৰু এখন সাম্ৰাজ্যৰ উত্থানৰ বাবে এক দীঘলীয়া যাত্ৰাৰ প্ৰয়োজন। গতিকে কামৰ বাবেই অন্তত ৫খন ভিন্ন দেশ ভ্ৰমণ কৰক আৰু আপোনাৰ কামকেই আপোনাৰ ভ্ৰমণ ছুটি বনাই পেলাওক। আপোনাৰ আশেপাশে থকা লোকসকলৰ জীৱনক আপোনাৰ কামেৰে এক মূল্য প্ৰদান কৰায়ে নহয়,ধৰাৰ অন্য প্ৰান্তৰ লোকসকলৰ ক্ষেত্ৰতো একেই কৰক। আপুনি কিহৰ বাবে এজন উদ্যোগী হৈছে সেয়া প্ৰথমে মনত ৰাখক আৰু সকলো নিজেই কৰক। এইবাবেই এই কামটো প্ৰতিগৰাকী উদ্যোগীৰ তালিকাত থকাটো দৰকাৰ।

উদযাপনৰ পৰিকল্পনা কৰক : সফল উদ্যোগীৰ জীৱনত একোটা কোটি টকীয়া নীতিয়েই নাথাকে, তেওঁলোকে জীৱনটোক উদযাপনত এক কোটি টকীয়া মূল্যও প্ৰদান কৰে। তেওঁলোক সফল হোৱাই নহয়, সফলতাক উদযাপনো কৰে। সেয়া লাগিলে এভাৰেষ্টত নিজৰ কোম্পানীৰ ল'গ'টো অংকিত এখন পতাকা উত্তোলন কৰায়ে হওঁক অথবা কোনো অনাবিস্কৃত স্থানলৈ নিজৰ দলটোৰ সৈতে ভ্ৰমন কৰায়ে হওঁক। এই সন্দৰ্ভত পুনৰ Richard Bransonৰ নামেই লব বিচাৰিছো। তেওঁ জীৱনটো ৰজাৰ দৰে যাপন কৰে আৰু নাৰ্য্যতাৰ বাবে সদায যুঁজ দিয়ে।

এটা ফলপ্ৰসূ কাৰ্য্য সম্পাদনৰ বাবে পৰিকল্পনা যথেষ্ট প্ৰয়োজনীয়। যিদৰে সফলতাৰ বাবে পৰিকল্পনা লাগে,সমান্তৰালভাবে সফলতাক উদযাপনৰ বাবেও পৰিকল্পনাৰ প্ৰয়োজন। কিয় ?কাৰণ, এটা উদযাপনৰ পৰিকল্পনাই আপোনাক সফলতাৰ উৰ্ধৰো বহু বাট দেখুৱাই দিব আৰু ইয়ে সফলতা লাভক সাধাৰণ ঘটনালৈ ৰূপান্তৰিত কৰিব। গতিকে কেৱল আপোনাৰ সফলতাৰ বাবেই পৰিকল্পনা নকৰি সেই সফলতাকনো উদযাপন কিদৰে কৰিব তাৰ পৰিকল্পনাহে কৰক।

২০১৫চনৰ ওপৰোক্ত শিতান সমুহৰ ভিত্তিত অনাগত বছৰটোৰ বাবে নিজৰ bucket list সাজু কৰি লওক আৰু নিজৰ ব্যৱসায়ক সফলতাক অন্য মাত্ৰা প্ৰদান কৰাৰ বাবে এটাৰ পিছত এটাকৈ ৰূপায়ন কৰি যাওঁক। এইখিনি কৰাৰ পিছত অনাগত বছৰটোৰ বাবে পুনৰ নতুন তালিকা সাজু কৰি লওঁক!

লিখকৰ বিষয়ে দুআষাৰ: অতিথি লেখক অমিক পাঞ্জাৱী হৈছে সংকল্প একাডেমীৰ প্ৰতিস্থাপক । অমিত হৈছে এজন স্বীকৃতিপ্ৰাপ্ত NLP প্ৰশিক্ষক আৰু Master Practitioner & Life Coach / Strategist. তেওঁ ২০০৬চনত প্ৰতিষ্ঠা কৰিছিল সংকল্প একাডেমী আৰু এতিয়ালৈকে ১৪,০০০তকৈও অধিক লোকক প্ৰশিক্ষণ প্ৰদান কৰিছে। তদুপৰি তেওঁ বিভিন্ন অনুস্থান,ব্যক্তি, ছাত্ৰ তথা চাকৰিয়ালক দিগদৰ্শন কৰে.


অনুবাদ--প্ৰাঞ্জল শৰ্মা

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মাতৃৰ কথামতে চিকিৎসক হোৱা পুত্ৰ আজি কৰ্কট ৰোগীৰ জীৱন দাতা

শিশুক বিপথে নিয়াৰ অভিযোগত কাৰাবাস খটা সন্দীপ কৌৰ আজি বহু অনাথ ছোৱালীৰ মাকৰ দায়িত্বত

মডেল মাতৃৰ পৰা মডেল উদ্যোগীলৈ – তাৰা শৰ্মা চলুজাৰ কাহিনী